বেলি ওলোৱাৰ আগতেই তেওঁলোক শোৱাপাটিৰ পৰা উঠে আৰু গোটেই দিনতো কাম কৰি যায়। ঘৰত, খেতি পথাৰত, পৰিয়ালৰ ল’ৰা-ছোৱালী আৰু মতা মানুহকেইটাৰ আলপৈচান ধৰা, পোহনীয়া জন্তুকেইটা চোৱা আদি নানানটা কাম তেওঁলোকে কৰে। খাদ্যশস্য আৰু দানাৰে ভৰ্তি গধুৰ মোনা পিঠিত লৈ তেওঁলোকে হিমালয়ৰ পাথৰেৰে ভৰা ওখ-চাপৰ পাহাৰীয়া বাটবোৰত অহা-যোৱা কৰে। এয়াই হিমাচলৰ পাহাৰীয়া নাৰী।
দেৱালীৰ দুদিন আগত সুভদ্ৰা ঠাকুৰে (তলৰ ফটোৰ সোঁফালে) তেওঁলোকৰ পাকঘৰটো ৰ্ং কৰায়। ৰবৰৰ হাতমোজা পিন্ধি নীলা বেৰাবোৰত তেওঁ বগা ৰং সানি দিয়ে। ৰন্ধা-বঢ়া তেতিয়ালৈ হৈ গৈছে আৰু ঠাইকণো তেওঁ চিকুনাই থৈছে। দিনৰ ১১:৩০ মান বজাত তেওঁ অলপ সময়ৰ কাৰণে বাহিৰলৈ ওলাই আহে। হাতেৰে চকুত অকণমান আঁৰ দি ৰ’দত খেলি থকা নাতিয়েকলৈ হাঁহি এটি মাৰি তেওঁ চাই থাকে। নাতিয়েকে তালৈ ফুৰিব আহিছে। গৰমৰ দিনত তেওঁ গোটেই দিনটো নিজৰ পথাৰত কাম কৰে। কিন্তু এতিয়া শীত আৰু তাৰ লগতে অকণমান জিৰণিও তেওঁ পাইছে।











