পাঁচ দিন, ২০০ কিলোমিটাৰ আৰু ২৭,০০০ টকা - মহাৰাষ্ট্ৰৰ বীড় জিলাত ৰেমডেজিভিয়েৰ বেজীৰ বাবে ৰবি ববডেয়ে হাহাকাৰ কৰি ফুৰিবলগীয়া কাহিনীৰ এইখিনি সাৰাংশ।
চলিত বৰ্ষৰ এপ্ৰিলৰ শেষ সপ্তাহত তেওঁৰ পিতৃ-মাতৃৰ দেহত ক’ভিড-১৯ৰ লক্ষণ বিকশিত হোৱাৰ পিছতেই এই কাহিনী আৰম্ভ হৈছিল। ২৫ বৰ্ষীয় ৰবিয়ে মনত পেলাই কয়, "তেওঁলোকৰ প্ৰচণ্ড কাহ আৰম্ভ হৈছিল আৰু উশাহ-নিশাহত অসুবিধা হোৱাৰ লগতে বুকুৰো বিষ হৈছিল।" "সেয়ে মই তেওঁলোকক ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিলো।"
চিকিৎসকে ততালিকে ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে ব্যৱহৃত এণ্টিভাইৰেল ঔষধ – ৰেমডেজিভিয়েৰৰ বাবে পৰামৰ্শ দিয়ে ঠিকেই, কিন্তু বীড়ত সেইবিধ ঔষধ পোৱাটো দুৰূহ। "মই পাঁচ দিন হাহাকাৰ কৰি ফুৰিছিলোঁ," ৰবিয়ে কয়। "মোৰ হাতত সময় নাছিল আৰু কি কৰিব লাগে মই জনা নাছিলো। সেয়ে মই এখন এম্বুলেঞ্চ ভাড়ালৈ লৈ মোৰ মা-দেউতাক চোলাপুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছিলো।’’ যাত্ৰাৰ গোটেই পথচোৱা তেওঁ চিন্তাক্লিষ্ট হৈ আছিল। "মই এম্বুলেঞ্চৰ সেই চাৰি ঘণ্টীয়া যাত্ৰা কেতিয়াও পাহৰিব নোৱাৰিম।"
এম্বুলেঞ্চ চালকজনে তেওঁৰ দেউতাক অৰ্জুন (৫৫) আৰু মাক গীতাক (৪৮) মাজালগাওঁ তালুকাত থকা গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বৰ চোলাপুৰ চহৰলৈ লৈ যাবলৈ ২৭,০০০ টকা ভাৰা হিচাপে লৈছিল। ‘‘মোৰ এজন দূৰ সম্পৰ্কীয় আত্মীয় এজন চোলাপুৰৰ চিকিৎসক’’, ৰবিয়ে কয়। "তেওঁ বেজীৰ ব্যৱস্থা কৰিব পাৰিব বুলি মোক জনাইছিল। গোটেই বীড়ৰ জনতাই সেইবিধ ঔষধ বিচাৰি হাবাথুৰি খাইছিল।’’
প্ৰধানতঃ ইব’লাৰ চিকিৎসাৰ বাবে বিকশিত ৰেমডেজিভিয়েৰ মহামাৰীৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্তি হোৱা ক’ভিড-১৯ ৰোগীৰ ওপৰত কাৰ্য্যকৰী হোৱা দেখা গৈছিল। কিন্তু ২০২০ চনৰ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ৰেমডেজিভিয়েৰৰ ব্যৱহাৰৰ বিৰুদ্ধে এক 'চৰ্তসাপেক্ষ পৰামৰ্শ' জাৰি কৰে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ঔষধবিধে ৰোগৰ তীব্ৰতা নিৰ্বিশেষে চিকিৎসালয়ত ভৰ্তি হোৱা ক’ভিড-১৯ ৰোগীসকলৰ জীয়াই থকা আৰু অন্যান্য ফলাফল উন্নত কৰিব বুলি কোনো প্ৰমাণ পোৱা নাই৷’’
কিন্তু যিহেতু চিকিৎসা নিৰ্দেশনাত এণ্টিভাইৰেল ঔষধক অন্তৰ্ভুক্ত কৰিব নোৱাৰি, ইয়াক নিষিদ্ধ কৰা হোৱা নাই, ভাৰতীয় চিকিৎসা সংস্থাৰ মহাৰাষ্ট্ৰ অধ্যায়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অবিনাশ ভ’ণ্ডৱে এইদৰে কয়। "ৰেমডেজিভিয়েৰক পূৰ্বৰ ক’ৰোনা ভাইৰাছ (এছএআৰএছ-চিঅ’ভি-১)সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু কাৰ্য্যকৰী বিবেচিত হৈছিল, সেই কাৰণতে আমি এই ঔষধবিধ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলো যেতিয়া নতুন ক’ৰোনা ভাইৰাছ ৰোগে (এছএআৰএছ-চিঅভি-১ বা ক’ভিড-১৯) প্ৰথমবাৰৰ বাবে ভাৰতত দেখা দিছিল।"









