তেওঁৰ দেশখন আছিল কোটি কোটি মানুহে দেখা সপোনৰ দেশ। বহুতেই আনকি এই দেশৰ কাৰণে তেজ দিছিল। যোৱা কেইটামান বছৰৰ পৰা তেঁৱো সপোন দেখিবলৈ লৈছিল। তেওঁ দেখিছিল, ক’ৰপৰা যে উচ্ছৃংখল আৰু হিংস্ৰ এজাক মানুহ আহি ওলাল আৰু মানুহজনক জীয়াই জীয়াই জ্বলাই পেলালে। কবিয়ে তেতিয়া তেওঁলোকক বাধা দিব পৰা নাছিল। এইবাৰ তেওঁ দেখিছিল এটা এৰা পৰলীয়া ঘৰ। বাৰান্দাত এজাক মানুহ। চকুলো টুকি থকা কেইগৰাকীমান তিৰোতা। কফিন কাপোৰেৰে ঢাকি থোৱা দুটা শৱৰ সন্মুখত নিথৰ হৈ ৰোৱা কেইগৰাকীমান পুৰুষ তেওঁ দেখিছিল। এজনী তিৰোতা শৱদেহৰ কাষত মূৰ্ছা গৈছিল। এজনী কণমানিয়ে একেথৰে শৱদুটালৈ চাই আছিল। যি সপোন কবিয়ে দেখিছিল, তাক লৈ তেওঁৰ অপৰাধবোধ হৈছিল। তেওঁ বহুদিন আগতেই সপোন দেখিবলৈ এৰি দিব লাগিছিল। তেওঁ জানিছিল, সপোনৰ সেই দেশখনৰ বাহিৰৰ যিখন দেশ, সিখন কেতিয়াবাই শ্মশানলৈ পৰ্য্যৱসিত হৈছে। কিন্তু সপোনটোৰ পৰা তেওঁ ওলাই আহিব পৰা নাছিল, ওলোৱাৰ বাট বিচাৰি পোৱা নাছিল।

দেৱেশে তেওঁৰ কবিতাটো হিন্দীত পাঠ কৰা শুনক

প্ৰতিষ্ঠ্যা পাণ্ড্যাই ইংৰাজীত কবিতাটো পাঠ কৰা শুনক


तो यह देश नहीं…

1.
एक हाथ उठा
एक नारा लगा
एक भीड़ चली
एक आदमी जला

एक क़ौम ने सिर्फ़ सहा
एक देश ने सिर्फ़ देखा
एक कवि ने सिर्फ़ कहा
कविता ने मृत्यु की कामना की

2.
किसी ने कहा,
मरे हुए इंसान की आंखें
उल्टी हो जाती हैं
कि न देख सको उसका वर्तमान
देखो अतीत

किसी ने पूछा,
इंसान देश होता है क्या?

3.
दिन का सूरज एक गली के मुहाने पर डूब गया था
गली में घूमती फिर रही थी रात की परछाई
एक घर था, जिसके दरवाज़ों पर काई जमी थी
नाक बंद करके भी नहीं जाती थी
जलते बालों, नाखूनों और चमड़ी की बू

बच्ची को उसके पड़ोसियों ने बताया था
उसका अब्बा मर गया
उसकी मां बेहोश पड़ी थी

एक गाय बचाई गई थी
दो लोग जलाए गए थे

4.
अगर घरों को रौंदते फिरना
यहां का प्रावधान है
पीटकर मार डालना
यहां का विधान है
और, किसी को ज़िंदा जला देना
अब संविधान है

तो यह देश नहीं
श्मशान है

5.
रात की सुबह न आए तो हमें बोलना था
ज़ुल्म का ज़ोर बढ़ा जाए हमें बोलना था

क़ातिल
जब कपड़ों से पहचान रहा था
किसी का खाना सूंघ रहा था
चादर खींच रहा था
घर नाप रहा था
हमें बोलना था

उस बच्ची की आंखें, जो पत्थर हो गई हैं
कल जब क़ातिल
उन्हें कश्मीर का पत्थर बताएगा
और
फोड़ देगा
तब भी
कोई लिखेगा
हमें बोलना था

তেন্তে এই দেশ দেশ নহয়

1.
এখন হাত উঠিছিল
এটা শ্লোগান চলিছিল
এজাক মানুহ গোট খাইছিল
এজন মানুহ জ্বলিছিল

এটা সমূহে কেৱল সহিছিল
এখন দেশে কেৱল চাই ৰৈছিল
এজন কবিয়ে কৈছিল
কবিতাই মৃত্যুকামনা কৰিছে

2.
কোনোবাই ক’লে
মৰা মানুহৰ চকুদুটা
ওলোটা হৈ যায়
যাতে অতীত দেখে
কিন্তু নেদেখে বৰ্তমান
কোনোবাই সুধিলে,
মানুহ দেশ হ’ব পাৰে নেকি?

3.
দিনৰ সুৰুযটো গলিটোৰ সিটো মুৰে ডুবি গ’ল
গলিটোত ৰাতিৰ ছাঁটো ঘূৰি ফুৰিছিল
এটা ঘৰ আছিল, দুৱাৰডলিত শেলুৱৈ গজিছিল
পোৰা চুলি, নখ আৰু ছালৰ দুৰ্গন্ধ ইমান
নাক বন্ধ কৰিও আপুনি ভিতৰলৈ যাব নোৱাৰে

ছোৱালীজনীক চুবুৰীয়াই কৈছিল
তাইৰ দেউতাক মৰিল
তাইৰ মাক মূৰ্ছা গৈ পৰি আছে
এজনী গাই উদ্ধাৰ কৰা হৈছে
দুজন লোকক জ্বলোৱা হৈছে

4.
ঘৰবোৰ উজাৰি পেলোৱাই যদি দেশাচাৰ
কোবাই কোবাই মাৰি পেলোৱাই যদি বিধান
আৰু কাৰোবাক জীয়াই জীয়াই জ্বলাই পেলোৱাই
যদি এই দেশৰ সংবিধান

তেন্তে এই দেশ দেশ নহয়
এই দেশ শ্মশান

5.
ৰাতিটো শেষ নৌহওতেই
আমি মাত মাতিব লাগিছিল
অত্যাচাৰ বঢ়াৰ আগতেই
আমি মাত মাতিব লাগিছিল

হত্যাকাৰীয়ে যেতিয়া কাৰোবাক কাপোৰেৰে চিনিছিল
কাৰোবাৰ খাদ্য শুঙি ফুৰিছিল
চাদৰৰ আঁচল টানিছিল
ঘৰবোৰ জুখি আছিল
তেতিয়াই আমি মাত মাতিব লাগিছিল

সেই কণমানিজনীৰ চকু,
যি শিল হৈ গ’ল
কাইলৈ যেতিয়া হত্যাকাৰীয়ে
তাক কাশ্মীৰৰ পাথৰ বুলি ক’ব
তেতিয়া কোনোবাই লিখিব
আমি মাত মাতিব লাগিছিল

অনুবাদ: পংকজ দাস

Poem and Text : Devesh

দেবেশ একজন কবি, সাংবাদিক, চলচ্চিত্র-নির্মাতা ও অনুবাদক। তিনি পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার হিন্দি সম্পাদক ও হিন্দি অনুবাদ-সম্পাদক।

Other stories by Devesh
Editor : Pratishtha Pandya

কবি এবং অনুবাদক প্রতিষ্ঠা পান্ডিয়া গুজরাতি ও ইংরেজি ভাষায় লেখালেখি করেন। বর্তমানে তিনি লেখক এবং অনুবাদক হিসেবে পারি-র সঙ্গে যুক্ত।

Other stories by Pratishtha Pandya
Painting : Labani Jangi

২০২০ সালের পারি ফেলোশিপ প্রাপক স্ব-শিক্ষিত চিত্রশিল্পী লাবনী জঙ্গীর নিবাস পশ্চিমবঙ্গের নদিয়া জেলায়। তিনি বর্তমানে কলকাতার সেন্টার ফর স্টাডিজ ইন সোশ্যাল সায়েন্সেসে বাঙালি শ্রমিকদের পরিযান বিষয়ে গবেষণা করছেন।

Other stories by Labani Jangi
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das