চকা পাতত বহা চাবলৈ তেওঁ অপেক্ষা কৰা নাই। এটা কোঠাৰ ৰান্ধনিঘৰৰ বাহিৰত বহি ৰন্দাৱনী সুৰভাসে ষ্ট্ৰীট লাইটৰ পোহৰত যিমান দূৰলৈ দেখি চাই আছে। মুখত এক বিষাদভৰা হাঁহি লৈ তেওঁ কয়, “ঠিক সেই ঠাইখিনিতে মোৰ স্বামী সদায় বহে আৰু তেওঁৰ প্ৰিয় গীত অভং গায়।”
তেওঁৰ স্বামী প্ৰভাকৰ সুৰভাসেই সদায় হিন্দু দেৱতা ভিত্থালৰ প্ৰাৰ্থনাৰে ভক্তিমূলক গান গাই সময় পাৰ কৰিছিল। ৬০ বছৰ পূৰ্ণ হোৱাৰ লগে লগে দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ পৰা এজন কেৰাণী হিচাপে তেওঁ অৱসৰ লাভ কৰিছিল। তাৰ পিছৰ পৰা মহাৰাষ্ট্ৰৰ বীড় জিলাৰ এখন নগৰ পাৰ্লিত থকা নিজৰ ঘৰত বহি তেওঁ ভক্তিমূলক গীত গাইছিল আৰু প্ৰতিবেশীকো আনন্দিত কৰিছিল।
২০২১ৰ ৯ এপ্ৰিলত ক’ভিড-১৯ৰ লক্ষণ দেখাৰ আগলৈকে তেওঁ এইদৰে সময় কটাইছিল।
দুদিনৰ পিছত পাৰ্লিৰ পৰা ২৫ কিলোমিটাৰ দূৰত আম্বেযোগাইত থকা স্বামী ৰমানন্দ তীৰ্থ গ্ৰাম্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰভাকৰক ভৰ্তি কৰা হয়। দহদিনৰ পিছত শ্বাস-প্ৰশ্বাৰ কষ্ট পাই তেওঁৰ মৃত্যু হয়।
তেওঁৰ মৃত্যু আছিল আকস্মিক। “আগবেলা ১১ বাজি ৩০ মিনিটত তেওঁক মই বিস্কুট খুৱাইছিলো,” পাৰ্লিত চীনা ফাষ্টফুডৰ এখন দোকান চলোৱা ৩৬ বছৰীয়া ভাগিন বৈদ্যনাথ সুৰভাসেই কয়। “তেওঁ আনকি ফলৰ ৰস বিচাৰিছিল। আমি দুয়োজনে কথা পাতিছিলো। তেওঁক ভালেই দেখা গৈছিল। দিনৰ ১ বাজি ৩০ মিনিটত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।”
এই সময়খিনিত বৈদ্যনাথ চিকিৎসালয়ৰ ৱাৰ্ডত উপস্থিত আছিল। তেওঁ কয় যে দুপৰীয়াৰ পিছত হঠাতে অক্সিজেনৰ পৰিমাণ দেহত কমি যায়। অলপ আগলৈকে কথা কৈ থকা প্ৰভাকৰে শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ ধৰিলে। “মই দৌৰাদৌৰি কৰি চিকিৎসকক মাতিলো, কিন্তু কোনেও গুৰুত্ব নিদিলে। উশাহ লোৱাত তেওঁৰ ভীষণ কষ্ট হ’ল আৰু অলপ পিছতে তেওঁৰ মৃত্যু হয়। মই তেওঁৰ বুকু, ভৰি আদি মোহাৰি দিলো, কিন্তু একো কামত নাহিল,” বৈদ্যনাথে কয়।









