এক দশকৰো অধিক কাল ধৰি তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ গুম্মাড়িদালা ব্লকৰ ডোমাডুগ্গু গাঁৱৰ এটা ইটা ভাতীত বৈদেহী আৰু তেওঁৰ স্বামীয়ে কাম কৰি আহিছে। নুৱাপাড়া জিলাৰ কুৰুমপুৰী পঞ্চায়তৰ পৰা প্ৰতিবছৰে তেওঁলোক ইয়ালৈ আহে। “আমি মহাজনৰ পৰা ২০,০০০ টকা আগধন লৈছিলো,” বৈদেহীয়ে কয়। ইয়াৰ উপৰিঞ্চিকৈ ইটাভাতীৰ মালিকে খোৱা-বোৱাৰ বাবদ তেওঁলোকক দৈনিক ৬০ টকা ভাট্টা দিয়ে। “আমি যাতে আধাপেটীকৈ অন্ততঃ শুবলৈ যাব পাৰো, তাৰ কাৰণে ৮০ টকাকৈ দিবলৈ মহাজনক অনুৰোধ জনাওকচোন।”
২০১৭ত মই বৈদেহীৰ পৰিয়ালক লগ পাইছিলো, সেই সময়ত মই তেলাংগনাৰ ৰাংগাৰেড্ডী, সাংগাৰেড্ডী আৰু য়াদাদ্ৰি ভুৱনগিৰি জিলাকেইখনলৈ আহিছিলো।
বহুবছৰৰ আগতে যেতিয়া মই কালাহান্দি (বৰ্তমান নুৱাপাড়া জিলা হিচাপে বিভাজিত হ’ল) আৰু ইয়াৰ সংলগ্ন বোলাংগীৰ (বা বালাংগীৰ, বৰ্তমান ইয়াক সুৱৰ্ণপুৰ বুলি কোৱা হয়) বিষয়ে ১৯৯০ত গৱেষণা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত, মই চাৰিপ্ৰকৃতিৰ প্ৰব্ৰজনকাৰীৰ মুখামুখি হৈছিলো:
যিসকল লোকে দৈনিক মজুৰ ৰূপে কাম কৰিবলৈ, ৰিক্সা চলাবলৈ, হোটেলত কাম কৰিবলৈ আৰু আন ধৰণৰ শ্ৰম কৰিবলৈ ৰায়পুৰ চহৰলৈ আহে (বৰ্তমান ছত্তীশগড়ৰ ৰাজধানী); যিসকলে বাৰগঢ় আৰু সম্বলপুৰৰ উন্নত জলসিঞ্চন ব্যৱস্থা থকা জিলাত কাম কৰিবলৈ আহে; বিশেষকৈ নিৰ্মাণ শ্ৰমিকৰূপে দিল্লী, মুম্বাই আৰু আন চহৰত কাম কৰিবলৈ যিসকল যুৱক আহে; আৰু যিবোৰ পৰিয়াল অন্ধ্ৰপ্ৰদেশ (আৰু কেতিয়াবা উপকূলীয় ওড়িশা)ত ইটাভাতীত কাম কৰিবলৈ আহে।
১৯৬০ৰ মাজভাগত যেতিয়া কালাহান্দি আৰু বালাংগীৰত দুৰ্ভিক্ষৰ নিচিনা পৰিস্থিতিৰ উদ্ভৱ হৈছিল, তেতিয়াৰে পৰা প্ৰব্ৰজন আৰম্ভ হয়। ৮০ৰ দশকৰ শেষভাগত আৰু ৯০ৰ দশকৰ আগভাগত খৰাং বতৰ, শস্যৰ অনিষ্ট সাধন আৰু ঋণৰ বোজাৰ বাবে মানুহে প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। ইটাৰ ভাতীবোৰত মালিকসকলে উৰিয়া প্ৰব্ৰজনকাৰীসকলৰ হাহাকাৰ অৱস্থাৰ কথা বুজি উঠিছিল আৰু স্থানীয় শ্ৰমিকতকৈ কম মজুৰিত তেওঁলোকক খটুৱাইছিল। এই শোষণ অব্যাহত থাকিল। এহাল স্বামী-স্ত্ৰী আৰু আন এজন প্ৰাপ্তবয়স্ক শ্ৰমিকক এটা গোট বুলি ধৰা হয়, এনে এটা গোটে ২০,০০০ টকাৰ পৰা ৮০,০০০ টকা আগধনৰূপে পায়।
ইয়াৰ বিনিময়ত ওড়িশাত অক্টোবৰ-নৱেম্বৰত শস্য চপোৱাৰ স্থানীয় উৎসৱৰ সামৰণি পৰাৰ পিছত পৰিয়ালবোৰে প্ৰব্ৰজনৰ প্ৰস্তুতি চলায়। ডিচেম্বৰ-জানুৱাৰী মাহত ঠিকাদাৰে শ্ৰমিকসকলক ইটাৰ ভাতীলৈ লৈ আহে। তাত তেওঁলোকে জুন মাহলৈকে কাম কৰে। ইতিমধ্যে তেওঁলোকৰ গাঁৱলৈ মৌচুমী ঘূৰি আহিবলৈ আৰম্ভ কৰাৰ লগে লগে গাওঁবোৰত তেওঁলোকে কৃষি শ্ৰমিকৰূপে কাম কৰিবলৈ অথবা নিজৰ ক্ষুদ্ৰ খেতিৰ পথাৰত কাম কৰিবলৈ উভতি আহে।
আগধন হিচাপে লোৱা ধনেৰে তেওঁলোকে আগৰ ঋণ পৰিশোধ কৰিবলৈ আৰম্ভ কৰে বা বিবাহ আদিৰ বাবে খৰছ কৰে, খেতিৰ গৰু-ম’হ ক্ৰয় কৰে, চিকিৎসাৰ বাবে ব্যয় কৰে। প্ৰব্ৰজন কৰা পৰিয়ালবোৰৰ সদস্য সংখ্যা যিমান নহওঁক, প্ৰতিটো গোটে দৈনিক ৬০ টকা খাদ্যৰ ভাট্টা দিয়ে। ইটাৰ ভাতীত কাম শেষ হোৱাৰ পিছত দৈনিক ৬০ টকাকৈ দিয়া ধনৰ লগতে আগধনৰ মুঠ হিচাপ কৰা হয় আৰু ইয়াৰ বিপৰীতে তেওঁলোকে কিমান ইটা বনালে, তাৰ হিচাপ উলিওৱা হয়।
প্ৰতি ১০০০ টা ইটা বনোৱাৰ বাবদ তিনিজনীয়া একোটা গোটে ২২০ টকাৰ পৰা ৩৫০ টকা পায়। ইটা ভাতীত মালিক বা ঠিকাদাৰৰ লগত আগতে হোৱা বন্দোবস্তিৰ ওপৰত এই নিৰিখ নিৰ্ভৰ কৰে। এদল শ্ৰমিকে পাঁচ মাহত ১০০,০০০ৰ পৰা ৪০০,০০০ টা ইটা বনাব পাৰে, যদিহে অতিৰিক্ত সহায়ক থাকে - অৰ্থাৎ তিনিজনীয়া গোটৰ যদি কোনো কাম কৰাৰ সামৰ্থ্য থকা পৰিয়ালৰ সদস্য থাকে। এনেদৰে ধন দিয়াৰ পৰিমাণ ২০,০০০ টকাৰ পৰা কদাচিৎ ১৪০,০০০ টকা পৰ্য্যন্ত হয়। আগধন আৰু দৈনিক দিয়া ৬০ টকাৰ মুঠ হিচাপ তেওঁলোকে পাবলগা ধনৰ পৰা বিয়োগ কৰাৰ পিছত বহু পৰিয়ালৰ আগধন পৰিশোধ নহয়, ইটাৰ ভাতীত হাড়ক মাটি তেজক পানী কৰি শ্ৰম কৰাৰ পিছত তেওঁলোকে ঋণৰ বোজা লৈ ঘৰলৈ উভতি যায়।
অনুবাদ: পংকজ দাস