'নাকান্দিবা, আমি কিবা এটা কৰিম। অতি সোনকালে আপুনি সহায় পোৱাৰ ব্যৱস্থা মই নিশ্চিতভাৱে কৰি আছো।’ সুনীতা ভোসলেয়ে ক’লে। আহমেদ নগৰ জিলাৰ শ্ৰীগোণ্ডা তালুকৰ কানছেৱাড়ী গাঁৱৰ পৰা তেঁওলৈ ফোন আহিছিল।

নিজৰ খেতিৰ পথাৰৰ মাজেৰে এটা সৰু মথাউৰি নিৰ্মান কৰাৰ বাবে একাংশ গাঁওবাসীয়ে ৮০ বছৰ বসসীয়া শান্তাৰাম চাৱনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। তেঁওৰ জীয়ৰী পিণ্টিয়ে বৃদ্ধ পিতৃক আহমেদ নগৰ অসামৰিক চিকিৎসালয়লৈ আনিছে। এই ৪০ বছৰীয়া পিণ্টিকে সুনীতাই ফোনত সহায় কৰাৰ আশ্বাস দিছে।

ইয়াৰ পিচত সুনীতাই আহমেদ নগৰত থকা আন এজন স্বেচ্ছাসেৱীলৈ ফোন কৰে। 'সেই চাৱন নামৰ বৃদ্ধজনক আকৌ আক্ৰমণ কৰি আহত কৰিছে। সোনকালে থানালৈ যাওক। ৩০৭ ধাৰাৰ অধীনত (ভাৰতীয়) দণ্ডবিধিৰ অধীনত হত্যাৰ চেষ্টে) এটা গোচৰ ৰুজু কৰিবলৈ পুলিচক কওক। মোক জনাই থাকিব।’ কথাখিনি কৈ সুনীতাই ফোনৰ সংযোগ কাটি দিলে।

কেইটামান নীৰৱ মূহুৰ্ত্তৰ পিচত তেঁও খঙেৰে ক’লে, 'সিহতে কেনেকৈ এনেকুৱা কাম কৰিব পাৰিলে? সেয়া তেঁওৰ মাটি। শান্তাৰামৰ ওপৰত এয়া দ্বিতীয় আক্ৰমণ। সিহতে আগতে তেঁওৰ এখন হাত ভাঙি থৈছে। এতিয়া কি সিহতে তেঁওক হত্যা কৰিব বিচাৰিছে নেকি? শান্তাৰাম চাৱনৰ দৰে ৩৩ বছৰীয়া সুনীতা ভোসলেও ফানছে প্ৰাধি জনজাতিৰ লোক। জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে অনুসূচীত জনজাতি (এছটি) ৰূপে তালিকাভূক্ত কৰিছে। এই সম্প্ৰদায়ৰ লোকসকল বহুদশক ধৰি বৈষম্য আৰু হিংসাৰ বলি হৈ আহিছে।

Sunita listening to a case over the phone
PHOTO • Jyoti Shinoli

সুনীতা ভোসলে, সহায় বিচাৰি প্ৰাধি সম্প্ৰদায়ৰ লোকে প্ৰায়ে তেঁওলৈ ফোন কৰে

উপনিবেশীক বৃটিছ চৰকাৰে আন বহুতো জনজাতিৰ লগতে প্ৰাধিসকলকো 'অপৰাধী জনজাতি’ৰূপে নথিভূক্ত কৰিছিল।

অপৰাধী জনজাতি’ আইন (Criminal Tribes Act) ১৮৭১ আৰু পৰৱৰ্তী সময়ত কৰা এই আইনৰ সংশোধনীত ১২০ টা সম্প্ৰদায়ক ‘অপৰাধী জনজাতি’ৰূপে অধিসূচিত কৰা হৈছিল৷ এই জাতিবিলাক জন্মগতভাৱে অপৰাধী, বৃত্তি হিচাপে অপৰাধী কাৰ্যকলাপত সদায় লিপ্ত থাকে বুলি অপৰাধী জনজাতি আইন চমুকৈ চিটিএৰ অধিসূচনাত কোৱা হৈছিল৷ অঘৰী বা পশুপালক সম্প্ৰদায়সমূহৰ লোকক আজি পৰ্যন্ত কলংকিত কৰিবপৰা, শাস্তি প্ৰদান কৰা, এঘৰীয়া কৰা আৰু বলপূৰ্বকভাৱে পাল্কী কঢিওৱাৰ কামত লগাবলৈ এই আইনে উপনিবেশীক চৰকাৰক ক্ষমতা প্ৰদান কৰিছিল৷ মুম্বাইত থকা টাটা ইনষ্টিটুইট অব ছ’চিয়েল চায়েঞ্চ (টিআইএছএছ)ৰ অপৰাধ বিজ্ঞান আৰু ন্যায় কেন্দ্ৰ (Centre for Criminology and Justice)ৰ 'মুম্বাইত প্ৰাধিসকলৰ সামাজিক মৰ্যাদা সম্পৰ্কে এক প্ৰতিবেদন’ শীৰ্ষক অধ্যয়নত এয়া উল্লিখিত।

১৯৫২ ত ভাৰত চৰকাৰে উক্ত আইনখন খাৰিজ কৰিলে আৰু উক্ত অধিসূচনা প্ৰত্যাহাৰ কৰিলে। সেইসকলৰ কিছুমানক অনুসূচীত জাতিৰ তালিকাভূক্ত কৰিলে, কিছুমান অনুসূচীত জনজাতি আৰু আন কিছুমানক অন্যান্য পিছপৰা জাতি (ওবিচি)ৰ অন্তৰ্ভূক্ত কৰিলে।

২০১১ৰ জনগণনা অনুসৰি প্ৰায় ২২,৩৫২৯ জন প্ৰাধি জনজাতিৰ লোক মহাৰাষ্ট্ৰত আছে, আন বহুতো প্ৰাধিলোক ছত্তীশগড়, গুজৰাট, কৰ্ণাটক আৰু মধ্যপ্ৰদেশত আছে। প্ৰাধিসকলৰ মাজত বহুতো উপ-জাতি আছে। এই উপজাতিবোৰক পূৰ্বে তেঁওলোকৰ বৃত্তি অনুসৰি নামাকৰণ কৰা হৈছিল বা কেতিয়াবা তেঁওলোকৰ থকাৰ ধৰণৰ ওপৰতো নামাকৰণ নিৰ্ভৰ কৰিছিল, যেনে, পাল প্ৰধা (যিসকলে তম্বুত বাস কৰে), ভিল প্ৰাধি (যিসকলে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰে), ফানছে প্ৰাধি (যিসকলে ফান্দ পাতি চিকাৰ কৰে) আদি।

কমেও ১৫০০ অঘৰী বা পশুপালক সম্প্ৰদায়ৰ ১৯৮ টা উপজাতিক অধিসূচনাৰ পৰা বাদ দি ৰাষ্ট্ৰীয় অধিসূচনাৰহিত আয়োগৰ তালিকাভূক্ত কৰিলে। শিক্ষা, নিয়োগ আদি সা-সুবিধা লাভৰ ক্ষেত্ৰত প্ৰাধিসকলৰ দেশৰ অতি বঞ্চিত লোক, তেঁওলোকক এতিয়াও অপৰাধপ্ৰৱণৰূপে কলংকিত কৰাৰ প্ৰৱণতা জীৱন্ত হৈ আছে আৰু তেঁওলোকে কলংকৰ বোজা বব লগা হৈছে।

'আমাক এতিয়াও অপৰাধী বুলি কয়’ সুনীতাই ক’লে। 'গাঁৱত যিকোনো অপৰাধ সংঘটিত হ’লে পুলিচে প্ৰথমতে প্ৰাধিসকলক অভিযুক্ত কৰে, কাৰণ পুলিচৰ বাবে সেইটো সহজ কাম। অথচ প্ৰাধিসকলৰ বিৰুদ্ধে যি নিপীড়ন চলোৱা হৈছে সেয়া অতি গুৰুতৰ যদিও আপুনি সেয়া এতিয়াও দেখিবলৈ পাব। আমাৰ ওপৰত জাপি দিয়া কলংকৰ বোজা আতৰাবৰ সময় হ’ল।

প্ৰাধিসকলৰ অধিকাৰৰ বাবে লাগি থকাসকলৰ ভিতৰত সুনীতা অন্যতম। কিন্তু সুনীতাৰ বাবে এয়া হ’ব এক দীঘলীয়া যাত্ৰা।

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৰুৰ তালুকৰ আম্বলে গাঁৱৰ জিলা পৰিষদৰ স্কুলত ষষ্ঠ মানলৈকে পঢ়ি থাকোতে সুনীতায়ো বহু হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল। 'মোৰ জাতিটোৰ বাবে মোক সাংঘাটিকভাৱে ভেঙুচালি কৰিছিল বা অপদস্থ কৰিছিল। মই আচৰিত হৈছিলো যে সিহতে কিয় মোৰ প্ৰতি এনে আচৰণ কৰিছিল?

সুনীতাৰ পিতৃ ইননামে কেতিয়াবা খাবৰ কাৰণে গুঁই, ডঁৰিক চৰাই, এন্দুৰ অথবা আন সৰু প্ৰাণীৰ চিকাৰ কৰে। তেঁওৰ মাতৃ শান্তিবাঈয়ে সুনীতাৰ জেষ্ঠ ভগ্নী অনিতাৰ সৈতে খাদ্যৰ বাবে ভিক্ষা কৰে আৰু ভায়েক অবিনাশ ঘৰত থাকে। 'আমি প্ৰায়ে অনাহাৰে থাকিছিলো। মোৰ মনত আছে যে স্কুলত আমাক গাখীৰ খাবলৈ দিছিল, মই পেট ভৰাই খাইছিলো, কাৰণ ঘৰত খাবলৈ একো নাথাকে। আমাৰ শিক্ষকসকল ভাল মানুহ আছিল, তেঁও মোক যিমান খাব পাৰো, সিমান খাব দিছিল। তেঁও প্ৰাধিসকলৰ অৱস্থাৰ বিষয়ে জানিছিল। ভিক্ষা কৰি পোৱা খাদ্য বস্তু চাৰিজনীয়া পৰিয়ালটোৰ বাবে যথেষ্ট নাছিল। আমি কেতিয়াবাহে 'ভাকৰি’ দেখিবলৈ পাইছিলো’ সুনীতাই কৈ গ’ল।

Sunita Bhosale with her mother
PHOTO • Jyoti Shinoli

বাওফালে শান্তিবাঈয়ে কয়, 'মোৰ ছোৱালীয়ে আমাৰ সমাজৰ বাবে যি কৰিছে তাৰবাবে মই গৌৰৱ কৰো।’

গাঁওখনৰ এটা এমূৰীয়া ঘৰত সুনীতাহঁতৰ পৰিয়ালটোৱে বাস কৰিছিল। তাইৰ তিনি বছৰ হোৱাৰ সময়তে পিতৃয়ে নিচাসক্ত হৈ মাতৃৰ বাঁওহাতখন ভাঙিলে। 'চিকিৎসা আমাৰ বাবে বহু দূৰৰ বস্তু’ তেঁও ক’লে। সেয়ে সূনীতাৰ মাতৃৰ হাতখন চিৰদিনৰ বাবে বিকল হৈ পৰিল।

'এই ঘটনাৰ তিনিমাহৰ পিচত ৰেল লাইনৰ ৰঞ্জনগাঁও ৰোডত মোৰ দেউতাৰ মৃতদেহ পৰি আছিল। পুলিচে এয়া দুৰ্ঘটনা বুলি ক’লে। কিন্তু মায়ে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছিল আৰু পুলিচৰ অনুসন্ধান বিচাৰিছিল। সুনীতাই ক’লে। দেউতা  প্ৰাধি হোৱাৰ বাবেই কোনেও গুৰুত্ব নিদিলে, বৰঞ্চ অঞ্চলটোত চুৰি-ডকাইটি হ’লেই পুলিচে প্ৰায়ে দেউতাক গ্ৰেপ্তাৰ কৰিছিল। মায়ে আৰক্ষী অধীক্ষকক লগ কৰাৰো চেষ্টা কৰিছিল, একো ফল নধৰিলে।

নিজৰ সম্প্ৰদায়ৰ মাজত চলি থকা বৈষম্যৰ কথা সুনীতাই ভালকৈয়ে জানে। 'প্ৰাধি ল’ৰা-ছোৱালীয়ে স্কুলত পঢ়া অধৰুৱা কৰাৰ মূল কাৰণ হ’ল বাল্য বিবাহ। সুনীতাই ক’লে। 'তদুপৰি মহিলাক সামাজিক মৰ্যাদাৰ ফালৰ পৰা নিম্নখাপৰ বুলি গণ্য কৰা হয়। বিবাহিত মহিলাই নিজৰ বয়বস্তু ঘৰৰ ভিতৰত ৰাখিব নোৱাৰে। বিবাহিত মহিলাক ঘৰত গা ধুবলৈ দিয়া নহয়।’ প্ৰাধি জাত পঞ্চায়ত (জাতি পৰিষদ)ৰ একপক্ষীয় সিদ্ধান্তসমূহ মহিলাৰ 'অপবিত্ৰতা’ৰ ভিত্তিহীন ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত, আনকি এনে ধাৰণাই প্ৰাধিসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।

Clothes of a married woman of a Pardhi house have been kept outside her home
PHOTO • Jyoti Shinoli

(বাওঁফালে) প্ৰাধি পৰিয়ালত বিবাহিত মহিলাই তেঁওৰ কাপোৰ মূল ঘৰটোত ৰাখিব নোৱাৰে, বাহিৰৰ পৃথক কোঠা এটাত ৰাখিব লাগে।

সময় সলনি হোৱাৰ লগে লগে, যিসকল সমাজকৰ্মীয়ে প্ৰাধিৰ মাজত শিক্ষাৰ উদগনি দিছে আৰু জিলাখনত প্ৰাধিসকলৰ বিৰুদ্ধে চলা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে কাম কাৰ সুনীতা এতিয়া ভাৰতীয় দণ্ডবিধি আইন আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (উৎপীড়ন প্ৰতিৰোধ) আইনৰ সৈতে পৰিচিত হৈ পৰিছে। 'প্ৰতিজন প্ৰাধিয়ে এই আইন সম্পৰ্কে জ্ঞাত হোৱাটো মই বিচাৰো, যাতে পুলিচে তেঁওলোকক মুৰ্খ সজাব নোৱাৰে।’ সুনীতাই ক’লে।

শিৰুৰ তালুক আৰু পুণেত অনুষ্ঠিত মৰ্চা তথা সভা-সমিতিত সুনীতা উপস্থিত থাকিবলৈ আৰম্ভ কৰিছে, তাতেই তেঁও প্ৰখ্যাত সমাজকৰ্মী ইকনাথ আৱাড় আৰু ৰাজেন্দ্ৰ কালেৰ দৰে ব্যক্তিক সাক্ষাৎ কৰিছে অথবা তেঁওলোকৰ ভাষণ শুনিছে। 'তেঁওলো প্ৰেৰণাৰ উৎস। তেঁওলোক প্ৰাধি অধ্যুষিত অঞ্চললৈ আহে আৰু মই দেখিছো যে আমাৰ সম্প্ৰদায়ৰ মাজত থকা ভুল ধাৰণা আতৰাবলৈ তেঁওলোকে কেনেকৈ প্ৰচেষ্টা চলাইছে। এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ আমি সজাগ হ’ব লাগিব আৰু শিক্ষিত হ’ব লাগিব।’ সুনীতাই ক’লে।

প্ৰাধি লোকে বাস কৰা আম্বালে আৰু ইয়াৰ ওচৰৰ অঞ্চললৈ সুনীতাও যায়, শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাধিসকলৰ কিছুমান সামাজিক ৰীতি-নীতিৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সুনীতাই মানুহক বুজায়। ইয়াৰ লগতে নিজৰ ভনী আৰু ভায়েকৰ সৈতে সুনীতাই খেতিৰ কামো কৰে।

সুনীতাৰ মতে, প্ৰাধিসকলৰ আন সমস্যাও বহুত আছে। তেঁওলোকে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়, ভিক্ষা বিচাৰে, চিকাৰ কৰে অথবা দৃষ্টিকটু কাম কিছুমানো কৰে, সেই বাবেই বহুতৰে ৰেচন কাৰ্ড নাথাকে, ভোটাৰ পৰিচয় পত্ৰ নাথাকে, স্থায়ী শিক্ষা লাভত অসুবিধা হয়, অথবা স্বাস্থ্য সেৱা লাভৰ সুবিধা ল’ব নোৱাৰে। সুনীতাই নিজৰ সম্প্ৰদায়ৰ বাবে কাম কৰিবলৈ অংগীকাৰবদ্ধ হৈছে, সেইবাবে বিবাহ পাশত অবদ্ধ নহ’ল।

২০১০ চনত, নিজৰ কাম-কাজ কেন্দ্ৰীভূত কৰিবলৈ সুনীতাই 'ক্ৰান্তি’ নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন আৰম্ভ কৰে। ক্ৰান্তিয়ে এতিয়া পুণে জিলাৰ দাউণ্ড আৰু শিৰুৰ তালুক আৰু আহমেদনগৰ জিলাৰ (লোকপিয়লত আহমদনগৰ বুলি উল্লেখ আছে)ৰ শিৰগোণ্ডা তালুকৰ প্ৰায় ২২৯ খন গাঁৱত কাম কৰে।

সুনীতাই অনুমান কৰা মতে এই ২২৯ খন গাঁৱত প্ৰাধি লোকৰ জনসংখ্যা প্ৰায় ২৫ হাজাৰ মান হব। ৫০ গৰাকী স্বেচ্ছাসেৱক আৰু সমানজকৰ্মীৰ সহায়ত হিংসাত্মক ঘটনাৰ পৰা আৰম্ভ কৰি ধৰ্ষণ আৰু ডকাইটি বা হত্যাৰ ভূৱা অভিযোগৰ দৰে কমেও তিনিটা ঘটনাত সুনীতাৰ সংগঠনে হস্তক্ষেপ কৰে। তেঁও শোকাৰ্ত লোকসকলক সাক্ষাৎ কৰে, তেঁওলোকৰ সৈতে কথা পাতে, প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ ওচৰত অভিযযোগ দাখিল কৰাত সহায় কৰি দিয়ে। উকীলৰ ব্যৱস্থা কৰে, আদালতৰ মাচুল যোগাৰ কৰি দিয়ে আৰু গোচৰ চলাই নিয়াৰ কামত সহায় কৰে। 'অত্যাচাৰ কৰাৰ এটা গোচৰতো আজি পৰ্যন্ত ন্যায় বিচাৰ পোৱা নাই, ভূৱা গোচৰত অভিযুক্তৰ ৯৯ শতাংশ লোকেই নিৰ্দোষী।’ সুনীতাই কয়।

Aarti Kale is a girl from Pardhi community who wants to study further and not get married
PHOTO • Jyoti Shinoli
Sunita Bhosale in Karade village with children from Pardhi community. She works for their education
PHOTO • Jyoti Shinoli

নিজৰ সন্তানক স্কুললৈ পঠাবলৈ বহুতো প্ৰাধি পিতৃ-মাতৃয়ে আগ্ৰহ দেখুৱাইছে আৰু স্কুললৈ পঠাইছে। আৰতি কালে (বাঁওফালে) কাৰাডে গাঁৱত দশম শ্ৰেণীত পঢ়ি আছে, তেঁও আৰক্ষীত যোগদান কৰিব বিচাৰে।

এই সময়চোৱাত সুনীতাই মহাৰাষ্ট্ৰৰ বহুতো সংগঠনৰ পৰা ভালেমান ফেল’শ্বিপ আৰু পুৰস্কাৰ লাভ কৰিছে, সেই টকা তেঁও স্কুলীয়া ল’ৰা-ছোৱালীক দিয়ে বা নিজৰ সম্প্ৰদায়ৰ কোনো লোকৰ চিকিৎসা সাহায্যত ব্যয় কৰে। ব্যক্তিগত দান-বৰঙনিৰে সুনীতাই নিজৰ সংগঠনৰ পুঁজি কৰিছে। 'মোৰ নিজৰ উদ্দেশ্যত ব্ৰতী হৈ থাকিবলৈ মই সামান্য পইছা খৰছ কৰো, মোৰ লগত কাম কৰা স্বেচ্ছাসেৱী সকলো প্ৰাধি। মোৰ নিজৰ ৯ একৰ মাটিত মই জোৱাৰ, বজৰা আৰু হাৰভাৰাৰ খেতি কৰো। বছৰি ১৫-২০ কুইণ্টল উৎপাদন কৰো। উৎপাদিত শস্যৰ কিছু অংশ স্বেচ্ছাসেৱীসকলকো দিও। মই তেওলোকক দৰ্মহা দিব নোৱাৰো, কিন্তু টকাৰ দৰকাৰ হ’লে দিও কাৰণ তেঁওলোকৰ বেছি সংখ্যকেই নিবনুৱা অথবা কৃষি শ্ৰমিক নতুবা ছাত্ৰ।’

নিজৰ সম্প্ৰদায়ৰ প্ৰতিজন ব্যক্তিয়ে জাতিৰ প্ৰমাণপত্ৰ পোৱা নিশ্চিত কৰাটো সুনীতাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত এটা। তেতিয়া চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। 'ইয়াৰ উপৰি প্ৰাধিসকলৰ বৃহৎ পৰিসংখ্যা সংৰক্ষণৰ কথা ভাবিছো, নীতি ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিবলৈ এই কাম আচলতে চৰকাৰে কৰিব লাগে। চৰকাৰী কোনো আঁচনিয়েই আমাৰ ওচৰলৈ নাহে।’ সুনীতাই ক’লে।

'অনুসূচীৰ নামত চৰকাৰী বাজেটৰ হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰা হয় যদিও প্ৰাধি সম্প্ৰদায়ৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰে এটকাও খৰছ কৰা নাই।’ অধিসূচীত আৰু অধিসূচনা ৰহিত জনজাতিৰ ৰাষ্ট্ৰীয় মঞ্চ 'লোকধাৰা’ৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষক তথা মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভানেত্ৰী অধিবক্তা পল্লৱী ৰেনকেই ক’লে। ২০১৬ত 'IndiaSpend’ত ধাৰাবাহিকভাৱে প্ৰকাশিত

তথ্যমতে মধ্যাহ্ন আহাৰ, স্কলাৰশ্বিপ আৰু শস্য বীমাৰ দৰে পদক্ষেপ লোৱাৰ বাবে অনুসূচীত জাতি (এছচি) আৰু অনুসূচীত জনজাতি (এছটি)ৰ কল্যাণৰ বাবে যোৱা ৩৫ বছৰত বাজেটত ধাৰ্য কৰা ২.৮ লাখ কোটি টকা ব্যয় কৰা নহ’ল।

Sunita Bhosle with Ambedkar and Savitribai Phule’s photo
PHOTO • Jyoti Shinoli

সুনীতা- 'মই আম্বেদকাৰ আৰু সাবিত্ৰীবাঈ ফুলেৰ পদাংক অনুসৰণ কৰো। '

'অনুসূচীত জাতিৰ নামত বাজেটত হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰিলেও এই সম্প্ৰদায়ৰ উন্নয়নত চৰকাৰে কোনো টকা ব্যয় কৰা নাই।' লোকধাৰাৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভানেত্ৰী তথা অধিবক্তা পল্লৱী ৰেনকেই ক'লে।

সুনীতাৰ হিচাপমতে ২২৯ খন গাঁৱৰ ৫০ শতাংশ লোকে এতিয়া ভোটাৰ পৰিচয় পত্ৰ আৰু ৰেচন কাৰ্ড লাভ কৰিছে। বহুতো পিতৃ-মাতৃয়ে নিজৰ সন্তানক স্কুললৈ পঠাব বিচাৰিছে। মহাৰাষ্ট্ৰৰ সাক্ষৰতাৰ হাৰ যিসময়ত ৬৪ শতাংশ (২০১১ৰ জনগণনা অনুসৰি), তেনে সময়ত এই পদক্ষেপৰ গুৰুত্ব অপৰিসীম।

'শিক্ষাই আমাৰ জীৱনৰ গতি সলনি কৰে। এতিয়া মোৰ লক্ষ্য হ'ল এটা ভাল চাকৰি লাভ কৰা আৰু পৰিয়ালৰ বাবে উপাৰ্জন কৰা।' কাৰাদে গাঁৱৰ (১০ টা প্ৰাধি পৰিয়ালে কাম কৰে) ২৪ বছৰীয়া জিতেন্দ্ৰই ক'লে। তেঁওৰ পিতৃ-মাতৃ কৃষিশ্ৰমিক। কৃষিবিজ্ঞান বিষয়ত তেঁও ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে আৰু কনিষ্ঠ ভাতৃয়ে পুলিচত ভৰ্তি হ'বলৈ পৰীক্ষাৰ প্ৰস্তুতি চলাইছে।

আম্বালেত ২০০৩ চনত তৈয়াৰ কৰা ২টা কোঠাৰ এটা পকী ঘৰত মাতৃৰ সৈতে সুনীতা থাকে। তেঁও ভনী বিবাহিত, ভায়েকে পুণেত থকা নেচনেল ডিফেঞ্চ একাডেমিত মালিৰ কাম কৰে, তেঁও পৰিয়ালৰ সৈতে তাতে থাকে। নিজৰ জীয়েকৰ বাবে সুনীতাৰ মাতৃয়ে গৌৰৱ কৰে, 'মহিলা হিচাপে মই বহু কথা সহ্য কৰো। আমাৰ সমাজত আন মহিলাৰ তুলনাত আমাৰ হিলাৰ অৱস্থা অতি বেয়া। মই দেখি সুখী হৈছো যে মোৰ ছোৱালীয়ে সমাজৰ বাবে কিবা কৰিছে।' সুনীতাৰ মাতৃ শান্তিবাঈয়ে এইদৰে কয়।

সুনীতাৰ নতুন ঘৰটোৰ আলমাৰিত সংগঠনৰ কাগজ-নথিপত্ৰ ভৰ্তি হৈ আছে। 'মই আম্বেদকাৰ আৰু সাৱিত্ৰীবাঈৰ ফুলেৰ পদাংক অনুসৰণ কৰো। তেঁওলোক পিচপৰা সম্প্ৰদায়ৰ সমতা, শিক্ষা আৰু অধিবক্তাৰ বাবে সংগ্ৰাম কৰিছিল। কিন্তু আৰু বহুত কৰিবলগীয়া কাম আছে। ইযাৰ বাবে মোক সহায়-সমৰ্থন লাগে। আমাৰ কোনো ৰাজনৈতিক প্ৰতিনিধি নাই, যিয়ে আমাৰ কথা ক'ব।' সুনীতাই ক'লে।

অনুবাদঃ পংকজ দাস

Jyoti Shinoli

জ্যোতি শিনোলি পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার বরিষ্ঠ প্রতিবেদক। এর আগে তিনি 'মি মারাঠি' মহারাষ্ট্র ১' ইত্যাদি সংবাদ চ্যানেলে কাজ করেছেন।

Other stories by জ্যোতি শিনোলী
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das