“সময়মতে ৰোগ নিৰ্ণয় কৰা হ’লে তেওঁৰ ছবি আজি দেৱালত আঁৰি থ’ব নালাগিলহেঁতেন। আজি তেওঁ আমাৰ লগত ইয়াত বহি থাকিলহেঁতেন,” শীলা টাৰেই কয়।
নীলা ৰং দিয়া বেৰখনত আঁৰি থোৱা স্বামী আলোকৰ ফটোখনৰ তলত মাৰাঠীত লিখা আছেঃ ‘৩০/০৫/২০২০ত দেহাৱসান’।
পশ্চিম মুম্বাইৰ বান্দ্ৰাৰ কে বি ভাবা হাস্পতালত অশোকৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ ‘সন্দেহজনক’ ক’ভিড-১৯ সংক্ৰমণ। বৃহত্তৰ মুম্বাইৰ পৌৰ নিগম (বিএমচি)ৰ চাফাই কৰ্মচাৰী অশোকৰ বয়স ৪৬ বছৰ আছিল।
৪০ বছৰীয়া শীলা টাৰেই কোনোমতে চকুপানী ৰখালে। পূৱ মুম্বাইৰ চেম্বুৰত থকা বস্তি পুনৰ্বাসন প্ৰাধিকাৰীৰ আবাস গৃহৰ ২৬৯ বৰ্গফুটৰ এটা ভাড়া ফ্লেটত থকা পৰিয়ালটোলৈ আকৌ নীৰৱতা নামি আহিল। পুত্ৰ নিকেশ আৰু স্বপ্নীল, জীয়ৰী মণীষাই মাকে কথা কোৱালৈ অপেক্ষা কৰিলে।
“এপ্ৰিলৰ ৮-১০ তাৰিখৰ মাজভাগত ভান্দুপত তেওঁৰ চৌকিৰ মুকাডম যেতিয়া (ক’ভিড-১৯) পজিটিভ হ’ল,” শীলাই কৈ যায়, “তেওঁলোকে সেই চৌকিটো বন্ধ কৰি দিয়ে আৰু সকলো কৰ্মচাৰীক নাহৰ চৌকিত ৰিপ’ৰ্ট কৰিবলৈ কয় (মহানগৰৰ এছ ৱাৰ্ডৰ একে এলেকাত আছে)। এসপ্তাহৰ পিছত তেওঁ শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ কথা কয়।”
অশোকে জাৱৰ সংগ্ৰহ কৰা এখন ট্ৰাকৰ চাফাই কৰ্মচাৰীৰ এটা গোটৰ সৈতে কাম কৰে, ভান্দুপৰ বিভিন্ন জাবৰৰ দ’মৰ পৰা তেওঁলোকে জাবৰবোৰ উঠাই আনে। তেওঁ কোনো সুৰক্ষামূলক পোচাক-পাতি ব্যৱহাৰ কৰা নাছিল। তেওঁ এজন বহুমূত্ৰ ৰোগী। তেওঁ নিজৰ দেহত দেখা দিয়া লক্ষণবোৰৰ প্ৰতি মুখ্য তত্ত্বাৱধায়জনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অসুখৰ বাবে ছুটী আৰু চিকিৎসকক দেখুওৱাৰ অনুৰোধ অগ্ৰাহ্য কৰা হ’ল। নাহৰ চৌকিলৈ শীলাই অশোকক লৈ যোৱাৰ দিনটোৰ স্মৃতি তেওঁ সোঁৱৰে।
“পাঁচ দিনৰ ছুটীৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ বাবে ময়ো সেইদিনা অশোকৰ লগত ‘চাহেব’ৰ ওচৰলৈ গৈছিলো,” তেওঁ কয়। অশোকে পাবলগীয়া ২১ দিনৰ বেতনসহ ছুটীও লোৱা নাছিল বুলি তেওঁ কয়। “চকীত বহি থকা ‘চাহেবে’ ক’লে যে সকলোৱে যদি ছুটী লয়, এনে পৰিস্থিতিত কাম কোনে কৰিব?”
সেইকাৰণে অশোকে এপ্ৰিল আৰু মে’ মাহত কাম অব্যাহত ৰাখিলে। তেওঁৰ সহকৰ্মী শচীন বাংকাৰে (নাম সলনি কৰা হৈছে) কয় যে অশোকে কাম কৰোতে খুব কষ্ট হোৱা তেওঁ দেখিছিল।
“তেওঁ সঘনে ভাগৰি পৰিছিল আৰু উশাহ ল’বলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল। কিন্তু চাহেবে যদি আমাৰ কথা নুশুনে আমি কি কৰিব পাৰো?” শচীনে মোক টেলিফোনত ক’লে। “আমাৰ চৌকিৰ স্থায়ী বা ঠিকা কৰ্মচাৰী কাৰো ক’ভিড-১৯ পৰীক্ষা কৰা নহ’ল। মুকাডমৰ পজিটিভ ওলোৱাৰ পিছত তেওঁলোকৰ কোনোজনৰ লক্ষণ দেখা গৈছে নেকি বুলি কোনেও নুসুধিলে। আমাক মাত্ৰ আন এটা চৌকিত ৰিপ’ৰ্ট কৰিবলৈহে ক’লে।” (এই সাংবাদিকে তেওঁৰ স্বাস্থ্যৰ খবৰ ল’বলৈ শচীন আৰু আন কৰ্মচাৰীৰ সহায়ত মুকাডমৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হৈছিল)
জুলাই মাহৰ শেষ সপ্তাহত শচীন আৰু তেওঁৰ সহকৰ্মীসকলৰ ক’ভিড-১৯ পৰীক্ষা তেওঁলোকে কাম কৰা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত এটা শিবিৰত কৰা হৈছিল। “মোৰ কোনো লক্ষণ বা বেমাৰ নাছিল, কিন্তু আমাক মাৰ্চ-এপ্ৰিলত স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল, যেতিয়া পৰিস্থিতি একেবাৰে বেয়া আছিল,” শচীনে কয়।
এপ্ৰিলত, এছ ৱাৰ্ডত ১৬ জন ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰিছিল। ২২ এপ্ৰিলত এই সংখ্যা ১০৩ হ’ল। ১ জুনত, অৰ্থাৎ অশোকৰ মৃত্যুৰ পিছদিনা ৱাৰ্ডটোত ১৭০৫ টা কেচ আছিল আৰু ১৬ জুনলৈ এই সংখ্যা ৩,১৬৬ হোৱা বুলি মুম্বাই পৌৰ নিগমৰ এজন চিকিৎসকে এই সাংবাদিকক জনায়।
মুম্বাইৰ সকলো ৱাৰ্ডত ক’ভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ মানে ক’ভিড-১৯ৰ লগত সম্পৰ্ক থকা জাৱৰ-জোঁথৰো বঢ়া। মুম্বাই পৌৰ নিগমৰ গোটা আবৰ্জনা ব্যৱস্থাপনা বিভাগৰ পৰিসংখ্যা মতে, ১৯ মাৰ্চ আৰু ৩১ মাৰ্চৰ মাজৰ সময়চোৱাত মুম্বাইয়ে ৬৪১৪ কিলোগ্ৰাম ক’ভিড-১৯ আবৰ্জনাৰ সৃষ্টি কৰিছিল। এপ্ৰিলত চহৰৰ ক’ভিড-১৯ আবৰ্জনা (কোৱাৰেইণ্টাইন এলেকাকে ধৰি)ৰ পৰিমাণ ১২০ টনৰো অধিক আছিল। মে’ মাহৰ শেষত অশোকৰ যেতিয়া মৃত্যু হ’ল, সেই মাহত আবৰ্জনাৰ পৰিমাণ আছিল ২৫০ টন।
সংগ্ৰহ কৰাৰ পিছত আবৰ্জনাবোৰ পৃথক কৰা নহ’ল, বৃহত্তৰ মুম্বাইৰ বিশাল পৰিমাণৰ আবৰ্জনাৰ লগত মিহলাই পেলোৱা হ’ল। এই কাম চাফাই কৰ্মীসকলেই কৰিলে। “প্ৰতিদিনে আমি বহুতো মাস্ক, গ্লোভচ্, পেলনীয়া টিছ্যু পেপাৰ জাবৰৰ দ’মত পাওঁ,” শচীনে কয়।
বহুতো চাফাই কৰ্মচাৰীয়ে দৈনিক স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিবলৈও পৃথকে হাস্পতালৰ দাবী কৰিছিল। (দ্ৰষ্টব্যঃ অত্যাৱশ্যকীয় সেৱা, বিসৰ্জনযোগ্য জীৱন )। বৃহত্তৰ মুম্বাইৰ ২৯,০০০ জন স্থায়ী আৰু ৬৫০০ জন ঠিকাভিত্তিক চাফাই কৰ্মচাৰীক কিছুমান ঘোষণাত ‘ক’ভিড যোদ্ধা’ আখ্যা দিয়া হ’ল। কিন্তু তেওঁলোকে পাবলগা সুৰক্ষামূলক পোচাক বা যাৱতীয় সামগ্ৰী অথবা স্বাস্থ্যপৰীক্ষা কৰা নহ’ল।
“আমাৰ দাবীবিলাক কেতিয়াও পূৰণ নহ’ল। যিমান সাৱধানতা আৰু সুবিধা আছে, সকলো অমিতাভ বচ্চনৰ দৰে পৰিয়ালে পায়। সংবাদ মাধ্যম আৰু চৰকাৰৰ মনযোগ তেওঁলোকৰ ওপৰত। আমি কোন? মাত্ৰ চাফাই কৰ্মচাৰীহে,” ৪৫ বছৰীয়া দাদাৰাওঁ পাটেকাৰে কয়। তেওঁ মুম্বাইৰ পশ্চিম ৱাৰ্ডৰ পৌৰ নিগমৰ আবৰ্জনা সংগ্ৰহ কৰা ট্ৰাকত কাম কৰে।
“মাৰ্চ-এপ্ৰিলত আমি মাস্ক, গ্লোভচ্ বা ছেনিটাইজাৰ পোৱা নাছিলো,” শচীনে কয়। মে’ মাহৰ শেষৰফালে তেওঁ কাম কৰা চৌকিৰ কৰ্মচাৰীক এন৯৫ মাস্ক দিয়া হৈছিল। “সেয়া সকলোৱে পোৱা নাছিল। (এছ ৱাৰ্ডৰ নাহৰ চৌকিত) ৫৫ জন চাফাই কৰ্মচাৰীৰ ২০-২৫ জনমানে মাস্ক, গ্লোভচ্ আৰু ৫০ মিলিলিটাৰ ছেনিটাইজাৰ বটল একোটা পালে- যিটো ৪-৫ দিনতে শেষ হৈ যায়। আন কৰ্মচাৰীসকলে, আনকি ময়ো, জুন মাহত মাস্ক পাইছিলো। আমি মাস্কবিলাক ধুই আকৌ ব্যৱহাৰ কৰো। যেতিয়া মাস্ক আৰু গ্লোভচ্ ফালি বা উৱলি বেয়া হৈ যায়, তেতিয়া আমাক তত্বাৱধায়কে নতুন সামগ্ৰী অহালৈকে ২-৩ সপ্তাহ অপেক্ষা কৰিবলৈ কয়।”
“চাফাই কৰ্মচাৰীসকল ‘ক’ভিড যোদ্ধা’ বুলি ক’লে একো লাভ নহয়। তেওঁলোকৰ সুৰক্ষা আৰু চিকিৎসা ক’ত?” শীলাই ক্ষোভেৰে কয়। “অশোকে গ্লোভচ্ আৰু এন৯৫ মাস্ক নোহোৱাকৈ কাম কৰিছিল। তেওঁৰ মৃত্য়ুৰ পিছত পৰিয়ালটো কেনেকৈ জীয়াই আছে সেই কথা ভাবিবলৈ কাৰ সময় আছে?” টাৰে পৰিয়ালটো নৱবুদ্ধ সম্প্ৰদায়ৰ লোক।
মে’ মাহৰ শেষ সপ্তাহত অশোকৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটে। “তেতিয়া দেউতাৰ জ্বৰ উঠিছিল। ২-৩ দিনৰ পিছত আমাৰ সকলোৰে জ্বৰ হ’বলৈ ধৰিলে। স্থানীয় (বেচৰকাৰী) চিকিৎসকে ক’লে এয়া সাধাৰণ জ্বৰ। ঔষধ খোৱাৰ পিছত আমাৰ ভাল হ’ল যদিও দেউতা অসুস্থ হৈ থাকিল,” ঘাটকুপাৰ ইষ্টৰ এখন কলেজত বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত ২০ বছৰীয়া মণীষাই কয়। পৰিয়ালটোৱে ক’ভিড বুলি ভাবিছিল, কিন্তু চিকিৎসকে অনুমোদন (সেই সময়ত বাধ্যতামূলক) নজনোৱা কাৰণে অশোকক চৰকাৰী চিকিৎসালয়ত পৰীক্ষা কৰিব পৰা নগ’ল।
২৮ মে’ৰ দিনা জ্বৰ থামিল আৰু পুৱা ৬ বজাৰ পৰা বিয়লি ২ বজাৰ কামৰ বেলা শেষ কৰি পৰিশ্ৰান্ত হৈ পৰা অশোক ঘৰলৈ আহি দুপৰীয়াৰ আহাৰ খাই শুই পৰিল। নিশা ৯ বজাত সাৰ পাই বমি কৰিবলৈ ধৰিলে। “তেওঁৰ গাত জ্বৰ আছিল আৰু মুৰ ঘূৰাইছিল। চিকিৎসকৰ ওচৰলৈ নাযাও বুলি কৈ পুনৰ শুই পৰিল,” শীলাই কয়।
পিছদিনা পুৱা, ২৯ মে’ত, শীলা, নিকেশ, মণীষা আৰু স্বপ্নীলে অশোকক চিকিৎসকৰ ওচৰলৈ নিবলৈ সিদ্ধান্ত ল’লে। তেওঁলোকৰ ঘৰৰ ওচৰতে থকা কেইবাখনো চিকিৎসালয়লৈ পুৱা ১০ বজাৰ পৰা ১ বজালৈ ঘূৰিলে। “আমি দুখন ৰিক্সা লৈছিলো। এখন দেউতা আৰু আই উঠিছিল আৰু আনখনত আমি তিনিটা উঠিছিলো,” চেম্বুৰৰ এখন কলেজত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীত পঢ়ি থকা স্বপ্নীলে ক’লে।
“প্ৰত্যেক চিকিৎসালয়ে বিচনা নাই বুলি ক’লে,” ২১ বছৰীয়া নিকেশে কয়, দুবছৰৰ আগতে তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু কাম বিচাৰি আছে। “আমি ৰাজাৱাড়ি হাস্পতাললৈ গৈছিলো, জয় হাস্পতাল আৰু কে জে সোমাইয়া হাস্পতাললৈ গৈছিলো। কে জে সোমাইয়া হাস্পতালত দেউতাই চিকিৎসকক কৈছিল যে দৰকাৰ হ’লে মজিয়াতে তেওঁ শুই থাকিব, আৰু চিকিৎসাৰ বাবে অনুৰোধ জনাইছিল।” প্ৰতিখন হাস্পতালত দেউতাই মুম্বাই পৌৰ নিগমৰ কৰ্মচাৰীৰ পৰিচয় পত্ৰ দেখুৱালে কিন্তু সেইবিলাকে কাম নিদিলে।
শেষত বান্দ্ৰাৰ ভাবা হাস্পতালত চিকিৎসকে দেউতাৰ স্বাস্থ্যপৰীক্ষা কৰিলে আৰু তেওঁৰ কফৰ নমুনা ল’লে। “তাৰ পিছত দেউতাক ক’ভিড-১৯ আইচ’লেচন কোঠালৈ নিয়া হ’ল,” স্বপ্নীলে কয়।
অশোকৰ কাপোৰ, টুথব্ৰাছ, টুথপেষ্ট আৰু চাবোন দিবলৈ মণীষা সেই কোঠটোলৈ গৈছিল, তাই কয়, “কোঠাৰ প্ৰৱেশপথত প্ৰস্ৰাৱৰ দুৰ্গন্ধ, আহাৰৰ থাল মজিয়াত পৰি আছিল। কোঠাৰ বাহিৰত কোনো কৰ্মচাৰী নাছিল। মই ভিতৰলৈ জুমি চাই বেগখন ল’বলৈ দেউতাক মাতিলো। দেউতাই অক্সিজেন মাস্ক আঁতৰ কৰি থৈ দুৱাৰমুখলৈ আহিল আৰু মোৰ হাতৰ পৰা বেগখন ল’লে।”
চিকিৎসকে পৰিয়ালৰ আটাইকেইজনক ঘৰলৈ যাবলৈ ক’লে আৰু জনালে যে অশোকক পৰ্যবেক্ষণত ৰখা হৈছে আৰু পৰীক্ষাৰ ৰিপ’ৰ্ট আহিবলৈ বাকী আছে। সেইদিনা নিশা ১০ বজাত শীলাই ফোনত স্বামী অশোকৰ সৈতে কথা পাতিছিল। “মোৰ ধাৰণা নহয় যে মই শেষবাৰৰ বাবে তেওঁ মাত শুনিছিলো। তেওঁ কয় যে তেওঁ তেতিয়া অলপ ভাল পাইছিল,” শীলাই কয়।
পিছদিনা অৰ্থাৎ ৩০ মে’ৰ পুৱা শীলা আৰু মণীষা চিকিৎসালয়লৈ গ’ল। “চিকিৎসকে আমাক ক’লে যে নিশা ১.১৫ বজাত তোমালোকৰ ৰোগীৰ মৃত্যু হৈছে,” শীলাই কয়। “কিন্তু মই তেওঁৰ সৈতে নিশা কথা পাতিছিলো...”
শোকস্তব্ধ আৰু বাকৰুদ্ধ হৈ পৰা টাৰে পৰিয়ালে অশোকৰ মৃত্যুৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰিব নোৱাৰিলে। “আমি মানসিকভাৱে ভাগি পৰিছিলো। চিকিৎসালয়ৰ আনুষ্ঠানিকতাৰ শেষত মৃতদেহ চমজি ল’লো। এম্বুলেন্স আৰু টকাৰ ব্যৱস্থা কৰিলো, মাৰ শোক পাতলাবলৈ চেষ্টা কৰিলো - সেই অৱস্থাৰ মাজত দেউতাৰ মৃত্যুৰ কাৰণ সম্পৰ্কে আমি চিকিৎসকক সুধিব নোৱাৰিলো” নিকেশে ক’লে।
অশোকৰ শেষকৃত্য়ৰ দুদিনৰ পিছত টাৰে পৰিয়ালে পুনৰ ভাবা হাস্পতাললৈ গৈ মৃত্যুৰ কাৰণ লিখিত ৰূপত দিবলৈ ক’লে। “জুনৰ ১৫ দিনলৈকে আমি বাৰে বাৰে হাস্পতাললৈ গৈ থাকিলো। চিকিৎসকে কয় ৰিপ’ৰ্টটো সম্পূৰ্ণ হোৱা নাই। অশোকৰ মৃত্যুৰ প্ৰমাণপত্ৰ তোমালোকে নিজে পঢ়ি চোৱা,” অশোকৰ ভাগিন ২২ বছৰীয়া বসন্ত মাগাৰে কয়।
২৪ জুনত, পৌৰ নিগমৰ মুলুণ্ডৰ টি ৱাৰ্ডৰ বিষয়াই (য’ত কৰ্মচাৰীৰূপে অশোকৰ নাম পঞ্জীয়নভূক্ত) অশোকৰ মৃত্যুৰ কাৰণৰ বিষয়ে সুধি এখন পত্ৰ প্ৰেৰণ কৰাৰ পিছত চিকিৎসালয় প্ৰশাসনে এইদৰে লিখিতভাৱে দিলে- ‘ক’ভিড-১৯ বুলি সন্দেহ’। পত্ৰখনত কোৱা হৈছিল যে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত অশোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। “৩০ মে’ৰ আবেলি ৪.১১ বজাত, মেট্ৰ’পলিছ পৰীক্ষাগাৰে আমাক ইমেইল কৰি জনালে যে ডিঙিৰ পৰা লোৱা কফৰ পৰিমাণ কম হ’ল। পৰীক্ষাৰ কাৰণে ৰোগীৰ কফ আকৌ পঠাবলৈ আমাক ক’লে। কিন্তু ইতিমধ্যে ৰোগীৰ মৃত্যু হ’ল। আকৌ কফৰ নমুনা পঠিওৱা সম্ভৱ নহ’ল। সেয়ে মৃত্যুৰ কাৰণ ঘোষণা কৰোতে, আমি ‘ক’ভিড-১৯ বুলি সন্দেহ’ বুলি উল্লেখ কৰিলো।”
ভাবা হাস্পতালৰ যিজন চিকিৎসকে অশোকৰ চিকিৎসা কৰিছিল, তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ এই প্ৰতিবেদকে বহুবাৰ চেষ্টা কৰিলে, কিন্তু তেওঁ ফোন কল আৰু মেচেজৰ প্ৰতি সঁহাৰি নজনালে।
‘ক’ভিড-১৯ যোদ্ধা’ৰ পৰিয়ালক অৰ্থাৎ অশোকৰ দৰে লোকৰ পৰিয়ালক আৰ্থিক সাহায্য দিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে ২০২০ৰ ২৯ মে’ত এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল, ‘ক’ভিড-১৯ৰ লগত সম্পৰ্ক থকা জৰীপ, অনুসন্ধান, অনুসৰণ, পৰীক্ষা, প্ৰতিৰোধ, চিকিৎসা আৰু সাহায্য আদি কাৰ্যকলাপত সক্ৰিয় থকা অৱস্থাত মৃত্যু হোৱা সকলো কৰ্মচাৰীলৈ ৫০ লাখ টকাৰ বিস্তৃত ব্যক্তিগত দুৰ্যোগ বীমা সুৰক্ষা আগবঢ়াবলৈ’ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে উক্ত প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
৮ জুনত এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ মুম্বাই পৌৰ নিগমে এক জাননী জাৰি কৰিছিল। জাননীখনত কোৱা হৈছে যে “ক’ভিড-১৯ৰ লগত সম্পৰ্ক থকা কৰ্তব্য পালন কৰা অৱস্থাত যিকোনো ঠিকাভিত্তিক শ্ৰমিক/প্ৰব্ৰজনকাৰী শ্ৰমিক/দিনমজুৰ/অবৈতনিক কৰ্মীৰ যদি ক’ভিড-১৯ৰ কাৰণে মৃত্যু হয়” তেন্তে ব্যক্তিয়ে এলানি নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত ৫০ লাখ টকা পোৱাৰ অধিকাৰ লাভ কৰে।
অশোকৰ দৰে যদি কোনো শ্ৰমিকৰ চিকিৎসাধীন হোৱা বা মৃত্যু হোৱাৰ আগৰ ১৭ দিনৰ কাৰণে শ্ৰমিক হিচাপে কৰ্তব্যৰত থকাও চৰ্তসমূহৰ অন্যতম। ক’ভিড-১৯ যদি পৰ্যাপ্ত পৰিমাণে পৰীক্ষা কৰা নহয় বা নিৰ্ণয় কৰা নহয়, তেন্তে পৌৰ নিগমৰ বিষয়াৰ দ্বাৰা গঠিত এখন সমিতিয়ে মৃত্যুৰ ঘটনা আৰু ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা নিশ্চিত কৰিবলৈ চিকিৎসাৰ নথিপত্ৰ অনুসন্ধান কৰিব বুলি জাননীত উল্লেখ কৰা হৈছিল।
৩১ আগষ্টত, বিএমচিৰ গোটা আবৰ্জনা ব্যৱস্থাপনা বিভাগৰ শ্ৰম বিষয়াই দেখুওৱা পৰিসংখ্যা অনুযায়ী মুঠ ২৯,০০০ জন স্থায়ী শ্ৰমিকৰ ২১০ জন ক’ভিড পজিটিভ আৰু ইয়াৰে ৩৭ জনৰ মৃত্যু হৈছে। ১৬৬ জনে আৰোগ্যলাভ কৰি পুনৰ কৰ্তব্যত যোগদান কৰিছে। ঠিকা শ্ৰমিক ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য বিএমচিৰ হাতত নাই বুলি বিষয়াজনে কয়।
৩৭ টা পৰিয়ালৰ মৃত্যু হোৱা ১৪ জন চাফাই কৰ্মীৰ পৰিয়ালে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী দাখিল কৰিছে। ৩১ আগষ্টলৈকে ২টা পৰিয়ালে বীমাৰ ধন লাভ কৰিছে।
অশোকৰ মৃত্যুৰ বিষয়ে লিখিত কাগজ পোৱাৰ পিছত ৫০ লাখ টকা বীমাৰ ধনৰ দাবী দাখিল কৰিবলৈ টাৰে পৰিয়ালে বিএমচিৰ টি ৱাৰ্ডলৈ অহা-যোৱা কৰিবলৈ আৰম্ভ কৰিছে। উকীলৰ খৰছ, কাগজ-পত্ৰৰ ফটোকপি, অটোৰিক্সাৰ ভাড়া তথা আন খৰছ মিলাই এতিয়ালৈকে ৮০০০ টকাৰ বেছি খৰছ হৈছে।
বেংকত থকা অশোকৰ দৰমহাৰ খাতাৰ টকা উলিয়াব নোৱাৰাৰ বাবে আধা তোলা সোণৰ কাণফুলি বন্ধকত থৈ ৯০০০ টকা আনিছিল। “নটাৰীৰ পৰা অনা কাগজ দিয়াৰ পিছত প্ৰতিবাৰেই বিএমচিৰ বিষয়াই কাগজখনত কিছু সালসলনিৰ কৰিব লাগিব বুলি কয়। ৫০ লাখ টকা যদি নহয়, তেন্তে নিয়ম অনুসৰি বিএমচিয়ে মোৰ ডাঙৰ ল’ৰাটোক দেউতাকৰ ঠাইত চাকৰি দিয়ক,” সকলো ফাইল আৰু কাগজ-পত্ৰ দেখুৱাই মোক শীলাই কয়।
২৭ আগষ্টত যেতিয়া এই সাংবাদিকে টি ৱাৰ্ডত থকা সহকাৰী আয়ুক্তৰ সৈতে কথা পাতিছিল, তেওঁ এনেদৰে সহাঁৰি জনাইছিলঃ “হয়, তেওঁ আমাৰ কৰ্মচাৰী আছিল আৰু বীমাৰ ধন দিয়াৰ বাবে তেওঁৰ নথিপত্ৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। বিএমচি বিষয়াৰ অনুসন্ধান সমিতি গঠনৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে, বিএমচিয়ে এই বিষয়ত ব্যৱস্থা লৈ আছে।”
অশোকৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালটো চলিছিল। জুন মাহৰ পৰা শীলাই ওচৰৰ বিল্ডিঙৰ দুঘৰত ৰান্ধনীৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। দুয়োঘৰৰ পৰা মুঠ ৪০০০ টকা পায়। “চলিবলৈ বৰ অসুবিধা হৈছে। মই কেতিয়াও কাম কৰা নাছিলো, এতিয়া বাধ্য হৈছো। মোৰ দুটা ল’ৰা-ছোৱালীয়ে এতিয়াও পঢ়ি আছে,” তেওঁ কয়। তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ ৪৮ বছৰীয়া ভগৱান মাগাৰে নাৱি মুম্বাই পৌৰ নিগমৰ এজন ঠিকাভিত্তিক চাফাই কৰ্মচাৰী। পৰিশোধ কৰিবলৈ বাকী থকা ঘৰ ভাড়াৰ ১২,০০০ টকা দি তেওঁ সহায় কৰিছে।
২০১৬ত অশোকে স্থায়ী চাফাই কৰ্মচাৰী হ’বলৈ সক্ষম হৈছিল আৰু মাহে পূৰ্বৰ ১০,০০০ টকা পৰিৱৰ্তে ৩৪,০০০ টকা দৰমহা পাইছিল। “যেতিয়া তেওঁৰ দৰমহা ভাল হ’ল, তেতিয়া আমি মুলুণ্ডৰ বস্তিৰ পৰা এছ আৰ এ বিল্ডিঙৰ ভাড়াঘৰলৈ আহিলো। লাহে লাহে আমাৰ অৱস্থা ভাললৈ আহিছিল,” শীলাই কয়।
অশোকৰ মৃত্যুৰ লগে লগে টাৰে পৰিয়ালটো অচল হৈ পৰিল। “চৰকাৰে আমাৰ কথা শুনাটো আমি বিচাৰো। তেওঁক ছুটী বিচাৰোতে কিয় দিয়া নাছিল? তেওঁ আৰু সহকৰ্মীসকলৰ স্বাস্থ্যপৰীক্ষা ততাতৈয়াকৈ কিয় কৰা নাছিল?” শীলাই প্ৰশ্ন কৰে। “হাস্পতালত চিকিৎসাধীন হোৱাৰ কাৰণে কিয় তেওঁ কাকূতি-মিনতি কৰিবলগা হৈছিল? তেওঁৰ মৃত্যুৰ কাৰণে প্ৰকৃততে কোন দায়ী?”
অনুবাদ - পংকজ দাস