"মোৰ স্বামীৰ নিথৰ দেহটো লৈ কেনেদৰে মই অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ পামুৰু গাঁৱলৈ গ'লো সেয়া মোৰ মনত নাই। শেষকৃত্যৰো একো কথা মোৰ মনত নাই। মোৰ শহৰুদেউতাই মোক হস্পিতাললৈ লৈ গৈছিল, তাতে মোক বৈদ্যুতিক শ্বক দিয়া হৈছিল (ইলেক্ট্ৰোকনভালছিভ থেৰাপী) আৰু চিকিত্সা কৰা হৈছিল। তেতিয়াহে মোৰ চেতনা ঘুৰি আহিছিল। মোৰ স্বামী যে সঁচাকৈয়ে ঢুকাইছে সেয়া মানি লবলৈ মোক দুবছৰ সময় লাগিল।."
10 টা বছৰ পাৰ হৈ গ'ল, কিন্তু গিৰীয়েকৰ মৃত্যুৰ সেই দিনটোৰ মৰ্মন্তুদ ঘটনাটো মনত পেলাই তাই শোকত আকৌ এবাৰ ভাঙি পৰিল। "তেতিয়া মোৰ আত্মীয়-কুটুমে কৈছিল যে মই মোৰ ছোৱালী দুজনীৰ বাবে জীয়াব লাগিব। আৰু তেতিয়াই মোৰ সংগ্ৰাম আৰম্ভ হ'ল। ওচৰৰে ফেক্টৰী এটাত মই হাউছকিপিঙৰ কামত সোমালো, কিন্তু সেই কামটো মোৰ মুঠেই পছন্দৰ নাছিল। মোৰ পিতা-মাতাও চাফাই কৰ্মীয়ে আছিল। মোৰ দেউতা আছিল চেপটিক টেংক/মেনহোল চাফা কৰা আৰু আৱৰ্জনা সংগ্ৰহ কৰা মানুহ, মোৰ মা আছিল চুইপাৰ।"
তামিলনাডুত থকা প্ৰায়ভাগ চাফাই কৰ্মীয়ে অন্ধ্ৰপ্ৰদেশৰ, তেওঁলোকে তেলেগু ভাষাত কথা কয়। ৰাজ্যখনৰ বিভিন্ন স্থানত চাফাই কৰ্মীৰ সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে তেলেগু মাধ্যমৰ বিদ্যালয়ো আছে।
নাগাম্মা আৰু তেওঁৰ গিৰীয়েক মূলতঃ পামুৰু গাঁৱৰে। "আমাৰ বিয়া হৈছিল 1995 চনত, তেতিয়া মোৰ বয়স 18 বছৰ," নাগাম্মাই কয়। "মোৰ জন্মৰ পূৰ্বেই মা-দেউতাই চেন্নাইলৈ উঠি আহিছিল। চেন্নাইলৈ অহাৰ আগেয়ে আমি আমাৰ গাঁৱত কেইবছৰমানৰ বাবে আছিলো আমাৰ বিয়াৰ বাবে। মোৰ স্বামীয়ে মেচন হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়াই চেপটিক টেংক চাফা কৰাৰ বাবে কোনোবাই মাতিছিল, তেওঁ গৈছিল। মই যেতিয়া জানিবলৈ পাইছিলো যে তেওঁ নলা-নৰ্দমাৰ চাফাইৰ কাম কৰে, মই পোনচাটে বাধা দিছিলো। তাৰপিছত তেওঁ যেতিয়া তেনে কামত ওলাই গৈছিল, মোক জনোৱা নাছিল। যেতিয়া তেওঁ আৰু তেওঁৰ দুজন সহকৰ্মী 2007 চনত এটা চেপটিক টেংকৰ ভিতৰত ঢুকাইছিল, কাকো আটক কৰা হোৱা নাছিল। তেওঁলোকৰ মৃত্যুৰ বাবে কাকো দায়ী কৰোৱা হোৱা নাছিল। চাওক এই দেশখনে আমাক কেনে আচৰণ কৰে, আমাৰ জীৱনৰ একো মূল্যই নাই। চৰকাৰ কি বিষয়া- কোনেও আমাক সহায়ৰ কৰাৰ বাবে আগবাঢ়ি অহা নাছিল। অৱশেষত মোৰ অধিকাৰৰ বাবে কেনেদৰে যুঁজ দিব লাগিব সেয়া মোক চাফাই কৰ্মচাৰী আন্দোলন চমুকৈ এছকেএ-য়ে শিকালে। মই 2013 চনতহে এই আন্দোলনত ভাগ ল'লো।"
নিজৰ অধিকাৰৰ বিষয়ে সচেতন হোৱাৰ পিছত নাগাম্মা সৰৱ আৰু দৃঢ়প্ৰতিজ্ঞ হৈ পৰিল। চেপটিক টেংক বা নৰ্দমাৰ কাম কৰি মৃত্যুবৰণ কৰা ভূক্তভোগীৰ পৰিয়ালৰ মহিলাসকলক তেওঁ দেখা কৰিলে। "যেতিয়াই মই জানিলো যে নিজৰ প্ৰিয়জনক নৰ্দমাত হেৰুওৱা মহিলা কেৱল ময়েই নহয়, আন শ শ এনে দুৰ্ভগীয়া মহিলা আছে যাৰ সৈতে মোৰ দুখ একেই, তেতিয়াৰপৰা মই মোৰ দুখক শক্তিলৈ ৰূপান্তৰ কৰি পেলালো।"