“মই লাঠী এডালেৰে তাক মৰিয়ালো, কিন্তু সি জাঁপ মাৰি আহি মোৰ গল আৰু বাহুত নখ বহুৱালে। মই হাবিখনৰ চাৰি কিলোমিটাৰমান ভিতৰত আছিলো। তেজেৰে ৰাঙলী হৈ পৰিছিলো। থৰক-বৰক হৈ খোজ দিছিলো।” নাহৰফুটুকী বাঘৰ সেই আক্ৰমণৰ পাছৰ দুটা সপ্তাহ বিশালৰাম মৰকামে হস্পিতালত কটাবলগীয়া হৈছিল। কিন্তু তেওঁৰ ম’হকেইটাৰ যে একো নহ’ল, তেওঁ তাতেই সুখী। “নাহৰফুটুকীটোৱে আনকি মোৰ কুকুৰকেইটাকো আক্ৰমণ কৰিছিল। সিহঁত পলাই সাৰিল,” তেওঁ কয়।
নাহৰফুটুকীৰ সেই আক্ৰমণ ২০১৫ হৈছিল। মৰকামে এতিয়া হাঁহি মাৰি কয় যে তেনেকৈ মৃত্যুক সন্মুখত তেওঁ আগে-পিছেও দেখিছে। চত্তিশগড়ৰ জবৰা অৰণ্যত ম’হ চৰাবলৈ যাওঁতে বাঘ, শিয়াল, বনৰীয়া কুকুৰ-গাহৰিৰো সন্মুখীন তেওঁ হৈছে। কেতিয়াবা শৰপহু, ফুটুকী হৰিণা আৰু বনৰীয়া ষাড়গৰুৰো পাইছে। গ্ৰীষ্মকালত যেতিয়া পিয়াহত আতুৰ প্ৰাণীয়ে হাবিত পানী বিচাৰি ভ্ৰমি ফুৰে, তেতিয়া ভোকাতুৰ চিকাৰীৰ মুখত পৰাৰ সম্ভাৱনা দুগুণ-তিনিগুণ বাঢ়ি যায়।
“মোৰ ম’হকেইটা নিজেই হাবিত চৰিবলৈ যায়। ঘূৰি নাহিলেহে মই সিহঁতক বিচাৰি যাওঁ,” মৰকামে কয়। “কেতিয়াবা ম’হকেইটা সন্ধিয়া ৪ বজালৈকে উভতি নাহে। ডাবল্ (শক্তিশালী) টৰ্চ এটা লৈ মই সিহঁতক ৰাতি জংগলত বিচাৰি যাওঁ।” কথাৰ মাজতে হাবিখনে তেওঁৰ ভৰি দুখনত দিয়া অসংখ্য দাগ আৰু পানীজোলাবোৰ দেখুৱায়।
প্ৰতিদিনে চৰণীয়া পথাৰ বিচাৰি বিচাৰি ম’হকেইটা ধামতাৰি জিলাৰ নাগ্ৰি টেহচিলৰ জবৰা গাঁৱৰ দাঁতিতে লাগি থকা ডাঠ হাবিখনত ৯-১০ কিলোমিটাৰ পৰ্য্যন্ত ভিতৰলৈ সোমাই যায়। “গ্ৰীষ্মকালত ঘাঁহ বিচাৰি সিহঁত হাবিৰ ভিতৰত তাতোকৈ দুগুণ গভীৰতাত সোমায়। এতিয়া আৰু হাবিৰ ঘাঁহ-বনৰ ওপৰত ভৰসা কৰিব নোৱাৰা হৈ পৰিছে, জীৱ-জন্তু ভোকত মৰিব,” মৰকামে কয়।









