সেই দিনটো এতিয়াও মোৰ মনত আতে। মাৰ কাষতে লেপ এখন মেৰিয়াই মই মাৰ মুখৰ পৰা কাহিনী শুনিছিলো। “আৰু তাৰপিছত সিদ্ধাৰ্থই জীৱনৰ সত্যানুসন্ধান কৰিবলৈ ঘৰ এৰিলে,” মায়ে কৈছিল। সিদিনা গোটেই ৰাতি বৰষুণ দিছিল। আমাৰ ঘৰটো মাটি মাটি গোন্ধাইছিল। মমৰ ক’লা ধোৱাই চিলিংখন চুবলৈ চেষ্টা কৰিছিল।
“সিদ্ধাৰ্থৰ ভোক লাগিলে কি কৰিব?” মই সুধিছিলো। কিমান নিৰ্বোধ আছিলো মই? সিদ্ধাৰ্থ দেখোন ইশ্বৰ আছিল।
১৮ বছৰ পাৰ হ’ল, মই একেটা কোঠালৈ ঘুৰি আহিছিলো। সিদিনা বৰষুণ দি আছিল। খিৰিকীৰ আইনাৰে বৰষুণৰ টোপালবোৰ বাগৰিছিল। মোৰ কাষতে লেপ এখন মেৰিয়াই মায়ে বাতৰি শুনি আছিল। “২১ দিনীয়া তলাবন্ধৰ পৰিপ্ৰেক্ষিতত প্ৰায় পাঁচ লক্ষাধিক প্ৰব্ৰজনকাৰীয়ে ভাৰতৰ ডাঙৰ চহৰবোৰৰ পৰা নিজ গাঁৱলৈ বুলি খোজকাঢ়ি যাত্ৰা কৰিছে।”
কিন্তু প্ৰশ্ন একেটাইঃ সিহঁতৰ ভোক লাগিলে কি কৰিব?



