মাথুৰা নিৰ্গুড়ে খিকখিকাই হাঁহিলে আৰু ডাঙৰকৈ ফুচফুচাই ক’লে, ‘সিহঁতে আমাক একো শিকোৱা নাছিল।’ নাচিক জিলাৰ ত্ৰিম্বাকেশ্বৰ তালুকৰ তাকে হৰ্ষ গাঁৱৰ এটা কোঠাৰ ঘৰৰ ওচৰতে থকা গৰু-গাড়ীৰ কাষত বহি তাই কৈ গ’ল। বেছিসংখ্যক গাঁৱৰ মোটামুটিভাৱে ১৫০০ বাসিন্দা ঠাকৰ আদিবাসী সম্প্ৰদায়ৰ লোক।
২০১৭ৰ ডিচেম্বৰলৈকে ১১ বছৰীয়া মাথুৰা নামৰ এই ছোৱালীজনীয়ে ৮ কিলোমিটাৰ দুৰত ডাহালেৱাড়ী গাঁৱত থকা জিলা পৰিষদ স্কুলৰ পঞ্চম শ্ৰেণীত পঢ়ি আছিল। তাৰ পিছত ৰাজ্য চৰকাৰে স্কুলখন বন্ধ কৰি দিলে। টাকে হৰ্ষ গাঁৱৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত আৱহাটে গাঁৱত থকা বেচৰকাৰী সংস্থা এটাৰ দ্বাৰা পৰিচালিত এখন স্কুলৰ ৬ষ্ঠ শ্ৰেণীত তাই এতিয়া পঢ়ি আছে।
কোনখন স্কুল তাইৰ ভাল লাগে বুলি সোধোতে তাই তপৰাই উত্তৰ দিলে, ‘প্ৰথমখন।’
একে তালুকৰ ৱাৱি হৰ্ষ গাঁৱৰ সামাজিক শিক্ষাকৰ্মী ভগৱান মাধেই কয়, ডাহালেৱাড়ীত থকা জিলা পৰিষদৰ স্কুলখন যেতিয়া বন্ধ কৰি দিয়ে, তেতিয়া আৱহাটেত থকা স্কুলখনে ১৪ জন ছাত্ৰ-ছাত্ৰীক লৈ আহিল। তেওঁ কয়, ‘ৰাজ্য চৰকাৰৰ পৰা এই স্কুলখনে কোনো অনুদান নাপায়, তেওঁলোকে ইমান গুৰুত্ব সহকাৰে স্কুলখন চলোৱা নাই।’ শ্ৰীগজানন মহাৰাজ বিদ্যালয় নামৰ আৱহাটেত থকা স্কুলখনে সপ্তাহত মাথোন দুদিন পাঠদান কৰে।
ডাহালেৱাড়ীৰ জিলা পৰিষদৰ স্কুলখন মাথুৰাই হেৰুওৱা কোনো ব্যতিক্ৰম নহয়। সমগ্ৰ মহাৰাষ্ট্ৰৰ ১০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে যোৱা কেইবছৰ মানত স্কুল বন্ধ কৰা দেখি আহিছে।







