প্ৰতি মাহে তলপেটৰ এক তীব্ৰ বিষে গায়ত্ৰী কাচ্চাৰাবিক কোঙা কৰিবই। এয়া অৱধাৰিত। এটা বছৰ আগতেই তেওঁৰ মাহেকীয়া বন্ধ হৈছে, কিন্তু প্ৰতি মাহে এই তিনিটা দিনে তেওঁক সেই মাহেকীয়াৰ দিনকেইটাৰ কথা সোঁৱৰাই দিয়ে।
“তেনেকৈয়ে মোৰ মাহেকীয়া হয়, কিন্তু তেজ নাযায়,” গায়ত্ৰীয়ে কয়। “তিনিটা সন্তান জন্ম দিয়াৰ পিছত চাগে মোৰ দেহত মাহেকীয়া হ’ব পৰাকৈ তেজ নাথাকিল,” ২৮ বছৰ বয়সীয়া গায়ত্ৰীয়ে কয়। মাহেকীয়া নোহোৱা অৱস্থা, যাক এমেন’ৰিয়া বুলি কোৱা হয়, সিটো অৱস্থাৰ পিছতো তেওঁৰ প্ৰতি মাহে পেট আৰু পিঠিৰ বিষ বন্ধ নহ’ল। সেই বিষ সাংঘাতিক তীব্ৰ, যেন প্ৰসৱবেদনাহে- গায়ত্ৰীয়ে কয়। “মই আনকি উঠিব নোৱাৰা হৈ পৰো।”
গায়ত্ৰী ওখ আৰু ক্ষীণ, চকুকেইটা উজ্জ্বল আৰু তেওঁ ঢেক ধৰি কথা কয়। কৰ্ণাটকৰ হাভেৰি জিলাৰ ৰাণীবেন্নুৰ তালুকৰ অচুন্দি গাঁৱৰ দাঁতিত থকা দলিত সম্প্ৰদায় মাদিগাসকলৰ মাদিগাৰা কেৰি কলনিৰ কৃষিশ্ৰমিক গায়ত্ৰীও শস্যপথাৰৰ এগৰাকী পাকৈত পলিনেটৰ (হস্ত পৰাগসংযোগকাৰী)।
এটা বছৰ আগতে যেতিয়া প্ৰস্ৰাৱ কৰাটোও কষ্টকৰ হৈ পৰিল, তেওঁ ডাক্তৰৰ কাষ চাপিল। গাঁৱৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ ব্যাদগিৰ প্ৰাইভেট ক্লিনিক এখনত তেওঁ দেখুৱালে।
“চৰকাৰী হস্পিতেলত ৰোগীক ভালকৈ গুৰুত্ব নিদিয়ে,” তেওঁ কয়। “সেয়ে মই নাযাও। বিনামূলীয়া চিকিৎসাৰ বাবে মোৰ কাৰ্ডো নাই।” তেওঁ প্ৰধানমন্ত্ৰী জন আৰোগ্য নিধিৰ কথা কৈছে, আয়ুস্মান ভাৰত আঁচনিৰ অধীনত এয়া এক স্বাস্থ্য বীমা কাৰ্য্যসূচী য’ত ছেকেণ্ডাৰী আৰু টাৰ্চিয়েৰী কেয়াৰ হস্পেতিলেত প্ৰতিটো পৰিয়ালক ৫ লাখ পৰ্য্যন্ত মেডিকেল কাভাৰ দিয়া হয়।
প্ৰাইভেট ক্লিনিকখনত ডাক্তৰে তেওঁক তেজৰ পৰীক্ষা আৰু তলপেটৰ আলট্ৰাচাউণ্ড স্কেন কৰাবলৈ দিলে।
এটা বছৰ হৈ গ’ল, গায়ত্ৰীয়ে সেই পৰীক্ষাকেইটা কৰা নাই। অতিকমেও ২,০০০ টকা খৰছ হ’লহেঁতেন। “মই নোৱাৰিলো। এই প্ৰতিবেদনকেইখন নোহোৱাকৈ ডাক্তৰৰ ওচৰলৈ গ’লে মোক গালি দিব। সেয়ে মই আৰু কেতিয়াও তালৈ নগ’লো,” তেওঁ কয়।
তাৰ পৰিৱৰ্তে বিষৰ টেবলেট খোৱা তেওঁ আৰম্ভ কৰিলে, সহজ আৰু তাৎক্ষণিক উপায়। “এন্থা গুলিগে আদাভো গোটিলা (কি টেবলেট মই নাজানো),” তেওঁ কয়। “আমাৰ পেটৰ বিষ হোৱা বুলি ক’লে ফাৰ্মাচিষ্টজনে সেই টেবলেট দিয়ে।”
৩,৮০৮ জনসংখ্যাৰ বাবে অচুন্দিৰ চৰকাৰী স্বাস্থ্যসেৱা পৰ্য্যাপ্ত নহয়। গাওঁখনত চিকিৎসা সেৱা আগবঢ়োৱা কোনো এজনৰো এম.বি.বি.এছ. ডিগ্ৰী নাই, তাত আন প্ৰাইভেট হস্পিতেল বা নাৰ্ছিং হোমো নাই।
গাওঁখনৰ পৰা ১০ কিলোমিটাৰ দুৰৰ ৰাণীবেন্নুৰত থকা মাদাৰ এণ্ড চাইল্ড হস্পিতেল (এম.চি.এইচ.)ত কেৱল এগৰাকী দক্ষতাসম্পন্ন প্ৰসৱকৰ্মী-স্ত্ৰীৰোগ বিশেষজ্ঞ (ও.বি.জি.) আছে, যদিওবা তাত দুটা অনুমোদিত পদ আছে। অচুন্দিৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দুৰত হিৰেকেৰুৰত আনখন চৰকাৰী হস্পিতেল আছে। এইখন হস্পিতেলত এটা অনুমোদিত ও.বি.জি. পদ আছে যদিও তেনে কোনো বিশেষজ্ঞ নাই। ইয়াত সাধাৰণ চিকিৎসা বিষয়াৰ ২০ টাৰ আটাইকেইটা পদ আৰু নাৰ্ছিং অধীক্ষকৰ ছটা পদ খালি হৈ আছে।
আজিৰ তাৰিখলৈ গায়ত্ৰীয়ে নাজানে কিয় তেওঁৰ মাহেকীয়া বন্ধ হ’ল বা কিয় তেওঁৰ তলপেটত প্ৰতিমাহে ইমান বিষ হয়। “মোৰ গাটো গধুৰ গধুৰ লাগে,” তেওঁ কয়। “মই নাজানো কিয় মোৰ তলপেটৰ বিষ হয়, মই অলপতে চকী এখনৰ পৰা পৰিছিলো, নে মোৰ কিডনীৰ পাথৰ থকা বাবেই বিষ, নে মাহেকীয়াৰ সমস্যা আছে।”
হিৰেকেৰুৰ তালুকৰ চিন্নামুলাগুণ্ড গাঁৱত গায়ত্ৰী ডাঙৰ-দীঘল হৈছিল, তাতে তেওঁ ৫ম মানৰ পৰা পঢ়া এৰিছিল। তেওঁ তাৰ পৰিৱৰ্তে হস্ত পৰাগসংযোগ ঘটোৱা কামত লাগিছিল। তাত প্ৰতি ছমাহৰ মুৰে মুৰে ১৫ৰ পৰা ২০ দিনৰ হাজিৰা নিশ্চিত আছিল। “ক্ৰছিঙৰ কাৰণে (হস্ত পৰাগসংযোগ) ২৫০ টকা পাওঁ,” তেওঁ কয়।
১৬ বছৰ বয়সতে বিয়া হোৱা গায়ত্ৰীৰ কৃষি শ্ৰমিক হিচাপে যি কাম, সেয়া সদায় অনিশ্চিত। কাষৰ লিংগায়ত সম্প্ৰদায়ৰ মাটি থকা লোকক মাকৈ, আদা বা কপাহৰ খেতিত কাম কৰা মানুহ লাগিলেহে কাম পায়। “আমাৰ কুলি (হাজিৰা) দিনটোত ২০০ টকা,” তেওঁ কয়। তিনিমাহত তেওঁ ৩০ৰ পৰা ৩৬ দিনৰ কাম পায়। “মাটিৰ মালিকে আমাক মাতিলে আমি কাম পাওঁ, নহ’লে বহি থাকো।”
কৃষিশ্ৰম আৰু হস্ত পৰাগসংযোগৰ কাম কৰি তেওঁ মাহত ২,৪০০ৰ পৰা ৩,৭৫০ টকা উপাৰ্জন কৰে। সেইখিনি তেওঁৰ চিকিৎসাৰ বাবে পৰ্য্যাপ্ত নহয়। গ্ৰীষ্মকালত নিয়মীয়া কাম নোহোৱা হোৱাত টকাৰ আৰু অধিক নাটনি ঘটে।
তেওঁৰ গিৰীয়েকজনো কৃষিশ্ৰমিক, কিন্তু মদ্যাসক্ত। তেওঁৰ উপাৰ্জন নগণ্য। তেওঁ প্ৰায়ে অসুস্থ হৈ থাকে। যোৱাটো বছৰত টাইফয়ড আৰু অৱসাদগ্ৰস্ততাৰ বাবে তেওঁ ছমাহতকৈ বেছি কাম কৰিব নোৱাৰিলে। ২০২২ৰ গ্ৰীষ্মকালত তেওঁ দূৰ্ঘটনাগ্ৰস্ত হোৱাত হাত এখন ভাঙিল। তেওঁৰ যত্ন ল’বলৈ গায়ত্ৰীয়ে তিনিমাহ ঘৰতে থাকিবলগীয়া হ’ল। তেওঁৰ চিকিৎসাৰ খৰছ ২০,০০০ মান হৈছিলগৈ।
গায়ত্ৰীয়ে ১০ টকা সুতত সুদখোৰ এজনৰ পৰা পইচা ধাৰে আনিছিল। তাৰপিছত আকৌ সুত দিবলৈ তেওঁ পইচা ধাৰে ল’বলগীয়া হৈছিল। তিনিটা ক্ষুদ্ৰসঞ্চয়ৰ কোম্পানীৰ পৰা তেওঁ মুঠ ১ লাখ টকাৰ ঋণ লৈ থৈছে। প্ৰতিমাহে তেওঁ এই ঋণৰ নামত ১০,০০০ টকা দিবলগীয়া হয়।
“কুলি মাদিড্ৰাগে জীৱনা আগলৰি মাথে (দিনহাজিৰা কৰি আমি জীৱন চলাব নোৱাৰো),” তেওঁ জোৰ দি কয়। “আমি অসুস্থ হ’লেই পইচা ধাৰে ল’বলগীয়া হয়। ধাৰে লোৱা টকা ঘুৰাই নিদিয়াকৈ থাকিব নোৱাৰো। খাবলৈ একো নাথাকিলেও আমি সাপ্তাহিক বজাৰখনলৈ নাযাও। প্ৰতি সপ্তাহে আমি সংঘ (ক্ষুদ্ৰসঞ্চয় কোম্পানী)ক পইচা দিব লাগে। তাৰপিছত যদি কিবা পইচা বাচি যায়, তেতিয়া আমি পাচলি কিনো।”
গায়ত্ৰীত খাদ্যতালিকাত পাচলি আৰু দাইল আদি নাই বুলিবই পাৰি। একেবাৰেই পইচা নাথাকিলে তেওঁ চুবুৰীয়াৰ পৰা বিলাহী আৰু জলকীয়া আনি আঞ্জা এখন ৰান্ধি খায়।
এয়া “ষ্টাৰ্ভেচন ডায়েট” (নিগমন খাদ্য), বেংগালুৰুৰ চেইণ্ট জনচ্ মেডিকেল কলেজৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ সহযোগী অধ্যাপক ডা. শৈব্যা চালদানহাই কয়। “উত্তৰ কৰ্ণাটকৰ প্ৰায়ভাগ মহিলা কৃষিশ্ৰমিকে এই ডায়েটতে চলে। তেওঁলোকে ভাত আৰু পনীয়া দাইল খায়, যিটোত পানী আৰু জলকীয়া গুড়ি বেছি থাকে। এনেকৈ অনাহাৰে থকাৰ ফলত তেওঁলোক ৰক্তহীনতাত ভোগে, যিটোৰ ফলত তেওঁলোক অৱসাদগ্ৰস্ততাত ভোগে,” ডা. চালদানহাই কয়, তেওঁ কিশোৰ আৰু শিশুৰ স্বাস্থ্যৰ উন্নীতকৰণৰ বাবে কাম কৰা সংস্থা এনফ’ল্ড ইণ্ডিয়াৰ সহ প্ৰতিস্থাপক। অঞ্চলটোত অনিচ্ছাকৃত জৰায়ুছেদনৰ বিষয়টো পৰ্য্যবেক্ষণ কৰাৰ বাবে ২০১৫ত কৰ্ণাটক ৰাজ্যিক মহিলা আয়োগৰ দ্বাৰা গঠিত কমিটিখনতো তেওঁ আছিল।
গায়ত্ৰীয়ে মূৰ আচন্দ্ৰাই কৰা, হাত আৰু ভৰিৰ জঠৰতা, পিঠিৰ বিষ আৰু অতিপাত ভাগৰ অনুভৱ কৰে। এয়া দীৰ্ঘদিনীয়া অপুষ্টি আৰু ৰক্তহীনতাৰ লক্ষণ, ডা. চালদানহাই কয়।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২১ অনুযায়ী যোৱা চাৰিটা বছৰত কৰ্ণাটকত ১৫-৪৯ বছৰ বয়সৰ ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ ২০১৫-১৬ৰ ৪৬.২ৰ পৰা বাঢ়ি গৈ ২০১৯-২০ত ৫০.৩ শতাংশ হৈছে। হাভেৰি জিলাত এই বয়সৰ গোটৰ প্ৰায় অৰ্ধেক সংখ্যক মহিলাই ৰক্তহীনতাত ভূগি আছে।
গায়ত্ৰীৰ দুৰ্বল স্বাস্থ্যও তেওঁৰ উপাৰ্জনৰ বাটত হেঙাৰ হৈ পৰিছে। “মই অসুস্থ। এদিন কামলৈ গ’লে দ্বিতীয়দিনা যাব নোৱাৰা হও,” হুমুনিয়াহ কাঢ়ি তেওঁ কয়।
একেটা চুবুৰীৰে দুকঠলীয়া ঘৰটোত মঞ্জুলা মহাদেৱাপ্পা কাচ্চাৰাবি তেওঁৰ গিৰীয়েক আৰু পৰিয়ালৰ আন ১৮ জনৰ সৈতে থাকে। যিটো কোঠাত তেওঁলোকে ৰাতি থাকে, সেইটোতে দিনত তেওঁলোকে ভাত ৰান্ধে
২৫ বছৰ বসসীয়া মঞ্জুলা মহাদেৱাপ্পা কাচ্চাৰাবিও সেই একে বিষত ভূগি আছে। মাহেকীয়াৰ সময়ত তেওঁৰ তীব্ৰ পেটৰ বিষ উঠে আৰু তাৰপাছত তলপেটৰ তীব্ৰ বিষ উঠে যোনিস্ৰাৱ ঘটে।
“পাঁচদিন মোৰ মাহেকীয়া হয় আৰু তীব্ৰ বিষ উঠে,” দিনে ২০০ টকাত কৃষিশ্ৰমিক হিচাপে কাম কৰা মঞ্জুলাই কয়। “তাৰপাছত মই দুই-তিনিদিন উঠিব নোৱাৰা হওঁ। পেটৰ বিষায় আৰু খোজ কাঢ়িব নোৱাৰা হওঁ। কামলৈ যাব নোৱাৰো। খাব নোৱাৰো। জিৰণী ল’বলগীয়া হয়।” বিষৰ উপৰি গায়ত্ৰী আৰু মঞ্জুলাৰ আন এটা সমস্যাও আছে, সেয়া হৈছে দুয়োগৰাকীৰে ঘৰত নিৰাপদ আৰু অনাময় শৌচাগাৰ নাই।
১২ বছৰ আগতে বিয়া হৈ গায়ত্ৰীয়ে অচুন্দিৰ দলিত কলনিৰ এই ৭.৫ x ১০ ফুটৰ খিৰিকীবিহীন ঘৰটোলৈ আহে। ঘৰটো এখন টেনিচ ক’ৰ্টৰ আধাতকৈ কম ঠাইত আছে। তাকো এফালে পাকঘৰ, থকা আৰু গা ধোৱা ঘৰত ভাগ কৰা আছে। শৌচাগাৰৰ বাবে ঠাই নাই।
মঞ্জুলাই তেওঁৰ গিৰীয়েক আৰু পৰিয়ালৰ ১৮ জন সদস্যৰ সৈতে একেটা চুবুৰীৰে দুটা কোঠাৰ ঘৰ এটাত থাকে। মাটি লেপি দিয়া বেৰ আৰু পুৰণি শাড়ীৰ পৰ্দাই ঘৰটোক ছটা ভাগত ভগাইছে। “এনুক্কু ইমবিলৰি (একোৰে বাবে ঠাই নাই),” তেওঁ কয়। “উৎসৱ-পাৰ্বণত যেতিয়া গোটেই পৰিয়ালটো একগোট হয়, তেতিয়া বহিবলৈকো ঠাই নাইকিয়া হয়।” মতাবোৰে তেতিয়া ৰাজহুৱা গৃহটোত থাকিবলৈ যায়।
মঞ্জুলাই গা ধোৱা ঠাইখিনিত থিয় দিছে, সেইটোকে ঘৰৰ আনসকলে শৌচাগাৰ হিচাপেও ব্যৱহাৰ কৰে। মাহেকীয়াৰ সময়ৰ সিৰামূৰি ধৰা আৰু তলপেটৰ বিষৰ ফলত তেওঁৰ হাত-ভৰিৰ বল নাইকিয়া হৈছে। সোঁফালে: ঘৰৰ ভিতৰত মঞ্জুলা আৰু আত্মীয়ই একেলগে খাদ্য ৰান্ধে আৰু ল’ৰা-ছোৱালীকেইটাক চায়
তেওঁলোকৰ গা ধোৱা সৰু ঠাইকণ এখন শাড়ীৰে আঁৰ কৰা আছে। মঞ্জুলাৰ ঘৰৰ আন সদস্যই এই ঠাইত প্ৰস্ৰাৱো কৰে, কিন্তু ঘৰত বেছি মানুহ নাথাকিলে নকৰে। নহ’লে পিছত দুৰ্গন্ধ ওলায়। চুবুৰীটোত পাইপলাইন বহুৱাওতে মাটি খান্দোতে পানী জমা হৈছিল আৰু বেৰবোৰত ভেঁকুৰ ধৰিছিল। ইয়াতেই মঞ্জুলাই মাহেকীয়াৰ সময়ত চেনিটেৰি পেড সলনি কৰে। “মই কেৱল দুবাৰ পেড সলাব পাৰো। এবাৰ পুৱা কামলৈ যোৱাৰ আগতে আৰু এবাৰ ঘৰলৈ আহি।” খেতিপথাৰত তেওঁ ব্যৱহাৰ কৰিবলৈ শৌচাগাৰ নাই।
ভৌগোলিকভাৱে দূৰত অৱস্থিত দলিত চুবুৰীবোৰৰ দৰে অচুন্দিৰ মাদিগাৰা কেৰিও গাঁৱৰ বাহিৰত আছে। তাত থকা ৬৭ টা ঘৰত ৬০০ মান লোকৰ জনবসতি, আধাতকৈ বেছি ঘৰত তিনিটাতকৈ বেছি পৰিয়াল থাকে।
৬০ বছৰ আগতে আবণ্টন দিয়া প্ৰায় ১.৫ একৰ মাটিত বিয়পি থকা অচুন্দিৰ মাদিগা সম্প্ৰদায়টোৰ জনসংখ্যা এতিয়া বাঢ়িছে। কিন্তু ঘৰৰ দাবী আৰু প্ৰতিবাদে কামত দিয়া নাই। নতুন প্ৰজন্ম আৰু তেওঁলোকৰ বাঢ়ি অহা পৰিয়ালক ঠাই দিবলৈ ক’তো এটুকুৰা ঠাই নাই। সেয়ে পৰিয়ালৰ লোকে য’ত থাকে তাতেই শাড়ী-পৰ্দা দি ভাগ কৰি লৈছে।
এনেদৰেই গায়ত্ৰীৰ ঘৰটো ২২.৫ x ৩০ৰ পৰা গৈ সৰু তিনিটা ঘৰলৈ ৰূপান্তৰিত হ’ল। তেওঁ, তেওঁৰ গিৰীয়েক, দুই পুত্ৰ, আৰু তেওঁৰ শাহু-শহুৰেকে তাৰে এটাত থাকে। আন দুটাত তেওঁৰ গিৰীয়েকৰ ভায়েকৰ পৰিয়াল দুটা থাকে। ঘৰটোৰ সন্মুখত থকা তেনেই ঠেক অকণামান ঠাইতে তেওঁলোকে কাপোৰ, বাচন-বৰ্তন ধোৱা আৰু ৭ আৰু ১০ বছৰ বয়সীয়া দুই পুত্ৰক গা ধুওৱা আদি কৰে। ঘৰটো সৰু হোৱা কাৰণে গায়ত্ৰীয়ে তেওঁৰ ৬ বছৰীয়া জীয়েকক চিন্নামুলাগুণ্ড গাঁৱৰ ককা-আইতাকৰ ঘৰলৈ পঠিয়াইছে।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২০ৰ তথ্য অনুসৰি কৰ্ণাটকৰ প্ৰায় ৭৪.৬ শতাংশই ‘উন্নত অনাময়ৰ সুবিধা’ ব্যৱহাৰ কৰে যদিও হাভেৰি জিলাত কেৱল ৬৮.৯ শতাংশৰ এই সুবিধা আছে। সৰ্বেক্ষণ মতে, উন্নত অনাময় সুবিধা মানে হৈছে “পয়ঃপ্ৰণালী ব্যৱস্থালৈ (নাইবা চেপ্টিক টেংক বা পিট লেট্ৰিন) ফ্লাছ বা প’ৰ ফ্লাছৰ ব্যৱস্থা, বাতায়নৰ সুবিধা থকা পিট লেট্ৰিন, শ্লেব থকা পিট লেট্ৰিন, নাইবা কম্পোষ্টিং শৌচালয়।” এনে কোনো সুবিধা অচুন্দিৰ মাদিগাৰা কেৰিত নাই। “হ’দাগা হগবেক্ৰি (আমি পথাৰতে যাবলগীয়া হয়),” গায়ত্ৰীয়ে কয়। সেয়ে পোহৰ নৌহওতেই চুবুৰীটোৰ লোকসকলে পথাৰলৈ যায়।
গায়ত্ৰীয়ে সেয়ে পানী খোৱা কমাইছে। কামৰ সময়ত পথাৰত মালিক থাকে কাৰণে এবাৰো প্ৰস্ৰাৱ কৰিবলৈ নোপোৱাৰ ফলত ঘৰলৈ অহাৰ পিছত তেওঁৰ তলপেটৰ তীব্ৰ বিষ অনুভৱ কৰে। “মই যদি এবাৰ যাও, প্ৰস্ৰাৱ কৰিবলৈ মোক আধাঘণ্টামান সময় লাগে। বহুত বিষ হয়।”
আনফালে মঞ্জুলাই যোনীৰ সংক্ৰমণত ভূগি থকা কাৰণে তলপেটৰ বিষ হয়। প্ৰতিমাহে তেওঁৰ মাহেকীয়াৰ পিছত যোনীস্ৰাৱ ঘটে। “পৰৱৰ্তীবাৰ মাহেকীয়া নোহোৱালৈ এই স্ৰাৱ নকমে। মাহেকীয়াৰ সময়ত মোৰ পেটৰ বিষ হয় আৰু পিঠি বিষায়। সাংঘাতিক বিষ। হাত আৰু ভৰিত বল নোপোৱা হওঁ।”
তেওঁ এতিয়ালৈ ৪-৫ খন প্ৰাইভেট ক্লিনিকলৈ গৈছে। স্কেনবিলাকত তেওঁৰ সকলো স্বাভাৱিক দেখুৱায়। “সন্তান জন্ম নিদিয়ালৈকে (গৰ্ভধাৰণ নকৰালৈ) মোক চেক-আপ কৰিবলৈ নাযাবলৈ কোৱা হৈছিল। সেয়ে মই তাৰপিছত কোনো হস্পিতেললৈ যোৱা নাই। তেজপৰীক্ষা কৰা হোৱা নাছিল।”
ডাক্তৰৰ পৰামৰ্শত সন্তুষ্ট নহৈ তেওঁ স্থানীয় মন্দিৰৰ পুৰোহিতৰ পাৰম্পৰিক ভেষজ দৰৱৰ আশ্ৰয় ল’লে। কিন্তু বিষ আৰু স্ৰাৱ নকমিল।
অপুষ্টি, কেলচিয়ামৰ ঘাটি আৰু দীৰ্ঘসময় ধৰি কৰা কায়িক শ্ৰমৰ লগতে অস্বাস্থ্যকৰ পানী আৰু মুকলিত শৌচ কৰা আদিয়ে যোনীস্ৰাৱ, দীৰ্ঘদিনীয়া পিঠিৰ বিষ, তলপেটৰ বিষ আৰু শ্ৰোণীয় দহন আদি হ’ব পাৰে, ডা. চালদানহাই কয়.
“এয়া হাভেৰি কিম্বা তেনে কেইটামান চুবুৰীৰে কথা নহয়,” কৰ্ণাটকৰ জনাৰোগ্য চৌলুভালি (কে.জে.এছ.) নামে সংস্থা যিয়ে ২০১৯ত অঞ্চলটোত প্ৰসূতিৰ মৃত্যুৰ বিষয়টোক লৈ কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল, তাৰে এগৰাকী অংশীদাৰ আৰু উত্তৰ কৰ্ণাটকৰ এগৰাকী সমাজকৰ্মী টীনা জেভিয়াৰে কয়। “এনে সুবিধাবিহীন মহিলাই ব্যক্তিগত স্বাস্থ্যখণ্ডৰ চিকাৰ হৈ পৰে।”
কৰ্ণাটকত গ্ৰামীণ স্বাস্থ্য ব্যৱস্থাত ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল অভাৱে গায়ত্ৰী আৰু মঞ্জুলাৰ দৰে মহিলাক ব্যক্তিগত স্বাস্থ্যখণ্ডৰ কাষ চাপিবলৈ বাধ্য কৰাইছে। দেশৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহক লৈ ২০১৭ত ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ অধীনত কৰা প্ৰজনন আৰু শিশুৰ স্বাস্থ্যৰ এক অডিটত কৰ্ণাটকত ডাক্তৰ, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰীৰ বৃহৎ নাটনিৰ কথা প্ৰকাশ পাইছিল।
এই গাঁথনিগত সমস্যাবোৰৰ বিষয়ে নজনা গায়ত্ৰীয়ে আশা কৰে যে এদিন তেওঁৰ সমস্য়া ধৰা পৰিব। বিষ উঠা সময়ত উদ্বিগ্ন হৈ পৰা তেওঁ কয়, “মোৰ কি হ’ব? তেজৰো পৰীক্ষা নকৰালো। কৰালে কিজানি জানিলোহেঁতেন, মোৰ কি সমস্য়া হৈ আছে। কোনোমতে পইচা ধাৰ কৰি মই পৰীক্ষাবোৰ কৰাব লাগিব। অন্ততঃ মোৰ দেহটোৰ সমস্যানো কি সেয়া মই জানিব লাগিব।”
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদ: পংকজ দাস