পাৰিৰ এই প্ৰতিবেদন ২০১৯ৰ পৰিৱেশ বিষয়ক সাংবাদিকতা শিতানত ৰামনাথ গোৱেংকা পুৰস্কাৰপ্ৰাপ্ত পাৰিৰ জলবায়ু পৰিৱৰ্তন বিষয়ক শৃংখলৰ এটা অংশ।
‘পুৱা ১১ বাজি ৪০ মিনিট গৈছে, গতিকে বতাহৰ গতিবেগৰ বৰ্তমানৰ স্থিতি জনোৱা হ’ব,’ কড়াল ওছাই অনাতাঁৰ কেন্দ্ৰত যশৱন্তই ঘোষণা কৰিছে। ‘যোৱা এটা সপ্তাহ, দৰাচলতে এমাহ ধৰি কছান কাথু (দক্ষিণাঞ্চলৰ বতাহ)ৰ গতি তীব্ৰ হৈছে। বতাহৰ গতি ৪০ৰ পৰা ৬০ কিলোমিটাৰ পৰ্যন্ত আছিল। এতিয়া কিজনি মাছমৰীয়াৰ সুবিধা কৰি দিবলৈ সেই বতাহৰ শাম কাটি প্ৰতি ঘণ্টাত ১৫ কি.মি.লৈ নামিছে।’
তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ পাম্বন দ্বীপৰ মাছমৰীয়াসকলৰ কাৰণে এয়া বৰ ডাঙৰ সুখবৰ। ‘তাৰমানে তেওঁলোকে নিৰ্ভয়ে সমুদ্ৰত নামিব পাৰিব,’ যশৱন্তই কয়। তেওঁ নিজেও এজন মাছুৱৈ। তেওঁ এইটো অঞ্চলৰে সামূহিক অনাতাঁৰ কেন্দ্ৰ কড়াল ওছাই (সাগৰৰ মাত)ত ৰেডিঅ’ জকিৰ কাম কৰে।
ৰক্তদান সম্পৰ্কীয় এক বিশেষ প্ৰসাৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে যশৱন্তই বতৰৰ বতৰা সিমানতে সামৰি কয়ঃ ‘উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছলৈ উঠিছে। সেয়ে পৰ্যাপ্ত পানী খাওক আৰু পৰাপক্ষত ৰ’দত নোলাব।’
এয়া এক গুৰুত্বপূৰ্ণ ঘোষণা, কিয়নো পাম্বন দ্বীপত ১৯৯৬ অৰ্থাৎ যশৱন্তৰ জন্মৰ বছৰটোতকৈ অধিক গৰমৰ দিনৰ এতিয়া মুখামুখি হ’বলগীয়া হৈছে। তেতিয়া এই দ্বীপটোত বছৰত ১৬২ টা মান এনে দিন আছিল যেতিয়া উষ্ণতা ৩২ ডিগ্ৰী ছেলচিয়াছ হৈছিল বা তাৰে আশে-পাশে থাকিছিল। সম্পূৰ্ণ ৰূপে মাছ মৰাৰ ওপৰতে নিৰ্ভৰশীল তেওঁৰ পিতৃ এন্থনী সামী বাসে কয়। ১৯৭৩ৰ জন্ম পোৱা এন্থনীয়ে কয় যে তেতিয়া ১২৬ দিনতকৈ বেছি দিন গৰম পৰা নাছিল। কিন্তু আজিকালি গৰমৰ দিন বাঢ়িছে, ১৮০ দিন হৈ পৰিছে। নিউয়ৰ্ক টাইমচ্ কাকতত অনলাইন মাধ্যমত জুলাই মাহত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত এয়া কোৱা হৈছে।
সেয়ে যশৱন্ত আৰু তেওঁৰ সহযোগীয়ে কেৱল বতৰেই নহয়, জলবায়ুৰ দৰে ডাঙৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছে। তেওঁৰ পিতৃ আৰু অইন মাছমৰীয়া, যাৰ প্ৰকৃত জনসংখ্যা দুখন চহৰ পাম্বন আৰু ৰামেশ্বৰমত ৮৩ হাজাৰমান হ’ব, তেওঁলোকে এই সমস্যাৰ বুজ সিহঁতৰ পৰা ল’ব বুলি আশা পালি ৰৈছে।









