শান্তি দেৱীৰ ক’ভিড-১৯ৰ ফলত মৃত্যু হৈছিল বুলি কোনো মৃত্যুৰ প্ৰমাণপত্ৰ নাই বা প্ৰমাণ কৰাৰ আন কোনো উপায় নাই। কিন্তু যি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল তাৰ আন কোনো প্রকাৰৰ মীমাংসা নাই।
২০২১ চনৰ এপ্ৰিল মাহত যেতিয়া দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ চূড়ান্ত পৰ্যায়ত আছিল, তেতিয়াই বয়সৰ ফালৰ পৰা চল্লিশৰ মাজভাগত থকা শান্তি দেৱী অসুস্থ হৈ পৰে। লক্ষণবোৰ এটাৰ পিছত এটাকৈ দেখা গৈছিল। প্ৰথমে কাহ আৰু চৰ্দি আৰু তাৰ পিছদিনা জ্বৰ। তেওঁৰ ৬৫ বছৰীয়া শাহু কালাৱতী দেৱীয়ে কয়, "গাওঁখনৰ প্ৰায় সকলোৱেই একে সময়তে অসুস্থ হৈ পৰিছিল, "আমি তাইক প্ৰথমে অনুমতিবিহীন চিকিৎসকৰ (ঝোলা চাপ ডাক্তৰ) ওচৰলৈ লৈ গৈছিলো।"
উত্তৰ প্ৰদেশৰ প্ৰায় প্ৰতিখন গাঁৱতে ঝোলা চাপ বা অনুমতিবিহীনভাবে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক পোৱা যায়। তেওঁলোক হৈছে 'চিকিৎসক', কাৰণ যিবোৰ গ্ৰাম্য অঞ্চলৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ আন্তঃগাঁথনি দুৰ্বল আৰু বেছিভাগ লোকেই মহামাৰীৰ চিকাৰ হৈছে, তেনে অঞ্চলত এইসকল চিকিৎসক সহজে উপলব্ধ। বাৰাণসী জিলাৰ দাল্লিপুৰ গাঁৱত বাস কৰা কালাৱতীয়ে কয়, "আমি সকলোৱে ভয় খাইছিল যে আমাক এটা আচুতীয়া (কোৱাৰেণ্টাইন) কেন্দ্ৰত ৰখা হ'ব আৰু সেই ভয়তে কোনেও চিকিৎসালয়লৈ যোৱা নাছিল। চৰকাৰী চিকিৎসালয়সমূহ ৰোগীৰে ভৰি আছিল। তাত কোনো খালি বিচনা উপলব্ধ নাছিল। গতিকে আমি কেৱল অনুমতিবিহীন চিকিৎসকৰ (ঝোলা চাপ ডাক্তৰ) ওচৰলৈহে যাব পাৰিছিলো।"
কিন্তু এই 'চিকিৎসকসকল' অপ্ৰশিক্ষিত, অৰ্হতাহীন, সেয়ে গুৰুতৰভাৱে অসুস্থ ৰোগীৰ চিকিৎসা কৰাত অক্ষম।
অনুমতিবিহীন চিকিৎসকক (ঝোলা চাপ ডাক্তৰ) দেখা কৰাৰ তিনিদিন পিছত শান্তিৰ উশাহ-নিশাহৰ সমস্যা আৰম্ভ হৈছিল। তেতিয়াই শান্তিৰ স্বামী মুনিৰ, কালাৱতী আৰু পৰিয়ালৰ আন সদস্যসকল সন্ত্রাসিত হৈ পৰিছিল। তেওঁলোকে শান্তিক তেওঁলোকৰ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা বাৰাণসীৰ পিন্দ্ৰা খণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল।"কিন্তু চিকিৎসালয়ৰ কৰ্মচাৰীসকলে তাইৰ অৱস্থালৈ চাই ক'লে যে কোনো আশা নাই। আমি ঘৰলৈ আহি জৰা-ফুকা আৰম্ভ কৰিছিলো," কালাৱতীয়ে ঝাড়ুৰে জৰা-ফুকা কৰি ৰোগ দূৰ কৰাৰ এক পুৰণি, অবৈজ্ঞানিক প্ৰথাৰ কথা উল্লেখ কৰি কয়।
কিন্তু সেই জৰা-ফুকাও কামত নাহিল; সেই নিশাই শান্তিৰ মৃত্যু হ’ল।
২০২১ চনৰ অক্টোবৰ মাহত উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক অনুদান দিয়াৰ কথা ঘোষণা কৰিছিল। উচ্চতম ন্যায়ালয়ে এনে পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ নিৰ্দেশনাৰ প্ৰায় চাৰি মাহ পিছত এই পদক্ষেপটো লোৱা হৈছিল। ৰাজ্য চৰকাৰে ৫০,০০০ টকাৰ দাবী দাখিল কৰাৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰিছে। কিন্তু কালাৱতী দেৱীয়ে দাবী দাখিল কৰা নাছিল। তেখেতে এই বিষয়ে পৰিকল্পনাও কৰা নাই।
অনুদানৰ ধন দাবী কৰিবলৈ শান্তিৰ পৰিয়ালে ক’ভিড-১৯ক তেওঁৰ মৃত্যুৰ কাৰণ হিচাপে উল্লেখ কৰি মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন আছিল। নিয়মবোৰত কোৱা হৈছিল যে ৰোগবিধৰ বাবে পৰীক্ষা কৰি ফলাফল “পজিটিভ” অহাৰ ৩০ দিনৰ ভিতৰত মৃত্যু হ'ব লাগিব। ৰাজ্য চৰকাৰে পিছত 'ক’ভিড মৃত্যু'ৰ পৰিসৰ বহল কৰি ৩০ দিন চিকিৎসালয়ত থকা কিন্তু চিকিৎসালয়ৰ পৰা মুক্ত হৈ যোৱাৰ পিছত মৃত্যু হোৱা ৰোগীসকলক অন্তৰ্ভুক্ত কৰে। যদি মৃত্যুৰ প্ৰমাণপত্ৰত ক’ভিডক কাৰণ হিচাপে উল্লেখ কৰা নাছিল, তেনেহ’লে সংক্ৰমণ পৰ্যাপ্ত বুলি প্ৰমাণ কৰিব পৰা এক আৰটি-পিচিআৰ বা ৰেপিড এণ্টিজেন টেষ্ট লাগিছিল। কিন্তু ইয়াৰ কোনোটোৱেই শান্তিৰ পৰিয়ালক সহায় নকৰে।
মৃত্যুৰ প্ৰমাণপত্ৰ, বা পৰীক্ষাৰ পজিটিভ ৰিজাল্ট, বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰমাণ অবিহনে, শান্তিৰ গোচৰটোৱে মান্যতা নাপায়।
এপ্ৰিল মাহত, দাল্লিপুৰত নদীৰ ওচৰৰ এটা ঘাটত তাইৰ মৃতদেহ সৎকাৰ কৰা হৈছিল। শান্তিৰ শহুৰেক ৭০ বছৰীয়া লুলুৰে কয়, "শৰীৰটো জ্বলাই দিবলৈ পৰ্যাপ্ত খৰি নাছিল। জ্বলাবলৈ থোৱা মৃতদেহবোৰৰ এটা দীঘলীয়া শাৰী লাগিছিল। আমি আমাৰ পালৰ বাবে অপেক্ষা কৰিলো [শান্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ] আৰু ঘূৰি আহিলো।"
২০২০ চনৰ মাৰ্চৰ শেষৰ ফালে মহামাৰী আৰম্ভ হোৱাৰ পিছত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌত (এপ্ৰিলৰ পৰা জুলাই ২০২১) এই ৰোগৰ ফলত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছিল। এটা আনুমানিক হিচাপ অনুসৰি, জুন ২০২০ আৰু জুলাই ২০২১ৰ ভিতৰত হোৱা ৩.২ নিযুত ক’ভিডজনিত মৃত্যুৰ ভিতৰত, ২০২১ চনৰ এপ্ৰিল-জুলাইত ৩.৭ নিযুতৰ মৃত্যু হৈছিল। চায়েন্স (জানুৱাৰী ২০২২)ত প্ৰকাশিত এই অধ্যয়নটো ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকৰ এটা গোটে পৰিচালনা কৰিছিল। বিশ্লেষণবোৰে দেখুৱাইছে যে ছেপ্টেম্বৰ ২০২১ৰ ভিতৰত ভাৰতৰ একত্ৰিত ক’ভিডজনিত মৃত্যুৰ পৰিসংখ্যা চৰকাৰী হিচাপতকৈ ৬-৭ গুণ অধিক আছিল।
গৱেষকসকলে সামৰণিত এইটোও উল্লেখ কৰিছিল যে "ভাৰতৰ চৰকাৰী মৃত্যুৰ পৰিসংখ্যাত প্রতিবেদন যথেষ্ট কমকৈ কৰা হৈছে।" ভাৰত চৰকাৰে ইয়াক অস্বীকাৰ কৰিছে।
আনকি ২০২২ৰ ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখলৈকে, ভাৰতৰ ক’ভিড মৃত্যুৰ চৰকাৰী গণনা আছিল ৫০৪,০৬২ (বা ০.৫ নিযুত)। যদিও দেশৰ প্ৰায় সকলো ৰাজ্যতে নিম্নগণনাৰ খবৰ পোৱা গৈছে, উত্তৰ প্ৰদেশৰ ক্ষেত্রত ই লক্ষণীয়ভাৱে তাৎপৰ্যপূৰ্ণ হৈ আছে।
Article-14.com এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ২৪ খনত মৃত্যুৰ সংখ্যা চৰকাৰী ক’ভিড-১৯ৰ মৃত্যুৰ সংখ্যাতকৈ ৪৩ গুণ বেছি। প্ৰতিবেদনখন ১ জুলাই, ২০২০ আৰু ৩১ মাৰ্চ, ২০২১ৰ ভিতৰত নথিভুক্ত কৰা মৃত্যুৰ ওপৰত আধাৰিত। যদিও সকলো অতিৰিক্ত মৃত্যুক ক’ভিড-১৯ৰ ফলত হোৱা বুলি ধৰিব নোৱাৰি, প্ৰতিবেদনত দাবী কৰা হৈছে, "মহামাৰীৰ এটা অংশত গড় হিচাপত সাধাৰণ মৃত্যু আৰু অতিৰিক্ত মৃত্যুৰ বিশাল পাৰ্থক্যই মাৰ্চ ২০২১-ৰ শেষলৈ উত্তৰ প্ৰদেশৰ চৰকাৰী ক’ভিড-১৯ৰ মৃত্যুৰ সংখ্যা ৪,৫৩৭ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। মে’ মাহত গণ কবৰৰ ছবি আৰু গংগা নদীত ওপঙি থকা মৃতদেহৰ প্ৰতিবেদনে কেইবাটাও গণনা নোহোৱা মৃত্যুৰ ফালে আঙুলিয়াই দিছিল।
অৱশ্যে, যেতিয়া ৰাজ্য চৰকাৰে ক্ষতিপূৰণৰ বাবে নিৰ্দেশনা ঘোষণা কৰিছিল, ই দাবী কৰিছিল যে উত্তৰ প্ৰদেশৰ ক’ভিডৰ সংখ্যা আছিল ২২,৮৯৮। কিন্তু শান্তিৰ দৰে লোক, যাৰ পৰিয়ালক আটাইতকৈ বেছি ক্ষতিপূৰণৰ প্ৰয়োজন, তেওঁলোক অৱহেলিত হৈ ৰৈছিল, অলক্ষিতে।
উত্তৰ প্ৰদেশৰ তথ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব নৱনীত চেহগলে পাৰিক কৈছিল যে প্ৰয়োজনীয় নথিপত্ৰ অবিহনে কোনো পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিব নোৱাৰিব। তেওঁ কয়, "সাধাৰণভাবেও মানুহৰ মৃত্যু হয়। গতিকে পৰিয়ালবোৰে “মৃত্যুৰ কাৰণ ক’ভিড আছিলনে সেই ধাৰণা অবিহনে" ক্ষতিপূৰণ লাভ কৰিব নোৱাৰে। তেওঁ লগতে কয় যে "গ্ৰাম্য অঞ্চলতো পৰীক্ষা চলি আছে।"
দ্বিতীয় ক’ভিড ঢৌৰ সময়ত উত্তৰ প্ৰদেশৰ গ্ৰাম্য ভিতৰুৱা অঞ্চলত পৰীক্ষাত পলম হোৱাৰ খবৰ পোৱা গৈছিল। ২০২১ চনৰ মে’ মাহত পৰীক্ষা ক্ৰমান্বয়ে হ্ৰাস হৈ অহাত এলাহাবাদ উচ্চ ন্যায়ালয় অসন্তুষ্ট হৈছিল। আৰু দ্বিতীয় ঢৌৰ অপব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰি ককৰ্থনা কৰিছিল। যদিও পৰীক্ষাৰ অভাৱক কম পৰীক্ষাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছিল, পেথলজী পৰীক্ষাগাৰে পৰীক্ষা হ্ৰাস কৰাৰ বাবে প্ৰশাসনৰ পৰা আদেশ লাভ কৰাৰ ইংগিত দিছিল।
আনকি চহৰাঞ্চলতো মানুহে পৰীক্ষাৰ সুবিধা লাভ কৰাত অসুবিধাৰ সমুখীন হৈছিল। ২০২১ চনৰ ১৫ এপ্ৰিলত বাৰাণসী চহৰৰ বাসিন্দা ৬৩ বছৰীয়া শিৱপ্ৰতাপ চৌবেক ক’ভিড-১৯ৰ ৰ বাবে পৰীক্ষা কৰা হৈছিল কিয়নো তেওঁৰ লক্ষণ আছিল। পৰীক্ষাগাৰে ১১ দিনৰ পিছত সঁহাৰি দি কৈছিল যে তেওঁৰ নমুনা পুনৰ সংগ্ৰহ কৰিব লাগিব।
কিন্তু এটা সমস্যা আহি পৰিছিল: শিৱপ্ৰতাপৰ মৃত্যু হৈছিল। ১৯ এপ্ৰিলত তেওঁৰ মৃত্যু হৈছিল।
যেতিয়া তেওঁ অসুস্থ আছিল, শিৱপ্ৰতাপক প্ৰথমে প্ৰায় এক কিলোমিটাৰ দূৰত এখন ৰাজহুৱা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ ৩২ বছৰীয়া পুত্ৰ শৈলেশ চৌবেয়ে কয়, "তাত কোনো বিচনা উপলব্ধ নাছিল। আমি এখন বিচনাৰ বাবে ন ঘণ্টা অপেক্ষা কৰিব লগা হ'লহেঁতেন। কিন্তু আমাক জৰুৰীভাবে অক্সিজেনৰ সুবিধা থকা বিচনাৰ প্ৰয়োজন হৈছিল।"
অৱশেষত, কিছু ফোন কৰাৰ পিছত শৈলেশে বাৰাণসীৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দূৰত বাবতপুৰ গাঁৱৰ (পিন্দ্ৰা খণ্ড) এখন ব্যক্তিগত চিকিৎসালয়ত বিচনা এখন বিচাৰি পাইছিল। "কিন্তু দুদিনৰ পিছত তেওঁ [শিৱপ্ৰতাপ] তাত মৃত্যুবৰণ কৰিছিল," শৈলেশে কয়।
চিকিৎসালয়খনৰ প্ৰমাণপত্ৰত শিৱপ্ৰতাপৰ চিটি স্কেনৰ আধাৰত মৃত্যুৰ কাৰণ হিচাপে ক’ভিড-১৯ বুলি কোৱা হৈছে। ই পৰিয়ালটোক চৰকাৰৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম কৰাব। শৈলেশে ২০২১ চনৰ ডিচেম্বৰৰ শেষ সপ্তাহত আবেদন দাখিল কৰিছিল। সাহায্যৰ এই ৰাশিয়ে তেওঁৰ দেউতাকৰ চিকিৎসাৰ বাবে ধাৰলৈ অনা ধন পৰিশোধ কৰাত সহায় কৰিব। বেংক এটাত সহকাৰী মেনেজাৰ হিচাপে কাম কৰা শৈলেশে কয়, "আমি ক'লা বজাৰত ২৫,০০০ টকাত ৰেমডেজিভিয়েৰ বেজী এটা কিনিব লগা হৈছিল।" "ইয়াৰ উপৰিও পৰীক্ষা, চিকিৎসালয়ৰ বিচনা আৰু ঔষধৰ মূল্য প্ৰায় ৭০,০০০ টকা। আমি এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো আৰু সেয়েহে ৫০,০০০ টকা বহুত ডাঙৰ কথা।"
মুছাহাৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত শান্তিৰ পৰিয়ালৰ বাবে এই ৰাশি বহুতেই বেছি। দাৰিদ্ৰ্য আৰু মূলসুঁতিৰ পৰা বিচ্ছিন্ন মুছাহাৰসকল হৈছে উত্তৰ প্ৰদেশৰ এক অনুসূচিত জাতি। তেওঁলোকৰ নিজা মাটি নাই আৰু উপাৰ্জনৰ বাবে তেওঁলোক দিনহাজিৰা কৰে।
শান্তিৰ স্বামী, ৫০ বছৰীয়া মুনিৰ এজন শ্ৰমিক, তেওঁ নিৰ্মাণ ক্ষেত্ৰত কাম কৰি দৈনিক ৩০০ টকা উপাৰ্জন কৰে। তেওঁ ৫০,০০০ টকা উপাৰ্জন কৰিবলৈ ১৬৬ দিন (বা ২৩ সপ্তাহ) হাড়ভঙা শ্ৰম কৰিব লাগিব। তেওঁৰ দেউতাক লুলুৰে কয়, মুনিৰে মহামাৰীৰ সময়ত সপ্তাহত মাত্ৰ এদিনহে কাম পাই আহিছে। এই হাৰত সেই ধনৰাশি উপাৰ্জন কৰিবলৈ তেওঁক তিনি বছৰতকৈ অধিক সময় লাগিব।
মুনিৰৰ দৰে শ্ৰমিকৰ বাবে বিত্তীয় বৰ্ষত ১০০ দিন কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আইনৰ (এমজিএনআৰইজিএ) অধীনত পৰ্যাপ্ত কাম উপলব্ধ হোৱা নাই। ফেব্ৰুৱাৰীৰ ৯ তাৰিখলৈকে উত্তৰ প্ৰদেশৰ প্ৰায় ৮৭.৫ লাখ পৰিয়ালে চলিত বিত্তীয় বৰ্ষত (২০২১-২২) আঁচনিখনৰ অধীনত কাম বিচাৰিছে। এতিয়ালৈকে ৭৫.৪ লাখৰো অধিক পৰিয়ালক নিযুক্তি প্ৰদান কৰা হৈছে, কিন্তু মাত্ৰ ৫ শতাংশইহে, অৰ্থাৎ ৩৮৪,১৫৩ টা পৰিয়ালে ১০০ দিনৰ কাম সম্পূৰ্ণ কৰিছে।
বাৰাণসীস্থিত মানৱ অধিকাৰ সম্পৰ্কীয় পিপলছ ভিজিলেন্স কমিটিৰ সৈতে জড়িত ৪২ বছৰীয়া কৰ্মী মংলা ৰাজভৰে কয় যে কাম নিয়মীয়াকৈ বা ধাৰাবাহিকভাৱে উপলব্ধ নহয়। "কামটো সঘনাই নহয় আৰু অস্থায়ী আৰু শ্ৰমিকসকলে ইয়াক টুকুৰা-টুকুৰাকৈ কৰিবলৈ বাধ্য হয়।" ৰাজভৰে যোগ দিছিল যে আঁচনিখনৰ অধীনত নিৰন্তৰ কাম প্ৰদান কৰাৰ বাবে ৰাজ্যৰ পৰা কোনো পৰিকল্পনা নাই।
প্ৰত্যেক ৰাতিপুৱা, শান্তি আৰু মুনিৰৰ ২০ বছৰৰ বয়সৰ ভিতৰৰ চাৰিজন পুত্ৰই কাম বিচাৰি ওলাই যায়। কিন্তু তেওঁলোকে প্ৰায়েই নিৰাশ হৈ উভতি আহে, কালাৱতীয়ে কয়। তেওঁ কয়, "কোনেও একো কাম নাপায়।" ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছৰে পৰা, পৰিয়ালটোৱে কেইবাবাৰো ভোকত থাকিব লগা হৈছিল। কালাৱতীয়ে কয়, "আমি চৰকাৰৰ পৰা পোৱা বিনামূলীয়া ৰেচনৰ পৰা বাচি আছো। কিন্তু ই গোটেই মাহটোৰ বাবে পৰ্যাপ্ত নহয়।"
"শান্তিৰ মৃত্যুৰ প্ৰমাণপত্ৰ পাবলৈ আমাৰ ২০০ বা ৩০০ টকা খৰচ হ'লহেঁতেন। আমাৰ পৰিস্থিতি বুজাবলৈ আমি কেইবাজনো লোকক লগ কৰিব লগা হ'লহেঁতেন। আৰু মানুহে আমাৰ সৈতে ভালকৈ কথা নকয়," কালাৱতীয়ে অসুবিধাৰ বিষয়ে বৰ্ণনা কৰি কয়। তেওঁ লগতে কয়, "ক্ষতিপূৰণখিনিয়ে আমাক কিছু সকাহ দিলেহেঁতেন।"
পাৰ্থ এম.এন.-য়ে ঠাকুৰ ফেমিলি ফাউণ্ডেচনৰ পৰা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ ওপৰত ৰিপ’ৰ্টিং কৰে। ঠাকুৰ ফেমিলি ফাউণ্ডেচনে এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত কোনো সম্পাদকীয় নিয়ন্ত্ৰণ প্ৰয়োগ কৰা নাই।
অনুবাদ: দেৱাংগ পল্লৱ শইকীয়া