পাঠশালাখনৰ প্ৰৱেশদ্বাৰত লিখা আছে ‘তালিম’। উৰ্দু ভাষাত তালিম মানে শিক্ষা। কিন্তু ভিতৰত সোমায়েই আপোনাৰ প্ৰথমেই চকুত পৰিব হনুমানৰ মূৰ্তি এটা। হনুমান পালোৱানৰ দেৱতা। মল্লযুঁজৰ সংস্কৃতিত ৰঙৰ সমাহাৰ ঘটে। গ্ৰামীণ মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ মল্লযুঁজৰ আখৰাথলীবোৰক আখাৰা বোলা নহয়, তালিমহে বোলা হয়। স্বাধীনোত্তৰ কালৰ অবিভক্ত পাঞ্জাৱত তালিমৰ ইতিহাস ১০০ বছৰৰো অধিক পুৰণি। পূৰ্বৰ ক’লহাপুৰ সামন্ত ৰাজ্যৰ শাসক তথা সমাজ সংস্কাৰক চাহু মহাৰাজে তালিম প্ৰতিস্থাত আগভাগ লৈছিল। মল্লযুঁজত অত্যন্ত ৰাপ থকা চাহু মহাৰাজে অবিভক্ত ভাৰতৰ চুকে-কোণে থকা মল্লযুঁজাৰুসকলক, বিশেষকৈ পাঞ্জাৱত থকা মল্লযোদ্ধাক ক’লহাপুৰলৈ আনিছিল।
এতিয়াও গ্ৰামীণ মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টত পাকিস্তান, ইৰাণ, তুৰস্ক আৰু কেতিয়াবা আকৌ আফ্ৰিকীয় দেশবোৰৰ পৰা অহা মুধাফুটা মল্লযুঁজাৰুৱে ভাগ লয়। পাকিস্তান আৰু ইৰাণৰ মল্লযুঁজাৰুৰ অনুৰাগীসকলৰ ভিতৰত হিন্দু অনুৰাগীৰ সংখ্যা বহুত। ‘বাহিৰৰ মল্লযুঁজাৰু আহিলে দৰ্শকৰ মাজত উল্লাসৰ সোঁত বয়,’ ক’লহাপুৰৰ বিধায়ক বিনয় কৌৰেয়ে কয়। চেনীৰ কাৰখানা আৰু দুগ্ধপামৰ বৃহৎ সমবায়ৰ মুৰব্বী কৌৰেয়ে ৰাজ্যখনত এখন সুকীয়া টুৰ্ণামেণ্ট পৰিচালনা কৰে। মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ মল্লয়ুঁজৰ থলী হিচাপে পৰিচিত এই খেলখন ক’লহাপুৰ জিলাৰ ৱাৰানানগড়ত প্ৰতি বছৰে ১৩ ডিচেম্বৰৰ দিনা অনুষ্ঠিত হয়।
‘তাত ৩ লাখ পৰ্যন্ত মানুহ ধৰে,’ কৌৰে কয়। ‘কেতিয়াবা পাৰপত্ৰৰ কাৰণে সমস্যা হয়। এবাৰ পাকিস্তানৰ খেলুৱৈৰ পাৰপত্ৰ উলিয়াওতে পলম হ’ল। সেয়ে মল্লযুঁজাৰুসকলক ইছলামাবাদৰ পৰা দিল্লীলৈ বিমানেৰে আনিবলগীয়া হ’ল আৰু পুণেৰ পৰা পোনে পোনে ৱাৰাণালৈ লৈ অহা হ’ল। লাখৰো অধিক দৰ্শকে ১২-১৩ ঘণ্টা ধৰি ধৈৰ্য সহকাৰে তেওঁলোকলৈ অপেক্ষা কৰি ৰৈছিল।’
তালিমবোৰত মহাৰাষ্ট্ৰৰ মল্লযুঁজৰ গুৰুসকলে আধ্যাত্মিক আৰু ধৰ্মনিৰপেক্ষতাৰে সংপৃক্ত নীতিনিষ্ঠতা আৰু নৈতিকতাৰ পাঠ দিয়ে। গুৰুসকলৰ বহুতেই শিষ্যক কিংবদন্তি গামা পালোৱান (এসময়ৰ অপৰাজেয় মল্লযুঁজাৰু)ৰ কথা কয়। গামা, আচল নাম গুলাম মহম্মদ। জন্ম পাঞ্জাৱত। দেশবিভাজনৰ পিছত তেওঁ পাকিস্তানত থিতাপি লয়। দেশবিভাজনৰ সময়ত তেওঁৰ চুবুৰীৰ কাষৰে হিন্দু চুবুৰী এটাক আক্ৰমণ কৰিবলৈ অহা মানুহৰ ভীৰ এটাক শিলৰ দৰে তেওঁ ভেঁটা দিছিল। ‘মল্লযুঁজাৰু এজন তেনেকুৱাই হ’ব লাগে,’ সেয়াই নিয়ম।
‘মহান গুৰুসকলৰ মাজত এই লৈ দ্বিমত নাই যে মল্লযুঁজত নৈতিক পাঠ খুবেই গুৰুত্বপূৰ্ণ,’ মহাৰাষ্ট্ৰৰ মহান মল্লযুঁজাৰুসকলৰ মাজৰ এজন আপ্পাচাহেব কদমে ক’লহাপুৰ নগৰৰ তালিমত এই কথা কয়। ‘নৈতিকতাৰ শিপাবিহীন খেলুৱৈৱে ধ্বংসহে আনে,’ তেওঁ কয়। আন ৰাজ্যৰ মল্লযুঁজাৰুৰ দৰে মহাৰাষ্ট্ৰৰ মল্লযুঁজাৰুৱে অবিশ্বস্ত সুনাম অৰ্জা নাই।
খেলবিধক লৈ স্থানীয় লোকৰ মাজত অতিথি সৎকাৰ আৰু মহানুভৱতাও দেখা যায়। কুন্দলেই হওঁক বা ৱাৰানানগৰেই হওঁক, ডাঙৰ কাৰ্যসূচীবোৰত মানুহে আমাক এই কথা বুজাটো বিচাৰে। ‘বাহিৰৰ পৰা অহা লাখৰো অধিক মানুহক ইয়াৰে গঞাই অতিথি হিচাপে গণ্য কৰে। বাহিৰৰ পৰা অহা দৰ্শকৰ কাৰণে গঞাৰ ঘৰৰ আখলত অসংখ্য ব্যঞ্জন ৰন্ধা হয়।’





