মাদুৰাইত থকা আমাৰ ঘৰৰ সন্মুখৰ লেম্পপোষ্টটোৰ লগত বহু স্মৃতি বিজড়িত কথোপকথন নিহিত হৈ আছে। এই ষ্ট্ৰীট লাইটৰ সৈতে মোৰ সম্পৰ্ক নিবিড়। স্কুলীয়া জীৱনৰ যৱনিকা পৰাৰ পিছৰ পৰা কেইবাবছৰলৈ আমাৰ ঘৰত বিজুলীবাতি নাছিল। পিছত ২০০৬ চনত আমাৰ ৮ বাই ৮ আকাৰৰ ঘৰটোত বিজুলী সংযোগ হ’ল। এটা মাত্ৰ কোঠা, আমাৰ পাঁচজনীয়া পৰিয়ালটো থাকো। এই অৱস্থাই মোক ষ্ট্ৰীটলাইটৰ সৈতে সম্পৰ্ক অধিক নিবিড় কৰি তুলিছিল।
বাল্যকালত আমি সঘনে ঘৰ সলাইছিলো, পিছত সৰু জুপুৰীৰ পৰা ডাঙৰ মাটিৰ ঘৰত থাকিব পৰা হ’লো। সেইয়াও ভাড়া ঘৰ, পিছত ২০ বাই ২০ ফুটৰ বৰ্তমান আমি থকা ঘৰটোলৈ আহিলো। মোৰ মা-দেউতাই বাৰ বছৰ ধৰি এচপৰা দুচপৰাকৈ ইটাৰে এই ঘৰটো তৈয়াৰ কৰিছিলো। অৱশ্যে তেওঁলোকে এজন ৰাজমিস্ত্ৰীক কামত লগাইছিল যদিও নিজেও কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এতিয়াও নিৰ্মাণৰ কাম শেষ নোহোৱা এই ঘৰটোলৈ অৱশেষত আমি আহিলো। আমাৰ আটাইকেইটা ঘৰ উক্ত লেম্পপোষ্টটোৰ পৰিধিৰ আশে-পাশে। ইয়াৰ পোহৰৰ পৰিধিৰ ভিতৰত থাকি মই পঢ়িছিলো চে গুৱেভাৰা, নেপ’লিয়ন, সুজাতা আৰু আন বহুতৰ গ্ৰন্থ।
আনকি এতিয়াও সেই ষ্ট্ৰীটলাইটৰ পোহৰৰ সাক্ষ্য মোৰ এই লেখাত বিদ্যমান।






























