‘সাধাৰণতে মই ৪০-৫০ কিলোমিটাৰ বাট চাইকেল চলাই প্লাষ্টিকৰ সামগ্ৰী যেনে বাল্টি-বাতি আদি বিক্ৰী কৰো,’ নাগাপাট্টিনামৰ আৰাচুৰ নামৰ আদিবাসী বস্তিটোৰ ৩৩ বৰ্ষীয় এ. শিৱকুমাৰে কয়। তেওঁৰ বাবে এনে এটা দিন পুৱা ৫ বজাতে আৰম্ভ হয়। এখন নিজৰ সুবিধা মতে বনাই লোৱা চাইকেলত ৰং-বিৰঙী প্লাষ্টিকৰ সামগ্ৰী ৰছীৰে চাৰিওফালে মেৰিয়াই লৈ বোজাই কৰি বিক্ৰী কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰে। এটা স্বাভাৱিক দিনত তেওঁ ৩০০-৪০০ টকা পায়, সেই টকাৰেই তেওঁ নিজৰ ছজনীয়া পৰিয়ালটো পুহিব লাগে।
এই দিনকেইটা স্বাভাৱিক নহয়।
তলাবন্ধৰ ফলত সেই কাম কৰিব নোৱাৰা হ’ল। এনেদৰে তেওঁৰ পৰিয়ালৰ আয়ৰ উৎসও বন্ধ হ’ল। কিন্তু ক’ভিড-১৯ৰ এই ক’লা ডাৱৰৰ মাজতো শিৱকুমাৰে আশাৰ পোহৰ দেখিছে। ‘ৱানবিল নাথাকিলে আমি ভোকত থাকিব লাগিবহেঁতেন।’
তামিল ভাষাত ৱানবিল মানে ৰামধেনু। এই জিলাখনৰ নাগাপাট্টিনাম খণ্ডৰ চিক্কাল গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে ৱানবিল। ২১ এপ্ৰিললৈ ৪৪ গৰাকী লোক ক’ৰণাভাইৰাছ পজিটিভ ধৰা পৰাত তামিলনাডুৰ নাগাপাট্টিনাম ক’ভিড-১৯ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
স্কুলখনে ঘাইকৈ যাযাবৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে আহাৰৰ যোগান ধৰে। স্কুলত পাঠদান বন্ধ থকা দিনবোৰত আৰাচুৰ আৰু আন গাওঁবোৰত শাক-পাচলিৰো যোগান ধৰে। তলাবন্ধৰ প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে স্কুলখনে সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা ১,২২৮ টালৈ বৃদ্ধি পাইছে। তাৰে প্ৰায় ১,০০০ টা পৰিয়াল উপান্ত শ্ৰেণীৰ। অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ বাবে এতিয়া এই স্কুলখনেই পেটৰ ভোক নিবাৰণৰ একমাত্ৰ স্থল।










