আবেলি সময়ৰ কথা, দুখন বুলডজাৰ আহি ওলাল। ‘বুলডজাৰ, বুলডজাৰ...ছাৰ, ছাৰ...’ এইবুলি মুকলিলৈ ওলাই অহা কণ কণ ল’ৰা-ছোৱালীহঁতে আতংকিত হৈ চিঞৰিবলৈ ধৰিলে। সিহতৰ হৈ-হাল্লা শুনি প্ৰধান শিক্ষক প্ৰকাশ পাৱাৰ আৰু প্ৰতিস্থাপক মাটিন ভোসলে বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা উধাতু খাই ওলাই আহিল।
আপোনালোক ইয়ালৈ কিয় আহিছে? পাৱাৰে প্ৰশ্ন কৰিলে। ‘ৰাজপথৰ বাবে আমি (শ্ৰেণীকোঠা) উচ্ছেদ কৰিব লাগিব। অনুগ্ৰহ কৰি আঁতৰি দিয়ক,’ বুলডজাৰৰ চালক এজনে এনেদৰে ক’লে। ‘কিন্তু আমাক যে কোনো জাননী দিয়া হোৱা নাই,’ ভোসলেয়ে প্ৰতিবাদ কৰি উঠিল। ‘ওপৰৰ পৰা নিৰ্দেশ আহিছে (অমৰাৱতীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা),’ চালকজনে উত্তৰ দিলে।
বিদ্যালয়ৰ কৰ্মচাৰীয়ে ততাতৈয়াকৈ চকী-মেজবোৰ আৰু সেউজীয়া বৰ্ডবোৰ বাহিৰলৈ উলিয়াই আনিলে। আম্বেদকাৰ, ফুলে, গান্ধী, বিশ্ব ইতিহাস আৰু অইন বহু বিষয় সম্বলিত ২০০০খন মান কিতাপৰ অস্থায়ী গ্ৰন্থাগাৰটোও তেওঁলোকে খালি কৰালে। বিদ্যালয়ৰ ওচৰতে থকা হোষ্টেললৈ সেইবোৰ টোপোলা বান্ধি লৈ যোৱা হ’ল। বুলডজাৰবোৰ ৰৈ নাথাকিল। ইখনৰ পিছত সিখন দেৱাল খহি পৰিল।
৬ জুনৰ দিনা প্ৰশ্নচিহ্ন আদিবাসী আশ্ৰমশালাত দুঘণ্টাজোৰা উচ্ছেদ অভিযান চলিল। এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গৰমৰ বন্ধত হোষ্টেলতে থকা ল’ৰা-ছোৱালীবোৰে সিহতৰ শ্ৰেণীকোঠা ভাঙি পেলোৱা দৃশ্য চাই ৰ’ল। ‘তাৰমানে ২৬ জুনত আমাৰ বিদ্যালয় নোখোলে? সিহতে এয়া কিয় কৰিছে?’ কিছুমানে প্ৰশ্নও কৰিলে।












