ভৰ্ত্তি হোৱা মাৰুতি ভানখন যাবলৈ সাজু হৈছিল। কৃষকসকলে গাড়ীখনত খালী ঠাই বুলিবলৈ একোৱে এৰা নাছিল, কিছুমানে আকৌ ইজনে আনজনৰ কোলাত বহিছিল। সিহঁতৰ মোনাবোৰ আৰু খোজকঢ়া লাঠিবোৰ আসনৰ পিছফালে থৈছিল।
কিন্তু মন কৰিবলগীয়া যে মঙল ঘাড়গেৰ কাষত এখন আসন চকুত পৰাকৈ খালী হৈ আছিল। তেওঁ আসনখন সংৰক্ষণ কৰি ৰাখিছিল, কাকো বহিবলৈ দিয়া নাছিল। তেনেতে মীৰাবাই লাঙ্গেয়ে ভানখনলৈ খোজকাঢ়ি আহি সেই খালী আসনখনত বহি তাইৰ শাড়ীখন ঠিক কৰি লয় আৰু মঙলে তাইৰ কান্ধত হাত থয়। দুৱাৰ বন্ধ হয় আৰু মঙলে চালকক কয়, “ব’লা যাওঁ।”
৫৩ বছৰীয়া মঙল আৰু ৬৫ বছৰীয়া মীৰাবাই দুয়োজনেই নাচিকৰ দিন্দোৰী তালুকৰ চিণ্ডৱাড় গাঁৱৰ বাসিন্দা। একে গাঁৱত সিহঁতে দশক দশক ধৰি একেলগে থাকিলেও যোৱা কিছু বছৰৰ পৰাহে সিহঁতৰ মাজত সম্পৰ্ক দৃঢ় হৈছে। “আমি গাঁৱত কাম আৰু ঘৰখনক লৈ ব্যস্ত,” মঙলে কয়। “প্ৰতিবাদৰ সময়ত আমি কথা পতাৰ বেছি সময় পাওঁ।”
২০১৮ চনৰ মাৰ্চত নাচিকৰ পৰা মুম্বাইলৈ হোৱা কৃষকৰ দীঘলীয়া সমদলত দুয়ো একেলগ হৈছিল। ২০১৮ চনৰ নৱেম্বৰত দিল্লীত হোৱা কিষাণ মুক্তি মৰ্চাত তেওঁলোকে একেলগে ভাগ লৈছিল। এতিয়া তেওঁলোক নাচিকৰ পৰা দিল্লীলৈ যোৱা এক গাড়ীৰ সমদলত লগ লাগিছে। কিহৰ বাবে তেওঁ এই প্ৰতিবাদত অংশ লৈছে বুলি সোধাত মঙলে কয়, “আমাৰ পেটৰ বাবে।”
এইবছৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে দহ হাজাৰ কৃষকে দেশৰ ৰাজধানীৰ লগতে বিভিন্ন ঠাইত প্ৰতিবাদ কৰি আছে। প্ৰায় ১৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দিল্লীৰ জাঠালৈ যোৱাৰ বাবে যোৱা ২১ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পৰা অহা প্ৰায় ২০০০ জন কৃষক তেওঁলোকৰ সমৰ্থন আৰু একাত্মবোধ জ্ঞাপন কৰিবলৈ নাচিকত সমবেত হৈছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী)ৰ সদৌ ভাৰত কৃষক সভাৰ দ্বাৰা তেওঁলোক সংগঠিত হৈছিল।
উৎসাহী প্ৰতিবাদকাৰী দলৰ মাজত মঙল আৰু মীৰাবাইও আছে।





