দশৰথ সিঙে এইবছৰৰ আৰম্ভণিৰ পৰাই ৰেচন কাৰ্ড এখনৰ বাবে চেষ্টা চলাই আছে। কিন্তু উমাৰিয়া জিলাৰ স্থানীয় কৰ্মচাৰীয়ে তেওঁক এই কথাই কৈ থাকে যে তেওঁৰ আবেদনখন পেণ্ডিং হৈ আছে।
“সিহঁতে ক’লে যে মই তেওঁলোকক ১৫০০ টকা দিলে প্ৰপত্ৰখন গ্ৰহণ কৰা হ’ব,” তেওঁ অভিযোগ তোলে। “কিন্তু মই নিদিলো…”
দশৰথৰ কাটাৰিয়া গাঁৱত ঘৰ। কাটাৰিয়া মধ্যপ্ৰদেশৰ উমাৰিয়া জিলাৰ বান্ধৱগড় টেহচিলৰ এখন গাওঁ। তাত তেওঁ খেতিপথাৰত কাম কৰে আৰু প্ৰতিমাহে কাষৰে এমজিএনৰেগাৰ কেইদিনমানৰ কাম কৰি দিনে ১০০ টকাকৈ মজুৰি পায়। তেওঁ প্ৰায়ে সৰু-সুৰা কামৰ কাৰণে সুদখোৰৰ পৰা পইচা ল’বলগীয়া হয়। এবাৰ লকডাউনৰ সময়ত তেওঁ ধাৰে লৈছিল ১,৫০০ টকা।
ৰেচন কাৰ্ড দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে অতিকৈ জৰুৰী, কাৰ্ডখন নাথাকিলে চলাটো বৰ মস্কিল, বিশেষকৈ লকডাউনৰ সময়ত কাৰ্ডখন অতিকৈ জৰুৰী হৈ পৰে। সেইখন নোহোৱা কাৰণে বজাৰৰ পৰা দশৰথৰ পৰিয়ালটোৱে খাদ্যশস্য কিনিবলগীয়া হৈছে। “খেতি কৰোঁ কাৰণে অকণমান সহায় হয়,” দশৰথৰ পত্নী ২৫ বছৰীয়া সৰিতা সিঙে কয়। পৰিয়ালটোৰ ২.৫ একৰতকৈ কম মাটি আছে। তাত তেওঁলোকে ঘেঁহু আৰু মাকৈৰ লগতে কদো আৰু কুটকি কণীধানৰ খেতি কৰে।
তেনে এক পৰিস্থিতিৰ মাজতে ৪০ বছৰ বয়সীয়া দশৰথে ৰেচন কাৰ্ডখন পোৱাৰ আশাত লৰা-ঢপৰা কৰি আছে। “এইবছৰ ২৬ জানুৱাৰীত (কাটাৰিয়াত) অনুষ্ঠিত গাওঁসভাত মোক ক’লে যে কাৰ্ডখনৰ বাবে মই প্ৰপত্ৰ এখন পূৰণ কৰিব লাগিব,” তেওঁ কয়।
গাওঁসভাৰ সভাপতিজনে ক’লে যে তেওঁ গাওঁখনৰ পৰা ৭০ কিলোমিটাৰ দূৰত থকা মনপুৰ চহৰৰ লোকসেৱা কেন্দ্ৰলৈ যাব লাগিব। তালৈ যোৱাৰ বাবে এবাৰত ৩০ টকা খৰছ হয়। দশৰথে তালৈ ফেব্ৰুৱাৰী আৰু মাৰ্চত এবাৰ গৈছে। বাছত অহা-যোৱা মিলি চাৰিবাৰৰ যাত্ৰা। ২৩ মাৰ্চত (মধ্য প্ৰদেশত) লকডাউন আৰম্ভ হোৱাৰ আগতে তেওঁ বান্ধৱগড় চহৰত থকা টেহচিল পৰ্য্যায়ৰ অফিছলৈকো গৈছিল। তালৈ তেওঁৰ গাঁৱৰ পৰা ৩০ কিলোমিটাৰ দূৰত্ব। ইয়াত আকৌ তেওঁৰ পৰা এখন সুকীয়া পৰিচয় পত্ৰ বিচৰা হ’ল আৰু সেইখন নথকা কাৰণে প্ৰপত্ৰখন ফাইলত দিব পৰা নগ’ল।
সেই সুকীয়া পৰিচয় পত্ৰখনৰ কাৰণে মনপুৰৰ সেই কেন্দ্ৰটোত বিষয়াসকলে দশৰথক তাৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ কাৰকেলিত থকা ব্লক পৰ্য্যায়ৰ কাৰ্য্যালয়লৈ যাবলৈ ক’লে। “তেওঁলোকে ক’লে যে মোৰ নামত এখন সুকীয়া পৰিচয় পত্ৰ লাগিব। মোৰ আই.ডি. কাৰ্ডখন মোৰ ভাইকে ধৰি পৰিয়ালৰ আন সদস্যৰ সৈতে যুটীয়াকৈ আছিল। সেয়ে মই কাৰকেলিলৈ গৈ পৃথকে এখন আই.ডি. বনালো,” ১০ম মানলৈ পঢ়া-শুনা কৰা দশৰথে কয়।






