অনুবাদ: সুগন্ধি প্ৰাপ্তি
T


Maldah, West Bengal
|FRI, SEP 22, 2023
প্ৰব্ৰজিত শ্ৰমিক: মুম্বাই মহানগৰীখন গঢ়ি তোলা খনিকৰসকল
মুম্বাই মহানগৰীৰ বহু আকাশলংঘী অট্টালিকা সজা কামত নিয়োজিত অন্যান্য ৰাজ্যৰ পৰা নিম্ন মজুৰিত কাম কৰিবলৈ অহা প্ৰব্ৰজক শ্ৰমিকসকল
Author
Translator

Sapana Jaiswal
উচ্চতালৈ ভয় কৰা ২১ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিক মহম্মদ ৱাবলুৱে নিতৌ ত্ৰিশ নম্বৰ মহলালৈ উঠা-নমা কৰে। এতিয়া আৰু সেই ভয় নাই। "সৰুতে ভয় লাগিছিল, এতিয়া আৰু সেই ভয় নাই," তেওঁ কয়। ৱাবলুৰ ঘৰ পশ্চিম বংগৰ দৰিদ্ৰতম জিলাৰ মাজৰ এখন, মালদাত

Sapana Jaiswal
ৱাবলু, বাবুল শ্বেইখ আৰু মণিৰুল ছেথ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ অট্টালিকা নিৰ্মাণৰ কামৰ লগত জড়িত এটি শ্ৰমিকৰ গোট এটাৰ সদস্য। গোটটোৰ ভালেকেইজন শ্ৰমিকৰ বয়স ১৭ বছৰৰ আশে-পাশে। তেওঁলোকে এদিনত ৪০০ টকাৰ পৰা ৬০০ টকালৈ মজুৰি লাভ কৰে

Sapana Jaiswal
মুম্বাইৰ গোড়েগাওঁ ইষ্ট অঞ্চলৰ কোনো এক হাউচিং চচাইটিৰ ছাইটত কৰ্মৰত শ্ৰমিক

Sapana Jaiswal
তেওঁলোকে ওচৰৰে এটি বস্তি অঞ্চলৰ ভাড়া কোঠালিত বসবাস কৰে। কলেজ এৰি তেওঁলোকে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত এই ঠাইলৈ কাম বিচাৰি আহিছিল

Sapana Jaiswal
মহম্মদ বাবুল শ্বেইখ (২৭)য়ে কয়, "আমি সাতজন ককাই ভাই আৰু দুজনী বাই-ভনী। ডাঙৰ ককায়েককেইজনে কাম কৰো, যাতে সৰু ভাই-ভনীহঁত স্কুললৈ যাব পাৰে।" তেওঁৰ পিতৃ-মাতৃ যথেষ্ট বৃদ্ধ আৰু অসুখীয়া। সাতগৰাকী ককায়েক ভায়েকৰ ভিতৰত কেৱল দুগৰাকী ঘৰত থাকে। বাকীকেইজনে শ্ৰমিক হিচাপে কাম কৰিবলৈ ঘৰ এৰি ডাঙৰ ডাঙৰ চহৰলৈ যায়

Sapana Jaiswal
ৱাবলুৱে কয়, 'আমি কাম কৰিলেহে খাবলৈ পাওঁ। কাম নাপালে ভোকত থাকিব লাগে'

Sapana Jaiswal
আকাশলংঘী অট্টালিকাত ৰং কৰা বিপদজনক কাম। এবাৰ ভৰি পিচল খালেই মৃত্যু নিশ্চিত। শ্ৰমিকসকলৰ কাপোৰ-কানিও ৰাসায়নিক পদাৰ্থ মিহলি বিষাক্ত ৰঙেৰে তিতি থাকে। নতুন কাপোৰ লেতেৰা কৰিবলৈ বা নষ্ট নকৰিবলৈ তেওঁলোকে সেই একেইখিনি পুৰণা কাপোৰেই দিনৰ পিছত দিন ব্যৱহাৰ কৰে, ফলত উশাহ-নিশাহত বহুতো বিষাক্ত ৰাসায়নিক পদাৰ্থ সেৱন কৰে

Sapana Jaiswal
২২ বছৰীয়া মহম্মদ মণিৰুল ছেথৰ ঘৰো মালদা জিলাত। তেওঁ স্কুলীয়া শিক্ষা আধাতে এৰি ১৭ বছৰ বয়সৰ পৰাই শ্ৰমিক হিচাপে কাম কৰি আছে। কথা পাতিবলৈ তেওঁ অলপ সংকোচবোধ কৰিছিল

Sapana Jaiswal
খোৱা-বোৱা আৰু ঘৰ ভাড়াত খৰছ কৰাৰ পিছত তেওঁলোকে নিজৰ উপাৰ্জনৰ কিছু অংশ জমা কৰে আৰু বাকীখিনি প্ৰতিমাহে পৰিয়াললৈ পঠিয়ায়
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/builders-from-west-bengal-in-mumbai-as

