চাল, বেৰ আৰু মজিয়া সকলো বাঁহেৰে সজা পাকঘৰটোৰ মাজ মজিয়াত থকা ডাঠ মাটিৰ ভেঁটিটোলৈ আঙুলিয়াই মনজিৎ ৰিচঙে ক’লে, “আমাৰ পূৰ্বপূৰুষসকলৰ আত্মাই ইয়াতেই বাস কৰে।”
পাতল হালধীয়া বাদামী ৰঙৰ চাৰিকোণীয়া আকৃতিৰ এফুট ওখ ঢিপটোৰ ওপৰত খৰি জাপি থোৱা আছিল; ইয়াতেই আহাৰ ৰন্ধা হয়। “মাৰম বোলা এইটো হ’ল আমাৰ উপাসনা গৃহ।” তেওঁ লগতে ক’লে, “এইটোৱেই মিচিং সমাজৰ বাবে সকলো।”
মনজিৎ আৰু তেওঁৰ পৰিবাৰ নয়নমণিয়ে আজি নিশাৰ সাজ খুৱাব, য’ত থাকিব পৰম্পৰগত মিচিং আহাৰ। এই দম্পতিহাল হ’ল মিচিং সমাজৰ মানুহ (অসমৰ অনুসূচিত জনজাতি তালিকাৰ অন্তৰ্ভূক্ত) আৰু অসমৰ নদীদ্বীপ মাজুলীৰ চহৰ গড়মূৰত থকা তেওঁলোকৰ বাসগৃহতে একেলগে ‘ৰিচংছ কিটচেন’ চলায়।
মোটামুটি ৩৫২ বৰ্গ কিল’মিটাৰ সামৰি লোৱা ব্ৰহ্মপুত্ৰৰ মাজত থকা মাজুলী হ’ল ভাৰতৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। ইয়াৰ মাটিৰ উপৰিভাগৰ বৈশিষ্ট্য হ’ল সীমাহীন ভাৱে বিয়পি থকা উজ্জ্বল সেউজীয়া শস্যৰ পথাৰ, সৰু সৰু বিল, বনৰীয়া বাঁহ আৰু অসংখ্য জলাহত গজা ঘাঁহ-বন। প্ৰচণ্ড মৌচুমী আৰু তাৰ ফলত হোৱা বানৰ প্ৰভাৱ সহ্য কৰিব পৰাকৈ থকা ঘৰবোৰ সজা হয় চাঙৰ ওপৰত। বগলী, মাছৰোকা আৰু বেঙুনীয়া মূৰহেন চৰাইকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰব্ৰজনকাৰী চৰাই দেখিবলৈ পোৱাৰ বাবেও দ্বীপটো বিখ্যাৎ। আচৰিত হ’বলগীয়া নহয় যে এই বিতোপন জিলাখনে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বছৰি বুজন পৰিমাণৰ স্থিৰ সংখ্যক পৰ্য্যটক আকৰ্ষণ কৰি আহিছে।
















