"প্ৰায় ৩০ বছৰ পূৰ্বে স্পিতিত প্ৰচুৰ বৰফ পৰিছিল। ই সেউজীয়া আছিল আৰু ঘাঁহবোৰো ভাল আছিল," হিমাচল প্ৰদেশৰ লাহৌল-স্পিতি জিলাৰ এজন গৰখীয়া আৰু খেতিয়ক শ্বেৰিং আংদুইয়ে এইদৰে কয়।
৪৩ বছৰীয়া ব্যক্তিজনে সাগৰ পৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত লাংজা নামৰ এখন গাঁৱত বাস কৰে আৰু ইয়াত মুঠ ১৫৮ জন লোকে বাস কৰে (লোকপিয়ল ২০১১ অনুসৰি)। তেওঁলোকৰ বেছিভাগেই ৰাজ্যখনৰ অনুসূচীত জনজাতি হিচাপে ভট সম্প্ৰদায়ৰ তালিকাভুক্ত । গাওঁখনৰ বাসিন্দাসকলে মুখ্যতঃ খেতি, পশুধন পালন, আৰু স্পিতি ভ্ৰমণ কৰা পৰ্যটকসকলক পৰিচালনা কৰাত নিয়োজিত হৈ আছে।
জুলাই ২০২১-ৰ শেষৰ ফালে, আমি শ্বেৰিং আৰু লাংজাত কেইজনমান গৰখীয়াক লগ পাইছিলো, তেওঁলোকে গৰু, ভেড়া আৰু ছাগলী আদি চৰাইছিল। তেওঁলোকে কেৱল নিজৰ পশুধনবোৰৰ বাবে ঘাঁহ বিচাৰি বহু দূৰলৈ যাবলগীয়া হোৱাৰ কথা কৈছিল।
"এতিয়া ইয়াৰ পৰ্বতবোৰত কম বৰফ পৰে। বেছি বৰষুণো নহয়। সেয়ে এতিয়া বেছি ঘাঁহো নগজে," শ্বেৰিঙে এইদৰে কয়, "এইকাৰণে আমি পশুবোৰ চৰাবলৈ বাবে অধিক উচ্চতালৈ লৈ যাব লাগিব।"











