“প্ৰতিটো আত্মাই মৃত্যুৰ সোৱাদ পাব,” সুন্দৰ শৈলীৰে প্ৰায়বোৰ সমাধিশিলাতে এনে কিছুমান পংক্তি লিখা থকা আপোনাৰ চকুত পৰিব। এয়া একো ভৱিষ্যতবাণী নহয়, দিল্লীৰ আটাইতকৈ ডাঙৰ কবৰস্থানবোৰৰ মাজৰে এখন, জাদিদ কবৰস্থানৰ বেছিভাগ সমাধিশিলাতে এই সমাধি-কবিতাৰ পংক্তি খোদিত কৰা হয়।
— كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ এই পংক্তিটো কোৰাণৰ এটা আয়াত আৰু ইয়ে মুছলমানৰ সমাধিস্থলখনৰ বিষণ্ণ পৰিৱেশটোলৈ প্ৰশান্তিৰ ছাঁ আনে। এনেতে এম্বুলেঞ্চ এখন ভিতৰলৈ সোমাই আহিল আৰু মৃতকৰ পৰিয়ালবৰ্গই নামাজ-এ-জানাজা (অন্তিম প্ৰাৰ্থনা) পঢ়িলে। সোনকালেই ভেনখন খালী হ’ল আৰু মৃতকক কবৰৰ ফালে লৈ যোৱা হ’ল। তাৰপাছত এটা মেচিনে কবৰটোত মাটি ভৰোৱাত লাগিল।
বাহাদুৰ শ্বাহ জফৰ মাৰ্গৰ মিডিয়া কোম্পানীবোৰৰ বিল্ডিংবোৰৰ কাষতে লাগি থকা এই কবৰস্থানখনৰ এটা চুকত ৬২ বছৰ বয়সীয়া নিজাম আখটাৰক সমাধিশিলাবোৰত, যাক তেওঁ মিহৰাব বুলি কয়, তাত মৃতকৰ নাম লিখি থকা দেখা গৈছে। তেওঁ পাৰ্কাজাডাল (চাৰুলিপিৰ ব্ৰাছ) আলফুলকৈ ধৰি নুক্তা এটা লিখিছে, নুক্তা মানে বিন্দু, উৰ্দু ভাষাত এই নুক্তাই কিছুমান আখৰক বেলেগ উচ্চাৰণ প্ৰদান কৰে। তেওঁ লিখি থকা শব্দটো হৈছে দুৰ্দানা, ক’ভিড-১৯ত প্ৰাণ হেৰুওৱা এজন লোকৰ নাম।
নিজামে সমাধিশিলাত জটিল অথচ সুন্দৰকৈ খোদাই কৰা আখৰবোৰত ৰং কৰি আছে। পিছত তেওঁৰ সহকৰ্মী এজনে হাতুৰী-বটালিৰে ৰং কৰা লিপিখিনি খোদিত কৰিব, খোদিত কৰি যাওতে ৰংবোৰ নাইকিয়া হৈ গৈ থাকে।
নিজাম নামৰ এই কাতিব (লিপিকাৰজন)জনে দুকুৰি বছৰ ধৰি সমাধিশিলাত মৃতকৰ নাম লিখি আহিছে। তেওঁ কয়, “কিমান সমাধিশিলাত লিখিলো মই মনত নাই। শেহতীয়াকৈ এপ্ৰিল আৰু মে’ মাহত মই ক’ৰনাত মৃত্যু হোৱা প্ৰায় ১৫০ জন লোকৰ নাম লিখিছো। আৰু প্ৰায় সিমান সংখ্যকৰে নাম লিখিছো যাৰ ক’ৰনাত মৃত্যু হোৱা নাই। প্ৰতিদিনে মই তিনিৰ পৰা পাঁচখনলৈকে ফলক সাজু কৰো। কিছুমান ফলকত লিখোতে এঘণ্টাৰো বেছি সময় লাগে,” তাকো উৰ্দু ভাষাত। ফলকৰ আনটো ফালে সাধাৰণতে মৃতকৰ নাম কেৱল ইংৰাজী ভাষাত লিখা হয়। মই টোকা লিখি থকালৈ চাই তেওঁ ৰগৰ কৰি অমায়িকভাবে কয়, “এয়া কেইছেকেণ্ড মানতেই পৃষ্ঠা ভৰ্ত্তি কৰি লিখাৰ দৰে উজু কাম নহয়।”
মহামাৰী সূচনা হোৱাৰ আগেয়ে জাদিদ কবৰস্থানত প্ৰতিদিনে এখন বা দুখন ফলকতে লিখাৰ কাম আহিছিল। এতিয়া নিতৌ চাৰিৰ পৰা পাঁচখনৰ কাম আহে। কামৰ বোজা এনেদৰে ২০০ গুণৰো অধিক বৃদ্ধি হৈছে। এই কাম চাৰিজন কৰ্মীয়ে ভগাই লৈছে। এই সপ্তাহত তেওঁলোকে নতুনকৈ অৰ্ডাৰ লোৱা নাই। সদ্যহতে ১২০ খন ফলকৰ আধা কাম শেষ হৈছে আৰু ৫০ খনৰ কাম এতিয়াও আৰম্ভ কৰিবলৈ বাকী আছে।
এনেদৰে ব্যৱসায় এতিয়া তুংগত উঠিছে। কিন্তু এই কথা ভাবিয়েই ব্যৱসায়টোত জৰিত লোকসকলে মনত বেজাৰ পায়। এই কবৰস্থানত কাম কৰা মহম্মদ শ্বামিমে কয়, “বহু মানুহৰ মৃত্যু হৈছে, তাৰ লগতে মানৱতাৰো। মৃত্যুৰ এনে কিৰীলি শুনি মোৰ অন্তৰখনে কান্দি উঠে।” কবৰস্থানত কাম কৰা শ্বামিম নিজৰ পৰিয়ালৰ তৃতীয়টো প্ৰজন্ম।
“এই পৃথিৱীলৈ যিয়ে আহিছে, জীয়াইছে, সি এদিন গৈ পৰম মৃত্যুৰ সত্যক সাৱতি লৈছে, সকলোৱে এদিন যাব লাগিব- ইয়েই জীৱনৰ সত্য,” নিজামে মৃত্যুৰ কথা দাৰ্শনিকৰ দৰে কয়। “মানুহ গুছি যায় আৰু মই সমাধিশিলাত লিখিবলৈ পাওঁ। কিন্তু এনে পৰিস্থিতি মই জীৱনত কাহানিও দেখা নাই।”
প্ৰতিটো পৰিয়ালে কবৰৰ বাবে সমাধিশিলা নবনোৱা স্বত্ত্বেও ব্যৱসায়ৰ এনে শ্ৰীবৃদ্ধি হৈছে। কিছুমানে সমাধিশিলাত লিখোৱাৰ খৰছ বহন কৰিব নোৱাৰে। তেওঁলোকে কেৱল লোহাৰ ফলক এখন লগায়, তাতে কথাখিনি পেইণ্ট কৰি দিয়া হয়। তেনে কৰিলে খৰছ কম। কিছুমান কবৰ উকা হৈ ৰৈ যায়। “কেতিয়াবা সমাধি দিয়াৰ ১৫ৰ পৰা ৪৫ দিনৰ পিছত সমাধিশিলা লিখাৰ কাম আহে,” নিজামে কয়। “আমি লোৱা অৰ্ডাৰৰ বাবে পৰিয়ালে অতিকমেও ২০ দিন অপেক্ষা কৰিবলগীয়া হয়,” হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ বল্লবগড়ৰ খোদাই শিল্পী নিজামৰ সহকৰ্মী আছিমে (তেওঁৰ অনুৰোধমৰ্মে নাম সলনি কৰা হৈছে) কয়।
৫৩ বছৰ বয়সীয়া আছিমে যোৱা বছৰলৈ ক’ৰনা আছে নে নাই তাকে লৈ সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু এতিয়া বিশ্বাস কৰে। তেওঁ কয়, “মৃতদেহে মিছা নকয়। মই ইমান মৃতদেহ দেখিছো যে মোৰ পক্ষে ক’ৰনা আছে বুলি মানি লোৱাৰ বাদে উপায় নাই।” কোনো সময়ত মৃতকৰ পৰিয়ালে মৃতকৰ কাৰণে নিজেই কবৰ খান্দিবলগীয়া হৈছে। “কেতিয়াবা কবৰ খন্দা মানুহৰো নাটনি হয়,” তেওঁ কয়।
কবৰস্থানখন চোৱা-চিতা কৰা পৰিচালনা সমিতিৰ এজনে আমাক কয়, “মহামাৰী আৰম্ভ হোৱাৰ আগলৈকে কবৰস্থানখনত সাধাৰণতে দিনে চাৰি-পাঁচজনক সমাধি দিয়া হৈছিল। এতিয়া মাহত প্ৰায় ১৫০ জন হয়গৈ।”
এই বছৰ, কেৱল এপ্ৰিল আৰু মে’ মাহতে কবৰস্থানত ১,০৬৮ মৃতকক সমাধি দিয়া হৈছে। ইয়াৰে ৪৫৩ গৰাকীৰ মৃত্যু ক’ৰনাৰ কাৰণে হৈছে আৰু আন ৬১৫ গৰাকীৰ মৃত্যু আন কাৰণত। এয়া কবৰস্থানখনৰ তথ্যমাত্ৰ। নাম প্ৰকাশত অনিচ্ছুক ইয়াৰে কৰ্মচাৰীয়ে কোৱা মতে এই সংখ্যা ৫০ শতাংশৰো অধিক।
আছিমে কয়, “এগৰাকী মহিলাই তেওঁৰ ডেৰ বছৰীয়া সন্তানক লৈ কবৰস্থানলৈ আহিছিল। আন এখন ৰাজ্যৰ পৰা ইয়ালৈ দিনহাজিৰা কৰিবলৈ অহা গিৰীয়েক ক’ৰনা হৈ ঢুকাইছিল। সেই মহিলাগৰাকীৰ আন কোনো আত্মীয় নাছিল, সেয়ে সমাধি দিয়াৰ সকলো ব্যৱস্থা আমি কৰি দিছিলো। নিজ সন্তানে পিতৃৰ কবৰত মাটি দিছিল।” কোনো শিশু ঢুকালে তাই মাক-দেউতাকৰ হৃদয়ত সমাধি লয়, এনেকুৱা এটা প্ৰবাদ আছে। কিন্তু সন্তানে যেতিয়া নিজ পিতৃ-মাতৃৰ কবৰত মাটি দিয়ে, তাকে লৈ কিবা প্ৰবাদ থাকিব পাৰেনে?
আছিম আৰু তেওঁৰ পৰিয়ালটোও ক’ৰনাৰ গ্ৰাসত পৰিছিল। তেওঁ, তেওঁৰ দুজনী পত্নী, পিতৃ-মাতৃ সকলোৰে গাত ক’ৰনাৰ লক্ষণে দেখা দিছিল। অৱশ্যে তেওঁলোকৰ পাঁচোটা সন্তান নিৰাপদ আছিল। পৰিয়ালৰ কোনেও কেতিয়াও পৰীক্ষা কৰাব নগ’ল, কিন্তু আটাইকেইজনেই বাছিল। “মই পৰিয়াল চলাবলৈ হাড়ভঙা শ্ৰম কৰো,” তেওঁ শিলৰ ফলক কাটি থকা অৱস্থাতে কয়। জাদিদত মাহে ৯,০০০ টকা উপাৰ্জন কৰা আছিমে শ শ মৃতকৰ পৰিয়ালৰ বাবে নামাজ-এ-জনাজা (অন্তিম প্ৰাৰ্থনা) পাঠ কৰি আহিছে, ক’ভিড আৰু আন কাৰণত মৃত্যু হোৱা সকলোৰে বাবে।
“মোৰ পৰিয়ালে মোক এই কামৰ কাৰণে উৎসাহ যোগাইছিল, কোনো লোকৰ অন্তিম যাত্ৰাত সেৱা আগবঢ়োৱাজনক আল্লাই চায়,” আছিমে কয়। নিজামৰ পৰিয়ালেও তেওঁক এই কামৰ বাবে উৎসাহ যোগাই আহিছে আৰু তেওঁ নিজেও এই কথাত বিশ্বাস কৰে। দুয়োজনেই আৰম্ভণিতে এই কাম কৰিবলৈ কুণ্ঠাবোধ কৰিছিল যদিও তেওঁলোকৰ ভয়-সংকোচ নাইকিয়া হ’বলৈ বেছিদিন নালাগিল। আছিমে কয়, “মানুহ নিথৰ হৈ মাটিত শুই থকা দেখিলে আপোনাৰ মনলৈ ভয় ভাব নাহে, সমাধি দিয়াৰ কথাহে মনলৈ আহে।”
জাদিদ কবৰস্থানত সম্পূৰ্ণ সমাধিশিলা প্ৰস্তুত কৰাৰ খৰছ ১,৫০০ টকা। ইয়াৰে নিজামে ২৫০ৰ পৰা ৩০০ টকা কিতাবতৰ বাবদ পায়, চাৰুলিপিক তেওঁলোকে কিতাবত বুলি কয়। তেওঁ কাম কৰা শিলৰ ফলকবোৰ প্ৰায় ৬ ফুট দীঘল আৰু ৩ ফুট বহল। তাৰে ৩ ফুট দীঘল আৰু ১.৫ ফুট ওখ ৪ টা সমাধিশিলা প্ৰস্তুত কৰা হয়। প্ৰতিখন ফলককে ওপৰৰ ফালে গম্বুজ আকৃতি দিয়া হয়। এই সকলোবোৰ সম্পূৰ্ণ হোৱাৰ পিছত ফলকখনে নাম পায় মিহৰাব। কিছুমানে মাৰ্বল পাথৰো ব্যৱহাৰ কৰে। শিলৰ ঠাইত লোহাৰ ব’ৰ্ড ব্যৱহাৰ কৰাসকলে ২৫০ৰ পৰা ৩০০ টকা খৰছ কৰিবলগা হয়। মিহৰাবত হোৱা খৰছৰ এয়া প্ৰায় ছভাগৰ এভাগ।
প্ৰতিটো অৰ্ডাৰৰ পিছত নিজামে তেওঁৰ পৰিয়ালৰ কোনো সদস্যৰ দ্বাৰা কাগজত স্পষ্টকৈ প্ৰয়োজনীয় সকলো বিৱৰণ লিখি লয়। তাতে মৃতকৰ নাম, গিৰীয়েক নাইবা পিতৃৰ নাম (মহিলাৰ ক্ষেত্ৰত), জন্ম আৰু মৃত্যুৰ তাৰিখ, ঠিকনা লিখা হয়। অতিৰিক্তভাৱে, পৰিয়ালে খোদিত কৰিব বিচৰা কোৰাণৰ আয়াতো লিখি লোৱা হয়। “ই দুটা কাম কৰে। প্ৰথমটো হ’ল পৰিয়ালে মৃতকৰ নাম লিখি দিব পাৰে, আৰু দ্বিতীয়টো হৈছে ইয়াত ভুল হোৱাৰ সম্ভাৱনা নাইকিয়া হয়,” নিজামে মোক কয়। কেতিয়াবা পৰিয়ালে বিচাৰিলে লিখাখিনিৰ তলত উল্লেখ কৰাৰ দৰে উৰ্দু দ্বিপদী কবিতাও লিখা হয়। জাহান আৰা হাছানৰ সমাধিশিলাতো এনে কবিতা এটা লিখা হ’ব, এইমাত্ৰ পৰিয়ালে অৰ্ডাৰ কৰিছে।
আশীৰ্বাদৰ
শুকুলা ডাৱৰ তাইৰ সমাধিত মুকুতা হৈ সৰক
আৰু
তাই চিৰকালে আমাৰ চেনেহৰ হৈ ৰওঁক
নিজামে ১৯৭৫ত কিতাবত অনুশীলনত লাগিছিল। তেওঁৰ চিত্ৰকৰ পিতৃৰ ১৯৭৯ত ঢুকোৱাৰ পিছতে নিজামে সমাধিশিলাত লিখা কাম আৰম্ভ কৰে। “মোৰ দেউতা চিত্ৰশিল্পী আছিল যদিও মই তেওঁৰ পৰা শিকা নাছিলো। মই মাত্ৰ তেওঁ ছবি অঁকা চাই থাকিছিলো। মই এই হাতৰ বিদ্যা আশীৰ্বাদ স্বৰূপে পাইছো।”
নিজামে ১৯৮০ত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোড়িমল কলেজৰ পৰা উৰ্দু ভাষাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ নিজাকৈ কাম আৰম্ভ কৰাৰ মানসেৰে জগত চিনেমা নামে চিংগল স্ক্ৰীণ ছবিঘৰটোৰ সন্মুখতে দোকান এখন খুলিলে। জগত চিনেমা সেইটো ছবিঘৰ, য’ত এটা সময়ত পাকিজা আৰু মোগল-এ-আজমৰ দৰে ঐতিহাসিক চিনেমা দেখুওৱা হৈছিল, এতিয়া সেইটো স্থায়ীভাৱে বন্ধ হৈছে। নিজামে ১৯৮৬ত নাছিম আৰাক বিয়া পাতে। এই সুনিপুণ চাৰুলিপিকাৰজনে কেতিয়াও নিজৰ পত্নীলৈ চিঠি লিখা নাই। লিখাৰ কেতিয়াও প্ৰয়োজন নহ’ল। তেওঁৰ ঘৰটো কাষৰে চুবুৰীটোতে, মাক-দেউতাকৰ ঘৰলৈ যায় আৰু ঘূৰি আহে। দম্পত্তিটোৰ ল’ৰা-ছোৱালী এহাল আছে আৰু ছটা নাতি-নাতিনী পাইছে। তেওঁলোক পুৰণি দিল্লীৰ জামা মছজিদৰ কাষত থাকে।
“তেতিয়া মই মুশ্বাইৰা (উৰ্দু কবিতা পাঠ অনুষ্ঠান), আলোচনাচক্ৰ, বাণিজ্যিক বিজ্ঞাপন, চেমিনাৰ, ধৰ্মীয় আৰু ৰাজনৈতিক মেল-মিটিং আদিৰ কাৰণে হৰ্ডিং আঁকিছিলো।” তেওঁ মিহৰাব অঁকাৰ বাবেও দোকানত অৰ্ডাৰ লৈছিল। তাতে ভালেমান প্ৰতিবাদী কাৰ্য্যসূচীৰ সামগ্ৰী, বেনাৰ, হৰ্ডিং, প্লেকাৰ্ড আদিও অঁকা হৈছিল।
তেওঁ কয় যে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৮০ৰ দশকৰ মাজভাগত বাবৰি মছজিদৰ তলা খোলাৰ অনুমতি দিছিল। “ইয়াৰ বিৰোধিতাৰে মুছলমান সম্প্ৰদায় আৰু আন বহুলোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। মই কাপোৰত আন্দোলনৰ বেনাৰ আৰু প্ৰতিবাদৰ বাবে আহ্বান জনোৱা পোষ্টাৰ আদি আঁকি দিছিলো। ১৯৯২ত বাবৰি মছজিদ ভাঙি পেলোৱা হয়, লাহে লাহে আন্দোলনৰ বল পৰে, মানুহৰ মাজত সেই লৈ ক্ষোভ আছিল (সেই ধ্বংসকাৰ্য্যক লৈ), কিন্তু মানুহ এতিয়া ওলাই নহা হ’ল।” তেওঁ কয়। তেওঁ ভাবে যে সমাজত এনে কাম কৰাৰ প্ৰয়োজন আহি পৰা ধৰণৰ ৰাজনৈতিক কাৰ্য্যকলাপ কমি আহিছে। “মই আঠজন লোকক কামত ৰাখিছিলো। আটাইকেইজনে এজন এজনকৈ কাম এৰিলে। তেওঁলোকক দিবলৈ মোৰ হাতত টকা নাছিল। তেওঁলোকৰ এতিয়া ক’ত আছে, কি কৰিছে সেয়া নজনাটোৱে মোৰ মনত আঘাত দিয়ে।”
নিজামে হাঁহি হাঁহি কয়, “২০০৯-১০ত মোৰ ডিঙিৰ সংক্ৰমণ হৈ মাত নোলোৱা হৈছিল, প্ৰায় ১৮ মাহৰ পিছত মাত ওলোৱা হ’ল, কিন্তু আধা। মোক বুজিবলৈ সিমানখিনিয়েই যথেষ্ট।” একেটা বছৰতে নিজামৰ দোকানখন বন্ধ হৈছিল। “কিন্তু মই মিহৰাবত নাম লিখা বন্ধ কৰা নাছিলো।”
“ভাৰতলৈ ক’ৰনা আহিলত, এই কবৰস্থানৰ শ্ৰমিকক মোৰ প্ৰয়োজন আহি পৰিল আৰু মই তেওঁলোকক নিৰাশ কৰিব নোৱাৰিলো। যোৱাবছৰ জুনত ইয়ালৈ আহিছিলো। পৰিয়াল চলাব লাগে কাৰণেই মই ইয়ালৈ আহিছিলো।” নিজামৰ পুত্ৰ জামা মছজিদৰ কাষতে জোতাৰ সৰু দোকান এখন চলায়। কিন্তু তলাবন্ধৰ কাৰণে তেওঁৰ আয় তেনেই টুটি আহিছে।
২০০৪ত বন্ধ হোৱা জগত চিনেমাৰ দৰে নিজামৰ পুৰণি ৱৰ্কশ্বপৰ আশে-পাশে ঘটা ঘটনাবোৰো এতিয়া স্মৃতি। তেওঁ সাহিৰ লুধিয়ানৱিৰ লেখাবোৰ ভাল পাইছিল আৰু তেওঁৰ শ্বায়েৰী শুনিছিল। নিজাম স্নাতক হোৱা বছৰটোতে মহান কবিজনৰ মৃত্যু হয়। সাহিৰে লিখা তেওঁৰ পছন্দৰ পংক্তিটোঃ ‘আহা। আকৌ এবাৰ আমি পৰস্পৰ অচিনাকী হৈ পৰো।’ আন কথাক ক’বলৈ হ’লে জীৱন আৰু মৃত্যুৰ মাজত কোনোদিনেই চা-চিনাকি নহ’ল।
“আগতে এনে শিল্পী আছিল যিয়ে উৰ্দুত লিখিব জানিছিল, এতিয়া পাথৰত হিন্দী আৰু ইংৰাজীত লিখিব জনাসকলহে আহে। মিহৰাবত উৰ্দু ভাষাত লিখিব পৰা মানুহ দিল্লীত খুব কমেইহে পোৱা যায়,” নিজামে কয়। “উৰ্দু কেৱল মুছলমানৰ ভাষা বুলি ভুৱা প্ৰচাৰ কৰা ৰাজনীতিয়ে ভাষাটোক আঘাত হানিছে, ক্ষতি কৰিছে। উৰ্দু চাৰুলিপিকাৰৰ কেৰিয়াৰৰ সম্ভাৱনা এতিয়া আগতকৈ বহুখিনি কমিছে।”
নিজামে মিহৰাবত কিতাবত লিখা শেষ কৰাৰ পিছত পৰিব আছিম, ছুলেইমান আৰু নন্দকিশোৰৰ পাল। তেওঁলোক তাত খোদাইৰ কাম আৰম্ভ কৰাৰ আগেয়ে ৰংখিনি শুকাবলৈ দিয়া হয়। ৫০ টাৰো অধিক বসন্ত দেখা নন্দকিশোৰে ডেৰ কুৰি বছৰ এই কবৰস্থানত কাম কৰিছে। তেওঁ শিলৰ ফলকবোৰ কাটি হাতুৰি-বটালিৰে তাক গম্বুজ আকৃতি দিয়াত পাকৈত। তেওঁ সেই কাম কৰিবলৈ মেচিন ব্যৱহাৰ নকৰে। তেওঁ কয়, “এই কবৰস্থানখনত এতিয়াৰ দৰে ভয়াৱহ পৰিস্থিতি কাহানিও দেখা নাছিলো।”
নন্দকিশোৰে ক’ৰনাত প্ৰাণ হেৰুওৱা লোকৰ বাবে ফলকৰ কাম নকৰে। জাদিদ কবৰস্থানৰ সিটো চুকত বহি থাকি ভাবে যে এনে কৰিলে তেওঁ ভাইৰাছবিধৰ পৰা ৰক্ষা পৰিব। তেওঁ কয়, “মই প্ৰতিদিনে এখন ফলকৰ কাৰণে ৫০০ টকা পাওঁ, যিখন মই কাটো, খোদাই কৰো, ধোও আৰু সাজু কৰো। এইখন বৃটিছৰ দিনৰে কবৰস্থান।” বৃটিছেনো আমালৈ কেৱল কবৰস্থানেই এৰি থৈ যোৱা নাই জানো বুলি মই ধেমালিতে কওঁতে তেওঁ হাঁহে।
নন্দকিশোৰে কয়, “নন্দকিশোৰ নামৰ মানুহে কবৰস্থানত কাম কৰাটো কোনো কোনো সময়ত কিছুমানৰ বাবে আচৰিত হ’বলগীয়া কথা হৈ পৰে। মই তেনে পৰিস্থিতিত একো নকওঁ, কেৱল তেওঁলোকৰ মুখলৈ চাই ৰওঁ। আচলতে কি ক’ম ভাবি নাপাওঁ। কেতিয়াবা মই কওঁ, ‘মই আপোনালোকৰ কাৰণে কোৰানৰ আয়াত লিখো, যিটো মুছলমান হৈও আপুনি জীৱনত কেতিয়াও কৰা নাই।’ তেতিয়া তেওঁলোকে মোক ধন্যবাদ দিয়ে, বিশ্বাস কৰে আৰু মোৰ ভাল লাগে,” উত্তৰ দিল্লীৰ সদৰ বাজাৰত বাস কৰা তিনিটা সন্তানৰ পিতৃ নন্দকিশোৰে কয়।
“কবৰবোৰত শুই থকা মানুহবোৰ মোৰ আপোন। মই ইয়াৰ পৰা ওলাই বাহিৰত খোজ দিয়াৰ পিছত পৃথিৱীখন মোৰ হৈ নাথাকে। ইয়াতেই মই শান্তি বিচাৰি পাওঁ,” তেওঁ কয়।
দুমাহ আগতে নতুনকৈ এজনক কামত ৰখা হৈছিল। তেওঁৰ নাম পৱন কুমাৰ, বিহাৰৰ বেগুচৰাই জিলাত ঘৰ। তেওঁৰ তিনিটা সন্তান আৰু পত্নী বিহাৰত থাকে। ৩১ বছৰীয়া পৱনেও খোদাই কাম কৰে। “মোৰ মুখখন ৰঙা হৈ পৰে,” শিল কটা মেচিন এটাৰে ২০ খনমান ফলক কটাৰ পিছত তেনে হয়। কামৰ সময়ত উৰা ধূলিয়ে তেওঁৰ সৰ্বশৰীৰ ঢাকি পেলায়। “ক’ভিড থাকক বা নাথাকক, মই পৰিয়ালটোক খুৱাবলৈ গোটেই বছৰটো কাম কৰি যাব লাগিব। ইয়াতে মই কেতিয়াবা ৭০০ টকা পৰ্যন্ত পাওঁ।” তেওঁৰ আগতে কোনো স্থায়ী কাম নাছিল, নন্দকিশোৰ আৰু শ্বামিমৰ দৰেই পৱনেও পঢ়াশালি গৰকাৰ সুযোগ নাপালে।
উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাসিন্দা ২৭ বছৰ বয়সীয়া আছ মহম্মদেও ইয়াতেই কাম কৰে। কবৰস্থানৰ প্ৰতিটো কামতে ভাগ লোৱা আছ মহম্মদ একপ্ৰকাৰে অলৰাউণ্ডাৰ। তেওঁ ইয়াত প্ৰায় ছবছৰ ধৰি কাম কৰি আহিছে। আছৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাৰ দূৰ সম্পৰ্কীয় এজনৰ জীয়ৰীৰ সৈতে তেওঁৰ বিয়া ঠিক কৰি থৈছিল।
আছে কয়, “তেওঁৰ লগত মোৰ ভালপোৱা গঢ় লৈছিল। যোৱা বছৰ তলাবন্ধৰ মাজতে ক’ভিড-১৯ আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হ’ল।” আছৰ পৰিয়ালে আন এগৰাকী পাত্ৰী বিচাৰি উলিয়ালে। “এইগৰাকী ছোৱালীয়ে এই বছৰ মাৰ্চ মাহত সেই প্ৰস্তাৱ নাকচ কৰিলে, কিয়নো কবৰস্থানত কাম কৰা লোকৰ সৈতে তেওঁ বিয়াত বহিব নোখোজে।”
“সেই দুখতে মই ইয়াতে বেছিকৈ কাম কৰিবলৈ ধৰিলো। বেছিকৈ কবৰ খান্দিলো, বেছিকৈ খোদাই কৰিলো। এতিয়া মই বিয়া পাতিব নিবিচাৰো,” আছে কয়। কথা কৈ থকাৰ মাজতে তেওঁ ফলক কটা কাম কৰি আছিল। তেওঁৰো ভৰিৰ পৰা মূৰলৈকে শিলৰ পৰা উৰি অহা ধূলিৰে ঢাক খাই পৰিছিল। তেওঁ মাহে ৮০০০ টকা উপাৰ্জন কৰে।
ওচৰতে থকা সমাধি এটাৰ ওপৰত এটা পখিলা উৰি আছে, যেন পখিলাটোৱে থিৰাং কৰিব পৰা নাই যে কবৰৰ ওপৰত ৰখা ফুলখিনিতে চুমা দিব নে সমাধিশিলাত।
এপিটাফ লিখা নিজামে কয়ঃ “যাবলগীয়াজন যাবই। আল্লাৰ সহায়ত ময়েই তেওঁলোকক শেষবাৰৰ বাবে নাম দিও। পৃথিৱীখনক কওঁ, ইয়াতে কোনোবা আছিল, কাৰোবাৰ মৰমৰ।” এমুৰে ক’লা-বগা ৰং লাগি থকা ব্ৰাছডাল মিহৰাবত নিজামৰ আঙুলিৰ ঠাঁৰত চলিব ধৰিছে। আৰবী ভাষাৰ সেই অন্তিমটো শব্দৰ শেষৰটো আখৰত নিজামে নুক্তা লগাইছেঃ “প্ৰতিটো আত্মাই মৃত্যুৰ সোৱাদ পাব।”
অনুবাদ: পংকজ দাস