“জৰুৰী অৱস্থাত, মই ইয়াতে নিজকে আৰাম দিওঁ”, ঘনকৈ ৰোৱা, কাঁইটীয়া চাহৰ জোপোহাবোৰৰ মাজৰ একেবাৰে সৰু খালী ঠাইলৈ আঙুলিয়াই দীয়া টপ্পই (নাম সলনি কৰা হৈছে) কয়। “আজি পুৱাই মোক মৌমাখিয়ে আগুৰি ধৰিছিল; ইয়াত সাপেও খুটিব পাৰে,” তাই লগতে চিন্তিত হৈ কয়।
দিন মজুৰি কৰা শ্ৰমিকসকলৰ অৱস্থা খুবেই পুতৌজনক, কিন্তু যদি আপুনি চাহ বাগিচাৰ মহিলা শ্ৰমিক হয় তেন্তে আনকি শৌচ-প্ৰস্ৰাৱ কৰিবৰ বাবে লোৱা বিৰতিয়েও নেদেখা বিপদ কঢ়িয়াই আনিব পাৰে।
৫৩ বছৰীয়া শ্ৰমিকগৰাকীয়ে মনত পেলায়, “মই গাভৰুকালত কেতিয়াবা জৰুৰী হ’লে মোৰ কোৱাৰ্টাৰলৈ চাইকেল মাৰি গৈ শৌচ কৰি অহাৰ কথা ভাবিব পাৰিছিলো।” কিন্তু সেয়া কৰিলে তেওঁৰ পাত তোলাৰ সময় কমি যায়ঃ “মই মোৰ দৈনিক লক্ষ্য পূৰ কৰিব লাগে (ছুটিৰ) মই ৰিস্ক ল’ব নোৱাৰো (মজুৰি হেৰুওৱাৰ)”।
তেওঁৰ সহকৰ্মী, সুনীতা কিস্কু (নাম সলনি কৰা হৈছে)য়ে এই কথাত সন্মতি প্ৰদান কৰিছেঃ “আমাৰ কেৱল দুটাই বিকল্প আছে- হয় গোটেই দিনটো ধৰি ৰাখো (প্ৰস্ৰাৱ কৰাৰ ইচ্ছা) বা ইয়াতে কৰিবলগীয়া হয় (মুকলিতে)। কিন্তু ই খুবেই বিপদজনক, কাৰণ ইয়াত বহু পোক-পতংগ আৰু জোক আছে।
কিছুমান চাহৰ কোম্পানীয়ে ছাতি, চেণ্ডেল, এখন তিৰ্পাল আৰু এটা টুকুৰি প্ৰদান কৰে। “তিৰ্পালে আমাক গছৰ সেমেকা পাতৰ পৰা পানী লাগি কাপোৰ তিতাৰ পৰা ৰক্ষা কৰে। অন্য সামগ্ৰী (যেনে বুট জোতা) আমি নিজেই ক্ৰয় কৰিব লাগে”। দীদীয়াই কয়।
“আমি টানি-টুনি ১০ ঘন্টা কাম কৰিব লাগে,” ২৬ বছৰীয়া সুনীতা (নাম সলনি কৰা হৈছে)ই কয়। তাই শৌচাগাৰ বা প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিবলৈ হ’লে কাম কৰা চাহ বাগিচাৰ পৰা ঘৰলৈ দুই কিলোমিটাৰ যাব লাগিব, ফলত কেইঘন্টামানৰ মজুৰি হেৰুৱাব। তাইৰ দৰে দুটা সন্তানৰ মাকে সেই কাম কৰিব নোৱাৰে।









