পানী আনিবলৈ মই সদায় আমাৰ গাঁৱৰ পৰা বাহিৰলৈ ডেৰ কিলোমিটাৰ বাট খোজকাঢ়ি যাও। দিনে চাৰিবাৰকৈ যাব লাগে। আমাৰ গাঁৱত পানী একেবাৰেই নাই। গৰমৰ দিনকেইটাত বহুত কষ্ট হয়। কুৱাৰ পানী তললৈ নামি গৈছে…' যোৱাবাৰৰ দৰে এইবাৰো নাচিক-মুম্বাই কৃষক মৰ্চাত ভাগ ল'বলৈ অহা ভীমবাঈ দাম্বাল ক্ষোভত ফাটি পৰিছে।
'বৰষুণ কম হোৱাৰ কাৰণে যোৱাবাৰো খেতি নষ্ট হ'ল। আমাৰ পাঁচ একৰ মাটিৰ পৰা মই প্ৰতিবাৰেই ৮-১০ কুইণ্টল শস্য পাও। কিন্তু এইবাৰ দুই কুইণ্টলো নাপালো। মাটিখিনি আমাৰ নামত নথকাৰ কাৰণে আমি ক্ষতিপুৰণো নাপালো।' নাচিক জিলাৰ পেইণ্ট তালুকৰ নিৰগুড়ে কৰঞ্জলি গাঁৱৰ ৬২ বৰ্ষীয় ভীমবাঈয়ে কয়।
শস্য চপোৱাৰ পিছত ভীমবাঈয়ে ৰাগী, মাহৰ দাইল আৰু ৰহৰ খেতি কৰিলেহেঁতেন। এইবাৰ সেয়া নহ'ল। সেয়ে গাঁৱৰ পৰা ৩০-৪০ কিলোমিটাৰ দুৰৰ দেউলালি আৰু সোনগিৰি গাঁৱত তাই আঙুৰ, বিলাহী আৰু পিয়াজ চিঙা হাজিৰা কৰিবলৈ যায়। 'মই দিনে ১৫০ টকা উপাৰ্জন কৰোঁ আৰু অহা-যোৱা কৰোতে ভাড়া গাড়ীত গাই পতি ৪০ টকা খৰছ হয়। মই উপাৰ্জন কৰোঁ আৰু সেয়া খৰছো হৈ যায়।' তাই হুমুনিয়াহ কাঢ়ে।




