এই হত্যা-হিংসা, ৰক্তাক্ত সভ্যতাৰ দিনত আমি প্ৰায়েই শান্তি ক’ত বুলি বৰকৈ হেঁপাহ দেখুৱাও। কিন্তু প্ৰতিযোগীতা, লোভ-লালসা, অৰিয়াঅৰি, হিংসা-বিদ্বেষেৰ মাজেৰে শান্তিৰ যি বাট বিচৰা হৈছে, সেয়া হাস্যকৰ আৰু পুতৌলগা। আমি যি ঠাইৰ পৰা আহিছো, আমি তাত তেনে সংস্কৃতি দেখা নাই। আমি আদিবাসীসকলেও সভ্যতা কি বুজি পাওঁ। নিশাৰ ভাগত শিক্ষিতজনে কোনেও নেদেখাকৈ ঠাইবোৰ লেতেৰা কৰি যোৱা আৰু পুৱাৰ ভাগত অশিক্ষিত এজনে সেয়া চাফা কৰা সভ্যতাত আমি বিশ্বাস নকৰো। তাক আমি দৰাচলতে সভ্যতা বুলিয়েই নকওঁ আৰু এনে এক সভ্যতাৰ সৈতে আমি মিলি যাম, সেয়া সম্ভৱ নহয়। আমি নৈৰ পাৰত মল-মূত্ৰ ত্যাগ নকৰো। গছৰ পৰা অপৰিপক্ক ফল নিচিগো। ফাগুণত আমি পথাৰত হাল নাবাও। আমাৰ মাটি আমি শোষণ নকৰো, খেতিৰ মাটিডৰাকো আমি জিৰণি দিওঁ। আমি সেই মাটিক উশাহ ল’ব দিওঁ, পুনৰুজ্জীৱিত হ’বলৈ দিওঁ। মানুহক আমি যিমান সন্মান দিওঁ, সমানেই দিওঁ আমি প্ৰকৃতিক।

জিতেন্দ্ৰ বাচাৱাই দেহৱালি ভিলি ভাষাত কৰা কবিতাটোৰ আবৃত্তি শুনিব পাৰে

প্ৰতিষ্ঠা পাণ্ড্যাই ইংৰাজী অনুবাদৰ আবৃত্তি কৰা শুনিব পাৰে

সেয়ে আমি অৰণ্যখনৰ পৰা উভতি নাহিলো

আমাৰ কত পুৰুষক তুমি জীৱন্তে জ্বলাই দিছিলা।
সিহঁতৰ আঙুলি কাটি দিছিলা।
ভাই-ভাইৰ মাজত সিঁচিছিলা বিভেদৰ বীজ,
লগাইছিলা কন্দল, যুযুৎসু কৰি তুলিছিলা।
বহুতেই নিজহাতেই জ্বলাই দিছিল নিজৰ ঘৰ
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো

গছৰ পৰা যেনেকৈ সৰি পৰে হালধীয়া পাত
আৰু মিহলি হৈ যায় মাটিত
তেনেকৈয়ে আমি মৃত্যু কল্পনা কৰোঁ।
সৰগ আমি নিবিচাৰো
প্ৰকৃতিতে আমি সৰগীয় অনুভূতি পাওঁ।
আমাৰ জীৱনত নিৰ্জীৱ বুলি একো নাই।
প্ৰকৃতিয়ে আমাৰ সৰগ।
ইয়াৰ বিৰুদ্ধে যোৱা মানেই নৰক।
মুক্ত বিচৰণেই আমাৰ ধৰ্ম
তোমাৰ এই গোলামীৰ শিকলিক ধৰ্ম বুলি কৈছা
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো

ভূমিপুত্ৰ আমি, চাহাব
আমাৰ অস্তিত্বৰ বাবে আমি নিজকে ত্যাগ কৰিব পাৰো।
জল, জংগল, জমিন, মানুহ আৰু জীৱ-জন্তু,
আমি সকলোতে আছো।
তুমি আমাৰ পূৰ্বপুৰুষক টোপৰ আগত পাতি দিলা
গছত ওলমাই তলত জুই লগাই দিলা
সিহঁতৰে মাজত শত্ৰুতা জগাই ৰক্তপাত ঘটালা
মাটিয়ে দিয়া আমাৰ শক্তি নাইকিয়া কৰি
তুমি আমাকেই চোৰ, ডকাইত, গাহৰি আৰু কি কি যে নক’লা
এখন কাগজৰেই তুমি আমাক মাৰি পেলাব পাৰা
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো

তুমি তোমাৰ জীৱিত পৃথিৱীখন বজাৰ কৰি পেলাইছা
পঢ়া-শুনা কৰিও তোমালোকে চকুৰে নেদেখা হৈছা, চাহাব।
নিজৰ আত্মাকে বিক্ৰী কৰা তোমালোকৰ শিক্ষা
আমাক বজাৰত থিয় কৰাইহে এৰিছে তোমালোকৰ শিক্ষাই।
তোমালোকে সভ্যতাৰ নামত, সংস্কৃতিৰ নামত
স্থুল কাৰবাৰ কৰি ফুৰিছা, অশালীনতাৰ পাহাৰ গঢ়িছা।
এয়াই নেকি তোমালোকৰ নতুন যুগ
য’ত মানুহে মানুহক ঘৃণা কৰে?
তোমালোকে বন্দুক আৰু মিছাইলেৰে
শান্তি আনিব পাৰিম বুলি ভাবিছা?
তোমালোকৰ এই হত্যাকাৰী সভ্যতা
আৰু আদিম নৃশংসতাৰ মুখ যি দেখিলো, চাহাব
সেয়ে আমি আমাৰ অৰণ্যখনৰ পৰা উভতি নাহিলো

অনুবাদ: পংকজ দাস

Poem and Text : Jitendra Vasava

গুজরাতের নর্মদা জেলার মহুপাড়া গ্রামের কবি জিতেন্দ্র বাসব লেখেন দেহওয়ালি ভিল ভাষায়। আদিবাসী সাহিত্য আকাদেমির (২০১৪) প্রতিষ্ঠাতা-সভাপতি হওয়ার পাশাপাশি তিনি লাখারা কাব্য পত্রিকার একজন সম্পাদকও বটেন, আদিবাসী কণ্ঠ তুলে ধরাই এই পত্রিকার মূল লক্ষ্য। এছাড়াও তিনি আদিবাসী মৌখিক সাহিত্যের উপর চারটি বই প্রকাশ করেছেন। তাঁর ডক্টোরাল গবেষণার বিষয় ছিল নর্মদা জেলার ভিল জনজাতির মৌখিক লোক কাহিনির সাংস্কৃতিক ও পৌরাণিক আঙ্গিক। পারিতে প্রকাশিত কবিতাগুলি তাঁর আসন্ন প্রথম কাব্যসংকলনের অংশ।

Other stories by Jitendra Vasava
Painting : Labani Jangi

২০২০ সালের পারি ফেলোশিপ প্রাপক স্ব-শিক্ষিত চিত্রশিল্পী লাবনী জঙ্গীর নিবাস পশ্চিমবঙ্গের নদিয়া জেলায়। তিনি বর্তমানে কলকাতার সেন্টার ফর স্টাডিজ ইন সোশ্যাল সায়েন্সেসে বাঙালি শ্রমিকদের পরিযান বিষয়ে গবেষণা করছেন।

Other stories by Labani Jangi
Editor : Pratishtha Pandya

কবি এবং অনুবাদক প্রতিষ্ঠা পান্ডিয়া গুজরাতি ও ইংরেজি ভাষায় লেখালেখি করেন। বর্তমানে তিনি লেখক এবং অনুবাদক হিসেবে পারি-র সঙ্গে যুক্ত।

Other stories by Pratishtha Pandya
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das