গুলাব আৰু শ্বেহজাদে তেওঁলোকৰ ভেল্কীবাজি আৰম্ভ কৰাৰ পূৰ্বে ডাঙৰকৈ চিঞৰে, ‘‘হুৰুক বম বম খেলা!’’ এয়া তেওঁলোকৰ ‘আবৰা কা দাবৰা’ৰ নিজা বঙালী সংস্কৰণ আৰু ইয়াৰ জৰিয়তে তেওঁলোকে পুৰুষ, মহিলা আৰু শিশুৰ প্ৰায় ৮০-৯০ জনীয়া দৰ্শকৰ এটা দল একত্ৰিত কৰে৷ তাৰ পিছত দুয়ো ভাই-ককাইৰ ডাঙৰজন অৰ্থাৎ গুলাবে দৰ্শকৰ মাজৰ মিণ্টু হালদাৰক সহায় কৰিবলৈ মাতে৷ সাহসেৰে আগবাঢ়ি আহে মিণ্টু৷ আৰু এনেদৰে আৰম্ভ হয় ভেল্কীবাজি৷
গুলাবে ভায়েক শ্বেহজাদক অদৃশ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ শীঘ্ৰেই অদৃশ্য হ’বলগীয়া সহোদৰজনে এখন ডাঙৰ জালত বহে, সেই সময়তে মিণ্টুৱে জালখনৰ খোলা মূৰকেইটা শ্বেহজাদৰ মূৰলৈ দাঙি বান্ধিবলৈ ধৰে৷ গুলাবে দুটা মূৰ খোলা বাকচ এটা শ্বেহজাদৰ ওপৰত ৰাখে আৰু কাপোৰেৰে ঢাকি দিয়ে৷ দৰ্শকে উৎসুক হৈ ৰয় আৰু অপেক্ষা কৰে কি হয় চাবলৈ।
ইয়াৰ পিছত গুলাবে জন্তুৰ হাঁড় এডাল বাকচটোৰ ওপৰত ঘূৰাই ‘মন্ত্ৰ’ উচ্চাৰণ কৰি বাকচটো অন্তৰ্ধান কৰিবলৈ নেদেখাজনক আহ্বান জনায়, ‘‘আৰ্ঘাৎ খোপড়ি মাৰ্ঘাৎ মাছান, বাচ্ছা কে লেয়াজা তেলিয়া মাছান৷’’ পৰৱৰ্তী পৰ্যায়ত তেওঁ মিণ্টুক বাকচটোৰ প্ৰতিটো কোণ হাতেৰে চুই অনুভৱ কৰিবলৈ কয়৷ মিণ্টুৱে কোৱা মতে কৰে আৰু বাকচটো হৈ পৰে ‘‘খালী’’৷ শ্বেহজাদ অদৃশ্য হৈ পৰে৷
‘‘মই আপোনালোকৰ পৰা শুনিবলৈ বিচাৰোঃ এই ল’ৰাটোৱে বেয়া সময় আহিছে নেকি? মই সকলোৰে পৰা উত্তৰ বিচাৰোঃ হয়নে নহয়?’’ গুলাবে সোধে৷ দৰ্শকে এতিয়া এইবুলি সন্মত হয় যে অদৃশ্য শ্বেহজাদৰ সঁচাকৈয়ে বেয়া সময় আহিছে৷



