‘সান্ধ্য আইনৰ আওতাত আমি নপৰো। আমি এদিনৰ ছুটীও ল’ব নোৱাৰো। জনতাক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে আমি নগৰবোৰ চাফা কৰি যাবই লাগিব,’ চেন্নাইৰ থাউজেণ্ড লাইটচ্ এলেকাৰ অনাময় কৰ্মী দীপিকাই কয়।
২২ মাৰ্চৰ দিনা ‘জনতা কাৰফিউ’ মানি সমগ্ৰ দেশৰ জনতাই ঘৰৰ ভিতৰত সোমাই আছিল, মাত্ৰ সন্ধিয়া ৫ বজাত স্বাস্থ্যসেৱাৰ সৈতে জৰিত কৰ্মচাৰীসকলক ‘কৃতজ্ঞতা’ যাঁচিবলৈ মানুহ গোট খাইছিল। দিনটো মহানগৰবোৰৰ চাফাই কৰ্মত লাগি থকা অনাময় কৰ্মীসকলেও সেই শলাগৰ ভাগ পাইছিল। ‘আমাৰ সেৱাৰ প্ৰয়োজন আগতকৈও অধিক লগা হ’ল,’ দিপীকাই কয়। ‘আমি সেই ভাইৰাছবিধক এই আলি-গলিৰ পৰা ধুই পেলাব লাগিব।’
আন দিনাৰ দৰেই দীপিকা আৰু অইনসকলে কোনোধৰণৰ সুৰক্ষামূলক পোচাক-পাতি নিপিন্ধাকৈয়ে পথত চাফাই কামত লাগি আছিল। আন দিনতকৈও সিদিনাৰ পৰিস্থিতি অতিকৈ বেয়া আছিল। দেশজোৰা তলাবন্ধৰ ফলত আৱৰ্জনাৰ দম কঢ়িওৱা গাড়ীত ওলমি তেওঁলোকৰ বহুতেই কৰ্মস্থলীলৈ আহিবলগীয়া হৈছিল। বহুতেই আকৌ ভালেকিলোমিটাৰ বাট খোজকাঢ়ি কৰ্মস্থলীত উপস্থিত হৈছিল। ‘২২ মাৰ্চৰ দিনা দূৰণিৰ সহকৰ্মীসকলে কামলৈ আহিব নোৱাৰা হেতুকে আন দিনাতকৈ বেছি পথ মই চাফা কৰিবলগীয়া হৈছিল,’ দীপিকাই কয়।
এই আলোকচিত্ৰবোৰত দেখা পোৱা প্ৰায়ভাগ মহিলা চাফাইকৰ্মীয়ে কেন্দ্ৰীয় আৰু দক্ষিণ চেন্নাইৰ থাউজেণ্ড চিটি লাইটচ্ আৰু আলৱাৰপেট, আন্না শালাই আদি এলেকাত কাম কৰে। ইয়ালৈ কাম কৰিবলৈ অহা প্ৰায়ভাগ মহিলাই চেন্নাইৰ উত্তৰাঞ্চলৰ নিজৰ ঘৰৰ পৰা অহা-যোৱা কৰে।
এতিয়া তেওঁলোকে এক আচহুৱা প্ৰকৃতিৰ কৃতজ্ঞতা লাভ কৰিছে। ২৪ মাৰ্চৰ দিনা তলাবন্ধ ঘোষণাৰ পিছৰেপৰা অনাময় কৰ্মীয়ে ছুটি ল’ব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে। ‘খতি কৰিলে কাম হেৰুৱাব লাগিব বুলি তেওঁলোকক কোৱা হৈছে,’ চি.আই.টি.ইউ.ৰ স্বীকৃতিপ্ৰাপ্ত চেন্নাই ক’ৰ্পৰেশ্যন ৰেড ফ্লেগ ইউনিয়নৰ বি. শ্ৰীনিভাসুলুৱে কয়। শ্ৰীনিভাসুলুৱে কয় যে যাতায়তৰ কাৰণে বাছৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় আৰু প্ৰায়ে পলমকৈ আহে। সেয়ে অনাময় কৰ্মীয়ে আৱৰ্জনা কঢ়িওৱা গাডীতেই যাতায়ত কৰিবলগীয়া হয়। অনাময় কৰ্মীয়ে ইয়াত ৯০০০ পৰ্যন্ত মজুৰী লাভ কৰে, কিন্তু ভাল দিনতো তেওঁলোকে দিনে ৬০ টকা যাতায়তৰ নামত খৰছ কৰিবলগীয়া হয়। সান্ধ্য আইন আৰু তলাবন্ধৰ সময়ত চৰকাৰী বাছ নাইবা পৌৰনিগমে ব্যৱস্থা কৰি দিয়া বাহনৰ সুবিধা লাভত কৰিব নোৱাৰাসকলে খোজকাঢ়িয়েই কামলৈ আহিছে।
‘অলপতে চেন্নাই নিগমে তেওঁলোকক সুৰক্ষামূলক সামগ্ৰী দিবলৈ আৰম্ভ কৰিছে, কিন্তু সেইবোৰ নিম্নমানৰ। তেওঁলোকক ডিচপ’জেবল মাস্ক দিয়া হৈছে, কিন্তু সেয়া পুনৰ্ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে। এচাম মেলেৰিয়া কৰ্মী (ৱাৰ্ডবোৰত ধোঁৱা দি মহ খেদা কাম কৰাসকলক)ৰ কেৱল কিছুমানক সুৰক্ষামূলক কাভাৰ আদি দিয়া হৈছে, কিন্তু জোতা বা গ্লোভচ্ কোনো এবিধো উন্নতমানৰ নহয়,’ শ্ৰীনিভাসুলুৱে কয়। তেওঁ কয় যে নিগমে মণ্ডল হিচাপে ভাগ কৰি ক’ৰণাভাইৰাছ বিৰোধী অভিযানৰ কাৰণে অতিৰিক্ত ধন আবণ্টন দিছে। কিন্তু সেয়া শ্ৰমিকৰ হাতত পৰেহি মানে সময় লাগিব পাৰে।
এতিয়া খালী আৰু অস্বাভাৱিক ধৰণে নীৰৱ পথ আৰু তলাবন্ধ ঘৰ-দুৱাৰ থকা আবাসিক চৌহদ আদিয়েই অনাময় কৰ্মীসকলৰ কৰ্মস্থল। ‘কিন্তু আমি প্ৰখৰ সুৰ্যৰ তাপতো কাম কৰি যাব লাগিব যাতে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ গাত ভাইৰাছ নালাগে। আমাৰ নিজৰ সন্তান আৰু সিহঁতৰ নিৰাপত্তাৰ কথা কোনো চিন্তা কৰে?’ অনাময় কৰ্মীসকলৰ মাজৰে এজনে সোধে। সান্ধ্য আইন ঘোষণাৰ পিছৰে পৰা ৰাস্তাত আৱৰ্জনাৰ পৰিমাণ কমিছে যদিও ঘৰৰ পৰা ওলোৱা আৱৰ্জনা বাঢ়িছে। ‘এনে পৰিস্থিতিত আমাৰ কৰ্মীয়ে জৈৱপচনশীল বা জৈৱ-অপচনশীল আৱৰ্জনা পৃথক কৰিব নোৱাৰে। এয়া সাময়িকভাৱে বন্ধ কৰিবলৈ আমি নিগমক অনুৰোধ জনাইছো,’ তলাবন্ধৰ সময়ত অনাময় কৰ্মীসকলে খোৱাপানীটুপিও পাবলৈ টান হৈ পৰা এনে পৰিস্থিতিলৈ আঙুলিয়াই শ্ৰীনিভাসুলুৱে কয়। ‘আগতে তেওঁলোকৰ কৰ্মস্থলীৰ আবাসিক কলনিৰ মানুহে পানী যাঁচিছিল। কিন্ত এতিয়া বহুতেই কৈছে যে তেওঁলোকক এইকেইদিন খোৱাপানী দিবলৈ মানুহ অমান্তি হৈছে।’
তামিলনাডুত শ্ৰীনিভাসুলুৰ মতে ২ লাখ অনাময় কৰ্মী আছে। কেৱল চেন্নাইতে প্ৰায় ৭০০০ পূৰ্ণকালীন কৰ্মী আছে, কিন্তু সেয়া পৰ্যাপ্ত নহয়। ‘২০১৫ৰ বানপানী আৰু তাৰে পাছৰ বৰ্ষতে হোৱা বৰ্দাহ ঘূৰ্ণীবতাহৰ কথা মনত পৰেনে? পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ ১৩ খন জিলাৰ পৰা অনাময় কৰ্মী আৰু শ্ৰমিক মগাবলগীয়া হৈছিল। ৰাজ্যৰ ৰাজধানীতে যদি এনে নাটনি, তেন্তে জিলা পৰ্যায়ত চাবলৈ গ’লে কৰ্মচাৰীৰ সংখ্যা তেনেই তাকৰীয়া।’
অনাময় কৰ্মীসকলে অৱসৰৰ পূৰ্বেই মৰাটো অস্বাভাৱিক নহয়। ‘আমাৰ সুৰক্ষামূলক পোচাক-পাতি নাই আৰু শেষত কোনো এটা সংক্ৰামক ৰোগত মৃত্যু হ’ব পাৰে,’ তেওঁলোকৰ মাজৰে এজনে কয়। পয়োনলাত সোমোৱাসকলৰ শ্বাসাৱৰোধ হৈ মৃত্যু হয়। তামিলনাডুত ফেব্ৰুৱাৰী মাহত পয়োনলাত সোমাই অতিকমেও পাঁচজন অনাময় কৰ্মীৰ মৃত্যু হৈছে।
‘মানুহে আমাৰ প্ৰতি কৃতজ্ঞ বুলিয়েই কয়, কিয়নো আমি ৰাস্তাবোৰ চাফা কৰি ৰাখো আৰু তেওঁলোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰো। টিভি চেনেলেও আমাৰ সাক্ষাৎকাৰ লৈছে। কিন্তু এই কাম আমি সদায়েই কৰি আহিছো,’ তাই কয়।
‘আমি সকলো সময়তে নগৰখন চাফা কৰি ৰাখিছো, আৰু সেইকামত নিজৰ জীৱন বিপদসংকুল কৰিছো। তেওঁলোকে আমাক এতিয়া ধন্যবাদ দিব পাৰে, কিন্তু আমি তেওঁলোকক কুশলে ৰখাক লৈ সদায়ে সচেতন।’
তলাবন্ধৰ এই কালচোৱাত কাম কৰাৰ বাবে অনাময় কৰ্মীসকলক অতিৰিক্ত মজুৰী দিয়া নহয়।
সেয়াই আপোনালোকৰ কাৰণে কৃতজ্ঞতা।
অনুবাদঃ পংকজ দাস