“ক’ভিড-১৯ যদি নোহোৱা নহয়, তেন্তে মোৰ পথাৰত ধানখেতি এইবাৰে শেষবাৰ,” মধ্য কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ নাগবাল গাঁৱত নিজৰ পৰিয়ালৰ ধাননি পথাৰত দিনটো কটোৱাৰ পিছত পৰিশ্ৰান্ত আব্দুল ৰহমানে পত্নী হালীমাই ষ্টীলৰ পাত্ৰত দিয়া পানী খাই কয়।
১০ বছৰৰ পিছত পৰিয়ালৰ ১ একৰতকৈ কম খেতি মাটিত তেওঁ এইবাৰ ধানখেতি কৰিছে - “মই আজিকালি নিজে কাম নকৰো, কাৰণ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে (মূলতঃ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ) কম সময়তে বেছি কাম কৰে আৰু মোৰ টকা ৰাহি হয়,” তেওঁ কয়। “কিন্তু এতিয়া বাহিৰৰ শ্ৰমিকসকল যদি নাহে, তেন্তে মই ধানখেতি এৰিব লাগিব,” অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী ৬২ বছৰ বয়সীয়া ৰেহমানে কয়।
“প্ৰায় ১৫ বছৰৰ পিছত মই এইবাৰ মোৰ পথাৰলৈ ধান চপোৱাৰ বতৰত আহিলো। আমি আনকি ধান কেনেকৈ কাটে তাকো পাহৰি গৈছো,” ৬০ বছৰীয়া হালীমাই কয়। যোৱা মাহত ধান কটাৰ সময়ত দুই কিলোমিটাৰ দূৰত থকা তেওঁলোকৰ ঘৰৰ পৰা স্বামী আৰু পুত্ৰৰ বাবে তেওঁ আহাৰ লৈ আহিছে। ২৯ বছৰীয়া পুত্ৰ আলি মহম্মদে আন সময়ত বালি মহল আৰু নিৰ্মাণ ক্ষেত্ৰত দিনমজুৰ হিচাপে কাম কৰে।
মধ্য কাশ্মীৰত খেতি পথাৰত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সাধাৰণতে ১ কানাল মাটিৰ ধান কাটিবলৈ ১০০০ টকা লয় (৮ কানালে ১ একৰ হয়) আৰু ৪-৫ জনৰ শ্ৰমিকৰ একোটা গোটে এদিনত ৪-৫ কানাল মাটিৰ ধান কাটিব পাৰে। স্থানীয় শ্ৰমিকে বেছি মজুৰি বিচাৰে, প্ৰতিজন শ্ৰমিকে দিনে ৮০০ টকা মজুৰি বিচাৰে তথা সাধাৰণতে চাৰিজন স্থানীয় শ্ৰমিকে এদিনত ১ কানাল মাটিৰ ধান কাটিব পাৰে (কেতিয়াবা ১.২ বা ২ কানালৰ ধান কাটে)। ইয়াৰ ফলত প্ৰতি কানালৰ ধান কটাৰ বাবে ৩২০০ টকা ভৰিবলগীয়া হয়।
মাৰ্চত আৰম্ভ হোৱা তলাবন্ধৰ সময়ৰ পৰা ২০১৯ৰ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰাৰ বাবে আৰম্ভ হোৱা জম্মু-কাশ্মীৰ বন্ধৰ পিছত ক’ৰনাৰ কাৰণে তলাবন্ধ আৰম্ভ হ’ল। ফলস্বৰূপে ২৪ ঘণ্টাৰ ভিতৰত কাশ্মীৰ এৰি যাবলৈ সকলো অনা-কাশ্মীৰী লোকক নিৰ্দেশ দিয়া হ’ল। গতিকে খেতিপথাৰৰ কাম কৰিবলৈ এজনো প্ৰব্ৰজনকাৰী শ্ৰমিক পাবলৈ নোহোৱা হ’ল। এপ্ৰিল-মে’ৰ সময়ত ধানখেতিৰ বতৰত অ’ত-ত’ত থাকি যোৱা দুই-এজন শ্ৰমিক পোৱা গৈছিল, কিন্তু আগষ্ট-ছেপ্টেম্বৰ মাহত ধান কটাৰ সময়খিনি ইয়াত বৰ কষ্টকৰ হয়, কৃষকসকলে কয়।
নাগবালৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৰ দাৰেন্দ গাঁৱৰ ইশটিয়াক আহমেদ ৰাথেৰৰ সাত কানাল খেতিৰ মাটি আছে আৰু তেওঁ দিন মজুৰ হিচাপে কাম কৰে। তেওঁ কয়, “স্থানীয় চাৰিজন শ্ৰমিকে ১ কানাল মাটিৰ ধান কাটিবলৈ ৩২০০ টকা লয়। আমি ইমানকৈ দিব নোৱাৰো। আৰু এতিয়া আমি ধান কটাৰ কামত অনভিজ্ঞ দিন হাজিৰা কৰা শ্ৰমিককহে কামত লগাব লাগিব। কিন্ত আমি অসহায়, অহা বছৰ ধান খেতিৰ বাবে পথাৰখন সাজু কৰিবলৈ আমি ধান কাটিব লাগিব। একেটা কামৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকে মাত্ৰ ১০০০ টকা লয়।”












