‘এতিয়া আমি দৈনিক ২৫ ঘৰ মানুহৰ ওচৰলৈ যাব লাগে, এমাহত এঘৰ মানুহলৈ চাৰিবাৰ যাব লাগিব,’ সুনীতা ৰাণীয়ে কয়। ‘কৰ’ণাভাইৰাছৰ জৰীপ কৰিব লাগিব।’ ১০ দিন ধৰি তেওঁ এনেকৈ মানুহৰ ঘৰলৈ গৈ আছে, ইফালে হাৰিয়ানাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে ১৮০ জনৰ সংক্ৰমণ নিশ্চিত হৈছে আৰু ১৪ এপ্ৰিললৈকে দুজন লোকৰ মৃত্যু হৈছে।

‘এই ৰোগৰ কাৰণে মানুহ শংকিত হৈ পৰিছে। বহুতে ভাবে স্পৰ্শৰ দ্বাৰা এই ৰোগ বিয়পে। তেওঁলোকে সংবাদ মাধ্য়মত ‘সামাজিক দূৰত্ব’ৰ কথা কয়। মই যেতিয়া কৰ’ণাভাইৰাছৰ বিষয়ে বুজাও আৰু কেনেকৈ আঁতৰি থাকিব লাগে সেই বিষয়ে কওঁ, ময়ো নাজানো সিহঁতে কেনেকৈ এই নিয়ম মানি চলিব,’ সুনীতাই কয়। ‘সাতজন মানুহ একেলগে কাম কৰা ১০ বৰ্গফুটৰ এটা কোঠাৰ ভিতৰত সামাজিক দূৰত্বৰ কি অৰ্থ আছে?’ তেওঁ কয়।

৩৯ বছৰীয়া সুনীতা হাৰিয়ানাৰ সোণিপট জিলাৰ নাথুপুৰ গাঁৱত কাম কৰি থকা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা কৰ্মী)। ৰাষ্ট্ৰীয় জনস্বাস্থ্য ব্যৱস্থাৰ লগত দেশৰ গ্ৰাম্য জনসাধাৰণক সংযোগ কৰা ১০ লাখৰো অধিক ‘আশা কৰ্মী’ৰ মাজৰ এগৰাকী সুনীতা। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ বাবে বৃহত্তম সংকট হৈ পৰা ক’ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিৰোধৰ যুঁজত জৰিত হৈ পৰা ব্যস্ততাপূৰ্ণ একোটা দিনত তেওঁলোককৰ কামৰ তালিকাত ৬০ বিধ কাম অন্তৰ্ভুক্ত- নৱজাতকক টিকা দিয়াৰ পৰা সন্তানসম্ভৱা মহিলাৰ যত্ন লোৱা তথা জন্ম নিয়ন্ত্ৰণৰ পৰামৰ্শ দিয়া আদি সকলো কাম এতিয়া ওলট-পালট হৈ পৰিছে।

১৭ মাৰ্চত হাৰিয়ানাত যেতিয়া গুৰুগ্ৰামৰ প্ৰথমটো ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহে, তেতিয়াও সোণিপট জিলাৰ আশাকৰ্মীসকলে তেওঁলোকৰ তত্বাৱধায়কৰ পৰা এই ৰোগ সম্পৰ্কে কোনো নিৰ্দেশ লাভ কৰা নাছিল। চাৰিদিনৰ পিছত সোণিপট জিলাৰ প্ৰথমটো ক’ভিড-১৯ ৰোগী ওলাল। নতুনকৈ ল’বলগীয়া সুৰক্ষা ব্যৱস্থা সম্পৰ্কে তেতিয়াও তত্বাৱধায়কে কোনো যোগাযোগ কৰা নাছিল। আশাকৰ্মীসকলে নিজে কেনে সুৰক্ষা পদক্ষেপ ল’ব আৰু গাওঁবাসীক কেনেকৈ প্ৰতিষেধক সম্পৰ্কে সজাগ কৰিব, কোনো নতুন নিৰ্দেশ পোৱা নাছিল। ৰাষ্ট্ৰজোৰা তলাবন্ধ বলবৎ হৈ থকা আৰু ক’ভিড-১৯ৰ ভয়াৱহতাৰ তথ্য প্ৰকাশ পোৱাৰ পিছত ২ এপ্ৰিলত মাৰাত্মক এছ এ আৰ এছ-কৰ’ণাভাইৰাছ-২ ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ সৰ্বাগ্ৰে উদ্যোগ গ্ৰহণ কৰাৰ বাবে সুনীতাকে ধৰি ১২৭০ গৰাকী সোণিপটৰ আশাকৰ্মীক প্ৰশিক্ষিত কৰা হ’ল।

তেওঁৰ গাঁৱৰ কমেও ১০০০ লোকৰ দায়িত্বত থকা সুনীতাৰ নতুন দায়িত্বৰ ভিতৰত এইবাৰ তেওঁৰ কৰ্মস্থানৰ পৰিধিৰ ভিতৰত থকা প্ৰতিটো পৰিয়ালৰ বিতং তথ্য নথিভুক্ত কৰিবলগা হ’ল, পৰিয়ালৰ সকলো সদস্যৰ বয়স, শেহতীয়াভাবে কোনো সদস্য আন দেশৰ পৰা আহিছে নেকি, ক’ভিড-১৯ৰ দ্বাৰা সহজে সংক্ৰমিত হ’ব পৰা, কোনো শাৰীৰিক সমস্যা আছে নেকি, অৰ্থাৎ কৰ্কট বা যক্ষ্মা অথবা হৃদৰোগৰ সমস্যা আছে নেকি আদি। ‘মই সকলোকে পৰীক্ষা কৰো, কৰ’ণাভাইৰাছৰ নিচিনা লক্ষণ থকা ইনফ্লুয়েঞ্জা সম্পৰ্কে টোকা লিখো। এইবিলাক টান কাম নহয়, সকলো তথ্য নথিভূক্ত কৰা কামৰ সৈতে মই অভ্যস্ত, কিন্তু পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ পৰিছে, সুনীতাই কয়।

Top left: An ASHA worker demonstrates an arm’s length distance to a rural family. Top right and bottom row: ASHA workers in Sonipat district conducting door-to-door COVID-19 surveys without protective gear like masks, gloves and hand sanitisers
PHOTO • Pallavi Prasad

ওপৰত বাওঁফালেঃ গাঁৱৰ পৰিয়াল এটাক এগৰাকী আশাকৰ্মীয়ে হাত মেলি দিলে হোৱাৰ সমান দূৰত্ব নিজে দেখুৱাইছে, ওপৰৰ সোঁফালে আৰু তলৰ শাৰীতঃ মাস্ক, গ্লোভচ্ আৰু হেণ্ড চেনিটাইজাৰ নোহোৱাকৈ ঘৰে ঘৰে গৈ ক’ভিড-১৯ৰ জৰীপ চলোৱা সোণিপট জিলাৰ আশাকৰ্মীগৰাকী

‘আমাক মাস্ক দিয়া নাই, কৰ’ণাভাইৰাছৰ বিষয়ে ২ এপ্ৰিলত আমাক যেতিয়া প্ৰথমে প্ৰশিক্ষণ দিছিল, আমি নিজৰ সুৰক্ষাৰ বস্তুবিলাকৰ কথা কৈছিলো। সাধাৰণ ধাৰণাখিনি জানো, বাতৰি পঢ়ো। কিন্তু তেওঁলোকে আমাক মাস্ক, গ্লোভচ্ বা ছেনিটাইজাৰ আদি একো দিয়া নাই। আমি যেতিয়া কৰ’ণাভাইৰাছৰ জৰীপ কৰিবলৈ ঘৰে ঘৰে যোৱা আৰম্ভ কৰিলো, তাৰ পিছত কিছুমানে কপাহী মাস্ক পালে। আমি আনবিলাকে ঘৰতে বনাই ল’লো, নিজৰ উপৰি প্ৰয়োজন বুলি ভবা গাঁৱৰ আন মানুহকো আমি মাস্ক নিজে বনাই দিলো। হেণ্ড গ্লোভচ্ আমি নিজে কিনি ল’লো,’ সুনীতাই কয়।

ক’ভিড-১৯ৰ কাৰণে অত্যাৱশ্যকীয় প্ৰাথমিক অনুসন্ধান ঘৰে ঘৰে গৈ কৰিবলৈ সুৰক্ষাৰ ব্যৱস্থা নোহোৱাকৈ পঠোৱা আশাকৰ্মীৰ ক্ষেত্ৰত কেৱল আনুষ্ঠানিক সহানুভূতি প্ৰকাশ কৰা হ’ল। মাত্ৰ এবাৰ দুঘণ্টাৰ কাৰণে আশাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হ’ল- নতুন কৰ’ণাভাইৰাছ আৰু ইনফ্লুয়েঞ্জাৰ মাজত কেনেকৈ পাৰ্থক্য বিচাৰ কৰিব লাগে অথবা কেনেকুৱা মানুহ কৰ’ণাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। সেই প্ৰশিক্ষণো দিয়া হৈছিল জোৰ পুৰি হাত পোৱাৰ সময়ত, ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত বা আন সাম্ভাব্য লক্ষণ সম্পৰ্কে সবিশেষ মৌলিক জ্ঞান নিদিয়াকৈ অপৰ্যাপ্ত প্ৰশিক্ষণপ্ৰাপ্ত আশাকৰ্মীসকলক আগলৈ ঠেলি দিয়া হ’ল।

সোণিপটৰ বাহালগড় গাঁৱত কাম কৰা ৩৯ বছৰীয়া আশাকৰ্মী চাভি কাশ্যপে মাস্ক নোপোৱাসকলৰ ভিতৰত এগৰাকী। মাস্ক এখন নিজে বনাই ল’বলৈ তেওঁক কোৱা হ’ল। ‘ঘৰত বনাই লোৱা মাস্কখনেৰে মই কেইদিনমান চলিলো, কিন্তু এইটো ইমান ঠিক হোৱা নাছিল। মোৰ দুটা সন্তান আছে আৰু স্বামীয়ে চিকিসাৎলয়ত কাম কৰে। মই বেছি বিপদৰ মুখত পৰিব নিবিচাৰিলো, সেয়ে মাস্কৰ পৰিৱৰ্তে মোৰ দোপাত্তাখনকে ব্যৱহাৰ কৰিব ধৰিলো,’ তেওঁ কয়। সম্পূৰ্ণ সুৰক্ষাৰ বাবে মুখত দোপাত্তাখন কেনেকৈ খুব ভালদৰে মেৰিয়াই ল’ব লাগে, সেই সম্পৰ্কে হাৰিয়ানাৰ আশাকৰ্মীসকলৰ ইউনিয়নৰ ৱাটচএপ গ্ৰুপৰ এটা ভিডিঅ’ৰপৰা তেওঁ সেয়া শিকিলে।

সুৰক্ষাৰ বিষয়ে আবেদন জনাই হাৰিয়ানাৰ আশাকৰ্মীসকলৰ ইউনিয়নে চৰকাৰলৈ দুখন দৰ্খাস্ত প্ৰেৰণ কৰিলে, ব্যৱহাৰ কৰাৰ পিছত পেলাই দিবলগা মাস্ক ১০ খনকৈ দিব বুলি চৰকাৰে কৈছিল যদিও একাংশ আশাকৰ্মীয়ে ৭-৯ খন পালে আৰু ৯ এপ্ৰিলত তেওঁ ছেনিটাইজাৰৰ সৰু সৰু বটল একোটা পালে। ইতিমধ্যে তেওঁলোকে অসুৰক্ষিত অৱস্থাতে ছয়দিন গাঁৱে গাঁৱে কাম কৰিবলগা হ’ল।

নতুন ৰোগবিধ আৰু ইনফ্লুয়েঞ্জাৰ মাজত কেনেকৈ পাৰ্থক্য চিনিব লাগে তাৰ ওপৰত আশাকৰ্মীসকলক এবাৰ মাথোন দুঘণ্টাৰ প্ৰশিক্ষণ দিয়া হ’ল,

ভিডিঅ’ চাওকঃ দোপাত্তাৰে কেনেকৈ ফেচমাস্ক বনাব পাৰি

চাভিয়ে এবাৰ ব্যৱহাৰ কৰিব পৰা মাস্ক নখন পালে আৰু তেওঁক ক’লে যে একোখন মাস্ক কমেও তিনিদিন পিন্ধিব লাগিব। ‘আমাৰ কৰ্তৃপক্ষই আমাক একো নোহোৱাকৈ মহামাৰীৰ মাজলৈ কেনেকৈ আগুৱাই দিব পাৰিছে?’ তেওঁ কয়। কেইদিনমানৰ পিছতে তেওঁ পুনৰ চুন্নি ব্যৱহাৰ কৰিবলগা হ’ব- কপাহী ৰঙা চুন্নিখন তেওঁ ব্যৱহাৰ কৰাৰ পিছত কমেও দুবাৰ উতলোৱা পানীত ধোৱে। ‘চৰকাৰে মাস্ক নোহোৱাকৈ যাবলৈ মানা কৰিছে। আমাৰ একো নাই। আমি তেনেদৰে ওলোৱা দেখি মানুহে আমাক গালি পাৰে,’ চাভিয়ে কয়।

আশা কৰ্মীসকলে যিকোনো ব্যক্তিৰ শৰীৰত দেখা পোৱা লক্ষণবোৰৰ সবিশেষ বিৱৰণৰ প্ৰতিবেদন সংশ্লিষ্ট এ.এন.এম. (সহায়ক নাৰ্ছ মিডৱাইফ)সকলক জনাব লাগিব, তাৰ পিছত নিকটৱৰ্তী চৰকাৰী হাস্পতালৰ স্বাস্থ্যকৰ্মী আৰু পুলিচে তেনে ব্যক্তিৰ ঘৰতে কোৱাৰেইণ্টাইন কৰিব নে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে কৰিব, সেয়া নিশ্চিত কৰিব। ‘তাৰ পিছত পৰিয়ালৰ লোকসকলে আমাক বেয়া পাবলৈ ধৰে আৰু ‘তেওঁলোকক কোৱাৰ বাবে’ তিৰস্কাৰ কৰে। যিসকলক ঘৰতে কোৱাৰেইণ্টাইন কৰা হয়, তেওঁলোকে প্ৰায়ে তেওঁলোকৰ ঘৰৰ বাহিৰত লগোৱা ষ্টিকাৰ এৰুৱাই পেলায়, আমি আকৌ লগাই দিবলগা হয় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰো,’ সুনীতাই কয়।

সংক্ৰমিত হ’ব পাৰে বুলি তেওঁ উদ্বিগ্ন হৈ নাথাকেনে? আশাকৰ্মী আৰু ইউনিয়নৰ নেত্ৰী হিচাপে দ্বৈত ভূমিকা পালন কৰোতে আন বহুতো বিষয়ে তেওঁৰ মন ভাৰাক্ৰান্ত কৰি ৰাখে। ১৫ গৰাকী মহিলাক তেওঁ মাহেকীয়া জন্ম নিয়ন্ত্ৰণৰ বড়ি দি আছিল। ‘এতিয়া তলাবন্ধৰ কাৰণে সেই ঔষধ নাই। জন্ম নিৰোধক শেষ হৈছে। যোৱা কেইমাহমানত আমি যিবোৰ কাম কৰি আছিলো, সেই সকলোবোৰ পণ্ড হ’ল।’ এই তলাবন্ধৰ পিছত অপৰিকল্পিত গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ ধাৰণা কৰিছে।

‘আগতে পুৰুষসকল কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। আমি যিসকলৰ পৰিচিত হৈ পৰিছিলো, সেইসকলৰ সৈতে আলাপ-আলোচনাৰ কৰাৰ সুযোগ পাইছিলো। এতিয়া কৰ’ণাভাইৰাছৰ জৰীপ কৰিবলৈ যোৱাৰ সময়ত পুৰুষসকলে ঘৰতে থাকে। তেওঁলোকে আমাক কয়, এইবিলাক প্ৰশ্ন সুধিবলৈ আমি কোন। তেওঁলোকে আমাৰ পৰিচয় পত্ৰ বিচাৰে। চৰকাৰে আমাক স্বীকৃতি দিব নিবিচাৰে আৰু আমাৰ কাম নিয়মীয়া কৰিব নিবিচাৰে। চৰকাৰৰ বাবে আমি মাথোন স্বেচ্ছাসেৱিকা। সেয়ে বহুতো মানুহে আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে,’ সুনীতাই কয়।

Many ASHAs started stitching masks after receiving just one for their fieldwork. When they finally received disposable masks, it were less than their quota and came with a travel-sized bottle of sanitiser
PHOTO • Pallavi Prasad

গাঁৱত মানুহৰ ঘৰে ঘৰে যোৱা কামৰ সময়ত ব্যৱহাৰ কৰিবলৈ কোনো আশাকৰ্মীয়ে মাত্ৰ এখন মাস্ক পাইছে, সেয়ে ঘৰতে চিলাই লৈছে। যেতিয়া তেওঁলোকে এবাৰ ব্যৱহাৰ কৰিবপৰা মাস্ক পালে, তেওঁলোকে পাবলগীয়াতকৈ ইয়াৰ সংখ্যা কম আছিল আৰু ইয়াৰ লগত আছিল তেনেই সৰু এটা হেণ্ড ছেনিটাইজাৰ

এদিন তেওঁ গাঁৱলৈ যাওতে যিসকল মহিলাই তেওঁক চিনি পায় আৰু বিশ্বাস কৰে, তেওঁৰ লগত কথা পাতিবলৈ ওলাই আছিল। ‘প্ৰথম কথা হ’ল এগৰাকী মহিলাই মোক সুধিলে যে লগত জন্মনিৰোধক ঔষধ আছে নেকি? তেওঁ ক’লেঃ বাইদেউ, এতিয়া বেছি দৰকাৰ হৈছে, তেওঁ ঘৰতে থাকে। মই তেওঁক একো ক’ব নোৱাৰিলো আৰু দিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিলো। সেই সময়তে তেওঁৰ স্বামী ওলাই আহি মোক আঁতৰি যাবলৈ ক’লে।’

প্ৰয়োজনৰ বাবে জমা কৰি ৰখা মূৰৰ বিষ, গাৰ বিষ, জ্বৰ আৰু জন্মনিৰোধকৰ দৰে আৱশ্যকীয় ঔষধৰ কিটবেগ আশাকৰ্মীৰ লগত থাকিব লাগে। চৰকাৰী নথিপত্ৰ মতে প্ৰতিগৰাকী আশাকৰ্মীৰ লগত এনেকুৱা কিটবেগ আছে। সুনীতাই কয় যে তেনেকুৱা কিটবেগ নথকাৰ ফলত এতিয়া সমস্যা অধিক শোচনীয় হৈছে। ‘তলাবন্ধৰ বাবে মানুহে হাস্পতালৰ বা ফাৰ্মাচীলৈ যাব নোৱাৰে। মই তেওঁলোকৰ ঘৰলৈ গৈ আছো যদিও কোনো লোক জ্বৰত ভূগি থকা স্বত্তেও দিবলৈ লগত পেৰাচিটামল পিল এটাও নাই। মই মানুহক কেৱল জিৰণি ল’বলৈ কও। গৰ্ভৱতী মহিলাসকলে আইৰন আৰু কেলচিয়াম বড়ি পোৱা নাই। তেওঁলোকৰ বহুতৰে ৰক্তহীনতা আছে। এইবিলাক নোখোৱাৰ বাবে সন্তান প্ৰসৱ তেওঁলোকৰ বাবে অতি জটিল হৈ পৰিব,’ তেওঁ কয়।

চাভিও একে সমস্যাৰ মুখামুখী হৈছে। যোৱা ৫ এপ্ৰিলত তেওঁৰ তত্বাৱধানত থকা এগৰাকী ২৩ বছৰীয়া গৰ্ভৱতীৰ প্ৰসৱৰ সময় হ’ল। ক’ভিড-১৯ অহাৰ আগলৈকে তেওঁৰ দায়িত্ব আছিল মহিলাগৰাকীক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা আৰু অসুবিধা নোহোৱাকৈ সন্তান জন্ম দিয়া নিশ্চিত কৰা। ‘প্ৰায় আঠ কিলোমিটাৰ দূৰত থকা অসামৰিক চিকিৎসালয়খনেই আটাইতকৈ ওচৰত আছে। যিহেতু এইটো জৰুৰী ঘটনা, সেয়ে তেওঁক লগত লৈ গ’লে আৰক্ষীয়ে মোক যাবলৈ দিব। যেতিয়া অকলে উভতি আহিম, তেতিয়া যদি মোক আৰক্ষীয়ে ধৰে, তেতিয়া মোৰ সমস্যা হ’ব কাৰণ তেতিয়া মই কোনো ‘জৰুৰী’ কামত থকাৰ প্ৰমাণ নাই। আনকি দেখুৱাবলৈ মোৰ এখন পৰিচয় পত্ৰও নাই।’ চাভিয়ে এখন এম্বুলেঞ্চ মাতি আনি মহিলাগৰাকীক সহায় কৰিব বিচাৰিলে। কোনো নাহিল আৰু তেওঁক স্বামীয়ে এখন অটোৰিক্সা যোগাৰ কৰি পত্নীক চিকিৎসালয়লৈ লৈ যায়।

গোটেই দেশত তলাবন্ধৰ সময়ত  সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এখন সভালৈ তেওঁলোকক মাতি পঠিওৱা বুলি বাৰম্বাৰ কোৱা স্বত্তেও যোৱা ৩০ মাৰ্চত গোহানা তহচিলত দুগৰাকী আশাকৰ্মীক আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰিছিল বুলি তেওঁ কয়

ভিডিঅ’ চাওকঃ  ক’ভিড-১৯ৰ কৰ্তব্যৰত হাৰিয়ানা আৰক্ষীয়ে আশাকৰ্মীক প্ৰহাৰ কৰিছে

আৱশ্যকীয় ঔষধ যেনে মুৰৰ বিষ, গাৰ বিষ, জ্বৰ, জন্ম নিৰোধক আদি জমা থকা একোটা ঔষধৰ কিটবেগ আশাকৰ্মীৰ লগত থাকিব লাগে

কৰ’ণাভাইৰাছৰ কঠোৰ তলাবন্ধৰ ফলত শিশুৰ নিয়মীয়া টীকাকৰণ বন্ধ হৈ পৰিল আৰু কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব সেই সম্পৰ্কেও স্পষ্টতা নাই। গ্ৰামাঞ্চলৰ যি গৰ্ভৱতী মহিলা আশাকৰ্মীৰ লগত আগতে নিয়মীয়াকৈ চিকিৎসালয়লৈ গৈ আছিল, যিসকলে তেওঁলোকক বৌ বা বাইদেউ বুলি সম্বোধন কৰে, এতিয়া সেয়াও বন্ধ আৰু ঘৰতে সন্তান জন্ম দিব লগা হৈছে। ‘চৰকাৰী নিৰ্দেশনা নথকাৰ ফলত বহুত ক্ষতি হ’ব পাৰে,’ সুনীতাই সকিয়ায়।

ক’ভিড-১৯ আৰম্ভ হোৱাৰ আগতে আশাকৰ্মীসকলে হাৰিয়ানা চৰকাৰৰ পৰা মাহে ৪০০০ টকাৰ বেতন পাইছিল। আৰু পাঁচদফীয়া কাম কৰাৰ বাবে (চিকিৎসালয়ত প্ৰসৱ কৰোৱা, শিশুৰ টীকাকৰণ, প্ৰসৱ-পূৰ্ব তদাৰকী, ঘৰতে প্ৰসৱোত্তৰ সেৱা আগবঢ়োৱা আৰু পৰিয়াল পৰিকল্পনাৰ সজাগতা সৃষ্টি) কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০০০ টকা উদগনিমূলক মাননি লাভ কৰিছিল। টিউবেক্টমি আৰু ভেচেক্টমি (জন্মনিৰোধক ব্যৱস্থা)ৰ বৃদ্ধি কৰাৰ দৰে কামৰ বাবে আশাকৰ্মীক ব্যক্তিগতভাবে নগদ ধনৰ উদগনিমূলক মাননি দিয়া হয়।

‘কৰ’ণাভাইৰাছ আৰু তলাবন্ধৰ কাৰণে মোৰ সকলো কাম বন্ধ হৈ পৰিল। এই জৰীপ (কৰ’ণাভাইৰাছ)ৰ বাবে আমি তিনিমাহ ধৰি মাহে ১০০০ টকাকৈ পাইছো। আমি প্ৰতিমাহে প্ৰায় ২৫০০ টকা হেৰুৱাইছো। সৰ্বোপৰি ২০১৯ৰ অক্টোবৰৰ পৰা এতিয়ালৈকে মই টকা-পইচা পোৱা নাই। এই ধনখিনি মোক কেতিয়া দিব? আমি ঘৰ কেনেকৈ চলাম, সন্তানক কেনেকৈ খুৱাম?’ সুনীতাই প্ৰশ্ন কৰে।

হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খাট্টাৰে ১০ এপ্ৰিলত ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ দৰমহা দুগুণ বৃদ্ধি কৰিছিল। কিন্তু আশাকৰ্মীসকল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কাম কৰা কাৰো চকুত নপৰা স্বেচ্ছাসেৱিকা। সেয়ে তেওঁলোক মুখ্যমন্ত্ৰীৰ উক্ত ঘোষণাৰ অন্তৰ্ভূক্ত নহ’ল। ‘আমাক আনকি কৰ্মী বুলিও গণ্য নকৰে নেকি? চৰকাৰে এই ভয়াৱহ মহামাৰীৰ মাজত আমাৰ জীৱন আৰু সৰ্বসাধাৰণ লোকৰ জীৱনক লৈ খেলিছে,’ সুনীতাই কয়। এনেকৈয়ে আমাৰ আলোচনাৰ অন্ত পৰে। প্ৰথমবাৰৰ বাবে তেওঁৰ স্বামীয়ে ভাত ৰান্ধি আছে। তেওঁ ভয় খাইছে যে হয় জুয়ে তেওঁক পুৰিব নাইবা তেওঁলোকৰ নিশাৰ আহাৰ তেওঁ জ্বলাব।

অনুবাদঃ পংকজ দাস

Pallavi Prasad

পল্লবী প্রসাদ মুম্বই-ভিত্তিক একজন স্বতন্ত্র সাংবাদিক, ইয়ং ইন্ডিয়া ফেলো এবং লেডি শ্রী রাম কলেজ থেকে ইংরেজি সাহিত্যে স্নাতক। তিনি লিঙ্গ, সংস্কৃতি এবং স্বাস্থ্য ইত্যাদি বিষয়ের উপর লেখেন।

Other stories by Pallavi Prasad
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das