“মানুহে আহি মোৰ শহুৰদেউতাক সোধে, ‘আপোনাৰ ঘৰৰ ছোৱালী বাহিৰলৈ গৈ টকা আৰ্জিছে?’ মই চহৰৰ ছোৱালী নহয়, সেয়ে মোৰ বাবে নিয়মবোৰো বেছি কঢ়া,” ফাটিমা বিবিয়ে কয়
কথা কৈ থকাৰ মাজতে নিয়াৰিকৈ নিকাবখন আঁতৰাই ফাটিমাই সেইখন ঘৰৰ সন্মুখৰ দৰ্জাখনৰ গজাল এটাত আঁৰি থ’লে। “সৰুতে ভাবিছিলো, পাকঘৰত ৰন্ধা-বঢ়া আৰু ঘৰখন চম্ভালা কামতে মোৰ জীৱনটো সীমাবদ্ধ হৈ ৰ’ব,” তেতিয়াৰ দিনবোৰৰ কথা ভাবি তাই হাঁহি মাৰি কয়। “কিবা এটা নতুন কৰাৰ চিন্তাত মা-দেউতাই মোক স্বাধীনতা দিছিল, জীৱনটোত কিবা এটা কৰাৰ সাহ যোগাইছিল। মই মুছলমান ছোৱালী হ’ব পাৰো, কিন্তু এনেকুৱা একো নাই, যিটো মই কৰিব নোৱাৰো,” ২৮ বছৰ বয়সীয়া প্ৰাণচঞ্চল ছোৱালীজনীয়ে ক’লে, তাইৰ দোপাত্তাখনত খটোৱা ৰূপালী ধাতুৰ টুকুৰাবোৰ আবেলিৰ পোহৰত চিকমিকাই উঠিছে।
ফাটিমা থাকে উত্তৰ প্ৰদেশ প্ৰয়াগৰাজ (আগৰ নাম এলাহবাদ)ৰ মাহেৱা চহৰত, য’ত জীৱনৰ গতি কাষৰে যমুনা নদীৰ দৰেই ধীৰ-স্থিৰ। কিন্তু ভৰিৰ তলৰ বন গছকি নাইকিয়া কৰা ছটবটীয়া ফাটিমা আজি কাঁহিপাতৰ পৰা সুন্দৰকৈ নিৰ্মিত বিভিন্ন ঘৰুৱা সামগ্ৰী বিক্ৰী কৰা এগৰাকী সুনিপুণ শিল্প-উদ্যমী। উত্তৰ প্ৰদেশত এই কঁহুৱাক মুঞ্জ বুলি কোৱা হয়। কঁহুৱা বনৰ আগলি পাতেৰে সজা বিভিন্ন বস্তুৰ পৰাই এই নাম পাইছে।
সৰুকালিত ফাটিমাই জনা নাছিল জীৱনটোত কি কৰিব। কিন্তু মহম্মদ শ্বাকিলৰ সৈতে বিয়া হোৱাৰ পিছত তেওঁ মাহেৱালৈ যেতিয়া আহিল, সেইখন ঘৰতে আছিল কাঁহিপাতেৰে সামগ্ৰী তৈয়াৰ কৰা অভিজ্ঞ মুঞ্জ শিল্পী তেওঁক শাহুৱেক আয়েশা বেগম।














