এন স্বামী বাসাবান্না মগলা গাঁৱৰ এজন খেতিয়ক, এই গাঁওখন বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে। পত্নি আৰু ল'ৰা-ছোৱালীৰ সৈতে তেওঁ তাতে বাস কৰে।
যোৱা ছমাহত, স্বামীয়ে তেওঁৰ দৈনন্দিন জীৱনৰ ফটো তুলিছে, তেওঁৰ পৰিয়াল, চুবুৰীয়া, কাম, খেতিপথাৰ, শস্য, জীৱ-জন্তু একো বাদ পৰা নাই। এয়া হৈছে কৰ্ণাটকৰ চামাৰাজনগৰ জিলাস্থিত ভাৰতৰ প্ৰমুখ ব্যাঘ্ৰ সংৰক্ষণ স্থল হিচাপে পৰিচিত উদ্যানখনৰ আশে-পাশে। তেওঁৰ এই ফটোৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানেৰে জীৱন নিৰ্বাহ কৰাৰ ওপৰত চলা এক ফটোগ্ৰাফী সহযোগী প্ৰকল্পৰ এটা অংশ, আৰু পৰি (PARI)ৰ ছটা খণ্ডৰ ধাৰাবাহিকৰ ষষ্ঠমটো (প্ৰথমটো হৈছে ২০১৭ চনৰ ৮ মাৰ্চত প্ৰকাশিত যেতিয়া নাহৰফুটুকীটো জয়াম্মাৰ চকুত পৰিছিল)।

Chamarajanagar, Karnataka
|WED, OCT 04, 2017
'মই এই ফটোখন লোৱাৰ পিছৰে পৰা দমৰাটো হেৰাই থাকিল'
"সকলোৱেই খেতিত নামি আমি সমুখীন হোৱা সমস্যাবোৰ উপলব্ধি কৰা উচিত,"-বনাঞ্চলৰ জীৱনৰ বৰ্ণনা কৰা ধাৰাবাহিক ফটো ৰচনাৰ ষষ্ঠম খণ্ডটোত মংগলা গাঁৱৰ এন স্বামী বাসাবান্না নামৰ খেতিয়কজনৰ এই কথা
Author
Translator

N. Swamy Bassavanna
প্ৰকল্পটোৰ বিষয়ে ৩০ বৰ্ষীয় স্বামীয়ে কয়, "ইয়াতে কৰা কামৰ বিষয়ে মই বাহিৰৰ লোকসকলক জনাব বিচাৰো। মই এক বাৰ্তা দিব খোজো। মই ভাবো যে সকলোৱে খেতিপথাৰত নামি কাম কৰি চোৱা উচিত। তেতিয়াহে আমি সমুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ বিষয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব। প্ৰত্যেককে খাদ্য লাগে। সেয়ে সকলোৱে খেতি কৰাৰ কথা ভাবিব লাগে।"

N. Swamy Bassavanna
শাহুআইঃ "এইগৰাকী মোৰ শাহু, বিন চিঙিছে। আমি ইয়াতে আবাৰেকাই(এবিধ বিনবিশেষ)ৰ খেতি কৰো। মোৰ শাহুআই পুৱা ৫.৩০ মানতে উঠে আৰু গায় খীৰায়। ৬.৩০ মান বজাত তেওঁ পথাৰৰ কামত ওলায় যায়।"

N. Swamy Bassavanna
দমৰা আৰু ল'ৰাটোঃ মই এই ফটোখন লোৱাৰ বেছিদিন হোৱা নাছিল যেতিয়া দমৰাটো হেৰাই থাকিল। মই সিহতক চৰাব নিছিলো, কিন্তু তাৰে মাজত এইটো ঘুৰি নাহিল। ইন্দ্ৰ আৰু মই সকলোতে ইয়াক বিচাৰিলো, কিন্তু বিচাৰি নাপালো। ল'ৰাজনে গৰু বহুত ভাল পায় আৰু সিয়েই সেই দমৰাটোৰ চোৱাচিতা কৰি আছিল। সি দমৰাটোক পানী খুৱাইছে। বোধকৰো পোৱালীটো বাঘে নতুবা নাহৰফুটুকীয়ে খালে। কিন্তু আমি নিশ্চিত হ'ব পৰা নাই, আমি তাক বিচাৰিয়ে নাপালো।"

N. Swamy Bassavanna
হাতীৰ বাটঃ "এই বাটেৰেই হাতীবোৰ সদায় অহা-যোৱা কৰে। ৰাস্তাৰ পৰা অলপ গৈয়ে দাঁতিত এটা সৰু জলাশয় আছে। হাতীবোৰে ইয়াতে পানী খাবলৈ আহে। সিহতে সৌৰশক্তিচালিত ফেঞ্চিংবোৰ অথবা ৰাস্তাৰ দুয়োফাল স্পৰ্শ নকৰে।"

N. Swamy Bassavanna
শস্যৰ ওপৰ উপদ্ৰবঃ "হাতী আহি আমাৰ খেতিবোৰ খাই তহিলং কৰে। সিহতে এই গোবৰবোৰ এৰি যায়। আমি বিনবোৰ চপাই গুটিবোৰ পৃথক কৰাৰ বাবে দমাই থৈছিলো। কিন্তু দুটা বয়স্ক হাতী আৰু এটা সৰু পোৱালীৰে মুঠ তিনিটা হাতীয়ে এদিনাখন ৰাতি আহি খাই শেষ কৰি থৈ গ'ল। পাঁচ মাহ হৈ গ'ল আৰু মই তাৰ পিছতহে বনবিভাগৰ পৰা ক্ষতিপুৰণ পাইছো। সিহতে মোক মাত্ৰ ৩ হাজাৰ টকাহে দিলে। মোৰ ৪০০-৫০০ কিলোমান শস্য নষ্ট হ'ল, তাৰ দামেই ৪০ হাজাৰমান হ'ব। হাতীবোৰে সৌৰশক্তিচালিত ফেঞ্চিংবোৰো ভাঙিছে।"

N. Swamy Bassavanna
শ্ৰম কৰোতাজনঃ "তেওঁ মোৰ হৈ কাম কৰে, কিন্তু ইয়াৰ আগতে তেওঁ চিকাৰী আছিল। তেওঁ চলিংগা আদিবাসী। আগতে তেওঁ বনৰীয়া জীৱ-জন্তু মাৰিছিল, কিন্তু এতিয়া তেওঁ সেয়া নকৰে। যোৱা চাৰিবছৰ ধৰি তেওঁ মোৰ পথাৰতে খেতি-বাতিৰ কাম কৰে আৰু গৰুবোৰো চায়। তেওঁ মোৰ কথা শুনে আৰু চিকাৰ কৰা বাদ দিছে।"

N. Swamy Bassavanna
ৰাস্তাত মেলি দিয়া শইচবোৰঃ “মানুহবোৰে চপোৱা শস্যবোৰ ৰাস্তাতে মেলি দিয়ে, কিন্তু এয়া কৰাটো অনুচিত বুলি মই ভাবো। আগতে মানুহে সিহতৰ পথাৰত শস্যবোৰ মেলি দিছিল। ৰাস্তাত এনেদৰে শস্য মেলি দিলে যাতায়তত অসুবিধা হয়। তদুপৰি ৰাস্তা বিভিন্ন ৰাসায়নিক থাকে আৰু গৰুৰ মল-মূত্ৰও। তেওঁলোকে শস্যবোৰ পথাৰত মেলি দিয়াক লৈ এলাহ কৰে। আগতে মানুহে পথাৰত শস্যবোৰ মেলি দি মৰণা মাৰিছিল। শস্যবোৰৰ পৰা শস্যদানাবোৰ পৃথক কৰৰা বাবে আগতে শিলৰ ডাঙৰ ৰোলাৰ এটা লৈ মহেৰে টনাই মৰণা মৰা হৈছিল। কিন্তু সেয়া বহুত কষ্টসাধ্য কাম। আৰু ৰাস্তাত কাৰ-ট্ৰাক-বাইকেৰে এই কাম কৰোৱাতকৈ সেয়া অধিক স্বাস্থ্যকৰো।”

N. Swamy Bassavanna
ৰলিং: "চপোৱা শস্যৰ মৰণা মৰাৰ এয়া পদ্ধতি। গৰু-মহেৰে শিলৰ ৰোলাৰটো ঘুৰোৱা হয়। যান-বাহন চলা ৰাস্তাত এই কামটো কৰোৱাটো মই ভাল নাপাও। মৰণা মাৰি খেৰবোৰ আমি গৰু-মহৰ বাবে বছৰটোলৈ জমা কৰো। জোৱাৰ খেতি কৰাৰ পিছত আমি পথাৰৰপৰা জোৱাৰৰ গছবোৰ চাফা কৰো আৰু সেয়া গোটেই বছৰটো খুৱাও। আগতে আমাৰ ১০০ টামান গৰু আছিল। কিন্তু এতিয়া মাত্ৰ পাঁচটাহে আছে।"

N. Swamy Bassavanna
বাঘ আৰু গৰুঃ "এয়া স্কুলৰ বাৰ্ষিক উদযাপনৰ দিনটোত। বাঘ আৰু অইন জীৱ-জন্তুৰ মাজৰ বন্ধুত্বক লৈ ল'ৰা-ছোৱালীবোৰে এখন নাটক উপস্থাপন কৰিছে। সিহতে দেখুৱাবলৈ যত্ন কৰিছে যে গৰু আৰু মানুহৰ সৈতে বাঘবোৰৰ সম্পৰ্ক বন্ধুৰ দৰে আৰু মানুহে বাঘ মৰাটো উচিত নহয়।"
এই কামখিনি জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI)ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।
অনুবাদকঃ ৰশ্মি ৰেখা দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/মই-এই-ফটোখন-লোৱাৰ-পিছৰে-পৰা-দমৰাটো-হেৰাই-থাকিল

