য়েলাপ্পানৰ খঙো উঠিছে আৰু বিবুদ্ধিতো পৰিছে।
“আমি উপকূলীয়, মাছমৰীয়া সম্প্ৰদায়ৰ নহয়। (গতিকে) কিয় আমাক চেম্বানন্দ মাৰাৱাৰ বা গোচাংগি বুলি চিনাক্ত কৰা হৈছে?”
“আমি শোলাগা সম্প্ৰদায়ৰ,” ৮২ বৰ্ষীয় বৃদ্ধজনে দাবীৰ সুৰত কয়। “প্ৰমাণ বিচাৰে (চৰকাৰে)। আমি ইয়াতেই জীয়াই আছো। সেয়াই পৰ্য্যাপ্ত প্ৰমাণ নহয়নে? আধাৰা আন্তে আধাৰা। য়েলিন্দা তাৰলি আধাৰা? (প্ৰমাণ! প্ৰমাণ! সেয়াই সিহঁতক লাগে)।”
তামিলনাডুৰ মাদুৰাই জিলাৰ চাকিমংগলম গাঁৱৰ বাসিন্দা য়েল্লাপানৰ সম্প্ৰদায়টোৱে ৰাস্তাত ঘুৰি-ফুৰি নিজৰ পিঠিত চাবুক মৰা খেল দেখুৱায় আৰু তেওঁলোকক চাটাই সম্প্ৰদায়ৰ বুলি কোৱা হয়। কিন্তু লোকপিয়লত তেওঁলোকক চেম্বানন্দ মাৰৱাৰ বুলি চিহ্নিত কৰি আটাইতকৈ পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ কৰা হৈছে।
“সমীক্ষা কৰাসকল (লোকপিয়লৰ) ইয়ালৈ আহে, আমাক প্ৰশ্ন সোধে আৰু তেওঁলোকে যি সূচীত ৰাখিব খোজে তাতেই অন্তৰ্ভুক্ত কৰে,” তেওঁ কয়।
য়েল্লাপান সেই ১৫ কোটি ভাৰতীয়ৰ মাজৰ এজন, যাক লোকপিয়লত ভুলকৈ চিনাক্ত কৰা হৈছে। ইয়াৰে বহু সম্প্ৰদায়ক এসময়ত ‘বংশগত অপৰাধী’ বুলি অপৰাধী জনজাতি আইন, ১৮৭১ৰ আধাৰত তালিকাভুক্ত কৰা হৈছিল, সেয়া আছিল ব্ৰিটিছৰ শাসনকালৰ কথা। এই আইন ১৯৫২ত বাতিল কৰি তেনে সম্প্ৰদায়বোৰক ডি-নটিফাইড ট্ৰাইবচ্ চমুকৈ ডি.এন.টি. বা যাযাবৰ সম্প্ৰদায় (এন.টি.) বুলি তালিকাভুক্ত কৰা হয়।
নেচনেল কমিচন ফৰ ডিনটিপাইড নমেডিক এণ্ড চেমি নমেডিক ট্ৰাইবচৰ দ্বাৰা ২০১৭ত জাৰি কৰা চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে, “আটাইতকৈ বেছি আধৰুৱা আৰু অপৰ্য্যাপ্ত। তেওঁলোকক সামাজিক পদানুক্ৰমৰ আটাইতকৈ তলত ৰখা হয় আৰু ঔপনিৱেশিক শাসনকালত গঢ় লৈ উঠা বদ্ধমূল ধাৰণাৰ মুখামুখি হ’ব লগা হয়।”

















