তাই নিজৰ সম্প্ৰদায়টোৰ কাৰণে যুঁজ দিছে। কিন্তু প্ৰায়ে সিহঁতৰ নিজৰেই বিশ্বাসৰ বিৰুদ্ধে তাই যুঁজ দিবলগীয়া হয়। তাই সিহঁতৰ মৰ্যাদাৰ কাৰণে যুঁজ দিয়ে, কিন্তু সিহঁতৰ নিজৰ কামৰ বিৰুদ্ধে যুঁজ দিয়ে। সেই কামবোৰ তাই নোহোৱা হোৱাটো বিচাৰে। তাই ভাবে যে পূৰ্বৰ প্ৰজন্মটোক তাই সেই কামৰ পৰা এৰুৱাব পাৰিছে। সেয়ে তাই যুৱচামৰ ওপৰত মন দিছে। তাইৰ নাম কল্পনা*, বয়স মাত্ৰ ৩৩, কিন্তু তাই গোমাস্পালয়মত ল’ৰা-ছোৱালীবোৰৰ কাৰণে বিনামূলীয়া টিউচন চেণ্টাৰ চলায়। এইটো বোধকৰো তামিলনাডুৰ মাদুৰাই স্থিত আটাইতকৈ ডাঙৰ বস্তি অঞ্চল। পৰ্যটনৰ কেন্দ্ৰবিন্দু চহৰখনৰ সোঁমাজতে থকা বস্তিটোৰ ২৩০ টা ঘৰত প্ৰায় ৭০০ পৰিয়ালেৰে ঠাহ খাই আছে।
বস্তিটোত হাতেকৰা চাফাইকৰ্মী, অনাময় কৰ্মী (ৰাস্তা চাফা কৰা কৰ্মী) আৰু গৃহশ্ৰমিক আৰু কেয়াৰটেকাৰৰ পৰিয়াল আছে। দলিতৰ সামাজিক শৃংখলৰ আটাইতকৈ তলৰ জাতৰ অৰুন্ধথিয়াৰসকল থাকে। ‘হাতেকৰা চাফাই কাম’ৰ পৰা মুক্তি পোৱাটো তাৰে বহু জ্যেষ্ঠ লোকৰ মতে কঠিন কাম। ‘কিবা কাৰণবশতঃ আমাৰ মানুহবোৰে এয়া সলনি কৰাটো কঠিন বুলি ভাবে,’ তাই কয়। ‘মই এই বিষয়ে প্ৰচাৰ চলালে সিহঁতে বেয়া পায়। আচলতে সিহঁতে কাৰো ৰোষত পৰিব নিবিচাৰে।’
সেয়ে কল্পনাই বিভিন্ন ধৰণৰ ন-চিন্তা যুৱমনৰ মাজত সুমুৱাই দিবলৈ চেষ্টা কৰিছে। তাই ৪০ জন ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিজা খৰছত এটা টিউচন চেণ্টাৰ চলায়। তাতে সপ্তাহত পাঁচদিনকৈ তাই পঢ়ুৱায়। কেতিয়াবা শনিবাৰেও পাঠদান চলে। চেণ্টাৰটো গোমাস্পালয়মৰ এটা সামূহিক প্ৰেক্ষাগৃহত স্থাপন কৰা হৈছে। সন্ধিয়া ৫.৩০ৰ পৰা ৮.৩০লৈ তাতে পাঠদান চলে। তাতেই তাই ছাত্ৰ-ছাত্ৰীক ‘কেতিয়াও নিজৰ পিতৃ-মাতৃৰ ‘কাম’ আকোৱালি নল’বলৈ প্ৰায়ে কয় আৰু সিহঁতক পঢ়া-শুনাত সহায় কৰে। ‘মই তিনিবছৰ ধৰি এই কাম কৰি আহিছো আৰু যেতিয়ালৈ আছো তেতিয়ালৈ কৰি যাম,’ তাই কয়। তিনি বছৰ আগতে ৫০ বছৰীয়া বস্তিটোত পকী ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ‘তেতিয়াৰে পৰা সামূহিক প্ৰেক্ষাগৃহটোত (সেই সময়তে নিৰ্মাণ কৰা) মই ল’ৰা-ছোৱালীহঁতক পঢ়াই আছো।’
আনকি তাইৰ মাকেও দিনে-ৰাতি ৰাস্তা চাফা কৰা কাম কৰে। ‘মই সৰু থাকোতে দেউতা ঢুকাইছিল। মই মোৰ মাক এই কাম নকৰিবলৈ ক’লে মা চিন্তিত হৈ পৰে। তাই ভাবে যে মোৰ পৰিয়ালটোৱে এই কাম কৰিয়ে বাচি থাকিব পাৰিব। এয়া মানুহৰ মৰ্যাদাৰ পৰিপন্থী কাম বুলি তাই নাজানে, কিয়নো আমি এটা নিৰ্দিষ্ট জাতৰ মানুহ হোৱা বাবেই এই কাম কৰোঁ।’
কল্পনাৰ টিউচন চেণ্টাৰটো বহুতৰে উপকাৰত আহিছে। যেনে ধৰক ১৪ বৰ্ষীয় কৌশল্যা যিয়ে মানুহ আৰু লাম-লাকটুৰে ভৰি থকা ঘৰত পঢ়িবলৈ অসুবিধা পায়। ‘মই তালৈ যাবলৈ ধৰাৰ দিন ধৰি স্কুলত মই ১০ম স্থান লাভ কৰি আহিছো,’ মাদুৰাইৰ চাফাই কৰ্মী ৰমেশৰ জীয়ৰী কৌশল্যাই কয়। ‘মই খুব কষ্ট কৰি পঢ়া-শুনা কৰো। কিয়নো মোৰ দেউতাৰ দৰে মৰ্যাদা হানি কৰি ৬ হাজাৰ টকা উপাৰ্জন কৰি নিবিচাৰো। মই মোৰ দেউতাক সন্মান কৰোঁ, তেওঁ মোক সকলো দিয়ে। কিন্ত এই চক্ৰবেহুৰ পৰা তেওঁ ওলাই অহাটো মই বিচাৰো।’
কল্পনাই তাইৰ অভিযান চলাই নিবলৈ নিজৰ পকেটৰ পৰা টকা খৰছ কৰে। মাদুৰাইৰ পৌৰনিগমৰ কাৰ্যালয়ত মহিলাৰ শাখাৰ সামূহিক সংগঠকৰ কাম কৰি কল্পনাই দিনে ২৫০ টকা উপাৰ্জন কৰে। ‘সেই কামটো নিয়মীয়া নহয়, সেয়ে মই লয়লা ইনষ্টিটিউটত মাহে ৩ হাজাৰ টকাৰ বিনিময়ত মহিলাক চিলাই কৰা শিকাও।’
এই কামবোৰৰ উপৰিও কল্পনাই এখন স্কুল ভানত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুৱা-গধূলী অনা-নিয়া কৰা সহযোগী হিচাপে কাম কৰে আৰু মাহে ৩০০০ টকা পায়। ইয়াৰে ৫০০ টকা তাই সামূহিক প্ৰেক্ষাগৃহটোৰ প্ৰতি দুমাহৰ মুৰে মুৰে বিদ্যুতৰ বিল পৰিশোধ কৰে। ‘ইনষ্টিটিউটটোৰ সঞ্চালকে মোক প্ৰতি মাহে ১০০০ টকাকৈ দিয়ে। তাৰ লগত মই কিছু টকা যোগ দি ছাত্ৰ-ছাত্ৰীৰ কাৰণে শিকণ সামগ্ৰী কিনো। কেতিয়াবা সিহঁতক মই ফুৰাবলৈ লৈ যাও। সিহঁতৰ অভিভাৱকে বাছৰ ভাড়া দিয়ে। মই খোৱা-লোৱা, পুতলা, চিৰিয়াখানা বা উদ্যানৰ প্ৰৱেশৰ টিকট আদিৰ পইছা দিওঁ।’
সেইবোৰ কাৰণতে বোধকৰো কল্পনাৰ ৪০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো টিউচন চেণ্টাৰটোলৈ সদায় আহে। ‘ময়ো এদিন কল্পনা আক্কা (বাইদেউ)ৰ দৰে শিক্ষক হ’ম,’ মাদুৰাইৰ হোটেল এখনত চাফাইৰ কাম কৰা আলাগিৰিৰ ১৫ বৰ্ষীয় কন্যা অক্ষয়াশ্ৰীয়ে কয়। ‘বাইদেৱে আমাক কিতাপৰ পৰা পঢ়ায়, কিন্তু তাতেই শেষ নকৰে। বাইদেৱে আমাক জীৱনটোৰ সৈতে ভালদৰে মোকাবিলা কৰিব পৰাকৈ ভালেমান কথা শিকাইছে। টিউচন চেণ্টাৰটোলৈ আহিবৰ দিন ধৰি মই স্কুলত সদায় প্ৰথম বা দ্বিতীয় স্থান লাভ কৰি আহিছো।’
গুণ ভিনচেণ্ট মাদুৰাইৰ এক বেচৰাকীৰ সংগঠন মহালিৰ শক্তি (মহিলাৰ শক্তি)ৰ প্ৰতিস্থাপন কাৰ্যবাহী। সেই সংস্থাটোৱে কল্পনাক তাইৰ সম্প্ৰদায়ৰ জীৱিকাৰ পৰা আঁতৰি অহাত সহায় কৰিছিল। সংস্থাটো ‘আন বহু কল্পনাক বস্তিৰ পৰা আৰু জাতিৰ পৰা মুক্ত কৰা’ৰ ধাৰণাত বিশ্বাসী। বহুতেই সমাজ আৰু সম্প্ৰদায়ে বান্ধি দিয়া সীমাৰ পৰা ওলাই আহিব নিবিচাৰে। কল্পনাই সেই সীমা লংঘন কৰাৰ সাহস কৰিছে। তথাপি তাতে তাই ৰৈ যোৱা নাই। আনেও সেই সীমা পাৰ হোৱাটো বিচাৰে।’
এদিন তাৰে মাজৰে কোনো এটা শিশুই থিয় দিব আৰু হাতত ঝাৰু বা বাল্টি ল’বলৈ অমান্তি হ’ব, কল্পনাই আশা কৰে।
কল্পনাৰ প্ৰকৃত নাম ব্যৱহাৰ কৰা হোৱা নাই আৰু তাইৰ অনুৰোধ মৰ্মে তাইৰ আলোকচিত্ৰ অস্পষ্ট কৰি প্ৰকাশ কৰা হৈছে।