এছ মুথুপেচ্চিয়ে এটা এটাকৈ তেওঁৰ সমস্যাবোৰ গণিলে। কাৰগাট্টাম নামে পাৰম্পৰিক নৃত্য প্ৰদৰ্শন কৰি পেট পোহা মুথুপেচ্চিৰ দৰে এই শিল্পীসকলক গোটেই ৰাতিটো নাচি থাকিব পৰাকৈ গাত বল আৰু নৈপুণ্যতা দুয়োটাই লাগে।
মুথুপেচ্চি অকলশৰীয়া মহিলা, গিৰীয়েক ঢুকোৱা দহ বছৰ হ’ল। তেওঁ নিজৰ খৰছ নিজে উলিয়ায়। নিজৰ উপাৰ্জনেৰেই দুজনীকৈ জীয়ৰী বিয়া দিছে। কিন্তু ক’ভিডে তেওঁৰ কঁকাল ভাঙিলে।
ক’ৰনাভাইৰাছৰ প্ৰসংগ ওলোৱাত তেওঁৰ কণ্ঠত খং আৰু ক্ষোভে ধৰা দিলে। খং আৰু দুখমিহলী মাতেৰে তেওঁ শাওঁ দিলে, “ক’ৰনা নিপাত যাওক।” “ৰাজহুৱা অনুষ্ঠান আদি নোহোৱাত আমাৰ আয়ৰ মুধা মৰিল। মই মোৰ জীয়ৰীহঁতৰ পৰা পা-পইছা লৈ চলিবলৈ বাধ্য হৈছো।”
“চৰকাৰে যোৱা বছৰ ২০০০ টকাৰ সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ঠিকেই,” মুথুপেচ্চিয়ে কয়। “কিন্তু আমাৰ হাতত ১,০০০ টকাহে পৰিল। এইবছৰ মাদুৰাইৰ আয়ুক্তক আমি দৰ্খাস্ত দিছো, কিন্তু এতিয়ালৈ একো ফল ধৰা নাই।” ২০২০ৰ এপ্ৰিল-মে’ত তামিলনাডু চৰকাৰে ৰাজ্যৰ লোকশিল্পী কল্যাণ ব’ৰ্ডৰ পঞ্জীয়ন থকা শিল্পীসকলক দুবাৰকৈ ১,০০০ টকাৰ বিশেষ সাহায্যৰ কথা ঘোষণা কৰিছিল।
অতিমাৰী বিয়পাৰ দিন ধৰি মাদুৰাই জিলাৰ প্ৰায় ১,২০০ শিল্পীয়ে কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, লোকশিল্পৰ গুৰু তথা প্ৰখ্যাত শিল্পী মাদুৰাই গোবিন্দৰাজে কয়। প্ৰায় ১২০ গৰাকী কাৰাগাট্টাম শিল্পী আম্বেদকাৰ নগৰৰ গাতে লাগি থকা অৱনিপুৰম নগৰত থাকে। তাতেই মই মুথুপেচ্চি আৰু আন কেইজনমানক মে’ মাহত লগ পাইছিলো।
কাৰাগাট্টাম ঘাইকৈ এক গ্ৰাম্য নৃত্যকলা। ধৰ্মীয় উৎসৱৰ সময়ত মন্দিৰত, সাংস্কৃতিক অনুষ্ঠান আৰু সামাজিক অনুষ্ঠান যেনে বিয়া-সবাহ আৰু মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত এই নৃত্য পৰিৱেশন কৰা হয়। শিল্পীসকল ঘাইকৈ দলিত সম্প্ৰদায়ৰ, আদি দ্ৰাবিড় জাতিৰ। এই নৃত্যকলাই তেওঁলোকৰ জীৱিকাৰ উপায়।
কাৰাগাট্টাম পুৰুষ-মহিলাই লগ লাগি নচা দলীয় নৃত্য। পৰিৱেশনৰ সময়ত তেওঁলোকে মূৰত সুশোভিত মাটিৰ পাত্ৰ এটাৰ ভাৰসাম্য ৰাখে, তাক কাৰাগাম বুলি কয়। এই নৃত্য প্ৰায়ে গোটেই ৰাতি চলে, নিশা ১০ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈ।













