মাৰাঠৱাড়াৰ মালিৱাড়াৰ দৰে গাঁৱৰ কৃষকে উদ্যান কৃষিৰ বাবে ফলৰ খেতি কৰি কঠোৰ সংগ্ৰামৰ মাজেৰে নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিছে বুলি হেকড়েই কয়। কেশৰী বান্ধ ওচৰতে থকাৰ ফলত ইয়াৰ কৃষি ভূমি উৰ্বৰা হৈছে। "মাটি যদি উৰ্বৰা আৰু অৰ্থোপাৰ্জনকাৰী হয়, তেন্তে কোনে নিজৰ মাটি বিক্ৰী কৰিব। প্ৰথমতে যথেষ্ট বিনিয়োগ কৰিবলগীয়া হয়। এবাৰ যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেন্তে আৰু চিন্তা নাই। এই ফলৰ বাগিছাখন আৰম্ভ কৰিবলৈ মোৰ পিতৃয়ে ১৫ বছৰ সময় লৈছিল। চৰকাৰে যদি আমাক মাটিৰ বদলি আন ঠাইত মাটি দিয়ে, তেতিয়াও নতুনকৈ এখন ফলমূলৰ বাগিছা স্থাপন কৰিবলৈ আমাক ১৫ বছৰ সময়ৰ প্ৰয়োজন হ'ব। তদুপৰি নতুনকৈ আমাক যদি মাটি দিয়ে, সেই মাটি যে উৰ্বৰা-উত্পাদনক্ষম হ'ব, আমি কেনেকৈ জানিম?" এইদৰে নিজৰ শংকা আৰু অনিশ্চয়তা প্ৰকাশ কৰে হেকড়েয়ে।
প্ৰকল্পটোৰ বিৰোধীতা কৰা 'সমৃদ্ধি মহামাৰ্গ কৃষক সংগ্ৰাম সমিতি'ৰ সদস্য তথা চিপিআই(এম) দলৰ কৰ্মী ৰাজু দেশলেই কয়, "কৃষকসকলে তেওঁলোকৰ উৰ্বৰা শস্যক্ষেত্ৰ বিক্ৰী কৰিব বিচৰা নাই।" ইযাৰ উপৰি কৰ্তৃপক্ষই ভিন্ন কৃষকৰ লগত ভিন্ন ধৰণৰ দৰদাম কৰা আৰম্ভ কৰিছে, যিটোৱে কৃষকৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। "কমেও ১০ হাজাৰ কৃষক মহাৰাষ্ট্ৰত উচ্ছেদ কৰা হ'ব। প্ৰকল্পৰ মূল্য অনুসাৰে সকলোকে ক্ষতিপুৰণ দিয়া উচিত। কিন্তু একাংশ কৃষক যথেষ্ট লাভৱান হ'ব আৰু একাংশই বহুত কম ক্ষতিপুৰণ লাভেৰে সন্তুষ্ট থাকিব লাগিব।" এইদৰে কয় দেশলেই।
যিকি নহওক, ৰাজ্যিক পথ উন্নয়ন নিগমৰ যুটীয়া সঞ্চালক প্ৰধান কুৰুন্দকাৰে কয় যে অধিগ্ৰহণ কৰিবলৈ লোৱা মাটিৰ যথাযথ মূল্যায়ন কৰা হৈছে আৰু সকলোৰে বাবে মাটিৰ এটা মূল্য নিৰূপিত হ'লে মূখ্য স্থানত মাটি থকা কৃষতসকলক অন্যায় কৰা হ'ব। "প্ৰতিজন কৃষকক তেওঁলোকৰ ভূমিৰ চাৰিগুণ মূল্য দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নাথাকিব। যিসকল কৃষকে ৰাজ্য চৰকাৰৰ ওচৰত নিজৰ ভূমি বিক্ৰী কৰিব তেওঁলোক সন্তুষ্ট হ'ব পাৰিব। ভূমিৰ বজাৰ মূল্যৰ চাৰিগুণ দাম আমি তেওঁলোকক দিম, তেওঁলোকে ইচ্ছা কৰিলে আন ঠাইত মাটি ক্ৰয় কৰিব পাৰিব। এতিয়া তেওঁলোকৰ মাটিও হ'ব, বেংকত টকাও থাকিব।" এইদৰে কয় কুৰুন্দকাৰে।