এবছৰ আগতে, ২০১৭ৰ মে’ত সাৰিকা আৰু দয়ানন্দ সতপুতে অনিচ্ছা স্বত্বেও নিজৰ ঘৰ স্থানান্তৰিত কৰিলে, ‘নিৰাপত্তাহীনতা আৰু ভয়ৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ল,’ ৪৪ বছৰীয়া দয়ানন্দই কয়।
মাৰাঠাৱাড়াৰ লাটুৰ জিলাত থকা তেওঁলোকৰ গাওঁ মোগাৰ্গাৰ দলিত সম্প্ৰদায়ৰ লোকসকলে ২০১৭ৰ ৩০ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উদযাপন কৰিছিল। ‘প্ৰতিবছৰে আমি বাবা চাহেবৰ জন্মবাৰ্ষিকী (১৪ এপ্ৰিলত)ৰ কেইদিনমান পিছত সেই দিৱস উপলক্ষে কাৰ্যসূচী হাতত লওঁ,’ দয়ানন্দই কয়।
মোগাৰ্গা গাঁৱৰ জনসংখ্যা প্ৰায় ২৬০০। অধিকাংশ মাৰাঠা, আৰু প্ৰায় ৪০০ দলিত। তেওঁলোকৰ বেছিভাগ মাহাৰ আৰু মাটাং সম্প্ৰদায়ৰ। মাৰাঠাসকল গাওঁখনৰ মাজভাগত বাস কৰে, দলিতসকল গাওঁখনৰ উপকণ্ঠ অঞ্চলত বাস কৰে। কেইঘৰমান দলিতৰ নিজৰ সৰু একোডোখৰ মাটি আছে, বেছিসংখ্যক দলিতে মাৰাঠা খেতিয়কৰ পথাৰত শ্ৰমিক হিচাপে কাম কৰে। মাৰাঠা খেতিয়কসকলে জোৱাৰ, টুৰ আৰু ছয়াবিনৰ খেতি কৰে। খেতিৰ কাম নাপালে শ্ৰমিক হিচাপে কাঠমিস্ত্ৰী আৰু কুলি হিচাপে কিলাৰি চহৰত কাম কৰে। তেওঁলোকৰ গাঁৱৰ পৰা চহৰখন ১০ কিলোমিটাৰ দূৰত।
যোৱা বছৰৰ অনুষ্ঠানৰ পিছতে পৰিস্থিতি ভয়াৱহ হৈ পৰে। ‘আম্বেদকাৰ জয়ন্তী উদযাপনৰ পিছদিনা গাওঁসভাৰ মিটিং এখন পঞ্চায়তে আহ্বান জনায়। কিছুমান মানুহ আমাৰ ঘৰলৈ বলপূৰ্বক সোমাই আহি আমাক ভাবুকি দিলে আৰু মিটিঙত থাকিবলৈ ক’লে। পিছদিনা পুৱা যেতিয়া আমি ১৫ জনমান গাওঁসভালৈ গ’লো, তেতিয়া তেওঁলোকে ‘জয় ভৱানী, জয় শিৱাজী’ শ্লোগান দি আমাক প্ৰৰোচিত কৰিলে।’ দয়ানন্দই ক’লে। সপ্তদশ শতিকাৰ মাৰাঠা শাসক ছত্ৰপতি শিৱাজীৰ এই শ্লোগানেৰে গুণানুকীৰ্তন কৰা হয়।







