''এনেকুৱা জীৱন এটাই ধৰিছো, শ্ৰমিক হিচাপেই কাম কৰি আহিছো,’’ দিনহাজিৰা কৰা পামটোলৈ পুৱাৰ ভাগত কুঁৱলিৱে আগুৰি ধৰা বাট এটাত খৰখেদাকৈ খোজকাঢ়ি গৈ থাকোতে ৰত্নভাই কয়। ক্ষীণ চেহেৰাৰ আগলৈ সামান্য হাউলি ৰত্নভাই যিটো গতিত খোজ দিছে, কৈশোৰতে ভৰিত পোৱা আঘাতৰ কাৰণে যে তাই লেঙেৰিয়াই খোজকাঢ়ে, ধৰিবই নোৱাৰি।
পামখন পোৱাৰ পাছত তেওঁ কামৰ সময়ত পিন্ধিবলৈ লগত লৈ অহা কাপোৰখিনি উলিয়ালে। প্ৰথমতে শাড়ীৰ ওপৰতে নীলাৰঙৰ ছাৰ্টটো পিন্ধি ল’লে, তাৰপাছত পৰাগৰেণুবোৰ গাত নালাগক বুলি ককালত হালধীয়া ৰঙৰ নাইটি এটা পিন্ধিলে। আকৌ তাৰে ওপৰত কঁকালত এখন নীলাৰঙৰ চিফন কাপোৰ এনেকৈ মেৰিয়াই ল’লে যাতে সেয়া সৰু মোনাৰ দৰে কাম কৰে, তাতে তেওঁ অক্ৰা গছৰ কেইটামান গাণ্ডু হুভু (পুংকেশৰ) ল’লে। মূৰত উৱলি যোৱা বগা ৰঙৰ গামোচা এখন মেৰিয়াই ৪৫ বছৰ বয়সীয়া ৰত্নভাই বাওঁহাতত এমুঠি সূতা লৈ কাম আৰম্ভ কৰিলে।
তেওঁ ফুল এথোপা হাতত লৈ পাহিবোৰ লাহেকৈ মেলি ধৰি প্ৰতিটো গৰ্ভমুণ্ডত পুংকেশৰৰ পৰা ৰেণু ছটিয়াই দিলে। ৰেণু ছটিয়াই পৰাগযোগ ঘটোৱা গৰ্ভমূণ্ডবোৰ তেওঁ সূতা মেৰিয়াই দি চিন ৰাখি গ’ল। কূঁজা হৈ তেওঁ এক বিশেষ ছন্দত অক্ৰা গছৰ ইটোৰ পাছত সিটো ফুলত পৰাগযোগ ঘটাইছে। তাতেই তেওঁৰ হস্ত-পৰাগযোগৰ নিপুণতাৰ চিন। নহ’বনো কিয়, সেই কাম তেওঁ কৈশোৰৰে পৰা পৰা কৰি আহিছে।
ৰত্নভা কৰ্ণাটকৰ দলিত মাডিগা সম্প্ৰদায়ৰ মহিলা। কৰ্ণাটকৰ হাভেৰি জিলাৰ ৰাণীবেন্নুৰ তালুকৰ কনানাটালি গাঁৱৰ মাডিগাৰা কেৰি (চুবুৰী)ৰ তেওঁ বাসিন্দা।












