“বংগৰ বহু কৃষকে এই আইন তিনিখনৰ বিষয়ে নাজানে। সেয়ে আমাৰ নেতাসকলৰ কথা শুনাবলৈ, তেওঁলোকে কোৱা কথাবোৰ বুজি ঘৰলৈ যোৱাৰ পিছত চুবুৰীয়াৰ লগতে লগ-বন্ধুক সেইবিষযে যাতে কয়, সেই উদ্দেশ্যেৰে আমাৰ গাঁৱৰ কিছুমানক ইয়ালৈ লৈ আহিছো,” সুব্ৰত আদাকে কয়।
৩১ বছৰীয়া খেতিয়কজন ১৪ মাৰ্চৰ দিনা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ বাৰা কমলাপুৰৰ পৰা প্ৰতিবাদী সমাৱেশলৈ আহিছিল। দিল্লীৰ সীমান্তত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষক আৰু সংঘবোৰৰ ঐক্যবদ্ধ মঞ্চ সংযুক্ত কিষাণ মৰ্চাৰ নেতাসকলে সেই আইন তিনিখনৰ বিপজ্জনক প্ৰভাৱৰ বিষয়ে ব্যাপক হাৰত সজাগতা সৃষ্টিৰ বাবে মাৰ্চৰ মাজভাগত পশ্চিমবংগলৈ আহিছিল। সিংগুৰৰ উপৰিও তেওঁলোকে আচানল, কলকাতা আৰু নন্দিগ্ৰামত সভা পাতিছিল।
সিংগুৰৰ নৱপল্লী এলেকাত দিনৰ ১১ বজাৰ পৰা আবেলি ১ বজালৈ চলা সেই ক্ষুদ্ৰ সমাৱেশত ৫০০ৰ পৰা ২০০০ পৰ্যন্ত কৃষক আৰু সমৰ্থক উপস্থিত হৈছিল। কলকাতাৰ পৰা উত্তৰ-পশ্চিম দিশে থকা চহৰখনত টাটা মটৰ্চৰ নেন’ কাৰৰ কাৰখানাৰ বাবে ৯৯৭ একৰ কৃষিভূমিৰ অধিগ্ৰহণৰ বিৰুদ্ধে ২০০৬-০৭ত এক যুগান্তকাৰী প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। ২০১৬ত উচ্চতম ন্যায়ালয়ে সেই ভূমি কৃষকক উভতাই দিয়াৰ নিৰ্দেশ দিছিল যদিও প্ৰায়ভাগ মাটিয়েই এতিয়াও ছন পৰি আছে।
“এজন কৃষক হিচাপে মই ভাৰতৰ কৃষিৰ অৱস্থা বুজি পাওঁ,” আঠ বিঘা মাটিত (পশ্চিমবংগত ১ বিঘা মানে ০.৩৩ একৰ) আলু আৰু পিয়াজ খেতি কৰা সুব্ৰতই কয়। “স্বাধীনতাৰ আগতো বৃটিছে নীল খেতিয়কসকলক শোষণ কৰিছিল। বৰ্তমানৰ চৰকাৰখনে একেই পৰিস্থিতিৰ পুনৰাবৃত্তি কৰিব খুজিছে। আলু খেতিত ব্যয় বাঢ়িছে, বীজৰো দাম বাঢ়িছে। এই হাড়ভঙা শ্ৰমৰ আমি মূল্য নাপাও আৰু ক’ৰ্পৰেটে আচল মুনাফা লাভ কৰে, তেন্তে আমি চলিম কেনেকৈ?”








