শংকৰ ৱাঘেৰে তেওঁৰ প্লাষ্টিকৰ বেগটো মাটিত দলিয়াই কাঠৰ লাখুটিডালত ভৰ দি কুঁজা হৈ ঘনকৈ উশাহ ল'লে। তাৰ পাছত তেওঁ আঠুঁ কাঢ়ি দীঘলীয়াকৈ উশাহ লৈ চকু দুটা মুদি দিলে। পৰৱৰ্তী পোন্ধৰ মিনিটৰ বাবে চকুহাল বন্ধ হৈ থাকিব। ৬৫ বছৰীয়া বৃদ্ধজনে আজিৰ দিনটোত বহু দূৰ খোজ কাঢ়িলে। তেওঁৰ চাৰিওকাষে আন্ধাৰত আন ২৫,০০০ মান কৃষক আছে।
নাছিক-আগ্ৰা ৰাজপথৰ ইগাতপুৰীৰ ৰায়নগৰ অঞ্চলত জিৰণিৰ বাবে বহি তেওঁ ক'লে, "আমাৰ অধিকাৰৰ বাবে আমি সংগ্ৰাম কৰিছো।" ৬ মাৰ্চৰ ব্যস্ত মঙলবাৰৰ বিয়লি নাছিক চহৰৰ পৰা আৰম্ভ হোৱা বিশাল পদযাত্ৰাটোৰ আজি প্ৰথম নিশাৰ জিৰণি। কৃষকসকলে ১১ মাৰ্চ, দেওবাৰে মুম্বাইত গৈ উপস্থিৰ হোৱাৰ পৰিকল্পনা কৰিছে আৰু তাৰ পাছদিনা বিধানসভা ভৱন ঘেৰাও কৰিব। ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণত বিফল হোৱা বাবেই এই প্ৰতিবাদ। (চাওকঃ (সুদীৰ্ঘ পদযাত্ৰাঃ ওখহি যোৱা ভৰি, অদম্য শক্তি আৰু পদযাত্ৰাৰ পিছৰ পৰিস্থিতি )
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সিষ্ট)ৰ কৃষক সংগঠন অখল ভাৰতীয় কৃষক সভাই এই দীঘলীয়া পদযাত্ৰাৰ আয়োজন কৰিছে। সংগঠক তথা কৃষক সভাৰ সাধাৰণ সম্পাদক অজিত নাৱালে কয়, চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি সাৰিব নোৱাৰিব। ২০১৫ চনতো কৃষকৰ বন ভূমিত অধিকাৰ, ফচলৰ ভাল মূল্য, ঋণ ৰেহাই আদিৰ বাবে কৃষকৰ হৈ আমি প্ৰতিবাদ কৰিছিলো। চৰকাৰে দাবীসমূহ পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। এইবাৰ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব।
আৰম্ভণি স্থানৰ পৰা মুম্বাইলৈ ১৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে আগবঢ়াৰ পদযাত্ৰাত মাৰাঠৱাড়া, ৰায়গড়, বিধৰ্ভ আৰু আন আন জিলাৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা আৰু অধিক কৃষকৰ যোগদানৰ সম্ভাৱনা আছে। এই মূহুৰ্তত ক'ব পাৰি যে ইতিমধ্যে পদযাত্ৰাত অংশ গ্ৰহণ কৰা অধিকাংশ কৃষক নাছিক আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ। তেওঁলোকৰ ভিতৰত বহুত আদিবাসী সম্প্ৰদায়ৰ। (চাওক তেওঁলোকে খেতিপথাৰ চলায়, তেওঁলোকেই পদযাত্ৰা কৰে )
কলী-মহাদেৱ সম্প্ৰদায়ৰ ৱাঘেৰে নাছিকৰ দিনদৰি তালুকৰ নালেগাঁৱৰ পৰা আহিছে। নালেগাঁৱৰ পৰা ২৮ কিলোমিটাৰ খোজ কাঢ়ি আহি পুৱাই তেওঁ নাছিকৰ চি বি এছ চ'কত উপস্থিত হৈছেহি। মুম্বাইলৈ দীঘলীয়া পদযাত্ৰা এই চ'কৰ পৰাই বিয়লি আৰম্ভ হৈছে।
নিজৰ ক্ষোভ ব্যক্ত কৰি তেওঁ কয়, "পুৰুষানুক্ৰমে আমি যি মাটিত খেতি কৰি আছো, সেই মাটি এতিয়াও বন বিভাগৰ অধীনতে আছে। [২০০৬ চনৰ বন অধিকাৰ আইনৰ অধীনত আদিবাসীসকলক দিয়া ভূমি অধিকাৰৰ] প্ৰতিশ্ৰুতিৰ পাছতো আমি আমাৰ কৃষি ভূমিৰ মালিক নহয়।" ৱাঘেৰৰ গাঁৱত প্ৰায় সকলোৱে ধান খেতি কৰে। খেতিখনৰ পৰা অহা লাভালাভৰ বৰ্ণনা দি তেওঁ কয়, "এক একৰ মাটিত উৎপাদন ব্যয় ১২,০০০ টকা। যদি বৰষুণ ভাল হয়, আমি [প্ৰতি একৰত] ১৫ কুইন্টলকৈ ধান পাওঁ। বৰ্তমান [বজাৰ] মূল্য প্ৰতি কিলোত ১০ টকা [প্ৰতি কুইন্টলত ১,০০০ টকা]। আমি কেনেকৈ জীয়াই থাকিম? যেতিয়া পদযাত্ৰাৰ কথা গম পালো, পাছত যিয়ে নহওক লাগে, মই অংশ গ্ৰহণ কৰিম বুলি সিদ্ধান্ত ললো।"
মই যেতিয়া দুপৰীয়া ১ বজাত চি বি এছ চ'ক পাইছিলোগৈ তেতিয়া তাত ভিৰ সেৰেঙা আছিল আৰু মানুহ নহ'ব বুলি আমি শংকাৰে অপেক্ষা কৰিছিলো। কিন্তু সময় বাগৰাত জীপে জীপে কৃষক আহিবলৈ ধৰিলে আৰু চাওঁতে চাওঁতে গোটেই ৰাস্তাটো ৰঙা পতাকা আৰু টুপিৰ সাগৰ যেন হৈ পৰিল। তপত ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ মানুহে কপালত ৰুমালখনকে মেৰিয়াই লৈছিল। মহিলাসকলে শাৰীৰে মূৰ ঢাকি লৈছিল। ইয়াৰ অধিকাংশই দীঘলীয়া পদযাত্ৰাৰ বাবে প্লাষ্টিকৰ মোনা বা কান্ধত ওলমাই লোৱা মোনাত কাপোৰ-কানি, ঘেঁহু, চাউল, বজ্ৰা আৰু আন আন খাদ্য সামগ্ৰী ভৰাই লৈছিল।
বিয়লি ২:৩০ বজাত সমবেত পুৰুষ-মহিলাসকলে বাতৰি কাকতেৰে মেৰিয়াই অনা চাপাতি আৰু ছব্জি বেগৰ পৰা উলিয়াইছে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে তেওঁলোক ৰাস্তাৰ ওপৰতে বহি পৰিছে। কাষতে থকা আদিবাসী কৃষকসকলে সময় কটাবলৈ পৰম্পৰাগত লোকগীত গাইছে। নাছিক জিলাৰে ছুৰগানা তালুকৰ বালু পাৱাৰ, বিষ্ণু পাৱাৰ আৰু জেভাজি পিথে এক সংগীতানুষ্ঠানেই আৰম্ভ কৰি দিছে। আৰক্ষীয়ে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া ৰাস্তাটোৰ ডিভাইডাৰত বহি বালুৱে টুনটুনা, বিষ্ণুৱে দাফলি আৰু জেভাজিয়ে তাল বজাই লোকগীত গাইছে। তেওঁলোকেনো কি গাইছে সেই বিষয়ে মই প্ৰশ্ন কৰিলো। তেওঁলোকে ক'লে, "আমি উপাসনা কৰা দেৱতা খান্দাৰায়ালৈ শ্ৰদ্ধাঞ্জলি এয়া।
গান-বাজনা কৰি থকা তিনিওজন ৱাঘেৰৰ দৰে কালী-মহাদেৱ সম্প্ৰদায়ৰে। বিষ্ণুৱে নিজৰ বিষয়ে বৰ্ণনা কৰি ক'লে, "মই পাঁচ একৰ মাটিত হাল বাওঁ। ক'বলৈ গ'লে এই মাটি মোৰ। কিন্তু মোৰ এনে অনুভৱ হয় যে মই বন বিভাগৰ বিষয়াসকলৰ অনুগ্ৰহতহে খেতি কৰি থাকিব পাৰিছো। তেওঁলোকে যি কোনো সময়তে অহি মোক উচ্ছেদ কৰিবহি পাৰে। চুবুৰীয়া গাওঁখনত বন বিষয়াসকল অহি ধান খেতি কৰা মাটিত গছ পুলি ৰোপন আৰম্ভ কৰিছেই। পৰৱৰ্তী সময়ত আমাৰ পাল।"
নাছিক চহৰৰ পৰা ২৬ কিলোমিটাৰ নিলগৰ দিনদৰি তালুকৰ দিনদৰি গাঁৱৰ পৰা অহা সঞ্জয় বৰাস্তো মিছিলত ভাগ লৈছে। তেওঁৰ আকৌ ৮ লাখ টকাৰ ধাৰ। নিজৰ অনুভৱ প্ৰকাশ কৰি তেওঁ কয়, "চৰকাৰে প্ৰথমবাৰ যেতিয়া ঋণ ৰেহাইৰ কথা ঘোষণা কৰিছিল, মই অৱশেষত উপশম পালো বুলিয়ে ভাবিছিলো। কিন্তু মুখ্যমন্ত্ৰীয়ে ১.৫ লাখ টকাৰ সৰ্বোচ্চ নিৰিখ নিৰ্ধাৰণ কৰি অতি নিকৃষ্ট খেল খেলিলে।" ৪৮ বছৰীয়া বৰাস্তে এই মাহত তেওঁৰ ২.৫ একৰ মাটিৰ পৰা ৰঙালাউ চপাইছে। প্ৰতিনিয়ত কৃষকৰ স্বাৰ্থৰ প্ৰতিকুলে যোৱা বজাৰখনৰ সন্দৰ্ভত তেওঁ কয়, "মই প্ৰতি কিলোত মাত্ৰ ২ টকাকৈ ৰঙালাউ বিক্ৰী কৰিবলগীয়া হৈছে। বজাৰত দাম একেবাৰে পৰি গৈছে। ৰঙালাউ ৰাখি থবও নোৱাৰি, গেলি যায়।"
কেইবা বছৰ ধৰি মাৰাঠৱাৰাৰ পৰা ৰিপৰ্টিং কৰি থকাৰ সময়ত কৃষকসকলে তেওঁলোকৰ দাবীসমূহ মোক প্ৰায়ে কয়। ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত স্বামীনাথন অয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰা, সামগ্ৰিকভাৱে ঋণ ৰেহাই দিয়া আৰু সঠিকভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰা কৃষকসকলৰ প্ৰধান দাবী। নাছিকত গোট খোৱা অধিকাংশই এই দাবীসমূহকে অগ্ৰাধিকাৰ দিছে যদিও তেওঁলোকে তেওঁলোকৰ ভূমি অধিকাৰক লৈ অধিক চিন্তিত। পদযাত্ৰা আগ বঢ়াৰ লগে লগে যোগ দিছে আৰু বহুত কৃষকে। এই দাবীৰ লগতে তেওঁলোকৰো আন আন দাবী নিশ্চিতভাৱে থাকিব।
বিয়লি ৩ মান বজাৰ পৰা সংগঠকসকলে সমৱেতসকলক উদ্যেশি ভাষণ দিবলৈ আৰম্ভ কৰিলে। আৰু ৪ বজাত প্ৰাণৱন্ত হাজাৰ হাজাৰ লোকে নাছিক-আগ্ৰা পথেৰে অগ্ৰসৰ হ'ল। সমদলৰ আগত ৬০ বছৰীয়া ৰুকমাবাই বেন্দকুলে হাতত এখন ৰঙা পতাকা লৈ মন-প্ৰাণ ঢালি নাচি গৈছে। দিনদৰি তালুকৰ দন্দেগাঁৱৰ তেওঁ ভূমিহীন কৃষি শ্ৰমিক। বৃদ্ধাগৰাকীয়ে দিনে ২০০ টকাকৈ সপ্তাহত তিনি দিন আনৰ পথাৰত কাম কৰে। ছদিনৰ যাত্ৰাত তেওঁ অতি কমেও মূল্যৱান ৬০০ টকা হেৰুৱাব। "মোৰ গাঁৱৰ কৃষকে যদি [বন বিভাগৰ হাতত] মাটি হেৰুৱায়, ময়ো কাম হেৰুৱাম", তেওঁৰ ভাষ্য এয়া। কিন্তু চৰকাৰে দাবীসমূহ মানি ল'ব জানো বুলি প্ৰশ্ন কৰাত তেওঁ হাঁহি মাৰি ক'লে, "তেওঁলোকৰ হাতত আৰু আন বিকল্প আছে জেনো?"
নাৱালে কয় যে এনে প্ৰতিবাদে চৰকাৰৰ ওপৰত কিছু প্ৰভাৱ পেলায়। "আমি উত্থাপন কৰা দাবীসমূহ এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈছে। ভিন্ন স্তৰত বাধাৰ সন্মুখিন হোৱাৰ পাছতো চৰকাৰে ঋণ ৰেহাই দিবলৈ বাধ্য হৈছিল। ইয়াক আমি ধেমালিতে লুট ৱাপচি বুলি কওঁ। আগৰ চৰকাৰসমূহে বছৰ বছৰ ধৰি আমাৰ পূৰ্বসূৰীসকলক প্ৰতাৰণা আৰু লুট কৰিলে। এই লুট কৰা ধন আমি মাত্ৰ লাহা লাহে ঘূৰাই লৈছো।"
সংগঠকসকলে এঠাইত ব্যৱস্থা কৰি দিয়া পানীৰ টেংকাৰৰ পৰা কৃষকসকলে তেওঁলোকৰ প্লাষ্টিকৰ বটলসমূহ পূৰ্ণ কৰি ললে। পাঁচ ঘন্টাৰ পাছত প্ৰায় ৯ বজাত নিশা জিৰণিৰ বাবে উপস্থিত হ'বলগীয়া ৰায়গড় নগৰ পোৱাৰ মাজৰ সময়ত পদযাত্ৰীসকলে এয়াই যি অলপ পৰ ৰৈছে। ৱালদেৱী বান্ধৰ ওচৰতে থকা মুকলি ৰায়গড় নগৰৰ মুক্ত আকাশৰ তলত ৰাজপথতে তেওঁলোকে জিৰণি ল'ব।
তেওঁলোকে নিজৰ নিজৰ বেগত লৈ অনা সেই একেই চাপাতি আৰু চব্জিৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত মৰ্চাৰ সৈতে ট্ৰাকত লৈ অনা ছাউণ্ড বক্সত একাংশ কৃষকে গান গালে। নিশাৰ আন্ধাৰত লোকগীতৰ লহৰ উঠিল। বহু লোকে প্ৰত্যেকে প্ৰত্য়েকৰ কান্ধত হাত থৈ সংগীতৰ তালে তালে উপবৃত্তাকাৰে নাচিলে।
ব্লেংকেট এখন গাত মেৰিয়াই লৈ ৱাঘেৰে গীতি-নৃত্য়ানুষ্ঠান উপভোগ কৰিছে। তেওঁ ক'লে, "মই ক্লান্তি অনুভৱ কৰিছো। মোৰ ভৰি দুটা ফুলি উঠিছে।" মই সুধিলো, পৰৱৰ্তী ছদিন আপুনি অবিৰতভাৱে যাত্ৰা কৰিব পাৰিবনে? তেওঁৰ দৃঢ় উত্তৰ, "নিশ্চয়, নিশা জিৰণি লৈ শক্তি সঞ্চয় কৰি দিনত আগবাঢ়িম। এতিয়া মোৰ জিৰণিৰ সময়।"
এইকেইটাও চাওকঃ ' মই এগৰাকী খেতিয়ক , পদব্ৰজে অতিক্ৰম কৰিলোঁ এই যাত্ৰা ' আৰু হতাশাৰ পথাৰৰ পৰা আশাৰ এক যাত্ৰা