“চোৱা, চোৱা!সেই আচৰিত বাইকখন গৈছে চোৱা,পাচলিৰ মোনাই চলোৱা বাইকখন!” শিবগংগী জিলাৰ মেলাকাড়ু গাঁৱৰ চেঙেলীয়া ল’ৰাৰ মুখত সদায়ে শুনিবলৈ পোৱা যায় এই চিনাকি চিঞৰটো। গাঁওখনত থকা নিজৰ খেতিডৰাৰ পাচলি থৈলাৰ মোনাত ভৰাই মোপেডখনত তুলি লৈ চন্দ্ৰাই যেতিয়া ১৫ কিলোমিটাৰ দূৰৈৰ বজাৰলৈ যায়, এনেদৰেই চিঞৰে ল’ৰাবোৰে।“ মোৰ মোপেডখনত চাৰিওফালে কেৱল মোনা।আগে-পিছে, সোঁৱে-বাঁৱে মোনা লৈ মই যেতিয়া মোপেড চলাই যাঁও, তেঁওলোকে থৈলাৰ মোনাৰ আঁৰত থকা মোক দেখাই নাপায়, সেইকাৰণে তেনেদৰে চিঞৰে,” তামিলনাডুৰ এই সৰুফুটীয়া খেতিয়ক মহিলা গৰাকীয়ে ক’লে।


Sivagangai, Tamil Nadu
|SUN, MAY 29, 2016
ষুদ্ৰ খেতিয়ক, বিশাল হৃদয়, আশ্চৰ্য বাহন
তামিলনাডুৰ শিবগংগী জিলাৰ বাসিন্দা চন্দ্ৰা সুব্ৰমণিয়ম এগৰাকী একক মাতৃ, খেতিয়ক আৰু পাইকাৰী বিক্ৰেতা।
Author
বাৰান্দাত মোপেডখনৰ ঠিক ওচৰতে পাৰি থোৱা মৰাপাটৰ খাটিয়াখনত বহি থকা চন্দ্ৰা সুব্ৰমণিয়মক সঁচাকৈয়ে তেনেই কমবয়সীয়া যেনেই লাগে।চুটি চাপৰ চন্দ্ৰাক দেখিবলৈ ১৮ বছৰীয়া যেন লাগে।পিছে বয়সত প্ৰকৃততে ২৮ বছৰীয়া এই মহিলাগৰাকী দুটি সন্তানৰ মাতৃও।বিধবা বুলি গাঁৱৰ বয়োজ্যেষ্ঠা মহিলাসকলে তেঁওক পুতৌ দেখুৱালে বৰ বেয়া পায় উদ্যমী মহিলাগৰাকীয়ে।“তেঁওলোক সকলোৱেই, আনকি মোৰ মায়েও মোৰ কি হ’ব বুলি বৰকৈ চিন্তা কৰে আৰু আশংকাও কৰে।২৪ বছৰ বয়সতেই মোৰ স্বামীৰ মৃত্যু হৈছিল, কিন্তু মই থমকি ৰোৱা নাছিলো। মই সকলোকে কঁও মোক লৈ চিন্তিত নহ’বলৈ।”
চন্দ্ৰাৰ কাষত থাকিলে হতাশা দূৰ হৈ যায়।হাঁহি ভাল পায় চন্দ্ৰাই।অনায়াসে হাঁহিব পাৰে তেঁও, বিশেষকৈ নিজকে লৈ।শৈশৱৰ কথাবোৰক লৈ খুব ৰসিকতা কৰে।“মোৰ দেউতাই এদিন ৰাতি হঠাৎ সাৰ পালে।মোৰ তেতিয়া হয়তো দহবছৰ হোৱাই নাছিল।তেঁও সাৰ পাই উঠি ক’লে যে বৰ ধুনীয়াকৈ জোনটো ওলাইছে, এনে ফটফটীয়া পোহৰত বঢ়িয়াকৈ ধান দাব পৰা যাব।ৰাতি পুৱাবৰ হোৱা বুলি ভাবি ভাইটী, ভণ্টি আৰু ময়ো দেউতাৰ লগতে উঠিলো।আমি চাৰিও লগ হৈ চাৰি ঘ্ন্টামান ধান কাটিলো, তথাপি ৰাতি নুপুৱায় হে নুপুৱায়।তাৰপিছত দেউতাই আমাক স্কুললৈ যোৱাৰ আগতে অলপ শুই ল’বলৈ ক’লে।কাৰণ তেতিয়া নিশা তিনি বাজিছিল।বিশ্বাস কৰিবনে আপুনি?দেউতাই আমাক ৰাতি ১১ বজাতে পথাৰলৈ লৈ গৈছিল ধান দাবলৈ বুলি!”
চন্দ্ৰাই পিছে নিজৰ ল’ৰাছোৱালীক তেনে কষ্ট কেতিয়াও নিদিয়ে।অকলশৰীয়া মাক তেঁও, ৮ বছৰীয়া পুত্ৰ ধনুষ কুমাৰ আৰু ৫ বছৰীয়া কন্যা ইনিয়াৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ চন্দ্ৰা।ল’ৰা-ছোৱালী হালে ওচৰতে থকা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে।সিঁহতৰ ভবিষ্যতৰ কথা চিন্তা কৰিয়েই চন্দ্ৰাই খেতিয়ক হ’বলৈ মন মেলিছিল।

Aparna Karthikeyan
“ মোৰ পেহীৰ ল’ৰাৰ সৈতে মোৰ বিয়া হৈছিল ১৬ বছৰ বয়সতে। পতি সুব্ৰমণিয়মৰ সৈতে মই তিৰুপ্পুৰত বাস কৰিছিলো। তেঁও গেঞ্জী উদ্যোগ এটাৰ দৰ্জী আছিল।তাত ময়ো কাম কৰিছিলো।চাৰিবছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত মোৰ দেউতাৰ মৃত্যু হৈছিল।মোৰ পতি একপ্ৰকাৰ ভাঙি পৰিছিল। দেউতাৰ মৃত্যুৰ চল্লিশ দিন পিছত তেঁও চিপজৰী ল’লে।মোৰ দেউতা তেঁওৰ বাবে সকলো আছিল…”
তাৰপাছতে চন্দ্ৰাই মাকৰ সৈতে থাকিবলৈ নিজৰ গাঁৱলৈ ঘূৰি আহিল।চিলাই কাম কৰি থাকিবনে নাথাকে তাকে লৈ দোমোজাত পৰিছিল চন্দ্ৰা।নতুনকৈ পঢ়া-শুনা আৰম্ভ কৰাৰো উপায় নাছিল। দুয়োটা কামেই তেঁওৰ বাবে অধিক কষ্টকৰ হ’লহেঁতেন।কাপোৰৰ কাৰখানাত কাম কৰা মানে ল’ৰাছোৱালী হালৰ পৰা দিনটোৰ বেছিভাগ সময়েই আঁতৰি থকা।উচ্চ শিক্ষাই হয়তো চন্দ্ৰাক এটা ভাল জীৱন দিব পাৰিলেহেঁতেন,কিন্তু তাৰবাবে তেঁও প্ৰথমে উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিব লাগিলেহেঁতেন।“মই স্নাতক শিক্ষা সাং কৰালৈ ইমান দিনে মোৰ ল’ৰাছোৱালী হালক কোনে চালেহেঁতেন? মোৰ মায়ে আমাক সদায়েই সহায় কৰি আহিছে, কিন্তু তথাপি…”
গতিকে ভাবি-চিন্তি চন্দ্ৰাই খেতি কৰাৰ সিদ্ধান্তই ল’লে।ঘৰখন চোৱাচিতা কৰাৰ মাজেৰেই পিছফালৰ বাৰীখনত কাম কৰিবলৈও ভাল, ঘৰৰ ঠিক গাতে লাগি আছে খেতিপথাৰখনো।দেউতাকৰ মৃত্যুৰ পাছত চন্দ্ৰাৰ মাক ৫৫ বছৰীয়া চিন্নাপন্নু আৰুমুগামে তেঁওৰ তিনিটি লৰাছোৱালীৰ মাজত পৰিয়ালৰ ১২ বিঘা খেতি মাটি ভগাই দিছিল। এতিয়া মাক-জীয়েক দুয়ো মিলি চন্দ্ৰাৰ মাটিখিনিত নানা বিধ পাচলি, ধান, কুঁহিয়াৰ আৰু মাকৈৰ খেতি কৰে। যোৱা বছৰ চন্দ্ৰাৰ কাৰণে এটা নতুন ঘৰো সাজিছে চিন্নাপনুৱে।ঘৰটো সৰু হ’লেও মজবুত, পিছে গা ধোৱা ঘৰ এটাহে সজা হোৱা নাই।“ইনিয়া ডাঙৰ হোৱাৰ আগতেই মই এটা গা ধোৱা ঘৰ সাজিম,” চন্দ্ৰাই ক’লে।

Aparna Karthikeyan
ঘৰুৱা ইটো-সিটো কাম, ল’ৰাছোৱালীহালৰ বিদ্যালয়ৰ মাচুল আৰু ইউনিফৰ্মৰ কাপোৰ আাদি কিনাৰ বাবে চন্দ্ৰাই কুঁহিয়াৰ বেছি বছৰেকত পোৱা ধনখিনি খৰচ কৰে। ধান খেতি আৰু প্ৰতিদিনে পাচলি বেছি পোৱা ধন চন্দ্ৰাই ঘৰুৱা দৈনন্দিন বজাৰ-সমাৰত খৰচ কৰে।এইখিনি উপাৰ্জনৰ বাবে তেঁও প্ৰতিদিনে প্ৰায় ১৬ ঘ্ণ্টাকৈ কাম কৰে।পুৱা চাৰি বজাতে উঠি ঘৰ সৰা-মচা, ৰন্ধা-বঢ়া, ল’ৰাছোৱালী দুটাৰ দুপৰীয়াৰ আহাৰ আদি প্ৰস্তুত কৰে।
তাৰপাছতে তেঁও বেঙেনা, ভেণ্ডি আৰু লাও ছিঙিবলৈ পাচলিৰ বাৰীখনলৈ যায়।বাৰীৰ পৰা আহি ধনুষ আৰু ইনিয়াক বিদ্যালয়লৈ যাবলৈ সাজু কৰি তোলে আৰু খোজ কাঢ়ি নিজে বিদ্যালয়লৈ থবলৈ যায়।“বিদ্যালয়খন ওচৰতে যদিও ময়ো ভালদৰে কানি-কাপোৰ পিন্ধি যোৱাটো বিচাৰে সিঁহতে। সেয়ে নাইটিৰ ওপৰতে শৰী এখন মেৰিয়াই যাও সিঁহতক থবলৈ গ’লে,” হাঁহি মাৰি চন্দ্ৰাই ক’লে।সিঁহতক থৈ আহি পুনৰ দুপৰীয়ালৈকে পথাৰত কাম কৰে চন্দ্ৰাই। দুপৰীয়াৰ আহাৰ খাবলৈ অহাৰ সময়ত মাত্ৰ আধাঘণ্টা মানৰ কাৰণে জিৰণি লও।তাৰপিছত পুনৰ কামত ধৰো, এইখনেই মোৰ কামৰ তালিকা।”
বজাৰ বাৰত চন্দ্ৰাই মোপেডখনত পাচলি বোজাই কৰি লৈ শিবগংগীলৈ যায়।“মই যেতিয়া ছোৱালী আছিলো, ক’লৈকো অকলে যোৱা নাছিলো। মোৰ ভয় লাগিছিল। এতিয়া কিন্তু দিনটোত কেতিয়াবা চাৰিবাৰলৈকে চহৰলৈ যাঁও।

Roy Benadict Naveen
চন্দ্ৰাই বীজ, সাৰ আৰু কীটনাশক কিনিবলৈও যায় শিবগংগীলৈ।“ কালি মই চহৰলৈ যাঁওতে ইনিয়াই জেদ ধৰিলে বিদ্যালয়ৰ খ্ৰীষ্টমাছৰ কাৰ্যসূচীৰ বাবে নতুন কাপোৰ এযোৰ লাগে বুলি।লাগে মানে তেতিয়াই লাগে আৰু!” মৰমেৰে হাঁহিলে চন্দ্ৰাই।খেতিৰ কামতো কিছু খৰচ হয় চন্দ্ৰাৰ, পথাৰত বনুৱা লগাব লাগে, বিশেষকৈ ধান খেতিৰ সময়ত— পাচলি বেচি পোৱা ধনেৰেই এইবোৰ খৰচ উলিয়ায় মহিলা কৃষকগৰাকীয়ে।“ কোনোবাটো সপ্তাহত মই পাচলি বাচি ৪ হেজাৰ টকালৈকে পাঁও।যেতিয়া দাম কমে তেতিয়া তাৰ আধাও নাপাও।” ক্ষুদ্ৰ খেতিয়ক গৰাকীয়ে নিজৰ খেতিত উৎপাদনৰ বাবে হোৱা খৰচটো উলিয়াবলৈকেই ঘ্ণ্টাৰ পাছত ঘ্ণ্টা ধৰি বজাৰত ৰৈ থাকিব লগীয়া হয়।কেতিয়াবা বেপাৰীয়ে দিয়া দামতকৈ হয়তো কেজিত বিশ টকা বেছিকৈ পাবলৈকে এনেদৰে ৰৈ থাকিবলগীয়া হয়।

Roy Benadict Naveen
আবেলি হোৱাৰ আগতেই সাধাৰণতে বজাৰৰ পৰা ঘূৰি আহে চন্দ্ৰা, ল’ৰাছোৱালীহাল ইতিমধ্যেই আহি পায় বিদ্যালয়ৰ পৰা।বজাৰৰ পৰা আহি চন্দ্ৰাই পথাৰত টুক-টাক কাম কৰাৰ সময়তে ল’ৰাছোৱালীহালেও কিছু সময় খেলে—তাৰপাছত তিনিও ঘৰলৈ যায়।ধনুষ আৰু ইনিয়াই বিদ্যালয়ত ঘৰত কৰিবলৈ দিয়া কাম কৰে, অলপ সময় টি ভি চায়, পুতলা আৰু গিনি পিগ কেইটাৰ সৈতে খেলে।“ মোৰ মায়ে গিনিপিগ কেইটা একো কামৰ জীৱ নহয় বুলি ভাবে।তেঁও সিঁহতক এন্দুৰ বুলি কয় আৰু মোক ছাগলী নুপুহি গিনিপিগ পোহাৰ বাবে গালি পাৰে,” এটা নোদোকা গিনিপিগ সজাৰ পৰা উলিয়াই আনি হাতেৰে তুলি লৈ মৰম কৰি আছিল চন্দ্ৰাই, ক’লে,“ কিন্তু যোৱা সপ্তাহত মই বজাৰৰ পৰা সিঁহতৰ বাবে গাজৰ কিনি আনোতে মানুহ এজনে মোক সুধিছে মই গিনিপিগকেইটা বেচিম নেকি।” এতিয়া গিনিপিগ কেইটা বেচি চন্দ্ৰাইও অলপ লাভৰ মুখ দেখাৰ কথা ভাবিছে।

Roy Benadict Naveen
হতাশাক আশালৈ ৰূপান্তৰিত কৰিব পৰাৰ এটা যেন আচৰিত শক্তি আছে চন্দ্ৰাৰ, হাঁহিৰে জীৱন সুন্দৰ কৰিবলৈ সঁচাকৈয়ে জানে তেঁও।নাৰিকল গছ এশাৰীৰ তলেৰে গৈ থাকোতে চন্দ্ৰাই ক’লে তেঁও আজিকালি নাৰিকল গছত উঠাটো বাদ দিছে।“কেনেকৈ উঠো কঁওকচোন, মইতো এতিয়া আঠবছৰীয়া ল’ৰা এটাৰ মাক।” পিছমুহুৰ্ততে চন্দ্ৰাই আন ৰাজ্যৰ পৰা হোৱা প্ৰব্ৰজন, চেন্নাইৰ বানপানী আৰু কৃষকৰ প্ৰতি সমাজে সন্মান দেখুৱাব নোখোজাৰ কথাও ক’লে।মই যেতিয়া কোনোবা বেংক বা কাৰ্যালয়লৈ কিবা কামত যাঁও আৰু নিজৰ পৰিচয় দিও, বিষয়াসকলে মোক এটা কোণত অপেক্ষা কৰিবলৈ কয়।”
“যিসকলে তেজক পানী কৰি খাদ্য উৎপাদন কৰে, সেই কৃষকসকল বহিবলৈ চকী এখন পোৱাৰো যোগ্য নহয় নেকি?”, চন্দ্ৰাৰ প্ৰশ্ন।
ক্ষুদ্ৰ খেতিয়ক , বিশাল হৃদয় , আশ্চৰ্য বাহন Slideshow
অনুবাদঃ নিভা ৰাণী ৰয়
নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক। তেখেতৰ ই-মেইল ঠিকনাঃ [email protected]
অপৰ্ণা কাৰ্তিকেয় এগৰাকী পূৰ্ণকালীন মাতৃ , অংশকালীন লেখিকা আৰু পাৰিৰ স্বেচ্ছাসেৱক।তেখেতৰ ইমেইলঃ @Aparnakarthi
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/ষুদ্ৰ-খেতিয়ক-বিশাল-হৃদয়-আশ্চৰ্য-বাহন

