উমেশ কেদাৰে হাতত কাঁচি লৈ আগফাললৈ হাউলি কুঁহিয়াৰ গছবোৰ খচ্ খচ্ কৈ কাটিবলৈ ধৰে৷ তীব্ৰ গতিত তেঁওৰ নিপুণ হাত চলে- ইডালৰ পৰা সিডাল- সিডালৰ পৰা আন এডাল৷ কুঁহিয়াৰ কাটোতে বল বহুত লাগে, তাতে তেঁও সেই প্ৰখৰ ৰ’দত চাৰি একৰ মাটিত কাম কৰি আছে৷ ‘আমি পুৱা ৪.৩০ মান বজাতে কাম আৰম্ভ কৰিছিলো, তথাপি ৭ বজাৰ আগেয়ে কাম শেষ নহয়,’ তেঁও কয়৷ তেঁওৰ চকু কুঁহিয়াৰৰ পৰা আঁতৰা নাই৷ ‘যোৱা ডেৰ মাহৰ পৰা মোৰ এয়ে কাম (নবেম্বৰৰ পৰা আৰম্ভ কৰি)৷ আহি থকা ডেৰ মাহলৈ এই কামকে কৰি থাকিব লাগিব৷’৷

উমেশে কটা কুঁহিয়াৰবোৰ তেঁওৰ পত্নি মুক্তাই ইডালৰ ওপৰত সিডাল ৰাখি ১০ ডালমানৰ এটা বোজা কৰি কুঁহিয়াৰ পাতেৰে গাঠে৷ সেই বোজা মুৰত লৈ কুঁহিয়াৰ পাতেৰে পিচল হৈ পৰা ঠাই এডোখৰত ৰখাই থৈ দিয়া ট্ৰাকখনৰ দিশে আগবাঢ়ে৷ ‘কিছু সময় পিছত আমি কাম সলাও’, তেঁও কয়৷ ‘আমাৰ কান্ধ আৰু হাতবোৰ বিষায়৷ বিষ বেছি হ’লেও কাম কৰিবলৈ আমি কেতিয়াবা বিষৰ দৰৱো লও৷’

মহাৰাষ্ট্ৰৰ বিড় জিলাৰ ৱাডবাণী তালুকৰ চন্নাখোটা গাঁৱৰ এই খেতিপথাৰখন জোৰা হিচাপে কাম কৰি থকা ১০ হাল দম্পত্তিয়ে কুঁহিয়াৰ কাটি থকাৰ শব্দৰে মুখৰিত হৈ পৰিছে৷ উমেশ আৰু মুক্তাৰ দৰে কিছুমান নিজেই খেতিয়ক, কিছুমানৰ আকৌ মাটি-বাৰী নাই৷ কিন্তু এই দম্পত্তিহালে নিজৰ তিনি একৰ মাটিত কৰা কপাহ খেতিৰ পৰা একো বিশেষ লাভ নাপালে৷ সেয়ে যোৱা এটা দশক ধৰি তেঁওলোকৰ বাবে কুঁহিয়াৰ কাটি নিজৰ আয় বঢ়োৱাৰ বাদে গত্যন্তৰ নাই৷ ‘কুঁহিয়াৰ কাটি শেষ হ’লে আমি যি টকা পাও, সেয়া পৰ্যাপ্ত নহয়,’ উমেশে কয়৷ ‘তথাপি সেয়া আয় বুলিয়েই ক'ব লাগিব৷’  

‘আগৰ সমবায় কাৰখানাবোৰ আৰু আজিৰ চেনী লবিটোৰ মাজত সম্পৰ্ক ওতঃপ্ৰোতঃ৷ সেইকাৰণে কুঁহিয়াৰ খেতিয়ে অন্য শস্যৰ তুলনাত অধিক পানী পায়,’ ৰাজন শ্ৰীৰসাগৰে কয়  

ভিডিঅ’ চাওকঃ উমেশ আৰু মুক্তাই নিজৰ কামৰ বিষয়ে কৈছে 

মাৰাঠৱাড়াত বহু কৃষকে খেতিপথাৰত মজুৰিৰ কাম বিচাৰিব লৈছে৷ কৃষি সংকটৰ ফলতে এনে প্ৰৱণতা তীব্ৰগতিত বাঢ়িছে৷ জলবায়ুৰ লক্ষণ সলনি হৈছে আৰু জলসিঞ্চল তেনেই কম৷ কিন্তু শুকান মাৰাঠৱাড়াত পানী পাই কুঁহিয়াৰ খেতি বাঢ়ি আহিছে৷ ৰাজ্যিক কৃষি ব্যয় আৰু মূল্য আয়োগৰ সচিব তথা কৃষি বিষয়া উদয় দেওলাকংৰে কয় যে মাৰাঠৱাড়াৰ গঢ় বৃষ্টিপাত বছৰি ৭০০ মি.মি.৷ কিন্তু কুঁহিয়াৰৰ কাৰণে ২২০০ ৰপৰা ৪০০০ মি.মি. বৃষ্টিপাতৰ প্ৰয়োজন৷ ‘কপাহত ৭০০ মি.মি. আৰু ছয়াবিনত ৪৫০ মি.মি. লাগে৷’ বিষয়াজনে কয়৷

তথাপিও জলসিঞ্চনৰ ক্ষেত্ৰত কুঁহিয়াৰক আন শস্যৰ তুলনাত অগ্ৰাধিকাৰ দিয়া হয়৷ পাৰভানি স্থিত কৃষিৰ সমাজকৰ্মী আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ নেতা ৰাজন শ্ৰৰসাগৰে কয় যে কুঁহিয়াৰ এক ৰাজনৈতিক শস্য৷ ‘কুঁহিয়াৰ খেতিত প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ন্যস্ত স্বাৰ্থ নিহিত হৈ থাকে, ’ তেঁও কয়৷ ‘আগৰ সমবায় কাৰখানাবোৰ আৰু আজিৰ চেনী লবিটোৰ মাজত সম্পৰ্ক ওতঃপ্ৰোতঃ৷ সেইকাৰণে কুঁহিয়াৰ খেতিত অন্য শস্যৰ তুলনাত অধিক পানী পায়,’ ৰাজন শ্ৰীৰসাগৰে কয়৷ 

Woman carrying sugarcane on her head walking up a small ramp to load it onto the truck
PHOTO • Parth M.N.
Workers in the sugarcane fields taking a break for lunch
PHOTO • Parth M.N.

বাওফালেঃ মুক্তা আৰু অইন শ্ৰমিকে কটা কুঁহিয়াৰবোৰ ট্ৰাকত তুলি দিছে৷ সোঁফালেঃ নিজৰ দীঘলীয়া কামৰ সময়চোৱাত কাচিৎহে চাগে তেঁওলোকে জিৰণি লয় 

বাৰিষা বৰষুণ ভাল হ’লেও শস্যৰ বজাৰৰ দাম-দৰ কম-বেছ হোৱাৰ ফলত শস্যৰ ভাল দাম পোৱাৰ নিশ্চয়তা নাইকিয়া হৈছে৷ কৃষি ব্যয় আৰু মূল্য আয়োগৰ ২০১৭-১৮ৰ খাৰিফ শস্যৰ কাৰণে মূল নীতিৰ প্ৰতিবেদনত কোৱা হৈছে যে জোৱাৰৰ উৎপাদনৰ ব্যয় (ধৰা হওক) ২,০৮৯ প্ৰতি কুইণ্টল হোৱাৰ সময়ত ৰাজ্য চৰকাৰে ধৰি দিয়া ন্যুনতম সমৰ্থন মূল্য আছিল মাত্ৰ ১৭০০ টকা৷ একেদৰে কপাহৰ কাৰণে এমএছপি আছিল ৪,৩২০ আৰু উৎপাদন ব্যয় আছিল ৪,৩৭৬ টকা৷

ইফালে কাৰখানাৰ মালিকৰ বাবে শকত আয় দিয়া কুঁহিয়াৰ খেতিত কাম কৰা শ্ৰমিকৰ মজুৰি দম্পত্তিয়ে প্ৰতি ২২৮ টকা৷ তাৰ বাবে কুঁহিয়াৰ কাটিব লাগে এক টন৷ এদিনত মুক্তাই কোৱা মতে দুই টনৰ বেছি কুঁহিয়াৰ কাটিব নোৱাৰি৷ ‘পাঁচ মাহৰ অন্তত আমি ৫৫-৬০ হাজাৰ টকা পাও’, মুক্তাই কয়৷ জোৱাৰৰ পৰা বনোৱা ভাখৰি আৰু জলকীয়া-আদা মিহলি চাটনি লৈ ২ মান বজাত খাবলৈ বহা মুক্তাই কয়৷

২০১৫ত ৰাজ্য চৰকাৰে ১৯৯ টকাৰ পৰা মজুৰি বঢ়াই দিছিল। ন্যুনতম মজুৰীৰ ব্যৱস্থা তেঁওলোকে অনুসৰণ নকৰে’, শ্ৰীৰসাগৰে কয়। 'এমজিএনৰেগাৰ অধীনত এজন কৰ্মচাৰীয়ে সাত ঘণ্টাৰ কামৰ বাবদ ২০২ টকা পায়। এহাল দম্পত্তিয়ে ২৮ ঘণ্টা (১৪ ঘণ্টা প্ৰতি ব্যক্তি) কুঁহিয়াৰ খেতিৰ পথাৰত কাম কৰি এক টন কুঁহিয়াৰ কাটি-লোড কৰি মাত্ৰ ২২৮ টকা পায় (২৮ ঘণ্টাত তেঁওলোকে ৪৫৬ টকা পায়)।’ 

ভিডিঅ’ চাওকঃ 'আমাৰ দিনটো আৰম্ভ হয় পুৱা চাৰি বজাতে... ’উষা পাৱাৰে কয় 

মহিলাবোৰে পথাৰলৈ অহাৰ আগৰে পৰা কামত লাগে। 'আমাৰ দুজনৰ কাৰণে আৰু ল’ৰাছোৱালীকেইটাৰ (বয়স ক্ৰমে ৬, ৮ আৰু ১৩) কাৰণে দুপৰীয়াৰ আহাৰ ৰান্ধিবলৈ মই পুৱা ৪ বজাতে উঠো।’ মুক্তাই কয়। দিনটোৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত যেতিয়া ঘৰলৈ আহো, আকৌ ৰাতিৰ আহাৰ ৰান্ধিব লাগে। এই দিনকেইটাত (কুঁহিয়াৰ কটা দিনকেইটাত) মই যেনে-তেনে ৩-৪ ঘণ্টা শুব পাও।’

মুক্তা আৰু উমেশে বেংকৰ পৰা ৬০ হাজাৰ টকা ধাৰ লৈ থৈছে। সুদখোৰৰ পৰা লোৱা ধাৰ আছে ৪০ হাজাৰ টকাৰ। মাৰাঠৱাড়াত ২০১২-১৫ত তীব্ৰ খৰাং পৰাত এই ধাৰ ল’বলগীয়া হৈছিল দম্পত্তিহালে। এনেদৰেই সিহত দুটা ঋণ লোৱা আৰু পৰিশোধ কৰা চক্ৰবেহুত সোমাই পৰিছে। তথাপিও বাকীবোৰতকৈ সিহত দুজনৰ অৱস্থা ভাল। সিহতৰ গাঁৱৰে পথাৰত সিহতক ঠিকাদাৰে কাম কৰিব দিছে। সেয়ে ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাও ক্ষতি হোৱা নাই। 

৭৫ টা কুঁহিয়াৰৰ কাৰখানা থকা মাৰাঠৱাড়ালৈ কিন্তু বহুতেই দুৰণিবটীয়া ঠাইৰ পৰাও দিনহাজিৰা কৰিবলৈ আহিছে। আন বহুতেই আকৌ মহাৰাষ্ট্ৰৰ পশ্চিম প্ৰান্তত থকা চাতাৰা, চাংলি আৰু ক’লহাপুৰ অথবা কৰ্ণাটকৰ বেলগাম জিলালৈ কাম কৰিবলৈ শ শ কিলোমিটাৰ বাট বাইছে।

২০১৭ৰ নবেম্বৰত মই খেতিৰ শ্ৰমিকৰ দল এটাৰ সৈতে এখন ট্ৰেক্টৰত বীড়ৰ পৰা বেলগামলৈ গৈছিলো। ৫০০ কিলোমিটাৰৰ সেই বাটচোৱাৰ বাবে দুদিন দুৰাতি লাগিছিল (কুঁহিয়াৰ খেতিৰ পথাৰলৈ বহুদুৰ বাট চাওক)। সেই কষ্টকৰ যাত্ৰাৰ পিছত পিছদিনা পুৱাই সেই শ্ৰমিকবোৰ কামত লাগি গৈছিল। শুকান পাত-খেৰেৰে তৈয়াৰী অস্থায়ী ঘৰত তেঁওলোক আছিল আৰু মুকলি আকাশৰ তলত খাদ্য ৰান্ধিছিল। মুকলিতে (মহিলাবোৰে ৰছিত ওলমোৱা পাতল পৰ্দাৰ আঁৰত) গাও ধুইছিল। ওচৰৰে হেণ্ডপাম্প, কুৱা নাইবা বান্ধৰ পৰা তেঁওলোকে পানী কঢ়িয়াইছিল।

বীড়ৰ প্ৰাক্তন উপায়ুক্ত এজনে অনুমান কৰা মতে কেৱল বীড় জিলাৰ পৰাই প্ৰায় ১ লাখ ২৫ হাজাৰ মান কৃষকে কৃষি শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই যায়। ৰাজন শ্ৰীৰসাগৰে কোৱা মতে চিপিআই ট্ৰেড ইউনিয়নে কৰা সমীক্ষা অনুযায়ী মাৰাঠৱাড়াত পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকলৈ প্ৰব্ৰজিত শ্ৰমিককে ধৰি কুঁহিয়াৰৰ খেতিত হাজিৰা কৰা শ্ৰমিকৰ সংখ্যা মুঠ ৬ লাখ মান হ’ব।

তেঁওলোকৰ মাজৰে বীড় জিলাৰেই মালেৱাড়ী গাঁৱৰ ২৭ বৰ্ষীয় লতা আৰু ৩০ বৰ্ষীয় বিষ্ণু পাৱাৰৰ এহাল ল’ৰা-ছোৱালী আছে। বিষ্ণুৰ দুই ভাতৃ আৰু সিহতৰ ল’ৰা-ছোৱালী সহিতে পৰিয়ালো আছে। কৰ্ণাটকৰ হুক্কেৰি তালুকৰ বেলগাম চহৰত চেনীৰ কাৰখানা এটাত তেঁওলোক আটায়ে কাম কৰিবলৈ আহিছে। কাৰখানাৰ আশে-পাশে থকা মুকলি ঠাইত তেঁওলোকৰ অস্থায়ী তম্বুবোৰ দেখা গৈছে। 

A man sitting next to a makeshift hut made of yellow tarpaulin
PHOTO • Parth M.N.
Young girl sitting outside a makeshift tent  as a woman looks on in the background
PHOTO • Parth M.N.

বিষ্ণু পাৱাৰ (বাওফালে) আৰু তেঁওৰ পৰিয়ালে বেলগাম চহৰৰ কাৰখানাৰ কাষত অস্থায়ী তম্বু তৰি আছে, তাতেই তেঁওলোকে কুঁহিয়াৰ খেতিৰ পথাৰত হাড়ভঙা পৰিশ্ৰম কৰে 

বিষ্ণুৰ বাবে কুঁহিয়াৰ খেতিৰ মাজত জীৱনটো বৰ নিষ্ঠুৰ৷ ‘কেতিয়াবা আমি কুঁহিয়াৰ কটা সময়ত আঘাতো পাও, কিন্তু আমি জিৰণি ল’ব নোৱাৰো,’ তেঁও কয়৷ ‘তাৰ বাবে আনকি চিকিৎসাৰ খৰচো নিজেই বহন কৰিব লাগে৷ আমাক মোটামুটিকৈ অলপ টকা আগধন হিচাপে দিয়া হয় আৰু আমি কটা কুঁহিয়াৰৰ হিচাপত সেয়া ধৰা হয়৷ আঘাত পাই ৰ’ব লগা হ’লে আমাৰ কাম ক্ষতি হয়, লগতে টকাও৷’

বিষ্ণু আৰু লতাৰ আঠ বছৰীয়া কন্যা সুকন্যাও তেঁওলোকৰ সৈতে কৰ্মক্ষেত্ৰলৈ আহিছে৷ মাক-দেউতাক পথাৰত থকাৰ সময়ত তিনিমহীয়া ভায়েক অজয়ৰ চোৱাচিতা কৰাৰ বাবে তাই আহিছে৷ কুঁহিয়াৰ কটা মাহকেইটাত তাই স্কুললৈ যাব নোৱাৰে৷ ‘আমি তাইক লৈ আহিবলগা হয়,’ অস্থায়ী তম্বুঘৰটোৰ বাহিৰত বহি থকা লতাই কয়৷ ‘মোৰ পানীকেচুৱাটোক এৰি থৈ যাব নোৱাৰি৷ জানো যে তাইৰ পঢ়া-শুনা ক্ষতি হ’ব (তাই তৃতীয় শ্ৰেণী পাইছে), কিন্তু আমাৰ হাতত উপায় নাই৷’ 

A man, woman and two children sitting outside a makeshift tent
PHOTO • Parth M.N.

পাৰভানিৰ সাৰদা আৰু কৈলাশক তেঁওলোকৰ পানীকেচুৱাটি আৰু বাৰবছৰীয়া ভতিজাই সংগ দিছে  

প্ৰায়ে কুঁহিয়াৰ কটা মাহকেইটাত সৰু ভায়েক-ভনীয়েক-ভতিজাক চোৱাচিতা কৰাৰ বাবে মাক-দেউতাকৰ সৈতে ল’ৰা-ছোৱালী লগতে লাগি আহে৷ তেলগাঁৱত থকা চেনীৰ কাৰখানা এটাত কাম কৰিবলৈ পাৰভানি জিলাৰ বীড় চহৰৰ পৰা ৪৫ কিলোমিটাৰ দুৰৈৰ পৰা কৈলাশ আৰু সাৰদা চালভে আহিছে৷ লগত আনিছে এবছৰীয়া সন্তান হৰ্ষবৰ্ধনক৷ ঐশ্বৰ্য ৱাংখেড়ে নামৰ ভতিজীজনীক হৰ্ষবৰ্ধনৰ চোৱাচিতা কৰিবলৈ লগত অনা হৈছে৷ ‘দৰিদ্ৰতাই তাইক পঢ়িবলৈ নিদিলে’, দেৱেগাঁৱত পাঁচ একৰ খেতিমাটিত কপাহ আৰু ছয়াবিন খেতি কৰা কৈলাশে কয়৷ ‘জীৱনটো ইয়াত বৰ কঠিন৷ পৰহি কুঁহিয়াৰ কাটোতে কাচিখনেৰে মোৰ হাতত লাগিল৷ তাৰে খৰছ মই নিজে কৰিবলগীয়া হ’ল৷ তাতে ৫০০ টকা গ’ল৷ আৰু মই এদিনো হাতখনক ৰেহাই দিব নোৱাৰিলো৷ নহ’লে হাজিৰা কম পাম৷’ 

এমাহৰ ভিতৰতে ৰঞ্জনাই ৱাঘলি গাঁৱলৈ ঘুৰি যাবলগীয়া হ’ল৷ কুঁহিয়াৰ কাটিম বুলি লোৱা আগধন ঘুৰাই দিয়াৰ বাবে মুৰৰ ঘাম মাটিত পেলাবলগীয়া হ’ল৷ তাই এতিয়া বীড় চহৰত থাকে আৰু স্কুল এখনত মাহে ৪৫০০ টকাৰ বাবদ চাফাই কৰ্মী হিচাপে কাম কৰে৷ চেনীৰ কাৰখানাবোৰে কেৱল দম্পত্তিকহে কামলৈ নিয়ে, সেয়ে তাই দুনাই কুঁহিয়াৰ কটা কাম পোৱা নাই৷

প্ৰত্যেক বছৰে অক্টোবৰ-নবেম্বৰ মাহত কুঁহিয়াৰ কটা পৰ্ব আৰম্ভ হয়৷ প্ৰতিবাৰে শ্ৰমিকবোৰে মজুৰি বঢ়োৱাৰ দাবী জনায়৷ ‘কিন্তু কাৰখানা আৰু চৰকাৰ দুয়োটাই তেঁওলোকৰ অসহায় অৱস্থাৰ কথা জানে৷ তেঁওলোকে জানে, আমাৰ হাতত কোনো বিকল্প নাই৷’ তেঁও কয়৷

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Other stories by Parth M.N.