তেওঁৰ ঘৰটোলৈ যোৱা বাটটো বৰ থিয়। যোৱাবছৰ এখন ভৰিৰ শল্যচিকিত্সা কৰোৱা ৭২ বৰ্ষীয় অধিলক্ষ্মীয়ে সেই বাটত উজাই উঠিবলৈ কষ্ট পায়। তেওঁৰ ঘৰটো দক্ষিণ বেংগালুৰুৰ শুদ্ধগাণ্টে পালয়া এলেকাৰ ভৱানী নগৰত। ঘৰ বুলবলৈ দৰাচলতে সেয়া এটাই কোঠা। তাতেই ঘৰৰ অইন ছগৰাকী সদস্যৰ লগত তেওঁ থাকে।
অধিলক্ষ্মী আৰু তেওঁৰ ৮৩ বৰ্ষীয় গিৰি কুন্নাইহ ৰাম ৩০ বছৰ পূৰ্বে তামিলনাডুৰ মাদুৰাই জিলাৰ পৰা বেংগালুৰুলৈ কামৰ সন্ধানত ওলাই আহিছিল। ৰামে মিস্ত্ৰীৰ কাম বিচাৰি পালে আৰু আনফালে দুই পুত্ৰ আৰু দুই জীয়ৰীক অধিলক্ষ্মীয়ে ডাঙৰ-দীঘল কৰিলে।
মই বুঢ়া হ'লো বুলিয়ে খোৱাৰ প্ৰয়োজন নহয় নেকি? অধিলক্ষ্মীয়ে সোধে। গাইপতি সাত কিলো বিনামূলীয়া চাউল ৰেচন হিচাপে পোৱাৰ পৰা বঞ্চিত হোৱা লক্ষ্মীয়ে এই একেটা প্ৰশ্নই যোৱা ছমাহ ধৰি বহুবাৰ আওৰাবলগা হোৱাটো দুৰ্ভাগ্যৰ কথা। সাহায্যপ্ৰাপ্ত নিমখ, চেনী, তেল আৰু চাবোনো চাউলৰ সৈতে পায় যাৰ বাবে তেওঁলোকে ১৫০ টকা দিব লাগে, সেয়াও বন্ধ হৈ গৈছে।
বয়োবৃদ্ধ দম্পত্তিহালক কিয় ৰেচনৰ পৰা বঞ্চিত কৰা হ'ল? যিখন ৰাজহুৱা ৰেচনৰ দোকানত তেওঁলোকে ঘৰৰ পৰা দুই কিলোমিটাৰ বাট বাই নিয়মিত অহা-যোৱা কৰে, সেইখন দোকানতে তেওঁলোক দুয়োজনৰে ফিংগাৰপ্ৰিণ্টৰ সত্যাপন কৰিবপৰা নগ'ল। ফিংগাপ্ৰিণ্ট চিনাক্ত কৰা সৰু সৰু মেচিনবোৰ বেংগালুৰুৰ ৰেচনৰ দোকানত লগোৱা হৈছে। চহৰখনত এনে ১৮০০ মান দোকান আছে।







