তামিল ভাষাত পুলি মানে বাঘ। তাইৰ শক্তিৰ লগত মিলাকৈ ককাকে ‘পুলি’ নামটো ৰাখিছিল। কে বানুমতিক বন্দৰত সেই নামেৰে মানুহে চিনে। চল্লিছ বছৰৰো অধিক কাল তাই এই সাগৰৰ পাৰতে কাম কৰি আহিছে। পেলনীয়া আৱৰ্জনা গোটাই লৈ বেলেগ কৰি বাছি পেলোৱা আৰু মাছৰ অৱশেষ বেচিয়েই অতি কষ্টৰে তাই পেট পুহিছে। কিন্তু তামিলনাডুৰ কড্ডলুৰ মৎস্য বন্দৰটোত কাম কৰি পুলি আৰু আন বহুতো মহিলাক চৰকাৰী নীতিত শ্ৰমিক বা বনুৱা হিচাপে ধৰা নহয় আৰু শ্ৰমিকৰ বাবে থকা কোনো সামাজিক সুৰক্ষাৰ আওঁতাতো তেওঁলোক নপৰে।


Cuddalore, Tamil Nadu
|SUN, MAR 06, 2022
মাছৰ বাকলি-ফিছা বিক্ৰীৰে পেট পোহা পুলিৰ জীৱন
তামিলনাডুৰ কড্ডলুৰ বন্দৰত ৭৫ বছৰীয়া কে বানুমতি বা ‘পুলি’য়ে মাছৰ অৱশেষ বেচি জীৱিকা নিৰ্বাহ কৰে। তাই আৰু অন্য মহিলাই দশক দশক ধৰি ইয়াতে পৰিশ্ৰম কৰি আহিছে যদিও শ্ৰমিক বুলি তেওঁলোকক স্বীকৃতি খুব কমেইহে দিয়া হয়
Text
Photographs
Translator

Alessandra Silver
৭৫ বছৰীয়া পুলিয়ে কলে, “মই ইয়ালৈ ৩৫ বছৰ আগেয়ে আহিছিলো আৰু মাছ নিলামৰ কামত লাগিছিলো”। কড্ডলুৰৰ পুৰণি চহৰ বন্দৰটো চহৰখনৰ পূৱ দিশৰ ফালে। সাগৰৰ পাৰত মাছ লৈ নাও এখন আহি পোৱাৰ লগে লগে বেপাৰীবোৰৰ মাজত মাছৰ নিলাম আৰম্ভ হয়। তেওঁলোকে বিক্ৰীৰ ১০% কমিছন হিচাপে পায় (২০ বছৰ আগতে সেয়া ৫% আছিল)। পুলি প্ৰথম যেতিয়া ইয়ালৈ আহিছিল, তাইৰ সম্পৰ্কীয় দুজনমানে তাইক এই ব্যৱসায়ৰ লগত চিনাকি কৰি দিছিল। তাইক দুখন নাৱত খটুৱাবলৈ ৫০০০০ টকাৰ লোন দিছিল। তেতিয়াৰে পৰা কঠোৰ শ্ৰম কৰি পুলিয়ে সেই ঋণ পৰিশোধ কৰিছিল। ডাঙৰ হৈ অহা মানে পুলিয়ে নিলামৰ কাম জীয়েকৰ হাতত গতালে।

Alessandra Silver
ব্যস্ত বন্দৰটো বিভিন্ন ধৰণৰ শব্দবোৰ মুখৰিত হৈ থাকে - নিলাম কৰাসকলে মাছৰ দামৰ, বেপাৰীবোৰ ইফালৰ পৰা সিফাল, কিছু বনুৱাই ধৰি অনা মাছ ইয়াৰ পৰা তালৈ নিয়া, মেচিনত বৰফ ভঙা, লৰিবোৰ অহা-যোৱা কৰা, দোকানীবোৰে বস্তু বিক্ৰী কৰা আদিবোৰ শব্দ বতাহত ভাঁহি ফুৰে। কড্ডলুৰ জিলাৰ এই বন্দৰটো সাগৰীয় মাছৰ এটা ঘাই বন্দৰ। পুলিৰ গাওঁ সতিকুপ্পামৰ মাছমৰীয়াৰ লগতে ওচৰ-পাজৰৰ চাৰিখন গাঁৱৰ মাছমৰীয়াই এই বন্দৰটো ব্যৱহাৰ কৰে। কেন্দ্ৰীয় সামূদ্ৰিক মৎস্য গৱেষণা কেন্দ্ৰৰ এটা দশকৰ আগৰ তথ্য মতে এই পাঁচখন গাঁৱৰ মুঠতে ২৫৬ খন মেকানাইজড্ আৰু ৮২২ খন মটৰচালিত নাও বন্দৰটোত আছিল (তাতকৈ শেহতীয়া তেনে তথ্য নাই)

Alessandra Silver
মাছৰ অৱশিষ্ট সংগ্ৰহ আৰু বিক্ৰী কৰা কামটো (মাছৰ মূৰ, ফিছা, মিছা মাছৰ খোলা আৰু সৰু মাছ) আৰু অন্য লগতে অহা মাছ-কাছ যেনে শামুক, সৰু মিছা মাছ, স্কুইড মাছ) আদি ব্যৱসায় সম্পৰ্কে তেওঁ কলে, “মই এই কাঝাৰ ব্যৱসায়টো একে সময়তে আৰম্ভ কৰিছিলো (মই যেতিয়া বন্দৰটোত প্ৰথম কাম কৰিবলৈ আহিছিলো)”। তামিল ভাষাত ইয়াক কাঝিভুমীন বুলি কয় যদিও সাধাৰণতে কাঝাৰ বুলিয়েই চলি যায়। পুলি হ’ল অন্য ১০ গৰাকী মহিলাৰ এজনী যিয়ে ইয়াত মাছৰ অৱশিষ্ট সংগ্ৰহৰ কামটো কৰে। মাছৰ এই অৱশিষ্টখিনি বিক্ৰী হয় হাঁহ-কুকুৰাৰ দানা বনোৱা উদ্যোগত। কাষৰীয়া নামাক্কাল জিলাত ই এটা ডাঙৰ উদ্যোগ। পুলিয়ে এই ব্যৱসায় আৰম্ভ কৰোতে এক কিলো কাঝাৰৰ দাম আছিল ৭ টকা, এতিয়া মাছৰ বাবে ৩০ টকা, মাছৰ মূৰৰ বাবদ ২৩ টকা আৰু কেঁকোৰাৰ কাঝাৰৰ দাম ১২ টকা।

Alessandra Silver
১৬ বছৰ বয়সত পুলিৰ নাগাপট্টিনামৰ এজন মাছমৰীয়াৰ লগত বিয়া হৈছিল। সিহঁতৰ চাৰিটাকৈ ল’ৰা-ছোৱালী, কিন্তু তাইৰ গিৰিয়েক কুপ্পূসামী আছিল নিষ্ঠুৰ প্ৰকৃতিৰ মানুহ। সেয়ে সতিকুপ্পামৰ পঞ্চায়তৰ নেতা কুপুসামীয়ে পুলিক লৰা-ছোৱালী কেইটাৰ লগত ঘৰলৈ ঘূৰি আহিবলৈ ক’লে।
তিনি বছৰৰ পিছত তাইৰ মাক ঢুকাইছিল। মাকো মাছৰ নিলাম কাৰবাৰৰ লগত জড়িত আছিল। পুলিয়ে কৈছিল, “মোক মোৰ সম্পৰ্কীয় মানুহবোৰে মাছৰ নিলাম ব্যৱসায়ত নামিবলৈ ক’লে। ল’ৰা-ছোৱালীকেইটাৰ কাৰণে মোকো টকাৰ প্ৰয়োজন হৈছিল।

Alessandra Silver
তাই পুৱা ৪ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ বন্দৰটোত থাকি নিমখ দিয়া, পেকেট কৰা, বিক্ৰী কৰা কামবোৰ কৰে। প্ৰথম দিনাখন গন্ধ মাৰিবলৈ কাঝাৰত নিমখ দিয়া হয়। দ্বিতীয় দিনা ইয়াক শুকুৱাই জালনাৰ দৰে বস্তাত ভৰোৱা হয়। এই বস্তা তাতেই দোকানৰ পৰা ৪ টকাকৈ তেওঁ কিনে। মাজে-সময়ে মৰাপাটৰ নিমখৰ বস্তাও তাই লয় – ইয়াৰ দাম এটাত ১৫ টকাকৈ।
এটা কাঝাৰ ভৰ্তি বস্তাৰ ওজন ২৫ কেজি হয় বুলি পুলিয়ে ক’লে। তাই আগতে সপ্তাহত ৪-৫ বস্তা বেচিব পাৰিছিল, পিচে ক’ভিড মহামাৰীৰ সময়ত জালেৰে মাছ ধৰাত নিষেধাজ্ঞা জাৰী কৰাত মাছ ধৰা আৰু বিক্ৰীৰ ব্যবসায় কমি গ’ল। নামাক্কালৰ দুজনক এতিয়া তাই সপ্তাহত কোনোমতে দুবস্তাহে বেচিব পাৰে। সেয়া বেচি তাই সপ্তাহত ১২৫০ টকা পায়।
কড্ডলুৰ বন্দৰত নিলাম, বিক্ৰী, মাছ শুকোৱা বা কাঝাৰবোৰ ভাগ ভাগ কৰা মহিলাসকলে তেওঁলোকৰ দৈনিক উপাৰ্জনৰ অনিশ্চয়তাৰ কথা কৈছিল। বহুতো গাভৰু ছোৱালীয়ে এই মাছৰ ব্যবসায়ৰ পৰা আঁতৰত থাকিব বিচাৰে। সেয়ে বন্দৰত বেছিকৈ বয়সীয়াল মহিলাকেই পোৱা যায়।

Alessandra Silver
“কাঝাৰৰ কাৰণে মই একো দিব নালাগে। বন্দৰত মাছ কাটি থকা মহিলাসকলৰ পৰা মই বিনা পইছাতে লৈ লও’’ পুলিয়ে ক’লে। প্ৰতি দিনাই পূৱা ৪ বজাৰ পৰা গ্ৰাহকৰ ইচ্ছামতে আঁতৰাই পেলোৱা মাছৰ অৱশিষ্টবোৰ মাছ বিক্ৰী কৰা মানুহৰ পৰা তাই স্ংগ্ৰহ কৰে। পুলিয়ে কাঝাৰবোৰৰ বাবে পইছা দিব নালাগে, কিন্তু মাজে মাজে তাই বেপাৰীবোৰক ক’ল্ড ড্ৰিংকছ খুওৱায়। “মই সিহঁতৰ কাম কৰা ঠাইখিনি চাফা কৰাত সহায় কৰো, কথা পাতো আৰু বা-বাতৰি লও,’’ পুলিয়ে ক’লে।

Alessandra Silver
কড্ডলুৰ বন্দৰত মহিলাসকল বিভিন্ন কামৰ লগত জড়িত- পোনপটীয়াকৈ মাছৰ বিক্ৰী, প্ৰচেছিঙৰ লগতে আওপকীয়াকৈ অন্যবোৰ ব্যৱসায় যেনে বৰফ বিক্ৰী, চাহ আৰু মাছ ধৰা -বিক্ৰী কৰা মানুহখিনিয়ে খাবলৈ ৰন্ধা খাদ্য বিক্ৰী আদিবোৰ ব্যৱসায় কৰে। ৰাষ্ট্ৰীয় মৎস্য নীতি, ২০২০ৰ মতে মাছ ধৰি অনাৰ পাছৰ সকলোখিনি কামত জড়িত মুঠ শ্ৰমিকৰ ৬৯%য়ে মহিলা। যদি এই কামবোৰ গণনা কৰা হয়, দেখা যাব মৎস্য ব্যৱসায়টো মুলতঃ মহিলা জড়িত খণ্ড।
২০২০ চনৰ নীতিয়ে মৎস্য উদ্যোগত মহিলাৰ অধিক অংশগ্ৰহণৰ পোষকতা কৰে আৰু কৰ্মস্থলীৰ উন্নয়নৰ বাবে সমবায়, আঁচনি আৰু অন্য কিছু ব্যৱস্থাৰ কথা কৈছে। কিন্তু এই আঁচনিবোৰে মাছ ধৰি অনাৰ পিছৰ দৈনিক মহিলাসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিপৰীতে মুলতঃ গোটেই প্ৰক্ৰিয়াটোৰ কথাহে কৈছে।

Alessandra Silver
উপকুলৰ পৰিবৰ্তন, মৎস্য ব্যৱসায়ৰ পুঁজিবাদী নীতি, ৰপ্তানিত গুৰুত্ব আদিৰ জৰিয়তে মৎস্য উদ্যোগত মহিলাক সহায় কৰাৰ বিপৰীতে তেওঁলোকক বেছিকৈ প্ৰান্তীয়হে কৰা হৈছে। এই পৰিবৰ্তনবোৰে মৎস্য উদ্যোগত মহিলাৰ অৱদানক স্বীকৃতি নিদিয়ে। ১৯৭২ চনত স্থাপিত সমূদ্ৰজাত পণ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে ক্ষুদ্ৰ পৰ্য্যায়ৰ মাছ মৰা ব্যৱসায়ত উৎসাহ নোযোগোৱা আৰু, বিয়াগোম ৰূপত বৃদ্ধি পোৱা নিৱেশ আদিয়ে মহিলাসকলৰ প্ৰান্তীয়কৰণত সাৰ-পানী যোগাইছে। বিশেষকৈ ২০০৪ চনৰ ছুনামীৰ পাছত নতুন নাও আৰু যন্ত্ৰ-পাতিত অধিক টকা খটুৱাব লগা হোৱাত এই প্ৰক্ৰিয়াই অধিক গতি লাভ কৰিলে।
লাহে-লাহে স্থানীয় মহিলাসকলক মাছ ধৰাৰ পাছৰ কামখিনিৰ পৰা বাদ দিয়া হ’ল। কড্ডলুৰৰ মহিলাসকলে বিভিন্ন কাম যেনে বিক্ৰী, মাছ শুকোৱা, মাছ চাফা কৰা আদি কামত তেওঁলোকৰ স্থান নোহোৱা হৈ অহাৰ কথাটো ক’লে। মাত্ৰ কেইগৰাকীমান মহিলাকহে চৰকাৰৰ ফালৰ পৰা বৰফৰ বাকচ দিয়া হৈছে আৰু মাত্ৰ কেইখনমান গাওঁ আৰু চহৰতহে তেওঁলোকৰ বাবে বজাৰত ঠাই দিয়া হৈছে। পৰিবহনৰ ব্যৱস্থা নথকাত উপায়হীন হৈ বহুদূৰ খোজকাঢ়ি তেওঁলোকে মাছ বেচিবলৈ যায়।

Alessandra Silver
“ব্যৱসায় চলাই নিয়াত সুবিধা হোৱাকৈ মই বন্দৰতে এটা জুপুৰিত থাকো,” পুলিয়ে ক’লে। বৰষুণ আহিলে তাই তিনি কিলোমিটাৰ দূৰৈৰ সতিকুপ্পামত থকা নিজৰ ল’ৰা মুট্টুৰ ঘৰলৈ যায়। ৫৮ বছৰীয়া মুট্টুও এজন মাছমৰীয়া। সি কামলৈ আহোতে সদায় মাকলৈ খোৱা বস্তুখিনি লৈ আহে, লগতে তাই ১০০০ টকীয়া এটা বৃদ্ধ পেঞ্চনো পায়। পুলিয়ে মাছৰ ব্যৱসায়ৰ মুনাফাৰ গোটেইকেইটা পইচা তাইৰ ল’ৰা দুটা আৰু ছোৱালী দুজনীলৈ পঠায়। সিহঁতৰ বয়স ৪০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ, কড্ডলুৰৰ মৎস্য উদ্যোগতে কাম কৰি সিহঁতে পেট পুহিছে। “মৰিলনো লগত কি লৈ যাম? খালিহাতে যাম,’’ পুলিয়ে নিজেই তাৰ উত্তৰ দিয়ে।
ইউ. দিব্যউতিৰণৰ সহযোগত।
অনুবাদ: চিত্ৰানী সোনোৱাল
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/মাছৰ-বাকলি-ফিছা-বিক্ৰীৰে-পেট-পোহা-পুলিৰ-জীৱন

