ইড়ামালাকুড়িৰ আদিবাসী মহিলাসকলৰ আটায়ে মুথাভান জনজাতিৰ। প্ৰায় সকলো মহিলা কেৰালাৰ ব্যতিক্ৰমী দাৰিদ্ৰ্য বিৰোধী আৰু লিংগীয় ন্যায় আন্দোলন কুৰুম্বাশ্ৰীৰ সদস্য। ফটোঃ মধুৰাজ, মাথৰুভূমি ৱিকলি

পাহাৰ, অৰণ্য আৰু বন্যহস্তীৰ বিচৰণভূমিৰ মাজেৰে ১৮ কিলোমিটাৰ পথ ইড়ামালাকুড়িৰ ৬০ গৰাকী মহিলাই যেতিয়া প্ৰায় ১০০ খন সৌৰফলক মূৰত লৈ খোজকাঢ়ি আহিল, এই কাৰ্য প্ৰায় একধৰণৰ ইতিহাস। কেৰালাৰ এই আওহতীয়া পঞ্চায়ত বা নিৰ্বাচিত গাওঁ পৰিষদত বিদ্যুতৰ ব্যৱস্থা নাই। এই সংযোগহীন অঞ্চলৰ ২৪০ টা পৰিয়ালৰ বাবে শক্তিৰ একমাত্ৰ উৎস সৌৰফলক আৰু বেটাৰী। আপুনি আনকি ইচ্ছা কৰিলে সৌৰশক্তিৰে আওপুৰণি টিভি চলাব পাৰে।

গাওঁখনৰ সকলোৰে বাবে সৌৰশক্তি দিয়াবলৈ চেষ্টা চলাবলৈ আৰু পাবলৈ কিছু পৰিমাণে তেওঁলোকৰ উদগনিৰ বাবেও গাওঁ পঞ্চায়তে কাম কৰিবলৈ ধৰিলে, তেতিয়া এই মহিলাসকল কামত নামি পৰিল। একোখন সৌৰফলকৰ ওজন ৯ কিলোগ্ৰাম, মহিলাসকলে সেইবিলাক তুলি লৈ দুৰ্গম, পাহাৰীয়া উঠা-নমা পথেৰে পেট্টিমুড়িৰ পৰা ইয়ালৈ কঢ়িয়াই আনিলে। সেইবোৰ মূৰত লৈ খোজ কাঢ়ি আহিল। কেৰালাৰ ইডুক্কি জিলাৰ প্ৰথম জনজাতীয় পঞ্চায়ত ইড়ামালাকুড়ি পাবলৈ আন বেলেগ পথ নাই। তেওঁলোকে ‘চুমাট্টু কুট্টাম’ (মূৰত বোজা কঢ়িওৱা শ্ৰমিক গোট) গঠন কৰিলে, সাধাৰণতে পুৰুষ শ্ৰমিকে এই কামৰ বাবে প্ৰায় একছত্ৰী কৰ্তৃত্ব খটুৱাইছিল আৰু মহিলাসকলে গোট গঠন কৰাত তেওঁলোক ক্ষুব্ধ হৈ পৰিল।

PHOTO • P. Sainath

৩০ গৰাকী মহিলাৰ কুৰুম্বাশ্ৰী সদস্যৰ এটা গোটে ‘ছ’চাইটিকুড়ি’ক প্ৰতিনিধিত্ব কৰি আমাৰ লগত কথা পাতিলে৩০ গৰাকী মহিলাৰ কুৰুম্বাশ্ৰী সদস্যৰ এটা গোটে ‘ছ’চাইটিকুড়ি’ক প্ৰতিনিধিত্ব কৰি আমাৰ লগত কথা পাতিলে

সকলো মহিলা আদিবাসী (শতাধিক জনজাতিক লৈ ভাৰতৰ ‘প্ৰথম বসবাসকাৰীসকল’)। সকলো মুথাভান জনজাতিৰ সদস্য। প্ৰায় ৪০ লাখ মহিলা সদস্যক লৈ দাৰিদ্ৰ্য বিৰোধী আৰু লিংগ ন্যায় আন্দোলনৰ বাবে গঠিত কেৰালাৰ ব্যতিক্ৰমী সংগঠন কুৰুম্বাশ্ৰীৰ প্ৰায় সকলো মহিলা সক্ৰিয় সদস্য।

পঞ্চায়তৰ কুৰুম্বাশ্ৰী গোটৰ সভানেত্ৰী ৰমণী অৰ্জুনানে হাঁহি মাৰি ক’লে, ‘আমাক ৯ ঘণ্টা সময় লাগিছিল।’ (মহিলাসকলে তেওঁলোকৰ আন্দোলনটোক কমিউনিটি ডেভলপমেণ্ট ছ’চাইটি চমুকৈ ‘চিডিএছ’ (অৰ্থাৎ সামূহিক উন্নয়ন সমাজ) বুলি কয়। ‘বেছি সবল কিছুমান মহিলাই তেওঁলোকৰ মূৰত দুখনকৈ সৌৰফলক কঢ়িয়াই আনিছিল। বাকীবোৰে এবাৰত এখনকৈ আনিছিল। আপুনি নিজেই বাটটো দেখিছে আৰু আপুনি জানে যে এয়া ইমান সহজ কাম নাছিল। কিন্তু আমি কৰিলো।’

ৰমণীয়ে ক’লে, ‘প্ৰতিখন ফলক কঢ়িয়াই অনাৰ বাবদ আমি ৮৫ টকাকৈ পালো। ‘পঞ্চায়তৰ কাম কৰাৰ বাবে ১৮০ টকা আৰু এন.আৰ.ই.জি.এছ. (ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি)ৰ অধীনত দৈনিক ১৮০ টকা মজুৰীৰ বাবে অৰ্হতাসম্পন্ন হৈছিলো।’ সেইকাৰণে যিসকলে দুখন সৌৰফলক কঢ়িয়াইছিল, তেওঁলোকে ৩৫০ টকা পাইছিল। কঠোৰ পৰিশ্ৰমৰ বিনিময়ত পোৱা এয়া বহুত টকা। কিন্তু এতিয়াও তেওঁলোকে এই আওহতীয়া অঞ্চলত যি উপাৰ্জন কৰিলে, তাতকৈ বেছি দিনৰ বাবেও তেওঁলোকে কাম কৰিব পাৰে। এনেকুৱা কাম কৰিবলৈ তেওঁলোক সাজু হৈ আছে বুলি ৰমণীয়ে ক’লে। তেওঁ অমায়িক, মিতভাষী, কিন্তু এগৰাকী বলিষ্ঠ নেত্ৰী।

PHOTO • P. Sainath

ইড়ামালাকুড়িৰ চি.ডি.এছ.ৰ মহিলাসকলে একোটা ক্ষুদ্ৰ ভূমি খণ্ডত ‘সামূহিক কৃষি’ আৰম্ভ কৰিছে

কিন্তু ইড়ামালাকুড়িৰ চি.ডি.এছ. গোট বা কুৰুম্বাশ্ৰীৰে ইয়াতকৈয়ো অধিক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। এটুকুৰা ক্ষুদ্ৰ ভূমিত তেওঁলোকে ‘সামূহিক খেতি’ কৰে। তেওঁলোকে খাদ্যশস্যৰ ওপৰত গুৰুত্ব দিছে আৰু জৈৱিক পদ্ধতিৰে খেতি কৰিছে। তেওঁলোকে পাল পাতি কাম কৰে। ‘আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰো। আমি এজোপা গছো নাকাটো,’ তেওঁ কয়।

এয়া অবিশ্বাস্যভাবে কঠিন কাম। কিন্তু তেওঁলোক সফল খেতিয়ক। এইখন কেৱল বনাঞ্চল, আৰু হাতী, বনৰীয়া গাহৰি আৰু আন বন্যপ্ৰাণীয়ে তেওঁলোকৰ সুন্দৰকৈ হোৱা শস্য খাবলৈ সদায় আহে। সকলোতে বিপদসংকুল জীৱনধাৰণ, ইয়াত খেতি কৰা মানে আৰু এটা শাৰীৰিক বিপদ। যিহেতু এয়া বনাঞ্চলৰ মাটি, তেওঁলোকৰ পট্টা নাই আৰু কেতিয়াও পট্টা নাপাব। মাটিৰ ভাগ কৰা সীমা আনৰ চকুত পৰিলেও আদিবাসীসকলে চিনি পায়, নিজৰ বাবে তেওঁলোকে ভালকৈ কাম কৰে। তেওঁলোকৰ মাজত কোনো সংঘাত নাই।

‘ইড়ামালাকুড়িত ৪০ টা চি.ডি.এছ. গোট আছে,’ ৰমণীয়ে ক’লে। ‘ইয়াৰে ৩ টা খেতিৰ লগত জড়িত। প্ৰতিটো গোটত পাঁচজন সদস্য বা পৰিয়াল জড়িত।’ তেওঁৰ কাষতে কুৰুম্বাশ্ৰীৰ প্ৰায় ৩০ গৰাকী সদস্য বহি আছিল। শান্তি, শিৱম, কামাক্ষী দেৱেন্দ্ৰন, কৌশল্যা লোগানন, মল্লিগা মুথুপাণ্ডি আৰু আন বহুতো। প্ৰত্যেকেই কথা কৈছিল।

PHOTO • P. Sainath

বাওঁফালেঃ ইড়ামালাকুড়ি পঞ্চায়তৰ চি.ডি.এছ.ৰ সভানেত্ৰী ৰমণী অৰ্জুন, সোঁফালেঃ চি.ডি.এছ. সদস্যসকল

‘আমাৰ কৃষি গোটে (কৃষি সংঘ) বাজৰা, ধান আৰু আন খাদ্য শস্যৰ খেতি কৰে। আমি শিমলু আলু আৰু কাঁচকলৰ খেতি কৰো।’ কিছুমানে অলপ পৰিমাণে ইলাচিৰ খেতিও কৰে। ‘কিন্তু আমি বেছি পৰিমাণে খাদ্যশস্য উৎপাদন কৰো।‘

‘খেতি ভালদৰেই চলি আহিছে। সকলো ঠিকেই আছে। কিন্তু দুটা সমস্যা আছে। এটা হ’লঃ বনৰীয়া জীৱজন্তুৱে আমাৰ শস্যৰ ৫০ শতাংশ খাই পেলায়। দ্বিতীয়ঃ যিকোনো উদ্বৃত্তৰ বাবে বজাৰ ক’ত? বজাৰলৈ যাবৰ হ’লে বন্যহস্তীৰ বাসস্থানৰ মাজেৰে ১৮ কিলোমিটাৰ খোজ কাঢ়ি যাব লাগিব।’

কিমান গুৰুত্বপূৰ্ণ বজাৰ? ‘আমাৰ প্ৰথম লক্ষ্য হ’ল আমাৰ পৰিয়ালৰ খাদ্য যোগাৰ কৰা। আৰু যদি ৰৈ যায়, সেইখিনি আমি বজাৰলৈ নিব পাৰো। যিহওঁক, ইয়াৰ পৰা আমাৰ লাভ হয়। উদ্বৃত্ত শস্য বিক্ৰী কৰা পইচাৰে আমি আমাৰ দৰকাৰী আন বস্তু ক্ৰয় কৰিব পাৰো। কিন্তু বজাৰলৈ যাব পৰা ৰাস্তা নাই। পৰিবহন ব্যৱস্থা নাই।’

PHOTO • P. Sainath

বেংকৰ খাতা চলা পাৰিব বুলি মহিলাসকল আত্মবিশ্বাসী

‘আমাৰ ইয়াত বেংকৰ শাখা এটা লাগে। আমাৰ মাত্ৰ কেইগৰাকীমানৰ বেংকৰ খাতা আছে।’ কেৰালাৰ দৰে ৰাজ্যৰ বাবে এইখন এখন বিৰল গাওঁ পৰিষদ যিখনৰ সভাপতিয়ে অলপতে নিজৰ স্বাক্ষৰ কৰিবলৈ শিকিছে। কিন্তু বেংকৰ খাতা চলাব পাৰিব বুলি মহিলাসকল আত্মবিশ্বাসী। চি.ডি.এছ. গোটৰ মহিলাসকলে কাম কৰি ৫ লাখ টকাৰো অধিক গোটাইছে, আৰু সেই ধন তেওঁলোকে ৰাষ্ট্ৰীয়কৃত এটা বেংকত স্থিৰ জমা কৰি ৰাখিছে। তেওঁলোকৰ বজাৰ সংযোগী বিনিয়োগ নাই।

তেওঁলোকৰ বাবে কি অতি গুৰুত্বপূৰ্ণঃ সমূহীয়া কৃষি? নে ব্যক্তিগত কৃষি? তেওঁলোকে কয়, দুয়োটাৰে গুৰুত্ব আছে।

‘সমূহীয়া খেতি বেছি ভাল।’ ৰমণীয়ে ইয়াৰ যুক্তি হিচাপে কয়, ‘সমূহীয়া কামকাজৰ ক্ষেত্ৰত কোনো এগৰাকী যদি পিচ পৰি থাকে, তেওঁৰ কামখিনি কৰিবলৈ আনে সহায় কৰিব।’ আন এগৰাকী মহিলাই কয়, ‘মই নিজাকৈ খেতি কৰি ভাল পাওঁ। যি কৰো তাৰ ফল নিজে পাও। ইয়াৰ দ্বাৰা আমি আমাৰ নিজৰ পৰিয়ালক খুৱাব পাৰো। গোট হিচাপে কাম কৰিলে খেতিৰ উপৰি আন উপকাৰো হয়। সদস্যসকলৰ ইজনে আনজনক সহায় কৰিব পাৰে আৰু একেলগে কাম কৰিব পাৰে। ইয়াৰ প্ৰভাৱ পাৰিবাৰিক জীৱনতো পৰে। আমাৰ কাৰণে এইটো অতি দৰকাৰী। গতিকে আমি সমূহীয়া আৰু ব্যক্তিগত দুয়োটা কিয় নকৰিম?’

টৰণ্টোৰ য়ৰ্ক ইউনিভাৰ্চিটিৰ অধ্যাপিকা অনন্যা মুখাৰ্জীৰে এই গোটসমূহৰ খাদ্য সুৰক্ষাৰ উদ্ভাৱনী ব্যতিক্ৰমী প্ৰচেষ্টাৰ বিষয়ে লিখিছে। ‘সমগ্ৰ কেৰালাৰ ২,৫০,০০০ কুৰুম্বাশ্ৰী মহিলাই সমুহীয়া কৃষিৰ বাবে গোট খাই সমূহীয়াভাৱে লীজত মাটি লৈ খেতি কৰিছে, খেতিৰ উৎপাদিত শস্যৰে নিজৰ খাদ্যৰ প্ৰয়োজন পূৰণ কৰিছে আৰু উদ্বৃত্ত শস্য স্থানীয় বজাৰত বিক্ৰী কৰিছে। তেওঁ দেখুৱায় যে ইয়াৰ ফলত কৃষিকাৰ্যত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হৈছে… (আৰু) মহিলাসকলে যে উৎপাদনকাৰী সেয়া এই প্ৰচেষ্টাই নিশ্চিত কৰিছে, উৎপাদনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কায়েম কৰিছে, লগতে খাদ্যশস্যৰ উৎপাদন, বিতৰণ আৰু ভোগৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ সাব্যস্ত হৈছে।’

ইড়ামালাকুড়িৰ মহিলাসকলে অতি দুৰূহ অৱস্থাৰ মাজত এই সকলো কাম কৰিছে।

আমি সুধিলো, ‘আপোনালোকে নিজক উৎপাদনকাৰী নে শ্ৰমিক বুলি ভাৱে? বা মজুৰী শ্ৰমিক বুলি ভাৱে?’ প্ৰতিগৰাকী মহিলাই নিজকে একোগৰাকী উৎপাদনকাৰী ৰূপে বিবেচনা কৰিব বিচাৰে।

PHOTO • P. Sainath

চি.ডি.এছ. মহিলাসকলে কয় গোট হিচাপে কাম কৰাৰ বাবে কৃষিকাৰ্যৰ উপৰি আন সুফল পোৱা যায়। প্ৰতিগৰাকী মহিলাৰ বাবে সদস্যসকল সহায়ক আৰু সংহতি হৈ পৰে

ৰমণীক আমি আৰু এটা কথা সুধিলো, ‘আপুনি কৈছিল, এই অঞ্চলৰ জনজাতীয় লোক হিচাপে আপোনালোকে বনাঞ্চল নিয়ন্ত্ৰণ কৰা উচিত। কিন্তু প্ৰস্তাৱিত নতুন পথটোৱে বনাঞ্চলৰ মৃত্যু ঘটাৰ আৰু মুথাভানক ধ্বংস কৰিব। একে সময়তে আপোনালোকে অভিযোগ কৰিছে যে আপোনালোক প্ৰত্যেকেই ১৮ কিলোমিটাৰ পথ অতি কষ্টেৰে খোজ কাঢ়ি উৎপাদিত শস্য বজাৰলৈ নিবলগা হয়। সেইবাবে পথ এটা থকাটো আপোনালোকে বিচাৰে। এই দুয়োটা পৰস্পৰবিৰোধী নহয় নে?’

ৰমণীয়ে ক’লে, একেবাৰে নহয়, আমি এটা মুক্ত ঘাইপথ লাগে বুলি কোৱা নাই, জীপগাড়ী চলিব পৰা সীমিত পৰিসৰৰ পথৰ কথা কৈছো। যি পথ বন আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব, খনিৰ মালিকে কাঠ কাটি নিব বিচৰা আৰু আন বাহিৰা লোকৰ প্ৰৱেশ সীমাবদ্ধ কৰা হ’ব। আমি ওপৰা-উপৰিকৈ নচলাও। আমি কেৱল বজাৰলৈ যাব পৰা হ’ব লাগে।’

এতিয়া আন্ধাৰ হৈ আহিছে আৰু আন দুৰ-দুৰণিৰ গাঁৱৰ পৰা যিসকল মহিলা ‘ছ’চাইটিকুড়ি’লৈ আহিছে, তেওঁলোক উভতি যাব লাগিব। ক্ষীণ পোহৰত তেওঁলোকে জংঘলৰ মাজেৰে বহুদূৰ পথ যাব লাগিব।

আমি আঠজন মানুহে সম্পূৰ্ণ ১৮ কিলোমিটাৰ পথ অতি কষ্টৰে খোজ কাঢ়ি আহি ভাগৰি পৰিছিলো যদিও আমি মূৰত সৌৰফলক কঢ়িয়াই লৈ অনা নাছিলো। ব্যতিক্ৰমী চি.ডি.এছ. গোটৰ সৈতে কথা পতাৰ বাবেই আমি ইয়ালৈ আহিছিলো। ৰাজধানী থিৰুৱনন্তপুৰমত কেৰালাৰ স্থানীয় প্ৰশাসন দপ্তৰৰ মন্ত্ৰী এম.কে. মুনীৰে আমাক ক’লে যে কুৰাম্বাশ্ৰীৰ মানদণ্ডৰ পৰা চালেও ইড়ামালাকুড়িৰ এই গোট সমূহ বিশেষত্বপূৰ্ণ। তাৰ পিছত মই অলপ সন্দিগ্ধ হৈ পৰিলো। এজন মন্ত্ৰীয়ে যেতিয়া তেওঁৰ নিজৰ দপ্তৰৰ অধীনস্থ এক প্ৰচেষ্টাৰ শলাগ লয়, আপোনাৰো সন্দেহ ওপজা স্বাভাৱিক। ইড়ামালাকুড়িৰ মহিলাসকলক লগ পোৱাৰ পিছত আপুনিও ভাবিব লাগিব যে মন্ত্ৰীজনে তেওঁলোকৰ কষ্টোপাৰ্জিত সফলতাৰ কথা বুজি পাইছিল।

PHOTO • P. Sainath

পাহাৰীয়া পথেৰে যাত্ৰা আৰম্ভ কৰাৰ ঠিক আগমুহূৰ্তত একাংশ কুৰুম্বাশ্ৰী মহিলাৰ সৈতে আমাৰ ৮ জনীয়া পৰিভ্ৰমী দলটো

এই লিখনীৰ এক চমু সংস্কৰণ ইংৰাজী আৰু হিন্দীত বি.বি.চি. নিউজ (অনলাইন)ত প্ৰকাশ পাইছিল। মাথৰুভূমি ৱিকলি নামৰ পত্ৰিকাত মালায়ালম ভাষাত সৰ্বপ্ৰথমতে প্ৰকাশ পাইছিল

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath