আমি সেই ওখ ঘাঁহনি আৰু আকাশলংঘী হাবিয়নিখনৰ কাষৰ পথাৰখনত প্ৰায় এঘণ্টামান সময় কটাইছিলো। এটা বনৰীয়া দঁতাল হাতী আমাৰ আশে-পাশে আছিল। হাতীটো আমাৰ চকুৰ আঁৰ হৈ আছিল। কেৰেলাৰ আওহতীয়া দুৰ্গম পঞ্চায়ত এড়ামালাকুড়িত ভ্ৰমি ফুৰা আমি আঠজন পৰিভ্ৰমীৰ কোনো এজনৰো চকুত একো পৰা নাছিল। সকলোৱেই হাতীটোৰ উমান পাইছিল আৰু অনুসৰণ কৰিছিল। চকুৰে ঢুকি নোপোৱা দূৰণিৰ পৰা আনাই (হাতী)ৰ মাত আমাৰ কাণত পৰিছিল। সিহঁতৰ মাউতবোৰে আমাক নদীখনৰ কাষলৈ যাবলৈ হাক দিছিল। ছচাইটিকুড়িলৈ যোৱা বাটত আমাক লগ পোৱা আদিবাসীসকলে সকিয়াইছিলঃ সি নদীখনতে আছে। মন কৰিব। 

সেই কথাই আমাৰ উদ্বিগ্নতা বঢ়ালেহে। কিয়নো সেইখিনি সময়তে আমি নদীখন পাৰ হ’বলৈ ধৰিছিলো। বাঁহ-বেত, গছৰ ঠাল-ঠেঙুলি, লতা জাতীয় উদ্ভিদ, ৰছী আদিৰ লগতে টুকুৰা কাঠেৰে গঢ় লৈ উঠা সেইখন জীৱন্ত দলং আছিল। কিন্তু সেই জৰাজীৰ্ণ দলংখনেৰে বাৰিষাৰ দিনতহে পাৰ হ’ব পাৰি। আমি কাষৰে পথাৰখনলৈ ওলাই আহিলো। মাতবোৰ তেতিয়াও আমাৰ কাণত পৰি আছে। আমাৰ ‘বন নিৰীক্ষক’ অচু্থান এম., নিজেও এগৰাকী মুথাভান আদিবাসী। হাতীটো ক’ত কি কৰিছে, সেই সকলো কথা তেওঁৰ নখদৰ্পণত থকা যেনেই লাগিছিল। আমি আগদিনা দেখি অহা দুৰৈৰ টঙীঘৰবোৰত থাকি নিৰীক্ষণ কৰাসকলেও হয়তো জানে। বোধকৰো টঙীঘৰৰ পৰাই তেওঁলোকে হাতীটোৰ চালচলন সম্পৰ্কে ভুূ ৰাখিছিল। অকলশৰীয়া দঁতাল হাতী মানেই বিপদ। বোধকৰো হাতীটোক নিজৰ জাকটোৰ পৰা খেদি পঠিওৱা হৈছে।       

এইখিনি সময়তে হাতী বিষয়ক বেয়া কাহিনীবোৰেই মনলৈ আহিবলৈ ধৰে। মনলৈ আহিল যে অকলশৰীয়া দঁতাল হাতী এটাৰ টেষ্ট’ষ্টেৰণৰ মাত্ৰা স্বাভাৱিকতকৈ ৬০ গুণমান বেছি থাকে। তাৰমানে সি যুযুৎসু হৈ আছে। তেনে পৰিস্থিতিত কোনেনো বুকু পাতি দিব, কোনো সাজু নহয় (আমাৰ টেষ্ট’ষ্টেৰণৰ মাত্ৰা সিমানখিনি নহয়)। আমি গছৰ ছাঁতে লুকাই পৰিলো। গছবোৰৰ মাজত কিবা এটা কঁপিবলৈ ধৰা যেন পালেই আমি আশা কৰোঁ, সেয়া ‘বন নিৰীক্ষক’য়েই ছাগে, নে সেই দঁতাল হাতীটো? সেইখিনি সময়ত ইডুকিৰ অৰণ্যৰ সৌন্দৰ্যৰ প্ৰভাৱ নপৰিল। 

কি শিকিলোঃ অজান মুলুকত কেতিয়াও চমু বাটত বিশ্বাস কৰিব নালাগে। বিপদ চপাই লোৱাৰ দৰেহে হয়।

PHOTO • P. Sainath
PHOTO • P. Sainath

বাওঁফালেঃ গছৰ ওপৰত টঙীঘৰ। সোঁফালেঃ আমাৰ খামীডাঠ বন নিৰীক্ষক চিনাপ্পা দাস আৰু অচুথান এম.। দুয়োগৰাকীয়ে মুথাভান আদিবাসী 

আমি কোচিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো, ৰাতিটো মুন্নাৰতে কটাইছিলো। তাৰ পৰা পেট্টিমুড়িলৈ কাহিলীপুৱাতে গাড়ী চলাই আহিলো। ইয়াতেই আৰম্ভ হয় ১৮ কিলোমিটাৰৰ ওখোৰা-মোখোৰা পৰ্বতীয়া বাটেৰে এড়ামালাকুড়িৰ বাট। পঞ্চায়তত সাক্ষাৎকাৰ শেষ কৰি আমি ভাবিলো পিছদিনা বুধিয়কৰ কাম কৰিম। ১৮ কিলোমিটাৰৰ দুৰ্গম বাট বুলিবনো কিয় লাগে? আমি এটা তামিলনাডুৰ ক’ইম্বটোৰ জিলাৰ ভালাপাৰাই হৈ চমু বাটেৰে দেখোন গন্তব্যস্থল পাব পাৰো। সেই ৰাস্তা দুৰূহ যদিও বাট চমু হ’ব, ৮ কি ১০ কিলোমিটাৰ মানহে হ’ব। আৰু কোচিৰ পৰা মুন্নাৰতকৈ ভালাপাৰাইৰ দুৰত্ব ৰাস্তা হিচাপত চমুৱেই আছিল। 

কিন্তু সেয়া আছিল হাতীৰ বিচৰণক্ষেত্ৰ আৰু আমি তাতেই সোমাই পৰিলো। 

শেষত যেনিবা ওচৰৰে কুড়ি (চুবুৰী)ৰ তিনিজন তৰুণ আদিবাসীয়ে হাতত সৰু বেগ লৈ আমাৰ আগেদি পাৰ হৈ গ’ল। অলপ পিছতে ফটকা ফুটিল। আমি বুজিলো সিহঁতৰ বেগত ফটকা আছিল। কিন্তু হাতীৰ মাত নুশুনিলো। ইমান ডাঙৰ জন্তু এটা কেনেকৈ অদৃশ্য হৈ থাকিব পাৰে? কেইমুহূৰ্তমানৰ পিছতেই ডেকাল’ৰা তিনিওটা পিছুৱাই আহিল। দঁতাল হাতীটোৱে ফটকাৰ শব্দ একেবাৰেই ভাল নাপায় বুলি বুজিছিলো। ‘সি পিছুৱাইছে। এতিয়াই নদীখন পাৰ হ’ব লাগিব, খৰধৰকৈ,’ সিহঁতে ক’লে। আমি কৰিলো। তথাপি ক’তো হাতী চকুত নপৰিল। নদীৰ সিটো পাৰতো নেদেখিলো। ওচৰতে হাতীৰ গোবৰ দেখিলো। কিন্তু তাতে ৰৈ সেয়া কেতিয়াৰ গোবৰ, পৰীক্ষা কৰি চাবলৈ মন নাছিল।    

আমি জানিব পাৰিলো যে ভালাপাৰাইলৈ বুলি আমি বাচি লোৱা বাটটোৰেই হাতীৰ জাকটো গৈছে। আনকি খামিডাঠ স্বভাৱৰ আমাৰ বন নিৰীক্ষককে ধৰি কোনো আদিবাসীয়েই সেই বাটটোৰে যোৱাৰ কথা ভাবিব নোৱাৰে। আমাৰ নতুন বাটটো এইবাৰ দীঘলীয়াহে হ’ল। তাৰে বহু ঠাইত আকৌ একেবাৰে থিয় পাহাৰ বগাব লাগিব। এনেদৰে আমাৰ কাৰণে দুৰ্গম বাটৰ অন্ত নপৰাৰ দৰে হ’ল। 

পৰামৰ্শঃ আপোনাৰ পুৰণি জোতা যিমানেই বেয়া নহওক লাগিলে, থিয় পাহাৰত ট্ৰেকিং কৰিবলৈ নতুন জোতা কেতিয়াও নিনিব, যিটো মই কৰিলো। 

আঠ কিলোমিটাৰ বাট গুছি এতিয়া প্ৰায় ২৫ কিলোমিটাৰমান হ’লগৈ। পিঠিত গধুৰ বেগ, পানী আদি লৈ সেই দুৰত্ব অতিক্ৰম কৰিবলৈ আমাক প্ৰায় আঠ ঘণ্টাতকৈও বেছি সময় লগা হ’ল। আমি এড়ামালায়া নৈৰ পাৰত আধা ঘণ্টা সময় জিৰণি ল’লো। আশে-পাশে হাতী নাছিল। ভাগ্যে বাৰিষাৰ দিনো নাছিল। বাৰিষা পৰিলে এই বাটটোত জোকে লিকলিকাই ফুৰে। আমি পেট্টিমুড়িৰ পৰা যাত্ৰাৰম্ভ কৰা হিচাপত ভালাপাৰাই পাওঁ মানে প্ৰায় ৪০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছিলো। কিন্তু এনে লাগিছিল যেন আমি ১০০ কিলোমিটাৰ বাট বুলিছো। তথাপিও আমি হাতী নেদেখিলো। 

এই লিখনীটো মূলতঃ psainath.org ত প্ৰকাশিত হৈছিল। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath