aarey-adivasis-then-we-lost-this-land-of-ours-as

Mumbai Suburban, Maharashtra

Aug 29, 2025

আৰেৰ আদিবাসী: ‘তাৰপিচত আমি ভেটি-মাটি সকলো হেৰুৱালোঁ’

এটা সময়ত উত্তৰ মুম্বাইৰ ৩২০০ একৰ জুৰি বিস্তৃত ভূ-ভাগ আছিল ২৭ টা আদিবাসী জনগোষ্ঠীৰ গৃহভূমি। কিন্তু বিগত কেইটামান বছৰত দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ তথা এখন ফিল্মচিটি জাতীয় ভালেকেইটা প্ৰকল্পই এই ভূমি গ্ৰাস কৰিছে। শেহতীয়াকৈ মুম্বাই মেট্ৰ’ৰ এটা কাৰ শ্বেড নিৰ্মাণ প্ৰকল্পৰ নামত ২৬০০ৰো অধিক গছ কটা গৈছে। তাৰ বিৰুদ্ধে চলি আছে আইনী যুঁজ। এই প্ৰক্ৰিয়াত বহু আদিবাসী লোকৰ ঘৰ ধূলিস্যাৎ হৈছে, তেওঁলোকৰ কৃষিভূমি কাঢ়ি নিয়া হৈছে আৰু জীৱন-জীৱিকা তচনচ হৈ পৰিছে। তাৰ বিৰুদ্ধে অনেকেই প্ৰতিবাদ জনাইছে, মিচিল আৰু সমাৱেশৰ আয়োজন কৰিছে, এই পডকাষ্টত এজন প্ৰতিবাদকাৰীয়ে কৈছে, ‘মেট্ৰ’ৰ দাবীত কিন্তু এটাও মিচিল ওলোৱা নাই’

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।