কমল চিণ্ডেৰ দুকঠলীয়া ঘৰটোত ১৫০ কিলো চাউল, ১০০ কিলো গুড়, ৩০ কিলো আলু আৰু ৫০ কিলো পিয়াজ বস্তাত ভৰাই থোৱা আছে। 'এয়া খোৱা-লোৱাৰ বাবে,’ ৫৫ বৰ্ষীয় কমলে কয়। 'আজি প্ৰতিজন লোকে নিজৰ খাদ্য কঢ়িয়াইছে আৰু বাকীকেইটা দিনত আমি ৰাস্তাতে (ৰাস্তাৰ দাঁতিত) ৰন্ধা-বঢ়া কৰিম।’
তেঁওৰ গাঁৱৰ প্ৰায় ৩০-৪০ জনমান কৃষকে সামূহিক ভড়ালত হাত উজান দিছে। এই ভড়ালৰ চাউল-পাতখিনি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা মিচিলৰ খোৱা-লোৱাৰ কাৰণে ব্যৱহাৰ কৰা হ’ব। অখিল ভাৰতীয় কিষাণ সভাৰ দিনডৰি তালুকৰ সমন্বয়ক অপ্পা বতাতে কয়। তেৱেই এই প্ৰতিবাদী কাৰ্যসূচীৰ মুখ্য আয়োজক।










