“বিশাল বিশাল বৃক্ষ যেতিয়া ভাঙি পৰি থকা দেখো, মোৰ এনে লাগে যেন মই মোৰ সন্তানক হেৰুৱালো,” প্ৰায় ৪০ বছৰীয়া মালি মদন বৈদ্যই কয়। “মই গোটেই জীৱন গছ-বনৰ সৈতে কটাইছো।” চৌপাশৰ বিধ্বংসী অৱস্থা দেখি তেওঁ কয়। “এয়া কেৱল একোজোপা গছ নহয়, প্ৰতিজোপা গছ অগণন পক্ষীকুল আৰু পখিলাৰ গৃহ। ৰ’দত এই গছে আমাক ছাঁ দিয়ে আৰু বৰষুণত যেন ছাতি হৈ পৰে।” কলকাতাৰ পূৱ মেট্ৰ’পলিটান বাইপাছৰ ওচৰৰ শ্বহীদ স্মৃতি ক’লনীত বাসগৃহৰ লগত থকা বৈদ্যৰ নাৰ্ছাৰীখনৰো ঘূৰ্ণী বতাহত প্ৰচুৰ ক্ষতি হয়।
কলকাতা পৌৰ নিগমৰ হিচাপ মতে ২০ মে’ত ঘূৰ্ণীবতাহ আমফানে কলকাতা মহানগৰত কমেও ৫,০০০ জোপা বৃহৎ গছ উভালি পেলালে। ‘অতি ভয়াৱহ ঘূৰ্ণী বতাহ’ৰ শ্ৰেণীভুক্ত আমফানে পশ্চিমবংগৰ উপকূলীয় এলেকাত ঘণ্টাত ১৪০-১৫০ কিলোমিটাৰ বেগেৰে ভূপৃষ্ঠ স্পৰ্শ কৰি প্ৰৱাহিত হৈছিল, হঠাৎ ইয়াৰ তীব্ৰতা ১৬৫ কিলোমিটাৰ পৰ্যন্ত হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আলিপুৰত থকা কাৰ্যালয়ৰ সূত্ৰ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত এই প্ৰচণ্ড ধুমুহাই ২৩৬ কি.মি. বৃষ্টিপাতৰ সৃষ্টি কৰিছিল।
গ্ৰাম্য এলেকাত, বিশেষকৈ সুন্দৰবনৰ দৰে এলেকাত আমফান ঘূৰ্ণীবতাহৰ সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ পৰিমাণ এই মুহূৰ্তত ঠাঁৱৰ কৰা কঠিন। কলকাতাকে ধৰি উত্তৰ আৰু দক্ষিণ ২৪ পৰগানা উভয়ে এই ধ্বংসলীলাৰ বৃহৎ আঘাত স্বীকাৰ কৰিবলগীয়া হয়। কলকাতাত ১৯ জন লোকৰ মৃত্যুকে ধৰি সমগ্ৰ ৰাজ্যত কমেও ৮০ জন লোকৰ মৃত্যু হয়।
বহুতো অঞ্চলৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰে। পৰিবহনৰ যোগসূত্ৰ ধ্বংসপ্ৰাপ্ত হয়, পথৰ যোগাযোগৰ অভাৱে ক’ভিড-১৯ৰ বাবে আৰোপ কৰা তলাবন্ধৰ নিষেধাজ্ঞাৰ সৈতে একাকাৰ হৈ এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবোৰ অঞ্চললৈ যোৱা এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে। তলাবন্ধৰ বাবে সৃষ্টি হোৱা জটিলতাৰ পৰিধি পাৰ হৈ অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে। পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা সাংঘাতিক অসুবিধাজনক, কিয়নো সাধাৰণতে যিসকল শ্ৰমিকক পোৱা যায় বা থাকে, তেওঁলোকে তলাবন্ধৰ বাবে বহু আগতেই পশ্চিমবংগৰ বিভিন্ন গাওঁ বা আন ৰাজ্যত থকা নিজৰ ঘৰলৈ গ’ল।
বহুতো কলেজ আৰু শিক্ষা প্ৰতিষ্ঠান এই এলেকাত থকা বাবেই নামকৰণ হোৱা কলেজ ষ্ট্ৰীটত ধুমুহাৰ পিছদিনা উভালি পৰি থকা গছৰ কাষতে হাজাৰ হাজাৰ কিতাপ আৰু ইয়াৰ পৃষ্ঠা পানীত উপঙি থকা দেখা গ’ল। অঞ্চলটো ‘বইপাৰা’ বুলিও জনা যায়। প্ৰায় ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথত ভাৰতৰ ভিতৰতে কিতাপৰ বৃহৎ বজাৰখন আছে। সাধাৰণতে কিতাপেৰে ঠাহ খাই থকা সৰু সৰু কিতাপৰ দোকানবোৰ তেওঁলোকৰ কাষত থকা দেৱালত লাগি থাকে। এতিয়া দেৱালবোৰ দেখা গৈছে। কিছুমান বেয়াকৈ ধ্বংস হৈছে, খহি পৰিছে। সংবাদপত্ৰৰ হিচাপ মতে ধুমুহাত ৫০-৬০ লাখ টকা মূল্যৰ কিতাপ নষ্ট হৈছে।
এই পথৰ কাষত থকা সৰু সৰু দোকান বা টিনৰ চালি বতাহে উৰুৱাই লৈ গ’ল আৰু বেলেগ ঠাইত পেলালে, অসংখ্য ঘৰ ভাঙি পৰিল, দূৰসংযোগ ব্যৱস্থা নোহোৱা হ’ল, জলমগ্ন পথত বিদ্যুত পৰিবাহী তাঁৰৰ খুটাবোৰ ভাঙি পৰি আছিল, বিদ্যুৎপৃষ্ঠ হৈয়ো বহু লোকৰ মৃত্যু ঘটালে। বিদ্যুৎ সৰবৰাহ স্বাভাৱিক কৰিবলৈ বিৰামহীনভাৱে কলকাতাৰ একমাত্ৰ বিদ্যুৎ যোগানকাৰী সংস্থা কলকাতাৰ একমাত্ৰ বিদ্যুৎ যোগানকাৰী সংস্থা কলকাতা বিদ্যুৎ যোগান নিগমে চেষ্টা চলোৱা সত্বেও কিছুমান অঞ্চলত বিদ্যুৎ যোগান সম্ভৱ হোৱা নাছিল। বিজুলী যোগান আৰু পানী যোগান নোপোৱা কিছুমান এলেকাৰ লোকে আন্ধাৰত থাকিবলগীয়া হোৱা বাবে প্ৰতিবাদ জনাইছে।
“কালি সন্ধিয়াৰ পৰা আমি ম’বাইল ফোনৰ সংযোগ পাইছো,” দক্ষিণ কলকাতাৰ নৰেন্দ্ৰপূৰ এলেকাৰ ৩৫ বছৰীয়া ৰান্ধনি সোমা দাসে কয়। “চাৰ্জ কৰিব নোৱাৰিলে ম’বাইলেৰে আমি কি কৰিম? বিদ্যুৎ নোহোৱা বাবে আমি বৰষুণৰ পানী ধৰিছিলো। সেই পানী উতলাই আমি খাইছো। আমাৰ এলেকাৰ সকলো পানীৰ পাইপ দূষিত হৈ পৰিছে।”
ক’ভিড-১৯ তলাবন্ধৰ বাবে তেওঁৰ স্বামী ৩৮ বছৰীয়া ৰাজমিস্ত্ৰী সত্যজিত মণ্ডলৰ কাম নোহোৱা হৈ পৰাৰ পিছত তেওঁলোকৰ হাতলৈ টকা প্ৰায় নহা হ’ল, তেওঁলোকৰ ১৪ বছৰীয়া কন্যা আৰু একেবাৰে দুৰ্বল হৈ পৰা মাতৃক কেনেকৈ খুৱাব, সোমাই নাজানে। ৰান্ধনী হিচাপে কাম কৰা চাৰিখন ঘৰৰ দুখন ঘৰে তেওঁক তলাবন্ধৰ সময়ত সোমাক মজুৰী দি আছে।
শ্বহীদ স্মৃতি ক’লনীত উভালি পৰা গছৰ হিচাপ কৰি বৈদ্যই কয়, “এই সকলো আমাৰ নিজৰ ভূল। মহানগৰখনত ক’ৰবাত সামান্য পৰিমাণৰ মাটি আছে। সকলো ঠাই কংক্ৰিটময় হৈ পৰিল। গছৰ শিপাবিলাক টিকিব কেনেকৈ?”
অনুবাদঃ পংকজ দাস